কাৰখানাৰ পৰা কৃষকৰ পথাৰলৈ ছিণ্ডিকেটঃ চোৰাং বজাৰত ২৫০ টকীয়া ইউৰীয়া বিক্ৰী হয় ৬০০ টকাত…

কাৰখানাৰ পৰা কৃষকৰ পথাৰলৈ ছিণ্ডিকেটঃ চোৰাং বজাৰত ২৫০ টকীয়া ইউৰীয়া বিক্ৰী হয় ৬০০ টকাত…

নামৰূপ সাৰ কাৰখানাৰ শীৰ্ষ বিষয়াৰ পৰা ৰাজ্যৰ শস্য পথাৰলৈ বিস্তাৰিত হৈছে লুণ্ঠনকাৰী ছিণ্ডিকেটৰ হাতোৰা। সাঙুৰ খাইছে ৰেল, কৃষি, ৱেৰ হাউচিং কৰ্পৰেচনৰ বিষয়া কৰ্মচাৰী। পুনৰ নিৰ্মাণৰ নামত সাৰ কাৰখানাত শ-শ কোটি টকাৰ অপচয়। জেৰাতে সীমাবদ্ধ তদন্ত। কৃষকৰ মূৰত মাধমাৰ। সমগ্ৰ ৰাজ্যক চানি ধৰা চোৰাং কাৰবাৰীৰ বৃহৎ লুটপাত সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰাৰ পিছ মুহূৰ্তৰ পৰাই ৰাজ্যজুৰি দীৰ্ঘকাল চলি থকা ড্ৰাগছ, কয়লা, গৰু, কাঠ আদিৰ ছিণ্ডিকেটৰ লগতে চৰকাৰী বিভাগে বিভাগে চলা দালাল ৰাজৰ বিৰুদ্ধে ধাৰাবাহিকভাবে অব্যাহত ৰখা অভিযানে সকলোৰে সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত অপৰিহাৰ্য প্ৰশাসনিয় সংস্কাৰৰ ক্ষেত্ৰটো নতুন চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপে দুৰ্নীতিকাৰী চক্ৰ আৰু ছিণ্ডিকেটৰ কাণ্ডাৰীসকলৰ মাজত আতংকৰ সৃষ্টি কৰাৰ বিপৰীতে ৰাইজৰ মনত আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে।

কিন্তু কৃষি প্ৰধান ৰাজ্যখনত লাখ লাখ কৃষকৰ বাবে অপৰিহাৰ্য আৰু চৰকাৰৰ ৰাজ সাহায্যযুক্ত সাৰকলৈ চলি থকা বৃহৎ ছিণ্ডিকেট বন্ধ কৰা অথবা অসমৰ কৃষকক প্ৰয়োজনীয় সাৰৰ যোগানৰ ক্ষেত্ৰত সিংহভাগ দায়িত্ব পালন কৰিবলগীয়া ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ ক'ৰ্পৰেচনৰ অধীনস্থ কাৰখানাটোৰ দুৰৱস্থা দূৰীকৰণৰ ক্ষেত্ৰত মুঠেও সফলতা লাভ কৰিব পৰা নাই।

পাঠক ৰাইজে জানি আচৰিত হ'ব যে চাৰিটাকৈ উৎপাদন গোট প্ৰতিষ্ঠাৰ বাবে হাজাৰ কোটি টকা খৰচ কৰা নামৰূপ সাৰ কাৰখানা সম্প্ৰতি ভালুকৰ সাঙিত পৰিণত হৈছে। কিয়নো সচা অৰ্থত কবলৈ গলে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ ৰাসায়নিক সাৰ উদ্যোগ হিচাপে পৰিগণিত এই উদ্যোগৰ উৎপাদন বৰ্তমান এক প্ৰকাৰ শূন্য। প্ৰতিষ্ঠানটোৰ শীৰ্ষস্তৰৰ একাংশ বিষয়া কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা আৰু ইয়াক সম্পূৰ্ণৰূপে মাৰি পেলাই অসমত কৃষকৰ সাৰৰ বৃহৎ বজাৰখন দখলৰ বাবে চক্ৰান্ত অব্যাহত ৰখা দেশৰ আন একাংশ সাৰ প্ৰস্তুতকাৰি প্ৰতিষ্ঠান আৰু অসমত থকা ইয়াৰ দালাল চক্ৰৰ ষড়যন্ত্ৰতে ই সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ উপক্ৰম হৈছে।

প্ৰনিধানযোগ্য যে ৬০ ৰ দশকতে স্থাপন কৰা ব্ৰহ্মপুত্ৰ ফাৰ্টিলাইজাৰ কৰ্পৰেচনৰ তিনিটা গোটৰ ভিতৰৰ প্ৰথমটো গোট কেন্দ্ৰীয় পুঁজিৰে পুনৰ উজ্জীৱিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিও ২০১৭ চনত সম্পূৰ্ণৰূপে বন্ধ কৰি পেলনীয়া সামগ্ৰীহিচাপে ইয়াক বিক্ৰী কৰি দিয়াৰ সিদ্ধান্ত লোৱা হয়। আনহাতে দ্বিতীয়টো ইউনিট ২০১৯ চনৰ পৰা প্ৰায় ৩ বছৰ কাল বন্ধ হৈ আছে।

অৱশিষ্ট তৃতীয়টো গোট সময়ে সমেয় চাটডাউন কৰি যান্ত্ৰিক বিজুতী দূৰীকৰণৰ বাবে মেৰামতি চলাই থকাৰ ফলত ৭২ হাজাৰ মেট্ৰিকটন উৎপাদনৰ ক্ষমতা থকা ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পেৰচনৰ তৃতীয় গোটৰ পৰা চলিত বৰ্ষত মাত্ৰ ২৬ হাজাৰ মেট্ৰিকটন ইউৰিয়া হে উৎপাদন কৰিব পৰা হৈছে।

এই প্ৰসংগতে উল্লেখ কৰাৰ প্ৰয়োজন যে, সাৰ উৎপাদন গোটটোত মহাপ্ৰবন্ধকৰ পিছতে ৫ জনকৈ ডি জি এম, ৮-৯ জন চিফ মেনেজাৰৰ উপৰিও বৃহৎ সংখ্যক বিষয়াৰে প্ৰতিষ্ঠানটো ওপৰভাৰি হৈছে যদিও ইয়াৰ কোনো ফল ধৰা নাই। আনহে নালাগে যোৱা প্ৰায় ৫০ বছৰে প্ৰকল্পটোৰ এইছ আৰ অডিতেই হোৱা নাই।

ইফালে কৰ্মচাৰী ইউনিয়নৰ একাংশ লোকক হাতৰ মুঠিত লৈ নিজৰ খেয়াল খুচি মতে কাম কৰা শীৰ্ষ বিষয়া চক্ৰৰ চক্ৰান্ততে বহিঃৰাজ্যৰ প্ৰতিষ্ঠান আৰু ছিণ্ডিকেট চক্ৰৰ সৈতে মিতিৰালি কৰি প্ৰতিষ্ঠানটোক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলোৱাৰ ষড়যন্ত্ৰ কৰা হৈছে। যাৰ বাবেই ৮ লাখ মেট্ৰিকটন সাৰ উৎপাদন ক্ষমতাৰ লক্ষৰে ২০০৬ চনৰ ২৬ জুন তাৰিখেই অত্যাধুনিক যন্ত্ৰ-পাতি স্থাপনেৰে প্ৰতিষ্ঠানটোৰ চতুৰ্থ গোটটো নিৰ্মাণৰ শুভাৰম্ভ কৰা হৈছিল যদিও ১৫ বছৰেও উপৰোক্ত চক্ৰৰ ষড়যন্ত্ৰৰ চক্ৰান্তত আজিলৈক ইয়াৰ নিৰ্মাণ আগনাবাঢ়িল।

ইফালে তৃতীয়টো গোটৰ পৰা সীমতি পৰিমাণে সাৰ উৎপাদন হলেও সেই সাৰ অতি সন্তৰ্পণে চোৰাং বাজৰলৈ উলিয়াই পঠিওৱাৰ এক ধাৰাবাহিক অভিযানো প্ৰকল্পটোৰ শীৰ্ষ পদাধিকাৰ চক্ৰান্ততে দালালৰ সহযোগত অব্যাহত আছে। শেহতীয়াভাৱেও কেইদিনমান আগতে আগৰতলালৈ সাৰ কঢ়িয়াই নিয়া এখন ৰেল তিনিচুকীয়া অভিমুখে ৰাউনা হোৱাৰ সময়ত উক্ত সাৰৰ ৰেকৰ পৰা নঠি-পত্ৰত থকা হিচাপতকৈ ৫০০ মেট্ৰিকটন অধিক সাৰ শ্ৰমিক ইউনিয়নৰ এটা দলে উদ্ধাৰ কৰে।

ইয়াৰ বাহিৰেও যোৱা সময়ছোৱাত লক্ষ্যস্থানৰ পৰিৱৰ্তে আন স্থানলৈ যাত্ৰা কৰা তেনে কেইবাখনো সাৰ পৰিবাহি ৰেলৰ তথ্য পোহৰলৈ আহিছে যদিও এই ক্ষেত্ৰত চৰকাৰে কঠোৰ পদক্ষেপ আজিও গ্ৰহণ কৰিব পৰা নাই। সাধাৰণভাৱে কিছু সংখ্যক বিষয়া-কৰ্মচাৰীৰ লগতে সাৰৰ লোডিং-আনলোডিঙৰ কাৰ্যত জড়িত একাংশ ঠিকাদাৰক আৰক্ষীয়ে জেৰা কৰাতে এইয়া সীমাবদ্ধ হৈ আছে।

এই সংক্ৰান্তত পোহৰলৈ আহিছে বি ভি এফ চি এলৰ মেৰামতি তথা নতুনগোট স্থাপনকলৈ চলা কেলংকাৰীৰ ন ন তথ্য। এইবোৰ তথ্যৰ ভিতৰত আছে শীৰ্ষ পদবীত অধিস্থিত একাংশ পদাধিকাৰ আৰু শ্ৰমিক ইউনিয়নৰ দুই-এক সদস্যৰ লগতে ৰেল কৰ্তৃপক্ষ, ৱেৰ হাউচিং কৰ্পৰেচন, কৃষি বিভাগৰ বিষয়া আৰু এওলোকৰ সৈতে উতঃপ্ৰোতঃ সম্পৰ্ক গঢ়ি তোলা ছিণ্ডিকেটৰ উপৰি বহিঃৰাজ্যৰ একাংশ সাৰৰ প্ৰতিষ্ঠানৰ গভীৰ ষড়যন্ত্ৰৰ প্ৰসংগ।

উল্লেখ কৰাৰ প্ৰয়োজন যে, ২০১৭ চনত ৪৫ কোটি টকা ব্যয় কৰাৰ পিচত বি ভি এফ চি এলৰ ১ নং উৎপাদন গোটটো পেলনীয়া সামগ্ৰী হিচাপে বিক্ৰী কৰাৰ ৰহস্যজনক সিদ্ধান্ত লোৱা হৈছিল। অতি ৰহস্যজনকভাৱে ইয়াৰ পিচতো পুনৰ ১০০ কোটি টকা গোটটোৰ উন্নয়নৰ বাবে মুকলাই অনাৰ চেষ্টা সন্তৰ্পনে চলোৱা হৈছে। যি কথাই এয়া স্পষ্ট কৰি দিয়ে যে ইয়াৰ সৈতে দি্লীৰ পৰা নামৰূপলৈকে উচ্চ ক্ষমতাসম্পন্ন এক চক্ৰ জড়িত হৈ আছে।

একেদৰে দ্বিতীয় গোটটোও ২০১৯ চনৰ মে'ত বন্ধ কৰি দিয়াৰ পিচত প্ৰতিষ্ঠানটোৰ শীৰ্ষ পদাধিকাৰৰ জ্ঞাতসাৰেই বহুমুলীয়া যন্ত্ৰাংশ সন্তৰ্পনে একাংশ এজেণ্টক বিক্ৰী কৰাৰ পিচত সেই একেখিনি সামগ্ৰীয়েই নতুনকৈ স্থাপন কৰিবলৈ লোৱা চতুৰ্থটো গোটৰ বাবে পুনৰ ক্ৰয় কৰাৰ অভিসন্ধিও চলিছে।

উল্লেখ কৰাৰ প্ৰয়োজন যে, বি ভি এফ চি এলৰ উৎপাদন ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ বিপৰীতে অসমত সাৰৰ চাহিদা দিনে দিনে বৃদ্ধি পাইছে। এই সাৰৰ সিংহভাগ সম্প্ৰতি ইণ্ডিয়ান ফাৰ্মাৰছ ফাৰ্টিলাইজাৰ কৰ্পৰেচন নামৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৰ উপৰিও ইণ্ডিয়ান পটাছ লিমিটেড, ইণ্ডো ফাৰ্মা ফাৰ্টিলাইজাৰ, পৰশ আদিৰল লগতে বৃহত সংখ্যক বহুজাতিক প্ৰতিষ্ঠানে যোগান ধৰে।

তাৰ পিচতো অসমৰ কৃষকৰ চাহিদা অনুপাতে সাৰৰ পৰিমাণ প্ৰতিবছৰেই কম হোৱাত ইয়াৰ মুনাফা অসমত খোপনি পুতি থকা ডিলাৰ আৰু দালাল চক্ৰই সুবিধা বাৰুকৈয়ে গ্ৰহণ কৰি আহিছে।অসমত ব্যৱহৃত সাৰৰ ভিতৰতে সাধাৰণতে ইউৰিয়া, চুপাৰ ফছফেট আৰু পতাছ কৃষকে ব্যৱহাৰ কৰে যদিও ইয়াৰে বৃহৎ সংখ্যক ইউৰিয়া সম্প্ৰতি শস্য পথাৰৰ পৰিৱৰ্তে চাহ বাগিচা আৰু মীন পামসমূহত ব্যৱহাৰ কৰে।

কৃষি বিভাগৰ সূত্ৰৰ খবৰ মতেই চলিত খাৰিফ শস্যৰ বতৰতেই অসমৰ খেতি পথাৰৰ বাবে ২ লাখ ৩২ হাজাৰ মেট্ৰিক টন সাৰৰ প্ৰয়োজন আছিল যদিও বৰ্তমানলৈকে ১ লাখ ৭০ হাজাৰ মেট্ৰিকটন সাৰহে ৰাজ্যখনে লাভ কৰিব। সেইদৰেই আগন্তুক ৰবী শস্যৰ বাবে ২ লাখ ৬৮ হাজাৰ মেট্ৰিকটনতকৈ অধিক সাৰৰ প্ৰয়োজন আছিল যদিও এইয়া ২ লাখতেই সীমাবদ্ধ হৈ ৰোৱাৰ সম্ভাৱনা আছ।

এনে পৰিস্থিতিৰ সুযোগ বাৰুকৈয়ে লৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত খোপনি পুতা বৃহৎ বৃহৎ সাৰৰ ডিলাৰৰূপি ক'লা ব্যৱসায়ী তথা প্ৰতিষ্ঠানে। আনহে নালাগে দৰং জিলাৰ কেৱল খাৰুপেটিয়া অঞ্চলতে ডিলাৰৰূপি সাৰৰ ১০ গৰাকী এনে বৃহৎ ব্যৱসায়ী আছে যি সমগ্ৰ উত্তৰ অসমৰ সাৰৰ বাণিজ্য নিয়ন্ত্ৰণ কৰে। সেইদৰে বৰপেটাৰোডত থকা ৫ জন ব্যৱসায়ীয়ে মীৰ্জা আৰু গুৱাহাটীত থাকিয়েই নামনি অসমৰ কৃষকৰ চাহিদা পূৰণৰ নামত হাজাৰ হাজাৰ মেট্ৰিকটন সাৰৰ ক'লা বেহা অব্যাহত ৰাখিছে।

নগাওঁ, গুৱাহাটী আৰু যোৰহাটত খোপনি পুতি থকা আন কেইগৰাকীমান দালাল ৰূপি বৃহৎ ক'লা ব্যৱসায়ীয়ে সমগ্ৰ মধ্য অসম, বৰাক উপত্যকা, পাৰ্বত্য জিলাৰ লগতে উজনি অসমত সাৰৰ ক'লা ব্যৱসায় অব্যাহত ৰাখিছে। এওঁলোকৰ আন এক সুযোগ হৈছে সমগ্ৰ ৰাজ্যখনৰ লগতে অসমৰ চুবুৰীয়া ৰাজ্যলৈকো অসমৰ পৰাই সাৰৰ সৰবৰাহ কৰিবলগা হয়। কিয়নো এই অঞ্চলত ৰেল কৰ্তৃপক্ষৰ সাৰ পৰিবাহী ৰেলৰ আনলোডিং পইণ্ট আছে মাত্ৰ ৬ টা।

ইফালে এই সাৰসমূহ ৰেলৰ ৱাগানৰ পৰা নমাই ৱেৰ হাুচিং কৰ্পৰেচনৰ ভঁৰালত ৰখাৰ ব্যৱস্থা আছে যদিও এই ভঁৰালৰ সংখ্যাও মাত্ৰ ৭ টা। এইকেইটা হ'ল ক্ৰমান্বয়ে চাংসাৰি (মদনপুৰ), ৰঙিয়া, বৰপেটা ৰোড, খাৰুপেটিয়া, বঙাইগাওঁ, তিনিচুকীয়া আৰু নগাঁৱৰ হয়বৰগাওঁ। সীমিত সংখ্যক এনে ভঁৰালৰ দোহাই দিয়েই বৃহৎ সংখ্যক ডিলাৰে নিজৰ নিয়্ন্ত্ৰণত থকা ভঁৰালটো ৰেগ পইণ্টৰ পৰা সাৰ নি এইসমূহ ভঁৰালত জমা কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সুচুৰা বেপাৰীলৈ প্ৰেৰণ কৰে।

কেৱল সেয়েই নহয়, ডিলাৰসমূহৰ নিয়ন্ত্ৰণত থকা এই ভঁৰালসমূহত জমা হয়হি বিভিন্ন প্ৰতিষ্ঠানৰ মাইক্ৰ' নিউট্ৰিয়েণ্ট পাউডাৰৰ পেকেট আৰু জুলিয়া সাৰৰো বৃহৎ অংশ। সীমিত সংখ্যক এজেণ্টৰ নিয়ন্ত্ৰণত ৰাজ্যখনত থকা খুচুৰা বেপাৰী আছে বহু হাজাৰ। ডিলাৰসকলে ৰাজ সাহায্যযুক্ত ইউৰিয়া, ডি এ পি, পতাছ আথবা চুপাৰ ফচপেট সংগ্ৰহ কৰিবলৈ গলে তেওঁলোকে দীৰ্ঘ দুৰত্বৰ পৰিবহণ ব্যয়ৰ নামত এই সমূহ সাৰৰ মূল্য বৃদ্ধি কৰাৰ উপৰি অত্যাধিক মূল্যৰ মাইক্ৰ' নিউট্ৰিয়েণ্ট ক্ৰয় নকৰিল ৰাজ সাহায্য যুক্ত সাৰ দিবলৈও আওপকীয়াকৈ অস্বীকাৰ কৰে।

ইয়াৰ ফলত খুচুৰা ব্যৱসায়ীসকল এনে বহুমুলীয়া সাৰ ক্ৰয় কৰিবলৈ বাধ্য হোৱাই নহয় আওপকীয়াকৈ তেওঁলোকৰ জৰিয়তেই সমগ্ৰ ৰাজ্যৰ কৃষি ক্ষেত্ৰখন ব্যক্তিগত কোম্পানীৰ বহুমুলীয়া সাৰে ইতিমধ্যে দখল কৰিছে। এই প্ৰসংগতে উল্লেখ কৰাৰ প্ৰয়োজন যে, চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত ইউৰিয়া সাৰৰ মূল্য হ'ল ৫০ কেজিৰ বস্তাত ২৬৬.৫ টকা। অথচ সেই ২৬৬.৫ টকীয়া সাৰ ৰাজ্যৰ ক্ষেত্ৰ বিশেষে ৪৫০ টকাৰ পৰা ৫৫০ টকাত বিক্ৰী হয়।

সেইদৰে পতাছ সাৰৰ দাম ৬০ কিঃলোৰ বস্তাই প্ৰতি ১০০০ টকা যদিও সেইয়া ৰাজ্যৰ বিভিন্ন ঠাইত খেতিয়কে কুইণ্টলে প্ৰতি ২২০০ টকাত ক্ৰয় কৰিবলগা হৈছে। ডি এ পিৰ ক্ষেত্ৰত আকৌ সেয়া আৰু এখোপ চৰা। ইফকো উৎপাদিত ৬০ কিঃলোৰ বস্তাৰ মূল্য ১২০০ টকা যদিও কৃষকে বিভিন্ন স্থানত এইয়া কুইণ্টলে প্ৰতি ক্ৰয় কৰিবলগা হৈছে ১৯০০ টকাত। চুপাৰ সাৰ ৬০ কিলোৰ বস্তাই প্ৰতি ৪২০ যদিও দাম সেইয়া ক্ৰয় কৰিবলগা হৈছে কুইণ্টলে প্ৰতি ১৩০০ টকাত।

একেদৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষকে এতিয়া চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত মূল্যৰ ৩-৪ গুণ পৰ্যন্ত অধিক দামত চুপাৰ ফচফেট, ডি এ পি আদি সাৰ ক্ৰয় কৰাৰ উপৰি ডিলাৰে বলপূৰ্বক জাপি দিয়া অত্যাধিক মূল্যৰ মাইক্ৰ' নিউট্ৰিয়েণ্ট সাৰো ক্ৰয় কৰিবলৈ বাধ্য হৈছে। কিয়নো এইসমূহ ক্ৰয় নকৰিলে অত্যাৱশ্যকীয় ইউৰিয়া, চুপাৰ বা ডি এ পি খুচুৰা বিক্ৰিতাই নিদিয়ে। যিদৰে খুচুৰা বিক্ৰেতাক ডিলাৰে নিদিয়ে।

ইফালে কৃষি কৰ্মত ব্যৱহাৰ হ'বলগা সাৰ অন্যান্য কাৰ্যত ব্যৱহাৰ হোৱাৰ অভিযোগৰ ওপৰত ভিত্তি কৰি এইয়া বন্ধ কৰাৰ বাবে প্ৰকৃত কৃষক বাচনি কৰাৰ বাবে খুচুৰা বিক্ৰেতাৰ ওচৰত বিভিন্ন তথ্য প্ৰমান দাখিল কৰিবলৈ দিয়া নিৰ্দেশনাই আন এক সমস্যাৰ সৃষ্টি কৰিছে। কিয়নো সাৰৰ দোকানলৈ গৈহে তেওঁলোকে গম পাই যে ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড, গাওঁবুঢ়াৰ চাৰ্টিফিকেট নিদিলে তেওঁলোকে সাৰ নাপাব।

উল্লেখ্য যে, এই সন্দৰ্ভত ২৭ আগষ্ট, ২০২১ত কৃষি বিভাগৰ সঞ্চালকে এক নিৰ্দেশনা জাৰি কৰিছিল। এই নিৰ্দেশযোগে জিলা প্রশাসনক ২০টাকৈ ৰেক পইন্ট স্থাপনৰ নিৰ্দেশ দিয়া হৈছিল যদিও আজিলৈকে এয়া কাৰ্যকৰী হৈ উঠা পৰিলক্ষিত হোৱা নাই।

কৃষি ক্ষেত্ৰখনত জুৰুলা কৰা সাৰৰ অবৈধ ছিণ্ডিকেট আৰু ইয়াৰ সৈতে ৰেল, সমবায় বিভাগৰ অধিনস্থ ৱেৰ হাউচিং কৰ্পৰেচন আৰু বি ভি এফ চি এলকে ধৰি ৰাজ সাহায্য লাভ কৰা দেশৰ সাৰ উৎপাদনকাৰী প্ৰতিষ্ঠানৰ শীৰ্ষ মহলত থকা দুৰ্নীতিকাৰিৰ বিৰুদ্ধে কঠোৰ আইনি ব্যৱস্থা লব লাগিব। সমান্তৰালভাৱে সাৰৰ ৰেগ পইণ্ট আৰু মজুত ভঁৰালৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে ব্যক্তিগত লাভখোৰ প্ৰতিষ্ঠানৰ দ্বাৰা উৎপাদিত মাইক্ৰ' নিউট্ৰিয়েণ্টৰ বজাৰখন অসমত নিয়ন্ত্ৰণ বা বন্ধ কৰাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৃষি বিভাগত কৰ্মৰত সত বিষয়া কৰ্মচাৰীক আস্থাত লৈ ড্ৰাগছ, গৰু, চুপাৰী ছিণ্ডিকেটৰ বিৰুদ্ধে চলোৱা অভিযানৰ দৰেই এক ক্ষীপ্ৰ আৰু কঠোৰ অভিযান কৃষি ক্ষেত্ৰৰ ছিণ্ডিকেটৰ বিৰুদ্ধে আৰম্ভ নকৰিলে অসমক কৃষি উৎপাদনৰ জৰিয়তে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰধানমন্ত্ৰীৰ সপোন কাহানিও পূৰণ নহব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in