ৱেলিংটন স্কোৱেৰৰ পৰা পৃথিৱী জিনাৰ যাত্ৰা

ৱেলিংটন স্কোৱেৰৰ পৰা পৃথিৱী জিনাৰ যাত্ৰা

♦ ডি জে ধনন্তৰি

সাগৰ সংগমত ক'তনা সাঁতুৰিলো/তথাপি হোৱা নাই ক্লান্ত…। ১৯৫৪ চনৰ কথা। সুদীৰ্ঘ দিনৰ অন্তত আমেৰিকাৰ পৰা স্বদেশলৈ উভতিছে সাগৰৰ প্ৰচণ্ড ঢৌত সাঁতুৰি ভাগৰি নপৰা মানুহজন। গুৱাহাটীলৈ আহিয়েই যোগ দিয়ে গণনাট্য সংঘত। তেতিয়া গণনাট্য সংঘৰ গুৰিবঠা ধৰোতা হেমাংগ বিশ্বাস আছিল পাণবজাৰত।

দুয়ো পৰস্পৰৰ সংস্পৰ্শলৈ অহাৰ পিছতে ঠিক কৰিলে যে সমগ্ৰ উত্তৰ-পূববাসীক লৈ গুৱাহাটীত এক অনুষ্ঠানৰ আয়োজন কৰিব। সেই অনুষ্ঠানত ২২ হাজাৰ লোকে প্ৰতিদিনে ১ টকাকৈ টিকট কাটি শুনিব পাৰিব গান। বিনা পাৰিশ্ৰমিকত সেই অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল কেবাগৰাকী বিখ্যাত শিল্পীয়ে। তেওঁলোকৰ ভিতৰত অন্যতম আছিল বলৰাজ সাহানি, সলিল চৌধুৰী আৰু সুচিত্ৰা মিত্ৰ।

গুৱাহাটীলৈ অহাৰ পিছতে তেওঁৰ গীতৰ অগ্নিবৰষা সুৰ শুনি কঁপি উঠে অসম চৰকাৰ। দুবছৰ ধৰি তেওঁক গান গোৱাৰ পৰা বিৰত থাকিবলৈ বাধ্য কৰোৱা হয়। তেওঁৰ অপৰাধ আছিল গণনাট্য সংঘৰ হৈ গান গোৱাতো। মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়েও কমিউনিষ্ট বুলি সমালোচনা কৰিছিল তেওঁক। চৰকাৰৰ এনে দমন নীতিৰ পৰিপ্ৰেক্ষিতত মুখ খুলিব পৰা নাছিল যদিও মনৰ ভিতৰত মনত জাগি উঠিছিল বিদ্ৰোহৰ অগনি। তেওঁৰ কলমেৰে নিগৰি আহিছিল 'প্ৰতিধ্বনি শুনো'ৰ দৰে কালজয়ী গীত।

এনে পৰিপ্ৰেক্ষিতত অসম এৰি কলকাতাত ভৰি থৈছিল ভূপেন হাজৰিকাই। এই প্ৰসংগত তেওঁ পৰামৰ্শ লৈছিল হেমাংগ বিশ্বাসৰ। 'বিশ্বৰ জনতাই তোমাক বিচাৰে। গতিকে তুমি কেৱল অসমত থাকিলেই নহ'ব। কলকাতালৈ গৈ তুমি পৃথিৱীৰ সৈতে যুদ্ধ কৰিবলৈ শিকা।'-ভূপেন হাজৰিকাৰ প্ৰতিভা উপলব্ধি কৰি এই পৰামৰ্শ আগবঢ়াইছিল গণশিল্পী হেমাংগ বিশ্বাসে।

অৱশেষত হেমাংগ বিশ্বাসৰ কথাই সত্য প্ৰমাণিত হয়। কলকাতাত উপস্থিত হৈয়েই ৱেলিংটন স্কোৱেৰত গীত পৰিৱেশন কৰিছিল তেওঁ। সেই অনুষ্ঠানতে মহম্মদ ৰফিয়ে গাইছিল 'ধিতাং ধিতাং বলে'। ভূপেন হাজৰিকাই গালে 'দোলা, এ দোলা', 'সাগৰ সংগম'ৰ দৰে গীত। সেই গীতসমূহে এনে আলোড়ন তুলিলে যে পিছদিনা প্ৰতিখন ৰাষ্ট্ৰীয় দৈনিক কাকততে শিৰোনাম হৈ পৰিল অসমৰ ভূপেন হাজৰিকা। এনেদৰেই কলকাতাৰ পৰা তেওঁ আৰম্ভ কৰিলে পৃথিৱী জিনাৰ যাত্ৰা।

গানেই হৈ পৰিল তেওঁৰ জীৱন-জীৱিকা সকলো। গান হৈ পৰিল তেওঁৰ বাবে সকলো। কোনোদিনে অন্যায়ৰ সৈতে আপোচ কৰা নাছিল তেওঁ। অন্যায় দেখিলেই প্ৰতিবাদত মুখৰ হৈ পৰিছিল হৈছিল তেওঁ। কলমেৰে নিগৰি ওলাইছিল এটাৰ পিছত এটাকৈ অনেক কালজয়ী গান। ১৯৬০চনত গণহত্যাৰ দৃশ্য দেখি কঁপি উঠিছিল তেওঁৰ অন্তৰাত্মা। সেই সময়তে তেওঁ গাইছিল সেই গান, 'মানুহে মানুহৰ বাবে।'

১৯৬০ চনৰ পৰা এতিয়ালৈ বাগৰি গ'ল বহু বছৰ। চিৰাচৰিত সত্য মানি এদিন মহাপ্ৰস্থান ঘটিল মহানায়কৰ। তেওঁৰ মহাপ্ৰস্থানে বহু কথাই শিকাই গ'ল জাতিটোক। ভূপেন হাজৰিকাবিহীন এই ৭টা বছৰত জাতিটোৱে অন্তৰৰে উপলব্ধি কৰিছে যে আজিও তেওঁ কিমান প্ৰাসংগিক। সঁচাকৈয়ে আজিও সমসাময়িক সুধাকণ্ঠ। এয়াইতো শিল্পী সত্তাৰ সাৰ্থকতা। এয়াইটো সৃষ্টিৰ সাফল্য।

সময় এতিয়া তেনেই অস্থিৰ। এনে সময়তে তেওঁলৈ বৰকৈ মনত পৰে। যি সময়ত সমাজত মানৱীয় প্ৰমূল্যবোধৰ অৱক্ষয়ে দেখা দিছে, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অসমাজিকতা আৰু অপৰাধ প্ৰৱণতাই মানৱ সমাজ অন্ধকাৰাচ্ছন্ন কৰি তুলিছে, হত্যা-হিংসাৰ বিভীষিকাই সমাজ ছানি ধৰিছে, ভূলুণ্ঠিত হৈছে মানৱতাবাদ, ঠিক তেনে সময়তে সমাজখনক গীতেৰে সুস্থিৰ কৰি তুলিবলৈ চেষ্টা চলাইছিল তেওঁ।

৮ ছেপ্টেম্বৰ আৰু ৫ নৱেম্বৰ। এই দিন দুটাত যোৱা ৭ বছৰ ধৰি আমি কেৱল তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ নামত সভা অনুষ্ঠিত কৰিয়েই দায়িত্ব সামৰিছো নেকি? চৰকাৰেও জালুকবাৰীস্থিত সুধাকণ্ঠৰ সমাধিস্থল উক্ত দুটা দিনত সজাই-পৰাই তুলি বন্তি প্ৰজ্বলন কৰিয়েই মহানায়কগৰাকীৰ প্ৰতি থকা নিজৰ কৰণীয় পালন কৰা বুলি ধৰি লৈছে নেকি? মুঠৰ ওপৰত জাতিটোৰ সমুখত এতিয়া সুধাকণ্ঠক লৈ হাজাৰ-বিজাৰ প্ৰশ্ন। অসম ৰত্নগৰাকীয়ে বিশ্ব দৰবাৰত অসমৰ নাম জিলিকাই থৈ গ'ল। অথচ আমি তেওঁক প্ৰাপ্য সন্মান প্ৰদানত ব্যৰ্থ হৈছো নেকি?

আজি ৫ নৱেম্বৰ। ২০১১ চনৰ এই দিনটোকে অসমবাসীক কন্দুৱাই মহাপ্ৰস্থান কৰিছিল তেওঁ। হিলদল ভাগি তেওঁক চাবলৈ সোঁত বৈছিল মানুহৰ। চৌদিশে বাজি উঠিছিল জাতিক জগাই তোলা তেওঁৰ গান। কবিৰ কলমেৰে নিগৰি ওলাইছিল আৱেগিক কৰি তোলা সেই কবিতা, 'এটা গান শেষ হ'ল…।' আজিও শুনা গৈছে সেই গান। জাগি উঠিছে অসমীয়াৰ মন-প্ৰাণ। তাতেই যেন ৰৈ গৈছে এটা কিন্তু? কি সেই কিন্তু? সেই কিন্তুটো কি উপলব্ধি কৰিবলৈ হ'লে আমি প্ৰতিজন অসমীয়াই প্ৰশ্ন কৰিব লাগিব নিজেই নিজক।

সুধাকণ্ঠৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। তেওঁৰ গীতৰ বিশ্লেষণ কৰাটোও আমাৰ পক্ষে তেনেই অসম্ভৱ। আমি কেৱল ডুব যাব পাৰো তেঁওৰ গীতৰ সমুদ্ৰত। যেতিয়া দুখ আৰু হতাশাই আৱৰি ধৰে তেতিয়া তেওঁৰ এটা গীতে আমাৰ মন-প্ৰাণত সিঁচি দিয়ে নতুন আশা। যেতিয়া সমাজখন অস্থিৰ হৈ পৰে তেতিয়াও মনলৈ আহে তেওঁৰ গীতৰ সুৰৰ লহৰ। তেওঁৰ গীতত নাছিল কি? যেতিয়াই যি বিচৰা যায় সেয়াই পোৱা যায় তেওঁৰ গীতত। জাতি এটাক ইমানখিনি দি থৈ যোৱা মানুহজন নতুন প্ৰজন্মৰ বাবেও এক বিস্ময়। সেয়াই স্বাভাৱিক। কিয়নো তেওঁ আছিল কালজয়ী। সময়ে তেওঁক ধৰি ৰাখিব নোৱাৰে। চিৰ তৰুণ তেওঁৰ সৃষ্টি।

তেওঁৰ নামত ইতিমধ্যে চৰকাৰে বঁটা ঘোষণা কৰিছে। পিছে কেৱল বঁটা প্ৰদানৰ জৰিয়তে পাহাৰ-ভৈয়াম একাকাৰ কৰি প্ৰতিটো জাতি-জনগোষ্ঠীৰ মিলনৰ কথা কোৱা মহানায়কগৰাকীৰ কৰ্মৰাজিক প্ৰকৃত ৰূপত দাঙি ধৰাতো সম্ভৱনে? তেওঁ যিখন অসমৰ কল্পনা কৰিছিল, গীতৰ জৰিয়তে যি সমন্বয়ৰ কথা কৈছিল সেয়া ধৰি ৰখাৰ বাবে চৰকাৰীভাৱে যেন আৰু বহু কৰণীয় ৰৈ গ'ল তেনে এক অনুভৱ প্ৰতিজন সচেতন লোকৰ মনতে উদয় হোৱা পৰিলক্ষিত হৈছে।

সুধাকণ্ঠৰ সোঁৱৰণত অসমৰ সংগীতৰ ক্ষেত্ৰখনক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ বিশেষ জলপানি প্ৰদানৰ ব্যৱস্থা কৰাৰ কথাও চিন্তা কৰিবলৈ ভিন্নজনে সময়ে সময়ে চৰকাৰক অাহ্বান জনাই আহিছে। এই জলপানিৰ জৰিয়তে যদিহে ৰাজ্যখনৰ নতুন প্ৰজন্মৰ সংগীতৰ প্ৰতিভাসমূহক বিশ্ব পৰ্যায়ৰ এখন প্লেটফৰ্ম দিব পৰা যায় তেন্তে সেয়া হ'ব পাৰে তেওঁৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত এক উল্লেখনীয় খোজ। তেওঁ ব্যৱহাৰ কৰা সা-সামগ্ৰীসমূহৰ সংৰক্ষণৰ ব্যৱস্থা চৰকাৰে কৰিছে যদিও তাত আজিও ৰৈ গৈছে যথেষ্ট বিসংগতি। কলকাতাৰ টালিগঞ্জস্থিত ঘৰটো কিনাৰ বাবে ৰাজ্য চৰকাৰে যো-জা চলাইছে যদিও সেই প্ৰক্ৰিয়াও এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই।

একমাত্ৰ এয়াই নহয়, ভূপেন হাজৰিকাক লৈ বহু কৰণীয় আছে চৰকাৰ তথা প্ৰতিজন অসমীয়াৰ। ঠায়ে ঠায়ে তেওঁৰ নামত মঞ্চ স্থাপন কৰিলেই, সমাধিস্থলত দুবাৰকৈ চাকি-বন্তি প্ৰজ্বলন কৰিলেই তেওঁক সন্মান প্ৰদৰ্শন কৰাতো নুবুজায়। জাতিটোক লৈ গীতৰে দেখা তেওঁৰ সপোন অনুধাৱন কৰিব পাৰিলেই আৰু বহুদূৰ আগুৱাই যাবলৈ সমৰ্থ হ'ব প্ৰতিজন অসমীয়া। তেতিয়াহে চিৰদিন সত্য হৈ থাকিব গীতৰ সেই শাৰী- আমি অসমীয়া নহও দুখীয়া…। অন্যাথাই নিজৰ দেশতে অসমীয়াই ভগনীয়া হ'বলৈ বেছি সময়ৰ প্ৰয়োজন নহ'ব।

ইতিমধ্যে নিজৰ মাটিতে অসমীয়াই ভগনীয়া হ'বলগীয়া হোৱাৰ পৰিৱেশ আৰম্ভ হৈছেই। এনে মুহূৰ্তত তেওঁৰ প্ৰতিটো গীত অধিক প্ৰাসংগিক হৈ পৰিছে। আহক আমি আজিয়েই উপলব্ধি কৰিবলৈ আৰম্ভ কৰো তেওঁৰ গীতৰ মৰ্মাৰ্থ। কানেৰে নুশুনা চকুৰে নেদেখা বহু দূৰ দূৰণিলৈ তেওঁ গুচি গ'লেও তেতিয়া গীতত কোৱাৰ দৰেই প্ৰতিটো বহাগত আকৌ উভতি আহিব তেওঁ আৰু ক'ব- জাগা জাগা জাগি উঠা অসমীয়া…।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in