ধন – বাহুবল নহয়, সবল ব্যক্তিত্বৰ বিৰল জয়…

ধন – বাহুবল নহয়, সবল ব্যক্তিত্বৰ  বিৰল জয়…

এগৰাকী ৰাজনীতিবিদ । দেশজুৰি চৰ্চিত তেওঁ । নিৰ্বাচনত জয়ৰ বাবে ধনবল,বাহুবলৰ বাবে নহয় । সৰলতা আৰু ব্যক্তিত্বৰ বাবেও বিজয় হয় প্ৰাৰ্থী । তাকে প্ৰমান কৰি দিলে পশ্চিমবংগৰ চন্দনাই । বিজেপিৰ বাবে নিজকে সমৰ্পিত কৰিছিল তেওঁ । পশ্চিমবংগৰ চল্টোৰা সমষ্টিৰ পৰা বিজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিছে চন্দনাই । এই সন্দৰ্ভত দীপজ্যোতি শৰ্মাৰ এক বিশেষ প্ৰতিবেদন ।

নিৰ্বাচনৰ প্ৰাৰ্থীয়ে শপত নামাত সম্পত্তিৰ হিচাপ দিয়াৰ লগতে শিক্ষাগত অৰ্হতাৰ তথ্য দিয়াটোও নিৰ্বাচনী বিধি অনুসৰি এক বাধ্যবাধকতা । বহু প্ৰাৰ্থীৰ বাবে আকৌ ভোটাৰহে  শিক্ষাগত অৰ্হতা বা সম্পত্তিবিহীন হ'লেহে সুবিধাজনক ।

কিয়নো তেনে ভোটাৰক সহজেই ভুলাব পাৰি অথবা প্ৰলোভিত কৰিব পাৰি । কিন্তু ইয়াৰ মাজতে কেতিয়াবা এনে ব্যতিক্ৰম ঘটি যায় যিয়ে ধনবল আৰু শৈক্ষিক পাৰদৰ্শিতাৰ উপৰি বাকচাতুৰ্য্যৰে নিৰ্বাচনী ৰণত বৈতৰৈণী পাৰ হৈ সফলতাৰ হাঁহি মৰা সকলকো লজ্জানত কৰে ।

পশ্চিমবংগৰ শেহতীয়া নিৰ্বাচনত নিৰ্বাচিত হোৱা এনে এগৰাকী প্ৰাৰ্থীয়ে সম্প্ৰতি দেশৰ দেশৰ সংবাদ মাধ্যমৰ লগতে মূল্যবোধৰ ৰাজনীতিত বিশ্বাসী সকলৰ দৃষ্টি বিশেষ ভাবে আকৰ্ষিত কৰিছে।

তেওঁ চন্দনা বাউৰী । পশ্চিমবংগৰ চল্টোৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তেওঁ । পশ্চিমবংগ বিধানসভা নিৰ্বাচনত চন্দনাই চল্টোৰা সমষ্টিৰ পৰা বিজেপিৰ নৱ নিৰ্বাচিত বিধায়ক ৰূপে নিৰ্বাচিত হয় ।

কিন্তু কিয় চৰ্চিত হৈছে চন্দনা বাউৰী  ? চন্দনাই ভবা নাছিল যে তেওঁ ২০২১ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী হ'ব । বহুতো লোকে অনলাইন যোগে তেওঁক উৎসাহিত কৰিছিল নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে । কিন্ত তেওঁ কৃতকাৰ্য্য হ'ব বুলি ভবা নাছিল ।

শপতনামাত চন্দনাই দিয়া সম্পত্তিৰ বিৱৰণ অনুসৰি নিৰ্বাচন তেওঁৰ বেংক একাউণ্টত মাত্ৰ ৬৩৩৫ টকা আছে। চন্দনাৰ সম্পত্তিৰ ভিতৰত আছে তিনিটা গৰু, তিনিটা ছাগলী, এটা পঁজা । আনহাতে তেওঁৰ বেংকত জমা আছে মাত্ৰ ৩১,৯৮৫ টকা । আনকি চন্দনাৰ ঘৰত নাছিল শৌচালয়ও ।

চন্দনাই বিজেপি দলক বহুত ভালপাইছিল । তেওঁ নিজ দলৰ নামত নিজকে সমৰ্পিত কৰিছিল । বাউৰীয়ে  প্ৰতিদিনে পদুমৰ প্ৰিণ্ট থকা গেৰুৱা শাৰী পিন্ধি প্ৰচাৰ কৰিবলৈ ওলাই গৈছিল ।সাত,আঠ বছৰ ধৰি বিজেপিৰ সৈতে জড়িত চন্দনাৰ স্বামী এগৰাকী ৰাজমিস্ত্ৰী । স্বামী আৰু বাউৰী দুয়োগৰাকী এমজিএনআৰইজিত পঞ্জীভুক্ত শ্ৰমিক।আনহাতে তেওঁলোকৰ তিনিটা সন্তানো আছে।

চন্দনাই জয়লাভৰ বাবে বিভিন্ন ধৰণৰ ৰণকৌশল প্ৰস্তুত কৰি তুলিছিল । তেওঁ চল্টোৰা সমষ্টিৰ জনসাধাৰণৰ মাজলৈ প্ৰতিদিনে ৰাতিপুৱা ৮ বজাত প্ৰচাৰ কৰিবলৈ গৈ তৃণমূল কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰিছিল । তেওঁ মহিলা সম্পৰ্কীয় অপৰাধ, দৰিদ্ৰতা, শিক্ষা আৰু খোৱা পানী আদি বিষয়ক গুৰুত্ব প্ৰদান কৰি জনসাধাৰণৰ পৰা ভোট বিচাৰিছিল ।

বিধানসভা নিৰ্বাচনত কৃতকাৰ্যতা লাভ কৰিলে চন্দনাই । ৩০ বছৰীয়া বাউৰীয়ে তৃণমূল কংগ্ৰেছৰ সন্তোষ কুমাৰ মণ্ডলক ৪,০০০ তকৈও অধিক ভোটৰ ব্যৱধানত পৰাজিত কৰে আৰু বিজেপিৰ বিধায়ক ৰূপে নিৰ্বাচিত হয় ।

চন্দনাৰ বিজয়ৰ পিছতে টুইটাৰ,সামাজিক মাধ্যমত চৰ্চা হৈ পৰিছে। বহুজনে এয়া সাধৰণ মহিলাৰ বিজয় বুলি অভিহিত কৰিছে । বিজেপিয়ে এইবাৰ পশ্চিমবংগ নিৰ্বাচনত ৭৭ টা সমষ্টিত জয় লাভ কৰিছে । চন্দনাৰ বিজয়ে এটা কথা প্ৰমান কৰে যে টকাই ৰাজনীতিৰৱ বাবে সৰ্বোচ্চ নহয় ।এনে ধৰণৰ নেতা নিৰ্বাচিত হৈ সাধৰণ শ্ৰেণীক প্ৰতিনিধিত্ব কৰাটো ৰাজনীতিত খুবেই প্ৰয়োজন ।

ভাৰত বৰ্ষত প্ৰায় ১৩০ কোটি জনসাধাৰণৰ প্ৰায় ৬০ কোটিয়েই জনসাধাৰণ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ।তেনেই নিচলা লোক । আৰু শিক্ষা দিক্ষাৰো সা সুবিধা আজিও তেওঁলোকৰ বাবে নাই । চৰকাৰ বহু উন্নয়ন মূলক আঁচনিয়ে মধ্যভোগীয়ে মাজতে গ্ৰাস কৰাৰ বাবে তেওঁলোকক ঢুকিও নাপাই ।

ৰাজনৈতিক নেতা সকলে আকৌ ভোটৰ স্বাৰ্থতেই তেওঁলোকৰ আৰ্থিক আৰু শৈক্ষিক অৱস্থা তেনেদৰে থকাতো বিচাৰে । এনে ধৰনৰ পৰিয়ালৰ উন্নতিৰ বাবে চন্দনাৰ দৰে নেতাই কাম কৰি দৰিদ্ৰতা হ্ৰাসৰ লগতে সাধাৰণ লোকৰ অসুবিধা বোৰ দূৰ কৰাৰ বাবে প্ৰয়োজন আছে।

চন্দনাৰ বিজয়ে কয় ধনবল,বাকচাতুৰ্য্যতাৰে অকলে নিৰ্বাচনী বৈতৰণী পাৰ হ'ব নোৱাৰি । ৰাজনীতিৰ বৈতৰণী পাৰ হ'বলৈ সজহ,সৰল হোৱাৰ লগতে ৰাইজৰ প্ৰিয়ভাজন হোৱাটো খুৱেই দৰকাৰ । এতিয়া সময়ে ক'ব ৰাজনৈতিক যাত্ৰাত কিমান সফল হয় চন্দনা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in