শেষ হোৱাৰ পথত কাউণ্টডাউনঃ প্ৰতিবাদ নেওচি আৰম্ভ হ’ব অলিম্পিক

শেষ হোৱাৰ পথত কাউণ্টডাউনঃ প্ৰতিবাদ নেওচি আৰম্ভ হ’ব অলিম্পিক

শুক্ৰবাৰৰ পৰা আৰম্ভ হ'ব অলিম্পিক প্ৰতিযোগিতা।ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈ গৈ উপস্থিত হৈছেগৈ টকিঅ'ত। অলিম্পিকত অংশগ্ৰহণৰ বাবে অসমৰ লাভলীনা বৰগোঁহাইকে ধৰি উত্তৰপূৰ্বাঞ্চলৰ মুঠ ৮ গৰাকী খেলুৱৈয়ে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি টকিঅ'ত উপস্থিত হৈছে। কিন্তু সমান্তৰলাভাৱে জাপানৰ বিভিন্ন প্ৰান্তত জাপানী লোকসকলে অলিম্পিকৰ বিৰোধিতাৰে এতিয়াও অব্যাহত ৰাখিছে প্ৰতিবাদ। কমা নাই কোভিডৰ ভয়াবহতাও। এই গোটেই দিশ সামৰি প্ৰতিদিন ডিজিটেল ডেস্কৰ ৰাহুল বৰদলৈৰ এক বিশেষ প্ৰতিবেদন।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰতিবাদ সামৰি অনুষ্ঠিত হোৱাৰ পথত অলিম্পিক-২০২০। জাপানৰ ৰাজধানী টকিঅ'ত অনুষ্ঠিত হ'বলগীয়া বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহলৈ অনিশ্চয়তাৰ মাজতে যাত্ৰা কৰিছে বিশ্বৰ বিভিন্ন নিৰ্বাচিত খেলুৱৈয়ে যি অংশগ্ৰহণ কৰিব ৩৩ বিধ ক্ৰীড়াৰ ৩৩৯ টা শিতানত। অংশগ্ৰহণ কৰিব ২০৬ খন দেশৰ ১১,৩৩৮ গৰাকীতকৈ অধিক খেলুৱৈয়ে। সাজু কৰি তোলা হৈছে ৪২ টা ভেন্যু। ইতিমধ্যে টকিঅ'ত উপস্থিত হৈছে প্ৰতিখন দেশৰ খেলুৱৈ কৰ্মকৰ্তা আৰু বিষয়ববীয়াসকল।

কোভিডকালীন পৰিস্থিতিৰ বাবে যোৱাবছৰেই অনুষ্ঠিত হ'বলগীয়া অলিম্পিকখন স্থগিত ৰখা হৈছিল যদিও অহা ২৩ জুলাই তাৰিখৰ পৰা সমোৰহখন শুভাৰম্ভ কৰিবলৈ আয়োজক সমিতি আত্মবিশ্বাসী হৈ আছে। ইণ্টাৰনেচনেল অলিম্পিক কমিটীয়ে দাবী কৰে যে সঠিক ব্যৱস্থা আৰু সাৱধানতা অৱলম্বন কৰিলে খেলবোৰ সুৰক্ষিতভাৱে অনুষ্ঠিত কৰিব পৰা যাব। কিন্তু প্ৰতিযোগিতাখনৰ আৰম্ভণিৰ পূৰ্বে টকিঅ'ত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ।

কেৱল ১৭ জুলাই দিনটোতেই টকিঅ'ত নতুনকৈ কোভিডত আক্ৰান্ত হৈছিল ১৪ হাজাৰ ১০ জন, যি বিগত কেইবামাহৰ ভিতৰত সৰ্বাধিক। বৰ্তমানলৈকে খেলৰ সৈতে জড়িত ৫৮ জনতকৈ অধিক লোকক কোভিড পজিটিভ বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে এনে পৰিস্থিতিৰ বহু আগতেই পূৰ্বানুমান কৰিছিল জাপানৰ স্থানীয় লোকসকলে। সাধাৰণতে প্ৰতিবাদ দেখিবলৈ নোপাৱা জাপানত আৰম্ভ হৈছিল তীব্ৰ প্ৰতিবাদ, যি এতিয়াও অব্যাহত আছে আৰু সমগ্ৰ বিশ্বৰ কিছু সচেতন মহলে জাপানীসকলৰ এই প্ৰচেষ্টাৰ লগত থিয় দিছে।

শেহতীয়াকৈ এক সমীক্ষাত অংশগ্ৰহণ কৰা জাপানৰ ৮৩ শতাংশ ব্যক্তিয়েই নিবিচাৰে যে অলিম্পিকখন অনুষ্ঠিত হওক। ইয়াৰে ৪২ শতাংশ লোকে খেলসমূহ বাতিল হোৱাটো আৰু ৪০ শতাংশ লোকে খেলসমূহ স্থগিত হোৱাটো বিচাৰিছিল।

বিগত কিছু দিনৰ পৰা জাপানৰ মেট্ৰ'পলিটান ভৱন আৰু অলিম্পিক আয়োজক কমিটীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত লগতে জাপানৰ বহু গুৰুত্বপূৰ্ণ স্থানত "NO OLYMPIC-2020, OLYMPIC KILLS THE POOR, GET OUT IOC, NO OLYMPICS ANYWHERE আদি শ্ল'গানেৰে জনতাই প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। "আমি দৃঢ়ভাৱে জোৰ দিছো যে অলিম্পিক বাতিল হওক, আমি কেৱল অলিম্পিকৰ বাবে প্ৰতিবাদ কৰা নাই, আমি সামগ্ৰিকভাৱে চৰকাৰৰ বিৰোধিতা কৰিছো, ই মানৱ অধিকাৰ আৰু আমাৰ জীৱনৰ অধিকাৰ উপেক্ষা কৰিছে। সংক্ৰমণ বাঢ়িছে, এনে ক্ষেত্ৰত অলিম্পিক আয়োজন কৰাটো ক্ষমা কৰিব নোৱাৰি।" এজন প্ৰতিবাদকৰাৰীৰ ভাষ্য এয়া। তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে যে, "কোভিডৰ সময়ত কৰ্তৃপক্ষই জনসাধাৰণক অগ্ৰাধিকাৰ দিয়া নাই। বৰঞ্চ চৰকাৰে ব্যৱসায়িক দৃষ্টিত লাভ লোকচানৰ কথা ভাবিছে।"

প্ৰতিবাদকাৰী সকল চিন্তিত যে, বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহ টকিঅ'ত গোটখোৱাত কোভিডৰ সংক্ৰমণে ক্ষীপ্ৰতা লাভ কৰিব আৰু জাপানত ইতিমধ্যে আহি নোপোৱা কোভিডৰ ভেৰিয়েণ্ট আহি পাব। তেওঁলোকে এই চিন্তাও ব্যক্ত কৰিছে যে খেল সমূহৰ বাবে আবণ্টন কৰা ধন দেশৰ স্বাস্থ্য আৰু কোভিড সাহায্যৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব।

এনে পৰিৱেশত অসমৰ লাভলীনাকে ধৰি খেলুৱৈ আৰু বিভিন্ন বিষয়ববীয়াৰসৈতে ২২৮ জনীয়া ভাৰতীয় অলিম্পিক দল সন্মুখীন হৈছে কিছু প্ৰত্যাহ্বানৰ। প্ৰতিযোগিতাত নামাৰ পূৰ্বেই প্ৰয়োজনীয় অত্যাৱশ্যকীয় অনুশীলনত কোভিড সম্বন্ধীয় পৰীক্ষা নিৰীক্ষাৰ বাবে সৃষ্টি হৈছে কিছু জটিলতা।

উল্লেখযোগ্য যে অলিম্পিকত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা হ'ব লক্ষ্যণীয়। মনকৰিবলগীয়া যে অসম সন্তান ৰাজ্যসভাৰ সাংসদ তথা ইণ্ডিয়ান ৱেইট লিফ্টিং ফেডাৰেচনৰ সভাপতি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য হৈছে ভাৰতীয় অলিম্পিক দলৰ 'চিফ দ্যা মিছন'। আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ মুঠ ৮ জন খেলুৱৈয়ে অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি প্ৰতিযোগিতাৰ বিভিন্ন শিতানত অংশগ্ৰহণ কৰিব।
যাৰ ভিতৰত অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ তথা বক্সাৰ গোলাঘাটৰ লাভলীনা বৰগোঁহাই অন্যতম।

ইয়াৰ উপৰিও এই ৮ গৰাকী খেলুৱৈৰ ভিতৰত আছে ভাৰতীয় বক্সিঙৰ জীৱন্ত কিংবদন্তি মণিপুৰৰ মহিলা বক্সাৰ মেৰী কম, ৱেইট লিফ্টাৰ মীৰা বাঈ চানু, সুশীলা দেৱী লেচ্যুমবাম, তৰুণদীপ ৰায়, লালৰিমচিয়ামী, এছ নীলকন্ত আৰু সুশীলা চানু পুখৰামবাম।

সাধাৰণতে ক্ৰীড়াৰ ক্ষেত্ৰত উপেক্ষিত অসম তথা উত্তৰ পূবৰ বাবে এয়া এক অগ্নি পৰীক্ষাৰ সময়। ভাৰতৰ ভিতৰতে গুৱাহাটীক ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়ি তুলিব খোজা সংকল্পক লাভলীনাই নতুন মাত্ৰা দিয়াৰ আশা সমগ্ৰ অসমবাসীয়েও কৰিব। ইয়াৰক উপৰিও অলিম্পিকত আশানুৰূপ ফলাফলৰ যোগেদি এই খেলুৱৈসকলে ঐতিহাসিকভাৱে ক্ৰীড়াৰ ক্ষেত্ৰত চহকী উত্তৰ পূবক এক পেছাদাৰী খেলুৱৈৰ 'হাব'লৈ ৰূপান্তৰ কৰাৰ এয়া এক সোণালী সুযোগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in