এজন ভোটাৰৰ কথা

এজন ভোটাৰৰ কথা

♦ মৃদুল কুমাৰ সন্দিকৈ

মই ভোট দিবলৈ নগ'লো। দেশৰ সংবিধানে মোক ভোট দিয়াৰ অধিকাৰ দিছে। ভাৰতৰ নাগৰিক হিচাপে ভোটদান কৰিব পৰাৰ অধিকাৰ মোৰ আছিল। কিন্তু মই মই ভোট দিব নগ'লো। মোৰ বিবেকৰ বাছনিত কোনো এজন প্ৰাৰ্থী উপযুক্ত বুলি বিবেচিত নহ'ল। সেয়েহে মই ভোটদান পৰা নিজকে বঞ্চিত ৰখালো। গণতন্ত্ৰৰ প্ৰতি মোৰ আস্থা আছে। কিন্তু গণতন্ত্ৰৰ নামত বহুৱালি মই সহ্য নকৰো।

আপোনালোকে কেতিয়াবা ভাবি চাইছেনে? বা আপুনি নিজেই দুবাৰ ভোট দি পাইছেনে? একেটা নিৰ্বাচনত দুবাৰ ভোট? কনিষ্টবলৰ চাকৰি পাবলৈ এতিয়া এম এ পাছ ল'ৰাই দৌৰে। ন্যূনতম শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ হ'ব লাগে। হাইস্কুলৰ শিক্ষকৰ চাকৰিৰ বাবে স্নাতক হোৱাতো প্ৰয়োজনীয়। লগতে বিএড ডিগ্ৰীও থাকিব লাগিব। এইখন দেশতে কিন্তু বহু ৰাজ্যত যদি আপুনি চাই শিক্ষামন্ত্ৰীজন হায়াৰ ছেকেণ্ডাৰী পাছ নোহোৱাও আছে। মানৱ সম্পদ দপ্তৰৰ আমাৰ দেশৰ মন্ত্ৰীগৰাকী কিমান পঢ়া? তেওঁৰ ডিগ্ৰীক লৈ কিছুদিনৰ পূৰ্বে বিতৰ্ক হোৱা নাছিলনে?

মোৰ প্ৰশ্নকেইটা আপুনি অলপ দকৈ ভাবিব। আপুনি দুবাৰ ভোট দিব নোৱাৰিলেও আমাৰ নেতাসকলে কিন্তু দুটা সমষ্টিত নিৰ্বাচন খেলিব পাৰে। কিবা কাৰণত এটা সমষ্টিত হাৰিলেও আন এটা সমষ্টিত তেওঁ যাতে জিকি যায়। যদি দুয়োটাতে জিকে এটা সমষ্টিৰ পৰা পদত্যাগ কৰে। তাৰ পিছত সেই সমষ্টিটোত উপ-নিৰ্বাচন পাতে। লোকসভা-বিধানসভা নিৰ্বাচনত এইবোৰেতো হয়।

কনিষ্টবল বা সেনাত ভৰ্তি হ'বলৈ ন্যুনতম মেট্ৰিক পাছ হ'বলগীয়া এই দেশত কিন্তু প্ৰতিৰক্ষা বা গৃহমন্ত্ৰী হ'বলৈ ন্যুনতম কোনো শিক্ষাগত অৰ্হতা নালাগে। টিপ চহী মৰাজনেও দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী হ'ব পাৰে। তাত বাধা নাই। একেদৰে শিক্ষকসকলৰ মূৰব্বী তথা শিক্ষামন্ত্ৰী হ'বলৈও নালাগে ন্যূনতম শিক্ষাগত অৰ্হতা।

এতিয়া আপুনিয়েই কওক, এয়া কি? নেতাসকলৰ বাবে এটা নিয়ম আৰু আমাৰ সাধাৰণসকলৰ বাবে আন এটা নিয়ম অতি কৌশলৰে চলাই থকা হৈছে। যিখন দেশত এজন ভোটাৰে দুবাৰ ভোট দিব নোৱাৰে, সেইখন দেশত এজন মানুহে দুটা সমষ্টিত কেনেকৈ প্ৰতিদ্বন্দিতা কৰিব পাৰে। আছে জানো ইয়াৰ উত্তৰ আপোনাৰ হাতত?

পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে কি কৰিব খোজা হৈছিল? ইয়াৰ উদ্দেশ্য কি আছিল? এখন সুস্থ সমাজ গঢ়ি শাসন ক্ষমতা গাঁৱৰ মানুহক ভগাই দিয়াটোৱে নাছিল জানো? প্ৰকৃততে এয়া হয়নে? ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ নামত কি চলে? দুৰ্নীতিৰ বেহা নে আন কিবা! ভাবি চাইছেনে কেতিয়াবা এইবোৰ কথা?

যোৱা লোকসভা নিৰ্বাচনত মই ভোটদান কৰিছিলো। সেইবাৰ মই ন'টাত ভোট দিছিলো। আপুনি এটা কথা লক্ষ্য কৰিছেনে? গণতন্ত্ৰৰ ওপৰত আস্থা থকা মানুহৰ সংখ্যা কমি আহিছে। ২০১৬ৰ অসম বিধানসভাৰ নিৰ্বাচনত নোটাত কিমান ভোট পৰিছিল? হিচাপটো পাৰিলে চাব। ১-২ লাখ নহয়, প্ৰায় ১২-১৩লাখ মানুহে ন'টাৰ বুটাম টিপিছে, কিন্তু ভোট দিবলৈ আহিছে। তেওঁলোকে স্ফূৰ্তিত ন'টাৰ বুটাম টিপা নাই। ইয়াৰ কাৰণ আছে। ভালদৰে নিৰ্বাচন আয়োগে ন'টাক লৈ প্ৰচাৰ চলাওকচোন। দেখিব এই সংখ্যা বাঢ়ি গৈছে।

এয়া গণতন্ত্ৰৰ প্ৰতি আস্থা নে নেতাসকলৰ প্ৰতি অনাস্থা? তাৰো বিতৰ্ক হ'ব লাগে। মই আজি ভাবিছিলো-ভোট দিবলৈ যাম। মোৰ মনৰ পছন্দৰ প্ৰাৰ্থীক ভোট দিম। কিন্তু নাই, তেনে পছন্দৰ প্ৰাৰ্থী মই নাপালো। অলপতে মই ফেচবুকত এটা আপডেট পঢ়িলো। চিৰঞ্জীৱ শইকীয়া নামৰ এজন শিক্ষকে এই আপডেটটো দিছে। তেওঁ লিখিছে- গণতন্ত্ৰৰ প্ৰতি ৰাইজৰ এই আস্থা। বেলট বাকচৰ পৰা ভোটাৰ শ্লিপ উলিয়াই জ্বলাই লগতে বেলট বাকচৰ ক্ষতিসাধন কৰি সন্তোষ লভিলে। আমিনো কোন? চৰকাৰী গোলাম। খালী টেমাকেইটা লৈয়ে গুচি আহিলো।

আপুনি মানুহজনৰ ফেচবুক পোষ্টটো চাওক। তাৰ পিছত প্ৰশ্ন কৰক। ভোটগ্ৰহণ প্ৰক্ৰিয়াৰে জড়িত এজন মানুহৰ এয়া দৃষ্টিভংগী। ৰাইজৰ এয়া অনাস্থা। বেলট বাকচৰ বেলট পেপাৰ উলিয়াই ৰাইজে জ্বলাই দিলে। এয়া কি সৰু কথা।

মানুহে বৰ আগ্ৰহেৰে জনপ্ৰতিনিধি এজন নিৰ্বাচন কৰে। মোক আপুনি এনে এজন মানুহ উলিয়াই দিব পাৰেনে যি সঁচা অৰ্থত ৰাইজৰ সেৱা কৰিবলৈ ৰাজনীতিলৈ আহে? যদি ৰাজনীতিলৈ আহেই সেৱা কৰিবলৈ তেন্তে মন্ত্ৰী-বিধায়ক হোৱাৰ কি দৰকাৰ? টিকট নাপালেই দল এৰে। বিসম্বাদ কৰে। এনেকুৱা মানুহবোৰেইতো এতিয়া আমাৰ নেতা।

মোৰ কথা আপুনি লিখিব। কি লিখিব? মই ভোট নিদিয়া বুলি? নে মই উপযুক্ত প্ৰাৰ্থী নথকাৰ বাবে ভোটদান প্ৰক্ৰিয়াত অংশ নোলোৱা বুলি! গণতন্ত্ৰৰ অৰ্থ কি? নিজৰ প্ৰতিনিধি নিজেই নিৰ্বাচন কৰি দিয়া ক্ষমতা ৰাইজক দিয়া হয়। কিন্তু সেই গণতন্ত্ৰৰ অধিকাৰ খৰ্ব হয় প্ৰাৰ্থী নিৰ্বাচন প্ৰক্ৰিয়াতে। ৰাজনৈতিক দলবোৰে প্ৰাৰ্থিত্ব দিয়া এজন ব্যক্তিক মই গৈ ভোট দিব লাগে। তেওঁ যদু-মধু, চোৰ-ডকাইত যিকোনো হ'ব পাৰে। অথচ তেওঁতকৈ বহু উপযুক্ত মানুহে প্ৰাৰ্থিত্ব নাপায়।

আপোনালোকৰ মনত আছেনে? ৰঙিয়া সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল এজন বিশেষ ব্যক্তিয়ে। তেওঁ আছিল বি বৰুৱা কলেজৰ অধ্যাপক। অসমৰ শিক্ষামন্ত্ৰী আছিল তেওঁ। শেহতীয়া অসম বিধানসভা নিৰ্বাচনত তেওঁক প্ৰাৰ্থিত্ব দিয়া হোৱা নাছিল। অগপৰ বহু নেতাতকৈ তেওঁ আছিল উপযুক্ত। বাতৰি কাকততে এদিন দেখিছিলো এটা টাইপৰাইটাৰ লৈ টাইপ কৰি তেওঁ জীৱন নিৰ্বাহ কৰে। হয়তো তেওঁ সৎ আছিল বা আদৰ্শৰ সৈতে আপোচ নকৰা ব্যক্তি আছিল।

এই ৰাজনীতিবিদজনৰ ক্ষেত্ৰত আপুনি কি ক'ব? ৰঙিয়া সমষ্টিৰ মানুহে তেওঁক বিচাৰিছিল। দলে নিবিচাৰিলে। নিৰ্বাচনত তেওঁ নিৰ্দলীয় হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল। যদি মোৰ ভুল হোৱা নাই এই প্ৰাক্তন নেতাজনে কিন্তু এটা আঞ্চলিক দলক নেতৃত্ব দিছিল। সভাপতিৰ দৰে পদবী চম্ভালিছিল এদিন। এতিয়া এলাগী তেওঁ। নামটো মই কৈয়ে দিছো- থানেশ্বৰ বড়ো।

ৰাজনীতিত এতিয়া কি লাগে? নিৰ্বাচন খেলিবলৈ টকা। আৰু আপোনাৰ পিছত ঘূৰিবলৈ অন্ধ এগালমান ভক্ত। আমি কেতিয়াবা তেনে লোকক তেওঁ ক'ৰপৰা ইমান টকা পালে বুলি কষ্ট কৰিব পাৰোনে? সকলোতে এনেকুৱা মানুহ আছে। বাহিৰত তেওঁ সমাজসেৱা কৰে বুলি দেখুৱায়, কিন্তু ভিতৰি তেওঁ নিজৰ সেৱা কৰে। তেনেকুৱা লোকক যদি কোনোবাই প্ৰাৰ্থী দিয়ে তেনেহ'লে মই কিয় মানি ল'ম?

পঞ্চায়ত নিৰ্বাচনত মোক সেই অধিকাৰ দিয়া নহ'ল। মোৰ দৃষ্টিত উপযুক্ত প্ৰাৰ্থী নাথাকিলে মই কাক ভোট দিম? সেই উত্তৰ কিন্তু নাই। সেয়েহে মই ভোট দিবলৈ নগ'লো। যদি এনে সুবিধা পঞ্চায়ত নিৰ্বাচনত থাকিল হয় তেনে এখন গাঁৱৰ ৰাইজে হয়তো কাকোৱে ভোট নিদিলে হয়। সেই বাস্তৱ ছবিখন ফুটি উঠাৰ ভয়ত হয়তো এই ব্যৱস্থা নকৰিলে।

আজি পঞ্চায়ত নিৰ্বাচনৰ সময়ত টিভিত দেখিলো, কামপুৰৰ এখন গাঁৱত মানুহে ভোট নিদি ভোজ-ভাত পাতিছে। পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰশ্ন কৰিছে যোৱা ২০ বছৰে কিয় গাঁওখনৰ উন্নতি নহ'ল? নিদিয়ে তেওঁলোকে ভোট। সদায় যদি মানুহ এই নেতা, জনপ্ৰতিনিধিৰ পৰা বঞ্চনাৰ বলি হয় তেনে দেখিব এখনৰ পিছত আন এখন গাঁৱৰ লোকে এইদৰে সমূহীয়াকৈ সিদ্ধান্ত লৈ প্ৰতিবাদ সাব্যস্ত কৰিব। মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে জানো দেখা নাই- ৰাইজে কিদৰে ভোট বৰ্জন কৰিলে?

বেলট পেপাৰত আজি কিমান খেলিমেলি হ'ল? তাৰ হিচাপ আপুনি দিব পাৰিব? দিনটো মই আজি টিভি চাইছো? ক'ত কি হ'ল খবৰ লৈছো। ক'ৰবাত যদি অগপৰ প্ৰতীক হাত হৈছে, আন ক'ৰবাত কংগ্ৰেছৰ প্ৰতীক পদুম ফুল হৈছে। বিজেপিৰ প্ৰতীক হাতী হৈছে। এটা নিৰ্বাচনী প্ৰক্ৰিয়াত দুই এটা ভুল থাকিব পাৰে। কিন্তু ইমান ভুল কিয়? তাৰমানে এয়া নিৰ্বাচনৰ নামত ল'ৰা ধেমালি নেকি? প্ৰাৰ্থীৰ নামেই অহা নাই বহু ঠাইত। ক'ৰবাত আকৌ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীয়ে ভোট দিবলৈ পোৱা নাই।

২০১৪ চনত, ২০১৬ চনত ভোট দিয়া বহু নতুন ভোটাৰৰ নাম ভোটাৰ তালিকাত নাহিলেই। ২০১৩ চনৰ পুৰণি ভোটাৰ তালিকাকেই পঠিয়াই দিলে ভোটকেন্দ্ৰলৈ। শ শ ভোটাৰে ভোটদান সাব্যস্ত নকৰাকৈ গুচি আহিবলগীয়া হ'ল। ইয়াৰ বাবে দায়ী কোন? নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িত বৰমূৰীয়াসকলে ভোটগ্ৰহণ কেন্দ্ৰলৈ মদ্যপান কৰি যোৱা বিষয়াক গ্ৰেপ্তাৰ কৰিছে। খবৰত দেখিছে নহয় কোনোবা গগৈ বুলি এজনক যে ধৰিছে। এতিয়া মোৰ আপুনি আৰু এটা কথা কওক। হাজাৰ হাজাৰ মানুহক ভোটৰ অধিকাৰৰ পৰা বঞ্চিত কৰা সকলতকৈ এই সুৰাসক্ত বিষয়াজনে বেছি অপৰাধ কৰিছে নেকি? মই তেওঁক শুদ্ধ বুলি ক'ব বিচৰা নাই। কিন্তু ডাঙৰ অপৰাধী কোন? মদ্যপান কৰা বিষয়াজন নে নিৰ্বাচন প্ৰক্ৰিয়াক ইমান ভুলদৰে পৰিচালিত কৰাসকল?

মই কোনো ৰাজনৈতিক দলৰ সদস্য নহয়। কিন্তু মই সকলো ৰাজনৈতিক দলৰ কৰ্ম-কাণ্ড চাই থাকো। মন্ত্ৰী নেতাৰ ভাষণ শুনো। দিছপুৰত বন্ধু,পঞ্চায়ত নিৰ্বাচনত শত্ৰু। এয়া আকৌ কেনে নীতি? চিঞৰি চিঞৰি ইজনে সিজনৰ গালৈ বোকা ছটিয়াই নিৰ্বাচনী প্ৰচাৰৰ নামত লম্ফ-জম্ফ কৰাসকলৰ ভাষণ শুনি মোৰ হাঁহি উঠে। ৰাজনীতি হ'ল বুলি কিবা এটা ষ্টেণ্ডাৰ্ড থাকিব নালাগে জানো?

মই নেতাসকলে দিয়া সংবাদ মেলবোৰ চাই তেওঁলোকক কিছু প্ৰশ্ন সুধিবলৈ মন যায়। আপোনালোক সাংবাদিকসকলে সেই কথা নোসোধে। কিয় নোসোধে নাজানো। আপোনালোকৰ সমুখতে আপোনালোকক তিৰস্কাৰ কৰে। মিছা মাতে। আপোনালোকে কিন্তু সেইবোৰ কথাই আহি লিখে। বৰ বৰ বাতৰি কৰে। কংগ্ৰেছত থাকোতে বিজেপিক গালি পৰা আৰু বিজেপিলৈ আহি কংগ্ৰেছক গালি পৰা সকলৰ ধৃষ্টতা দেখি আচৰিত হও। লগতে আচৰিত হও গুপ্তহত্যা, দুৰ্নীতি আদিৰ বজাৰ মেলা নেতাসকলৰ হঠাৎ উঠলি উঠা জাতিপ্ৰেম দেখি।

মনত ইমানবোৰ ক্ষোভ লৈ কোনজন বিবেকবানে কোনটো ৰাজনৈতিক দলক সমৰ্থন কৰিব পাৰিব? সেই প্ৰশ্নৰ উত্তৰ আপুনি দিব পাৰিব? মই কাক বিশ্বাস কৰিম? জাতি-মাটি-ভেটিৰ কথা কৈ শাসনলৈ অহা বিজেপিক নে গুপ্তহত্যাৰ তদন্ত কৰিম বুলি শাসনলৈ আহি সেই প্ৰতিবেদনেই ৰাজহুৱা কৰিব নোৱাৰা তৰুণ গগৈক? কংগ্ৰেছে ১৫ বছৰ শাসন কৰিছিল। কি কৰিলে? তাৰ হিচাপ কেতিয়াবা কৰিছেনে? নেতাসকলৰ জেপ গধূৰ হ'ল। চিণ্ডিকেট পাতিলে। মইতো আঞ্চলিকতাবাদৰ নামত ধাপ্পাবাজী কৰা অগপকো সমৰ্থন কৰিব নোৱাৰো। সোণৰ অসম গঢ়িম বুলি কৈ নিজৰ সংসাৰ গঢ়াসকলৰ স্থিতি কি দেখিছো। ভাবেনে কেতিয়াবা এইবোৰ কথা? যদি ভাবে তেতিয়াহ'লে মোক কিয় সোধে মোক কিয় ভোট নিদিলো বুলি?

মোৰ অঞ্চলটোত যিসকলে এইবাৰ নিৰ্বাচনত উঠিছে তেওঁলোকে মোক আহি কৈছিল ভোট দিবলৈ। মই দিম নিদিম কোৱা নাছিলো। প্ৰতিজনেই মোৰ চিনাকি। তেওঁলোকৰ মুখবোৰ মই মনলৈ আনিলো। যোৱা এসপ্তাহ ধৰি তেওঁলোকৰ কাম-কাজৰ খতিয়ান মনৰ ভিতৰতে ল'লো। তাৰে কেইজনমান আগতে শাসকীয় দলৰ পালিনেতা আছিল। তেওঁলোকৰ জীৱন-ধাৰণ, কাম-কাজ মোৰ নখ দৰ্পণত। তেওঁলোকে নিস্বাৰ্থভাৱে কৰা এটা কামৰো উদাহৰণ মই মনলৈ আনিব নোৱাৰিলো। কিন্তু তেওঁলোকৰ বিৰুদ্ধে উত্থাপন হোৱা বহুকেইটা অভিযোগ নমোৰ সঁচা যেন লাগে। চৰকাৰী আঁচনিৰ নামত আৱণ্টিত ধন কি কৰিছিল মই জানো। ঠিকা-ঠুকলিৰ নামত কি কৰিছিল মই দেখিছিলো। মই এতিয়া তেওঁলোকক কেনেদৰে আকৌ সেইবোৰ কাম কৰিবলৈ মোৰ ভোটটো দি আগবঢ়াই দিও?

আমাৰ মানুহবোৰৰ স্মৃতি শক্তি বৰ কম। আমাৰ আৱেগবোৰ ধানখেৰৰ জুইৰ দৰে। এই অগপ, এই বিজেপি, এই কংগ্ৰেছ। মই কাকো ৰাজনৈতিক দলৰ কাঠগৰাত থৈ তেওঁলোকৰ যোগ্যতাৰ হিচাপ লোৱা নাছিলো। সেয়েহে মই মোৰ বিবেকেৰ অযোগ্য বুলি কোৱা কিছুমান ধূৰন্ধৰ লোকক মোৰ মূল্যৱান ভোটটো দি উৎসাহিত কৰিব নুখুজিলো।

আপুনি ক'ব মোৰ দৰে সাধাৰণ মানুহ এটাই ভোট নিদিলে কি হ'ব? জিকাজন জিকি যাব। সেইটো মই মানি লৈছো। কিন্তু দহজনে গৰু হৈ ঘাঁহ খালে বুলি মই ঘাঁহ খোৱাৰ পক্ষপাতী নহয়। মোৰ বিবেকে  যি কৈছে মই শুনিছো। কোনোবাই ভোট দিবলৈ গৈছে মই আপত্তি কৰা নাই। গতিকে মই ভোট দিবলৈ নোযোৱাতো কাৰো আপত্তি থাকিব নালাগে।"

এজন ভোটাৰ। তেওঁৰ সৈতে পতা কথোপকথনৰ সাৰাংশ এয়া। লখিমপুৰ বগীনদীৰ এই ভোটাৰজনৰ আছে নিজস্ব দৃষ্টিভংগী। কেইটামান প্ৰশ্নৰ উত্তৰত তেওঁ এই কথাখিনি কৈছিল। পঞ্চায়তৰ প্ৰথম পৰ্য়্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ দৰে শিক্ষিত এই সাধাৰণ ভোটাৰজনে  কোৱা সাধাৰণ যেন লগা অসাধাৰণ কথাবোৰ আমাৰ বহু লেখক, সাংবাদিক, বুদ্ধিজীৱিতকৈ যেন যুক্তিপূৰ্ণ। সেয়েহে আজিৰ এই বিশেষ লেখাত কেৱল সেই সাধাৰণ ভোটাৰজনৰ কথা।

তেওঁ লগতে কৈছিল, 'মোৰ কথাবোৰ আপুনি লিখিব পাৰে। মোৰ ভাষাত নহয়। আপোনাৰ নিজৰ ভাষাত লিখক। মইতো লিখা-মেলা কৰা মানুহ। কিন্তু মই এনে কথা কোৱা বুলি মানুহে মোক ঠাট্টা কৰিব। মোৰ পৰিচয় আপুনি দিব নালাগে। কিন্তু মোৰ কথাখিনি আপুনি মানুহৰ মাজলৈ নিয়ক। ৰাইজে বিচাৰ কৰক এইবোৰ মিছা নে সঁচা!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in