অলিম্পক পালেগৈ অসমৰ জীয়ৰী…

অলিম্পক পালেগৈ অসমৰ জীয়ৰী…

টকিঅ' অলিম্পকত অংশগ্ৰহণ কৰিবলৈ অলিম্পিকস্থলীত উপস্থিত হ'লগৈ অসমৰ জীয়ৰী লাভলীনা বৰগোহাঁই। অলিম্পিকত ভৰি দিয়া লাভলীনাই প্ৰথমগৰাকী অসমীয়া মহিলা খেলুৱৈ। অলিম্পিকস্থলীত উপস্থিত হোৱাৰ পাছতেই লাভলীনাক লৈ চৰ্চা আৰম্ভ হৈছে।সামাজিক মাধ্যমত লাভলীনাক লৈ প্ৰকাশ হৈছে কাহিনী, ভাইৰেল হৈছে ফটো। এই সকলো বিষয় সামৰি অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কৰ তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ পৰা গৈ অলিম্পিকৰ গেম ভিলেজত উপস্থিত হ'লগৈ লাভলীনা বৰগোঁহাই। অলিম্পিকৰ গেম ভিলেজত লাভলীনাই অংশগ্ৰহণ কৰিলে অনুশীলনত। অসমৰ বাবে এয়া সচাকৈয়ে এক গৌৰৱৰ কথা। অলিম্পিকত অংশগ্ৰহণ কৰাটো আজিৰ সময়ত অসাধাৰণ কথা ন'হলেও অসমৰ দৰে এখন ৰাজ্যৰ পৰা গৈ দেশক প্ৰতিনিধিত্ব কৰি অলিম্পিকত অংশগ্ৰহণ কৰাটো সৰু কথাও নহয়।

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বাৰমুখীয়া গাঁৱৰ ছোৱালী লাভলীনা। লাভলীনাই বক্সিংৰ জৰিয়তে ইতিমধ্যে অলিম্পিকক বাদ দি বিশ্বৰ প্ৰায়বোৰা প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰিছে। দুবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপত অৰ্জন কৰিছে ব্ৰঞ্জৰ পদক। আহৰণ কৰিছে বহু অভিজ্ঞতা। এইগৰাকী লাভলীনাক লৈয়ে এতিয়া অসমবাসীৰ লগতে দেশবাসীৰ আশা।

ইতিমধ্যে টকিঅ' অলিম্পিকৰ গেম ভিলেজত উপস্থিত হৈছেগৈ লাভলীনা বৰগোঁহাই। টকিঅ'ৰ গেম ভিলেজত উপস্থিত হৈ লাভলীনাই ভাৰতীয় জাৰ্ছী পৰিধান কৰি কেইবাখনো ফটো উঠিছে। কোনোবাখনত যদি গেম ভিলেজৰ পৰিৱেশৰ লগত নিজকে আৱদ্ধ কৰিছে আন এখনত আকৌ আহাৰ গ্ৰহণ কৰাৰ সময় ধৰি ৰাখিছে। এই ফটোবোৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। লাভলীনাৰ অনুৰাগীয়ে সেই ফটোবোৰ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আদিত আপলোড কৰি লাভলীনালৈ শুভেচ্ছা জনাইছে।

ভাৰতীয় বক্সিং ফেডাৰেচনেও লাভলীনাৰ ফটো তেওঁলোকৰ সামাজিক মাধ্যমত আপলোড কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰৰ মহিলা বক্সাৰ মেৰী কম, অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰা ভাৰতীয় অন্যান্য বক্সাৰৰ লগতে লাভলীনাই টকিঅ'ৰ গেম ভিলেজত অনুশীলনত অংশগ্ৰহণ কৰাৰ ফটো শ্বেয়াৰ কৰিছে। টকিঅ'ত উপস্থিত হোৱাৰ কেইটামান মুহূৰ্তৰ পাছতে লাভলীনা সহিতে ভাৰতীয় অন্যান্য এথলিট সকলে অনুশীলন আৰম্ভ কৰিছে।

টকিঅ'ত উপস্থিত হোৱাৰ পূৰ্বে লাভলীনা গৈছিল ইটালীলৈ। ইটালীত লাভলীনাই লৈছিল অনুশীলন। তাৰ পূৰ্বে কোৰোনাত আক্ৰান্ত হোৱাৰ বাবে দেশতেই থাকি অলিম্পিকৰ প্ৰস্তুতি চলাইছিল লাভলীনাই। নিজৰ অনুশীলনত কেতিয়াও প্ৰতিবন্ধকতা আহিবলৈ দিয়া নাই লাভলীনাই। প্ৰথম পৰ্যায়ৰ লকডাউনৰ সময়চোৱাত নিজৰ ঘৰত থকৰা সময়ত ঘৰতেই পৰ্যাপ্ত সুবিধা অবিহনেই যেনেকৈ পাৰে তেনেকৈয়ে অনুশীলন কৰিছিল লাভলীনাই। তাৰ মাজতে পথাৰত ভূঁই ৰুইছিল, কোৰোনাৰ বাবে সাহায্য প্ৰদান কৰিছিল।

টকিঅ' অলিম্পিকৰ অত্যাধুনিক গেম ভিলেজত উপস্থিত হোৱাৰ পাছতেই লাভলীনাই পুনৰ আৰম্ভ কৰিছে অনুশীলন। তেওঁৰ দেহত এতিয়া নাই অৱসাদ। তেওঁৰ মনত আছে কেৱল সফলতা প্ৰাপ্তিৰ বাবে দুৰ্বাৰ আকাংক্ষা। সেয়ে যি লক্ষ্য আৰু উদ্দেশ্যৰে টকিঅ'লৈ গৈছে সেই লক্ষ্যত উপনীত হ'বলৈ লাভলীনাই গেম ভিলেজত কৰিছে অনুশীলন। ১৯ জুলাইৰ পুৱা টকিঅ'ত উপস্থিত হোৱা লাভলীনাই পুৱাৰ আহাৰ গ্ৰহণ কৰিয়েই বক্সিঙৰ ৰিঙত নামিছে। ৰ'বলৈ সময় নাই। তাৰ পাছত দুপৰীয়াৰ আহাৰ আৰু ক্ষন্তেক সময়ৰ বিশ্ৰাম। আবেলিৰ পৰা নিশালৈ পুনৰ অনুশীলন আৰু প্ৰশিক্ষণ।

২৩ জুলাইৰ নিশা টকিঅ' অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান।২৪ জুলাইৰ পুৱা ৰিঙত নামিব লাভলীনা। প্ৰথমখন মেচত লাভলীনাৰ প্ৰতিদ্বন্দী কোন হ'ব সেয়া এতিয়াও চূড়ান্ত হোৱা নাই। ২২ জুলাইৰ ট্ৰাইডৰ পাছতহে এই বিষয়ে জানিব পৰা যাব। অৱশ্যে প্ৰতিযোগিতাখনৰ পঞ্চম বাছনিৰ খেলুৱৈ হিচাপে লাভলীনাৰ সন্মুখত প্ৰথম ৰাউণ্ডত শক্তিশালী বক্সাৰ নথকাটো প্ৰায় নিশ্চিত। গতিকে এই ৰাউণ্ড লাভলীনাই অনায়াসে অতিক্ৰম কৰাটো প্ৰায় নিশ্চিত।

প্ৰথম ৰাউণ্ড অতিক্ৰম কৰিব পাৰিলেই লাভলীনা আগবাঢ়িব প্ৰি কোৱাৰ্টাৰ ৰাউণ্ডলৈ। ইয়াৰ পাছত কোৱাৰ্টাৰ ৰাউণ্ড। এই ৰাউণ্ডৰ পৰাই লাভলীনাৰ প্ৰতিদ্বন্দী শক্তিশালী হোৱাটো নিশ্চিত। কোৱাৰ্টাৰ ৰাউণ্ডৰ মেচত জয়লাভ কৰিলেই লাভলীনাৰ বাবে অন্ততঃ ব্ৰঞ্জৰ পদক নিশ্চিত হ'ব। ইয়াৰ পাছত লাভলীনাৰ সন্মুখত দুখন মেচ। ছেমি ফাইনেল আৰু ফাইনেল।

আমাৰ বিশ্বাস লাভলীনাই এইসকলো পৰ্যায়তে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ বাবে ভাল খবৰ এয়াই যে এই মুহূৰ্তত লাভলীনাৰ কাষত আছে আন এজন অভিজ্ঞ অসমীয়া ব্যক্তি। ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক টকিঅ' অলিম্পিকৰ ছিফ দা মিছন হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে। ভাৰতীয় দলটোৰ লগত টকিঅ'ত বাহৰ পাতিছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। গতিকে লাভলীনাই নিজৰ কাষতে এজন ঘৰৰ অভিভাৱক লাভ কৰিছে। আনহাতে ভাৰতীয় বক্সিং ফেডাৰেচনৰ সচিব হিচাপে কিছুদিন পূৰ্বে অসম বেক্সিং সন্থাৰ সম্পাদক হেমন্ত কলিতা নিৰ্বাচিত হৈছে। সৰ্বাভাৰতীয় পৰ্যায়ত সচিব হিচাপ দায়িত্ব লাভ কৰা হেমন্ত কলিতাও টকিঅ' অলিম্পিকস্থলীত উপস্থিত হৈছেগৈ। অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰো গৈছে অলিম্পিকলৈ।

লাভলীনাই দীৰ্ঘদিনৰ অনুশীলন, প্ৰশিক্ষণ, কষ্ট, ধৈয্য, ত্যাগৰ বলত টকিঅ'লৈ যোৱাৰ যোগ্যতা অৰ্জন কৰিছে। পূৰ্বৰে পৰা লাভলীনাক তেওঁৰ সপোন বা লক্ষ্যৰ কথা সুধিলে এটাই উত্তৰ আহে। অলিম্পিক পদক জয়। সেই সপোনৰ পম খেদি লাভলীনা টকিঅ'ত উপস্থিত হৈছেগৈ।

বৰ্তমান দুৰ্যোগপূৰ্ণ এই মুহূৰ্তত সমগ্ৰ অসমৰো এটাই আশা, লাভলীনাই লাভ কৰক অলিম্পিক পদক। এতিয়ালৈকে চাৰিজন অসমীয়াই ৫খন অলিম্পিকত অংশগ্ৰহণ কৰিছে। প্ৰতিবাৰেই দুৰ্ভাগ্যজনকভাৱে পদকলাভৰ পৰা বঞ্চিত হৈছে সেইসকল অসমীয়া অলিম্পিয়ান। ডা০ টালিমেৰণ আও, দীপাংকৰ ভট্টাচাৰ্য, জয়ন্ত তালুকদাৰ, শিৱ থাপাই অলিম্পিকত পদক লাভ নকৰাৰ দুখ অসমীয়াৰ হৃদয়ৰ পৰা আঁতৰ হোৱাই নাই। সেই দুখৰ বোজা কিছু পাতল কৰি লাভলীনাই পুনৰ অসমবাসীক দেখুৱাইছে অলিম্পিক পদকৰ সপোন।

এই কেইদিন লাভলীনাক লৈ সামাজিক মাধ্যমত সৃষ্টি হৈছে বহু কাহিনী। বহুতেই লাভলীনাৰ পূৰ্বৰ সংগ্ৰামৰ কাহিনী লিখিছে। কোনোবাই আকৌ লাভলীনাই কিদৰে বক্সিংৰ ৰিঙলৈ আহিল সেই বিষয়েও লিখিছে। মুঠতে সামাজিক মাধ্যম এতিয়া লাভলীনাক লৈ ব্যস্ত। কেইদিনমান আগলৈকে লাভলীনাক চিনি নোপাৱ লোকেও এতিয়া লাভলীনাৰ বিষয়ে চৰ্চা আৰম্ভ কৰিছে। এয়াই লাভলীনাৰ শক্তি। এয়াই লাভলীনাৰ সাফল্যৰ একো একোটা কাহিনী। এইদৰেই সৃষ্টি হৈ থাকিব নতুন নতুন কাহিনী। লাভলীনালৈ আমাৰ পুনৰবাৰ শুভেচ্ছা। তুমি সফল হোৱা লাভলীনা..।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in