জাতীয় নায়কে বুকুত হাত থৈ আকৌ কেতিয়া ক’ব ‘জয় আই অসম’

জাতীয় নায়কে বুকুত হাত থৈ আকৌ কেতিয়া ক’ব ‘জয় আই অসম’

♦ ডি জে ধনন্তৰি

অসমৰ অস্তিত্ব ৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা আই এম ডি টি আইনৰ বিৰুদ্ধে আইনী যুঁজ আৰম্ভ কৰিছিল তেওঁ। সুদীৰ্ঘ দিনৰ অন্তত এদিন তেওঁ সেই যুঁজত জয় লাভ কৰে। তেওঁৰ এই জয়ত আনন্দত আত্মহাৰা হৈ পৰিছিল অসম আৰু অসমীয়াক প্ৰাণভৰি ভালপোৱা প্ৰতিজন লোকে।

সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ মজিয়াৰ পৰা আৰম্ভ হৈছিল তেওঁৰ ৰাজনৈতিক যাত্ৰা। তীব্ৰ জাতীয়তাবোধৰ পৰিচয় দি আই এম ডি টিৰ দৰে ক'লা আইনৰ বিৰুদ্ধে চৰকাৰক প্ৰত্যাহ্বান জনাই সেয়া বাতিল কৰিবলৈ সমৰ্থ হোৱা নেতাজন সেয়ে সকলোৰে বাবে হৈ পৰিছিল বিশেষতকৈয়ো বিশেষ।

যিটো দিনত উচ্চতম ন্যায়ালয়ৰ মজিয়াত ঐতিহাসিক বিজয় সাব্যস্ত কৰি অসমত ভৰি থৈছিল সেইদিনা ৰাজকীয় আদৰণি জনোৱা হৈছিল তেওঁক।
এদিন সেই একে আদৰণি জনোৱা হৈছিল অসম আন্দোলনক সমুখৰ পৰা নেতৃত্ব দি অসম চুক্তি ৰূপায়ণ কৰা প্ৰফুল্ল কুমাৰ মহন্তক।

অসমবাসীয়ে দেৱতাতুল্য জ্ঞান কৰা মহন্তই বিপুল ভোটত জয়ী দখল কৰিছিল মুখ্যমন্ত্ৰীৰ গাদী। আস! কিমান যে আশা-আকাংক্ষা বুকুত লৈ ৰাজ্যবাসীয়ে তেওঁক মুখ্যমন্ত্ৰী হ'বলৈ বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়াইছিল। মুখ্যমন্ত্ৰীৰ গাদী দখল কৰাৰ পিছৰখিনি এতিয়া ইতিহাস।

৫ বছৰতে তেওঁৰ প্ৰতি মোহভংগ ঘটিছিল মানুহৰ। যি ৰাইজে কংগ্ৰেছক গণশত্ৰু আখ্যা দিছিল সেই কংগ্ৰেছকে মহন্তৰ বিশ্বাসঘাটকতাত অতিষ্ঠ হৈ ৫বছৰ পিছত পুনৰ ক্ষমতাত অধিষ্ঠিত কৰাবলৈ বাধ্য হৈছিল। কেৱল সিমানেই নহয় যি ছাত্ৰ সন্থাই তেওঁক ৰজাৰ দৰে সন্মান কৰিছিল সেই ছাত্ৰ সন্থাই এদিন তেওঁৰ বিৰুদ্ধে মুকলিকৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে ৰাজপথলৈ।

মহন্তৰ দৰেই অৱস্থা হ'বগৈ নেকি জাতীয় নায়কৰ? এনে প্ৰশ্ন যে কৰিবলগীয়া হ'ব সেয়া এদিন সকলোৰে বাবে সপোনৰো অগোচৰ আছিল। পিছে সেয়াই হ'ল। যিটো সংগঠনে এটা বিশেষ দিনত তেওঁক জাতীয় নায়ক উপাধিৰে বিভূষিত কৰিছিল সেইটো সংগঠনেই আজি তেওঁক প্ৰদান কৰে সকীয়নি।

কেৱল সকীয়নি প্ৰদান কৰাই নহয়, জাতীয় নায়কৰ বিৰুদ্ধে আন ২৮ টা সংগঠন একত্ৰিত হৈ 'হায় হায়' ধ্বনি দি উত্তাল কৰি তোলে দিছপুৰৰ ৰাজপথ। ৬০ টা সংগঠনে ইয়াৰ কেইদিনমান পূৰ্বেই ছাত্ৰ সন্থাক অহ্বান জনাইছিল জাতীয় নায়ক উপাধি ঘূৰাই ল'বলৈ। অৱশেষত উপাধি ঘূৰাই নল'লেও জন্মলগ্নৰে পৰা অসমৰ হকে মাত মাতি অহা সংগঠনটোৱে ৰাজপথ উত্তাল কৰি আওৰালে শুনিলেই কিবা লগা সেই শ্ল'গান, 'বাংলাদেশীৰ ৰক্ষক হায় হায়….।'

যিজন নেতাক বাংলাদেশীৰ পৰা অসমক ৰক্ষা কৰিবলৈ আইনী যুঁজত অৱতীৰ্ণ হৈ জয়লাভ কৰা বাবে এদিন আদৰি অনা হৈছিল সেই একেজন নেতাক আজি একেটা সংগঠনে বাংলাদেশীৰ ৰক্ষক আখ্যা দিয়া শুনা গৈছে। অসমৰ ৰাইজৰ বাবে ইয়াতকৈ পৰিতাপৰ কথা আৰু কি হ'ব পাৰে।

পৰিৱৰ্তনৰ শ্ল'গানেৰে ২বছৰ পূৰ্বে দিছপুৰৰ মছনদ দখল কৰিছিল তেওঁ। ৰাইজেও অচ্ছে দিনৰ সপোন দেখুওৱাসকলৰ সৈতে লগ হৈ তেওঁ আওৰোৱা সেই শ্ল'গান শুনি মন্ত্ৰমুগ্ধ হৈ পৰে আৰু দলে-বলে ওলাই আহি পৰিৱৰ্তন হওক বুলি বুটাম টিপে ইভিএমৰ। পিছে ৰাজ্যৰ একো পৰিৱৰ্তন নহ'ল। পৰিৱৰ্তন হ'ল তেওঁ নিজেই। জাতীয়তাবাদীৰ পৰা একেকোবে হৈ পৰিল দিল্লীৰ বহতীয়া।

অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কোনেও কল্পনা কৰিব পৰা নাছিল যে তেওঁ এনেকৈ সলনি হৈ পৰিব। জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কৈ অসমক নতুন ৰূপত সজাই তোলাৰ কথা কোৱা, অবৈধ বাংলাদেশীক খেদাৰ প্ৰতিশ্ৰুতি দিয়া মানুহজনে যিদিনাই সেই চকীখন দখল কৰিলে তেতিয়াই তেওঁ পাহৰি পেলালে সকলো। পাহৰি পেলালে নিজকো।

বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ কথা কোৱা 'জাতীয় নায়ক'জনৰ নাকৰ তলতে তেওঁৰ অধীনস্থ গণ্ডাই গণ্ডাই মন্ত্ৰী-বিধায়কে এতিয়া কেৱল কয় বিভাজনৰ কথা, ব্যস্ত থাকে সাম্প্ৰদায়িকতাৰ মন্ত্ৰৰে আনক উচটাই জোল খোৱাত। সেয়ে একালত যিটো সংগঠনৰ পৰা তেওঁ নেতা হোৱাৰ আদিপাঠ শিকিছিল সেইটো সংগঠনৰ বৰ্তমানৰ নেতা-সদস্যসকলে আজি তেওঁক ধিক্বাৰ দিবলৈ বাধ্য হৈ পৰাতো সঁচাকৈয়ে দুৰ্ভাগ্যজনক।

যিসময়ত চুবুৰীয়া মেঘালয়ত বিজেপি সমৰ্থিত চৰকাৰ থকা সত্বেও সেই চৰকাৰে ৰাজ্যখনৰ স্বাৰ্থ বিঘ্নিত হ'ব পৰা আইন বাতিলৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিছে সেই সময়ত অসমত চৰকাৰৰ নেতৃত্বত জাতীয় নায়ক থাকোতেই তেনে সিদ্ধান্ত ল'বলৈ ইমান সময় কিহৰ বুলিও তেওঁক প্ৰশ্ন কৰিছে আছুৱে। সেই প্ৰশ্নৰ উত্তৰ জাতীয় নায়কৰ পৰা মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱালে কিধৰণে দিয়ে তাৰ ওপৰতে নিৰ্ভৰ কৰিব তেওঁৰ ৰাজনৈতিক ভৱিষ্যত।

ইমানদিনে আছুক বাদ দি ভিন্ন দল-সংগঠনে খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থ বিঘ্নিত হোৱা কোনো কাম নকৰে বুলি কৈ অহা মুখ্যমন্ত্ৰীক হাতে-কামে সেয়া দেখুৱাই দিবলৈ আহ্বান জনাই আহিছিল। অৱশেষত আজি সেই একে দাবীৰে আছুৱেও ৰাজপথত নামিছে। যিঠাইত বহি মুখ্যমন্ত্ৰীজনে ইমানদিনে নীৰৱ ভূমিকা পালন কৰিছে সেই ঠাইৰ পৰা মাত্ৰ ৫০০ মিটাৰ দূৰত্বত অৱস্থান গ্ৰহণ কৰি আছুৰ বৰ্তমানৰ নেতৃত্বই তেওঁক প্ৰশ্ন কৰিছে, সকীয়াই দিছে।

এই সকলোবোৰ হৈ যোৱাৰ পিছতো যদি তেওঁৰ সম্বিৎ ঘূৰি নাহে, বুকুত ২০০৫ চনৰ দৰে সাহস দেখুৱাই স্পষ্টকৈ কথা নকয় তেন্তে তাৰ পৰিণাম কি হ'ব সেয়া অতীত ইতিহাসে ইংগিত দিয়ে থৈছে। কিয়নো অসমৰ ৰাইজ, অসমীয়া জাতি সেই তাহানিৰে পৰা স্বাভিমানী। আজিও বুকুত স্বাভিমান লৈয়েই জীয়াই আছে অসমীয়া জাতি।

শস্যা-শ্যামলা অসমলৈ নিজ মাতৃভূমিক পাহৰি অহা নাই কোন? বিহাৰী, বঙালী, মাৰোৱাৰী, হিন্দীভাষী সকলোৱে বিভিন্ন কাৰণত, কেতিয়াবা হয়তো বাধ্যত পৰি বা অাৰ্থ-ৰাজনৈতিক কাৰণত অসমলৈ আহি নিজ মাতৃভূমিক পাহৰি অসমকে আই হিচাপে আকোৱালি লৈছে। পিছে প্ৰকৃত খিলঞ্জীয়া অসমীয়াৰ কোনো এজনেই আজিলৈকে নিজ মাতৃভূমিক এৰি অইন ঠাইলৈ স্থায়ীভাৱে যোৱাৰ উদাহৰণ পাবলৈ নাই। তেনে এটা স্বাভিমানী জাতিৰ অৱেগক যিজনে বুজি নাপায়, উপলব্ধি কৰিব নোৱাৰে তেওঁ নিজেই নিজ কক্ষপথৰ পৰা বিচ্যুত হ'বলৈ বাধ্য।

আমি আশা কৰিম, জাতীয় নায়কজন হেৰাই নাযাওক। এবাৰ যি উপাধি প্ৰদান কৰা হ'ল সেয়া উভতাই অনাতো হয়তো সম্ভৱ নহয়। উভতাই লোৱা বুলি ঘোষণা কৰিলেও এদিন যে সেয়া প্ৰদান কৰা হৈছিল তাক নোহোৱা কৰিব নোৱাৰি। সেয়ে সকলোৱে অধীৰ অাগ্ৰহেৰে বাট চাই আছে যে যিকোনো মূল্যৰ বিনিময়ত হ'লেও তেওঁ জাতিটোৰ পক্ষতে থিয় দি গ্ৰহণ কৰিব সঠিক সিদ্ধন্ত। দল আৰু ৰাজনীতি সকলোৰে উৰ্ধত হ'ব সেই সিদ্ধান্ত। আগৰ দৰেই তেওঁ আকৌ উদাত্ত কণ্ঠে সকলোৱে শুনাকৈ ক'ব, 'জয় আই অসম'!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in