ASTC ত ইলেক্ট্ৰনিক বাছ আছে চালক নাই,কদৰ্য টয়লেট ব্যৱহাৰৰ বাবে ঠিকাদাৰক লাগে ১০ টকা…

ASTC ত ইলেক্ট্ৰনিক বাছ আছে চালক নাই,কদৰ্য টয়লেট ব্যৱহাৰৰ বাবে ঠিকাদাৰক লাগে ১০ টকা…

অসম ৰাজ্যিক পৰিবহন নিগমৰ বিষয়া কৰ্মচাৰীৰ লুটপাটে এটা সময়ত মাৰি পেলাইছিল নিগমটোক । বিজেপি দলৰ চৰকাৰ গঠন হোৱাৰ পিছত মৃতপ্ৰায় নিগমটোক জীয়াই তোলাৰ বাবে সহায্য প্ৰদান কৰাৰ উপৰি অত্যাধুনিক বাছ ক্ৰয়ৰে সময়ে সময়ে চমক দিয়াৰ চেষ্টা কৰিলেও ইয়াত পিছে লুটপাত বন্ধ হোৱা নাই । চালক মেকানিক সকলো কামচুৰ আৰু অদক্ষ । তাৰ ওপৰতে যুগুতোৱা হৈছে এই প্ৰতিবেদন ।

অসম ৰাজ্যিক পৰিবহন নিগমৰ নগাওঁ আস্থানত এইবোৰ কি চলিছে । শনিবাৰৰ দুটা দৃশ্যয়েই দৰাচলতে ৰাজ্যিক পৰিবহন নিগমৰ 'বহিৰে ৰংচং ভিতৰি কোৱাভাতুৰী'ৰ অৱস্থাটো স্পষ্ট কৰি দিছে । ইয়াৰে প্ৰথমটো দৃশ্য হ'ল অতি শেহতীয়াকৈ ৰাজ্যিক পৰিবহন নিগমে ক্ৰয় কৰা ভাৰত বেনজ লিখা মাৰ্চেডিছ কোম্পানীৰ বহুমূলীয়া বিদেশী বাছ এখন দৃশ্য ।

বাছ খন নগাওঁ আস্থানৰ পৰা তিনিচুকীয়ালৈ চলোৱাৰ বাবে দুদিন পূৰ্বে নগাওঁ আস্থানলৈ প্ৰেৰণ কৰা হৈছিল ।দেওঁবাৰৰ পৰা বাছখন চলাৰ কথা । সেয়ে শনিবাৰে পুৱা প্ৰায় ৯.৩০ বজাত নগাওঁৰ ড্ৰাইভাৰে বাছখনৰ ট্ৰাইয়েল ড্ৰাইভ দিয়াৰ উদ্দেশ্যে এইখনৰ ইঞ্জিনৰ চাবি পকোৱাৰ লগে লগে ৱাইপাৰ আৰু চিগনেল লাইট সমূহ জ্বলি উঠে । সেইবোৰ বন্ধ কৰিব নোৱাৰি চালকজনে ইঞ্জিনটোকে বন্ধ কৰিবলৈ চেষ্টা কৰে যদিও এইবাৰ গাড়ীখনৰ ইঞ্জিনো বন্ধ নহোৱা হয় ।

দুঘন্টা ধৰি ইঞ্জিন বন্ধ কৰিব নোৱাৰা বাছখন

ইলেক্ট্ৰনিক গাড়ীৰ বিশেষ তলা নলা নজনা ড্ৰাইভাৰ জনেই নহয় আন দুজন মান বিশেষজ্ঞ আনিও প্ৰায় দুঘন্টা ধৰি বাছৰ ইঞ্জিন বন্ধ কৰিব নোৱাৰাত শীতৰ ঠাণ্ডাৰ মাজতো তেওঁলোক ঘামি উঠে । ইয়াকেলৈ উৎকণ্ঠিত আন কৰ্মচাৰী আৰু মেকানিকৰ লগতে আস্থানতোত উপস্থিত থকা বহু সংখ্যক যাত্ৰীয়েও বাছখন ঘেৰি ধৰে ।

অৱশ্যে প্ৰায় দুঘন্টা জুৰি আস্থানটোৰ কাৰখানাত থকা ফ'ৰমেনৰ পৰা মেকানিকলৈ বিভিন্ন জনে চলোৱা যৌথ প্ৰচেষ্টাৰ অন্তত বাছ নৰ ইঞ্জিন বন্ধ হয় । অৱশ্যে বাছখনৰ টেংকিত মজুত থকা তেল পুৰি শেষ হোৱা বাবেহে এইখন বন্ধ হ'ল বুলি একাংশই ক'ব খুজিলেও সেই ড্ৰাইভাৰৰ আসনত থকা এজন ওস্তাদ ড্ৰাইভাৰে সেয়া সচা নহয় তেওঁহে বন্ধ কৰা বুলি দাবী কৰাৰ লগতে এই কথাৰ প্ৰমান দিবলৈ আকৌ এবাৰ বাছখন ষ্টাৰ্ট কৰি পুনৰ বন্ধ কৰি দেখুৱাই ।

ইফালে এই দৃশ্য প্ৰত্যক্ষ কৰা প্ৰায় সকল লোকে এনে এদল অনভিজ্ঞ ড্ৰাইভাৰ মেকানিকৰ হাতত ৰাজ্যৰ পৰিবহন বিভাগে বৃহৎ সংখ্যক ইলেক্ট্ৰনিক বাছ তুলি দি ধনৰ শৰাধ কৰাৰ লগতে যাত্ৰীৰ জীৱনকলৈ খেলা কৰা বুলিও অভিযোগ কৰিছে ।

আনহাতে পৰিবহন নিগমৰ মূল বাছ আস্থান সমূহত থকা কাৰখানাৰ মেকানিক আৰু চালকৰ প্ৰশিক্ষন কেনেকৈ দিয়া হৈছে বুলিও অভিযোগ কৰি তৎক্ষনিক ভাবে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।

পৰিবহন নিগমৰ নগাওঁ জিলা সদৰ আস্থানৰ দ্বিতীয়টো দৃশ্যই ৰাজ্যিক পৰিবহন নিগমত চলি থকা লুটপাতৰ ছবিখনো প্ৰকট কৰি তুলিছে । উল্লেখযোগ্য যে চৰকাৰী পূজিৰে আস্থান চৌহদত নিৰ্মিত অতি লেতেৰা অৱস্থাত থকা শৌচাগাৰ আৰু প্ৰস্বাৱগাৰ কেইটা আস্থান অধীক্ষকে বোলে জনৈক বৰা উপাধিৰ লোকক মাহে ৫০০০ টকা নিৰিখত লীজত দিছে । অথচ প্ৰস্বাৱগাৰৰ দেৱালত এএছটিচিৰ টয়লেট বুলি পষ্টাৰ এখনৰ লগতে মাৰি থোৱা হৈছে স্বচ্ছ ভাৰত অভিযানৰ পষ্টাৰো ।

আনহাতে শৌচালয়ৰ দেৱালত টয়লেট ব্যৱহাৰৰ নিৰিখ দহ টকা আৰু ইউৰিনেলৰ ব্যৱহাৰৰ নিৰিখ ৫ টকা বুলি কলা ৰঙেৰে লিখি থোৱা আছে । সন্মুখত মুঢ়া এটা পাৰি বহি থাকে এজনী মানুহ । তেওঁ জানিবলৈ দিয়া মতে বৰা উপাধীৰ লোকজনে তেওঁক নিয়োগ কৰিছে আৰু দিনটোৰ বাবদ ৩০০ টকাকৈ মজুৰি দিয়ে ।

তেওঁৱেই ক'লে – শৌচালয় আৰু প্ৰস্বাৱগাৰ ব্যৱহাৰৰ বিনিময়ত বিভিন্ন লোকৰ পৰা দৈনিক সংগ্ৰহিত ধনৰ পৰিমান ১০০০-১২০০ টকাৰ ভিতৰত । অৰ্থাৎ মাহে ৩০ ৰ পৰা ৩২ হাজাৰ টকা । চৰকাৰী বাছ আস্থান, চৰকাৰী টয়লেট কদৰ্য পৰিবেশ, পানী যোগানৰ নাই কোনো পাইপলাইন অথচ এবাল্টি পানী মগ এটা ৰাখি লৈ এগৰাকী মহিলাক নিয়োগ কৰি চলাই থকা হৈছে বাছ আস্থানটোত এনে এক বেহা ।

এই বাতৰি প্ৰকাশ পোৱাৰ পিছতে হয়তো বৰা উপাধিৰ ঠিকাদাৰ বা আস্থান অধীক্ষকে সঁচা কথা কৈদিয়াৰ অপৰাধত মহিলাগৰাকীক কামটোৰ পৰা খেদি দিব । কিন্তু চৰকাৰী আস্থানটোত লুটপাট চলোৱা এইগৰাকী বৰা নামৰ ঠিকাদান অথবা আস্থানটোৰ লুটপাটকাৰী বিষয়াৰ ওপৰত কোনে ব্যৱস্থা ল'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in