লাভলীনাৰ জৰিয়তে অলিম্পিকত বাজি উঠক ”জন গণ মন অধিনায়ক জয়হে…”

লাভলীনাৰ জৰিয়তে অলিম্পিকত বাজি উঠক ”জন গণ মন অধিনায়ক জয়হে…”

২৩ জুলাইৰ পৰা অলিম্পিক প্ৰতিযোগিতা। মাজত মাত্ৰ কেইটামান দিন। অলিম্পিকত এইবাৰ প্ৰথমবাৰৰ বাবে দেশক প্ৰতিনিধিত্ব কৰিব এগৰাকী অসমীয়া জীয়ৰীয়ে। ইতিমধ্যে অলিম্পিক বিশ্লেষক সংগঠনে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে অলিম্পিকত পদক জয় কৰা নিশ্চিত বুলি সমীক্ষা প্ৰকাশ কৰিছে। অলিম্পিকৰ পূৰ্বে এইগৰাকী অসম কন্যালৈ শুভেচ্ছা জনাই অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কৰ তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

দেখিলে একেবাৰেই সাধাৰণ যেন লগা প্ৰকৃতাৰ্থত সাধাৰণ এগৰাকী অসমীয়া ছোৱালীয়েই অসমক বিশ্বৰ সন্মুখত তুলি ধৰিব। বিশ্বৰ ক্ৰীড়া জগতত প্ৰতিষ্ঠা কৰিব অসম তথা দেশৰ নাম। ক্ৰীড়াৰ জৰিয়তে বিশ্বলৈ কঢ়িয়াই নিব অসমৰ স্বাভিমান।

গোলাঘাটৰ ধনশিৰি মহকুমাৰ এখন সাধাৰণ গাওঁ, বাৰমুখীয়া। অসমৰ অন্যান্য গাওঁবোৰৰ দৰেই এখন সাধাৰণ গাওঁ। একেই পানী, একেই বতাহ। তেওঁৰ জীৱন ধাৰণৰ শৈলীও সাধাৰণ অসমীয়া ছোৱালীৰ দৰেই। বাৰিষা পথাৰত ভূঁই ৰুৱে, আঘোণৰ পথাৰত ধান দাৱলৈ যায়। ঘৰত মাকৰ লগত ৰান্ধনি ঘৰত হাত উজান দিয়ে, দেউতাকৰ কামতো ইটো সিটো সহায় কৰি দিয়ে।

দেখাত তেনেই সাধাৰণ যেন লগা এই ছোৱালীজনিয়েই এতিয়া সাজু হৈছে ৰণাংগনলৈ। অসমৰ ইতাহসৰ পৃষ্ঠাত এনে বহু আহোম ৰমনী আছে যিয়ে ৰনাংগনলৈ গৈছে। শত্ৰুৰ লগত পৰাক্ৰমৰে যুঁজিছে।ঠিক তেনেদৰেই পুনৰ এইবাৰ সাজু হৈছে আন এগৰাকী আহোম ৰমনী। অৱশ্যে আমি উল্লেখ কৰিব বিচৰা এইগৰাকী আহোম ৰমনীয়ে হাতত ঢাল-তৰোৱাললৈ বা গুলী-বাৰুদলৈ যুঁজলৈ উলোৱা নাই। কেৱল দুহাতৰ শক্তিকে সাৰথি কৰি লৈ তেওঁ ওলাইছে ৰনাংগনলৈ। অৱশ্যে ইয়াক ৰনাংগন বুলি নকৈ ক্ৰীড়াংগন বুলি ক'লেহে উচিত হ'ব।

২৩ জুলাইৰ পৰা আৰম্ভ হ'ব বিশ্ব ক্ৰীড়া ক্ষেত্ৰৰ সৰ্ববৃহৎ ক্ৰীড়াংগন। জাপানৰ টকিঅ' চহৰত অনুষ্ঠিত হ'ব অলিম্পিক প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখনতেই ভাগ ল'ব অসমৰ জীয়ৰী লাভলীনা বৰগোঁহাইয়ে। ইতিমধ্যে নিজকে সম্পূৰ্ণ ৰূপে সাজু কৰি তুলিছে লাভলীনাই।

২০২০ চনতেই অনুষ্ঠিত হ'বলগীয়া ক্ৰীড়া প্ৰতিযোগিতাখনৰ বাবে পূৰ্বৰে পৰাই প্ৰস্তুতি চলাই আছিল লাভলীনাই। ২০২০ চনত জৰ্ডানত অনুষ্ঠিত হোৱা এছিয়ান কোৱালিফায়াৰৰ প্ৰতিযোগিতাতে ব্ৰঞ্জৰ পদক দখল কৰি লাভলীনাই টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছিল। লগে লগে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ হিচাপে পৰিগণিত হৈ পৰিল তেওঁ।

টকিঅ' অলিম্পিকত বক্সিংৰ ৬৯ কেজি শাখাত দেশক প্ৰতিনিধত্ব কৰিব লাভলীনাই। এই শাখাত লাভলীনাৰ স্থান বিশ্ব ক্ৰমত ৩। আনহাতে লাভলীনাই দুবাৰকৈ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছে। আন বহু কেইখন প্ৰতিযোগিতাতো লাভলীনাই লাভ কৰিছে বহু কেইটা পদক। সেই অনুসৰি লাভলীনাই যথেষ্ট অভিজ্ঞাতাও অৰ্জন কৰিছে।

লাভলীনাই টকিঅ'ত অংশগ্ৰহণৰ পূৰ্বেই সুখবৰ কঢ়িয়াই আনিছে এক সমীক্ষাই। অলিম্পিক বিশ্লেষক সংগঠন গ্ৰেছনোটে চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে টকিঅ' অলিম্পিকত পদক জয় কৰিব লাভলীনাই। গ্ৰেছনোটৰ সমীক্ষা মতে টকিঅ' অলিম্পিকত ভাৰতে ৪ টা স্বৰ্ণ পদকসহ ১৭ টাকৈ পদক লাভ কৰাৰ সম্ভাৱনা আছে। এই ১৭ টাকৈ পদকৰ ভিতৰত বক্সিংৰ পৰা আহিব পাৰে ৪ টা পদক।

গ্ৰেছনোটৰ মতে ভাৰতৰ মেৰী কম, মনীষ কৌশিকৰ লগতে লাভলীনাই অতি কমেও ব্ৰঞ্জৰ পদক দখল কৰিব। অলিম্পিকলৈ ১০০ দিন বাকী থকাৰ সময়তেই এই সমীক্ষা প্ৰকাশ কৰিছিল গ্ৰেছনোটে। গ্ৰেছনোটৰ এই সমীক্ষাই স্বাভাৱিকতে অসম তথা ভাৰতলৈ সুখৰ বাৰ্তা কঢ়িয়াই আনিছে।

আগন্তুক ২৩ জুলাইৰ পৰা জাপানৰ টকিঅ' চহৰত অনুষ্ঠিত হ'ব অলিম্পিক প্ৰতিযোগিতা। ইতিমধ্যে টকিঅ'লৈ সাজু হৈছে সকলো যোগ্যতা অৰ্জন কৰা খেলুৱৈ। মাজত মাত্ৰ এটা কেইটামান দিন। ইতিমধ্যে আয়োজক জাপানে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। সাজু হৈ আছে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিও।

কোৰোনা মহামাৰীৰ বাবে ১ বছৰ পিছুৱাই দিবলগীয়া হোৱা প্ৰতিযোগিতাখনক লৈ সৃষ্টি হৈছিল চৰম অনিশ্চয়তা। এই অনিশ্চয়তাৰ মাজতেই টকিঅ'লৈ নিজকে সাজু কৰি তুলিছিল লাভলীনাই। নিজৰ প্ৰচুৰ সাধনা, একাগ্ৰতা আৰু কষ্টৰ বলত লাভলীনাই দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ অৰ্জন কৰিছে। ভাৰত চৰকাৰেও লাভলীনাক তেওঁৰ এই সফলতাৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰিছে।

কিন্তু আশ্চৰ্যৰ কথা লাভলীনাক লৈ যেন অসমৰ মানুহৰ মাজত নাই বিশেষ উৎসুকতা।বহুতেই নাজানে লাভলীনাই কেতিয়া টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিলে। আন খেলুৱৈৰ ক্ষেত্ৰত চৰকাৰে যিদৰে প্ৰচাৰ কাৰ্যত লিপ্ত হৈছিল লাভলীনাৰ ক্ষেত্ৰত তেনে কোনো বিশেষ প্ৰচাৰ দেখিবলৈ পোৱা নাই।

দুই এদিনতে লাভলীনা যাব টকিঅ'লৈ। আজিও লাভলীনালৈ বুলি শুভেচ্ছাৰ কোনো হৰ্ডিং দেখা পোৱা নাই মহানগৰীত। যদি চৰকাৰৰ সাধাৰণ এখন সভাৰ বাবেই হৰ্ডিং লগাই চৰকাৰে প্ৰচাৰ কৰিব পাৰে তেনে ক্ষেত্ৰত অলিম্পিকৰ দৰে প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰি প্ৰথমগৰাকী অসমীয়া মহিলা হোৱাৰ গৌৰৱ অৰ্জন কৰা লাভলীনাক শুভেচ্ছা জনাই কিয় এখন হৰ্ডিং লগাব নোৱাৰে অসম চৰকাৰে? ক্ৰীড়া বিভাগে এই ক্ষেত্ৰত কিয় পদক্ষেপ গ্ৰহণ কৰা নাই?

কোনোবাই শুভেচ্ছা জনোৱা, নজনোৱা কাৰ্যই লাভলীনাৰ অলিম্পিক যাত্ৰাত তেওঁৰ মনোবল ভাঙিব নোৱাৰে। লাভলীনাই ইতিমধ্যে তেওঁৰ জীৱনৰ মূল উদ্দেশ্য আৰু লক্ষ্য কেৱল অলিম্পিক পদকতেই সীমাবদ্ধ কৰিছে। তেওঁ কেৱল জয়ী কৰিবলৈ বিচাৰে এটা অলিম্পিক পদক। লাভলীনাই বিচাৰে তেওঁৰ জড়িয়তে অলিম্পিকৰ মঞ্চত বাজি উঠক "জন গণ মন অধিনায়ক জয়হে….।"

দুই এদিনতে লাভলীনা যাব টকিঅ' অলিম্পিকলৈ। বিশ্বৰ বিভিন্ন প্ৰান্তৰ শ্ৰেষ্ঠ খেলুৱৈৰ লগত হ'ব লাভলীনাৰ প্ৰতিদ্বন্দিতা। এই শ্ৰেষ্ঠ বক্সাৰসকলক পৰাভূত কৰিব পাৰিলেই লাভলীনা হৈ পৰিব বিশ্ব শ্ৰেষ্ঠ। আমাৰো সেয়াই আশা। লাভলীনা হৈ পৰক বিশ্ব শ্ৰেষ্ঠ। লাভলীনাৰ জৰিয়তে অসম তথা দেশে লাভ কৰক অলিম্পিক স্বৰ্ণ পদক। আমাৰ বিশ্বাস লাভলীনাই পাৰিব। লাভলীনাই জানে তেওঁৰ বাহুত কিমান বল। আমি জনাইছো শুভেচ্ছা… ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in