৬০০ কিলোমিটাৰ বাট চাইকেলেৰে চলমানক লগ পাবলৈ গুৱাহাটীলৈ আহিল, চলমান নাহিল বাবে এইবাৰ মুম্বাইলৈ যাব এইজন অসমীয়া…

৬০০ কিলোমিটাৰ বাট চাইকেলেৰে চলমানক লগ পাবলৈ গুৱাহাটীলৈ আহিল, চলমান নাহিল বাবে এইবাৰ মুম্বাইলৈ যাব এইজন অসমীয়া…

পলাশ জ্যোতি গগৈৰ এক বিশেষ প্ৰতিবেদন।

মনত কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ থাকিলে এজন লোকে অসাধ্যও সাধন কৰিব পাৰে। জীৱনৰ দোষ, কষ্ট সকলো পাহৰি কোনো লোক উপনিত হ'ব পাৰে লক্ষ্যত। তেনে এক লক্ষ্য লৈয়ে আগবাঢ়িছিল এজন বিশেষ লোক। ৫২ বছৰীয়া লোকজনৰ আশা আছিল আদৰ্শৰ ব্যক্তিগৰাকীৰ সান্নিধ্য লাভ। ৮ ফেব্ৰুৱাৰীৰ পুৱাই তেওঁ আৰম্ভ কৰিছিল যাত্ৰা। লক্ষ্য আছিল গুৱাহাটী।

জীৱনৰ কন্টকময় পথত বহু ঘাট-প্ৰতিঘাত থাকে। সন্মুখীন হোৱা যায় প্ৰতিবন্ধকতাৰ। সেই সকলোবোৰ নেওঁচি যোৱাজনে জীৱনত সফল হ'ব পাৰে। ৮ ফেব্ৰুৱাৰীত যাত্ৰা আৰম্ভ কৰি ১৩ ফেব্ৰুৱাৰীত তেওঁ গুৱাহাটীত উপস্থিত হ'লহি। লক্ষ্যস্থানত উপনিত হ'ব পাৰিলেও এতিয়া তেওঁৰ চিন্তা আদৰ্শ ব্যক্তিগৰাকীক লগ পোৱাৰ সপোনটো হ'বনে সঁচা।

মই চলমান খানক লগ পাবলৈয়ে যাত্ৰা কৰিছোঃ ভূপেন লিকচন…

লোকজনৰ ঘৰ তিনিচুকীয়া জিলাৰ জাগুনত। চাইকেল চলাই তেওঁ বহু দূৰ-দূৰণিলৈ গুচি যায়। তেওঁৰ চাইকেল চলোৱা প্ৰতিভাই বৰ্তমান লৈকে কেবাবাৰো পুৰস্কাৰ বুটলি আনিবলৈ সক্ষম হৈছে। সকলোৰে মুখে মুখে বৰ্তমান চৰ্চিত এইগৰাকী ব্যক্তিৰ নাম ভূপেন লিকচন। এইগৰাকী চাইক্লিষ্ট আজি সকলোৰে মুখে মুখে। তেওঁ বলিউডৰ জনপ্ৰিয় অভিনেতা চলমান খানক লগ পাবলৈ প্ৰায় ৬০০ কিলোমিটাৰ পথ চাইকেল চলাই গুৱাহাটীলৈ আহিছে।

ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানলৈ চলমান খান নহাটোৱেই প্ৰায় নিশ্চিত। ফিল্মফেয়াৰত ভাগ লোৱাৰ বাবে ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছেহি বহু শিল্পী। বিমানবন্দৰৰ পৰা ঢোলে-দগৰে আদৰি অনা হৈছে শিল্পীসকলক। অসমলৈ আহি বিহু নাচটো ভাগ লৈছে শিল্পীসকলে। তেনে এক দৃশ্যই শুকুৰবাৰে বিয়লিৰ ভাগত বৰঝাৰ বিমানবন্দৰত দেখিবলৈ পোৱা গৈছিল। অসমৰ ঢুলীয়াৰ সৈতে ককাল ভাঙি নাচিছিল ৰণবীৰ সিঙে।

ৰণবীৰৰ বিহু নাছত শুভাকাংক্ষীৰ আনন্দ…

এদিনৰ বাবে মায়ানগৰী হ'ব গুৱাহাটী মহানগৰী। সকলো ব্যস্ত। নিজ নিজ লক্ষ্যৰে প্ৰতিজন লোক আহিছে। কোনো কোনোৱে নিমন্ত্ৰণ লাভ কৰিছে, আন কোনো আহিছে টিকট ক্ৰয় কৰি অনুষ্ঠান চাবলৈ। ১০০০ টকাৰ পৰা ৩ লাখ টকালৈকে হৈছে টিকটৰ দৰ।

তাৰ মাজতে কোনো কোনো এনে লোকো আহিছে যি জনা হোৱাৰে পৰা বলিউডৰ তাৰকাসকলক অনুসৰণ কৰি আহিছে। এই কথা প্ৰমাণ হৈছিল শুকুৰবাৰে বিয়লিৰ ভাগত। অনুষ্ঠানত অংশ লবলৈ বৰ্হিৰাজ্যৰ পৰা অহা শিল্পীসকলক গুৱাহাটী বিমানবন্দৰৰ পৰাই অসম আৰক্ষীৰ লগতে চিআৰপিএফৰ দ্বাৰা নিৰাপত্তা প্ৰদান কৰা হৈছে। তেওঁলোকক লগতে অসম চৰকাৰৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হৈছে। এইসকলো নিৰাপত্তা ব্যৱস্থাৰ মাজতো প্ৰিয় শিল্পীগৰাকীক এবাৰ সাক্ষাৎ কৰিবলৈ বহুলোকে বিমান বন্দৰত ভিৰ কৰে। কোনো কোনো সাংবাদিকে বলিউডৰ শিল্পীসকলক প্ৰশ্ন সোধাৰ সময়তো চিঞৰি চিঞৰি কৈছিল, 'মই আপোনাৰ এজন অনুসৰণকাৰী আৰু বন্ধু (I am your big friend and follower)।

যাত্ৰা শেষ নহয়, নিশা মানে জিৰণিৰ অভিনয়…

ভূপেন লিকচনো তেনে এজন লোকেই। তেওঁৰ বয়সে আঢ়ৈ কুৰী অতিক্ৰম কৰিছে কিন্তু মনত এতিয়াও আছে মনে বিচৰা কামটো কৰাৰ দুৰ্বাৰ হেঁপাহ। তাৰে প্ৰতিফলন ঘটিল তেওঁ চাইকেল চলাই গুৱাহাটীলৈ যাত্ৰা কৰা কাৰ্যই। তেওঁ নিজৰ যাত্ৰাৰ প্ৰসংগত ক'লে, "মই ৮ ফেব্ৰুৱাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলো। এখন চাইকেলেৰে জাগুনৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলো। মোৰ লক্ষ্য আছিল চলমান খানক লগ কৰা।চলমান খান গুৱাহাটীলৈ আহিব। ফিল্মফেয়াৰত অংশ ল'ব তেওঁ।''

বহুলোকৰ বাবে অসম্ভৱ আছিল এই যাত্ৰা। চাইকেল চলাই ৬০০ কিলোমিটাৰ পথ অতিক্ৰম কৰাটো বহু লোকৰ বাবেই অসম্ভৱ। পিছে লোকজনে এইয়া সম্ভৱ কৰিলে। এইয়া তেওঁৰ মনৰ দুৰ্বাৰ হেঁপাহৰ বাবেই সম্ভৱ হৈ উঠিছিল।

মই আহি আহি পাই গ'লোহি…

ইতিমধ্যে নিজৰ কামৰ দ্বাৰা লোকজনে হাজাৰজনৰ দৃষ্টিহৰণ কৰিছে। ভূপেন লিকচনে 'India Book of Records'ত নিজৰ নাম খোদিত কৰিছে। তেওঁ এই ৰেক'ৰ্ড কৰিছিল ৪৮ কিলোমিটাৰ চাইকেল চলাই। মাত্ৰ ৬০ মিনিটতে চলাইছিল ৪৮ কিলোমিটাৰ চাইকেল। মাত্ৰ এইয়াই নহয় তেওঁ এই সমগ্ৰ যাত্ৰাকালত এবাৰো চাইকেলৰ হেণ্ডেলত নধৰাকৈ চলাইছিল। তেওঁ জাগুনৰ পৰা পাৱৈলৈ চাইকেল চলাইছিল। ২০১৩ চনত তেওঁ এই ৰেক'ৰ্ড কৰিছিল। তাৰ পিছতে ২০১৫ চনত 'World Records Festival'ত তেওঁ ১ ঘন্টাত ৫০ কিলোমিটাৰ চাইকেলৰ হেণ্ডেলত হাতেৰে নধৰাকৈ চলাইছিল।

লিকচনৰ 'India Book of Records'-ত ৰেক'ৰ্ড…

ভূপেন লিকচনৰ পৰা প্ৰতিক্ৰিয়া বিচাৰোতে তেওঁ লগতে কৈছিল, 'মই চলমান খানক বহুত ভালপাওঁ। তেওঁক মই মোৰ তেওঁৰ প্ৰতি থকা ভালপোৱাৰ প্ৰমাণ দিব খোজো। কাৰণ চলমান খান মাত্ৰ এগৰাকী অভিনেতাই নহয়, তেওঁ এজন ভাল মানুহ। আনক তেওঁ বহুত সহায় কৰে। মই এই কথা জানো। তেওঁ যদি গুৱাহাটীলৈ নাহে মই মুম্বাইৰ লৈকে চাইকেল চলাই যাম। মুম্বাইত গৈ মই তেওঁক লগ কৰিম।'

গুৱাহাটীত ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান। মহানগৰীৰ সৰুসজাইত অনুষ্ঠিত হ'ব এই অনুষ্ঠান। এক শুভাৰম্ভ অনুষ্ঠান ২ ফেব্ৰুৱাৰীত মুম্বাইত সম্পন্ন হৈ গৈছে। তাতে ঘোষণা কৰা হৈছে কাক কাক প্ৰদান কৰা হ'ব ১৯টা শিতানত বঁটা।

যাওঁ মই। মনৰ কামনা পুৰন কৰিম মই…

জয়া আখটাৰৰ Gully Boy-য়ে Best Director, Best Picture, Best Original Screenplay, Best Actor ইত্যাদি বঁটাৰ বাবে নমিনেশ্যন লাভ কৰিছে। Best Actor বঁটাৰ বাবে ৰণবীৰ সিঙে লাভ কৰিছে নমিনেশ্যন। আলিয়া ভাটে নমিনেশ্যন লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰী বঁটাৰ বাবে। নিতেশ তিৱাৰীৰ Chhichhore-ৰেও কেবাটাও শিতানত লাভ কৰিছে নমিনেশ্যন।

Chhichhore, Gully Boy, Mission Mangal, URI: The Surgical Strike and War ইত্যাদি ছবিয়ে Best Film categoryৰ বাবে নমিনেশ্যন লাভ কৰিছে। Best Director categoryৰ বাবেও ছবিকেইখনে নমিনেশ্যন লাভ কৰিছে। বলিউড ফেশ্বনৰ ক্ষেত্ৰত ৩০ বছৰ ধৰি আগবঢ়োৱা অৱদানৰ বাবে মনীষ মলহোত্ৰাই লাভ কৰিব Filmfare Award of Honour।

চাইকেল চলাই জাগুনৰ পৰা গুৱাহাটীলৈ অহা ভূপেন লিকচনৰ প্ৰিয় ছবিখন হৈছে 'তেৰে নাম'। ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিবলগীয়া লোকসকলৰ তালিকাত নাই চলমানখানৰ নাম। তাৰ পিছতো তেওঁ আশা কৰিছে প্ৰিয় শিল্পীগৰাকী অনুষ্ঠানলৈ আহিব।

কৰণ জোহাৰ আৰু বিকী কৌশলে আতঁ ধৰিবলগীয়া অনুষ্ঠানটোত উপস্থিত থাকিব বলিউডৰ শিল্পী অক্ষয় কুমাৰ, ৰণবীৰ সিং, বৰুণ ধাৱান, কাৰ্তিক আৰিয়ান, ৰাজকুমাৰ ৰাও, সিদ্ধান্ত চতুৰ্বেদী, আলি ফজল, মনীষ পাল, সুৰুজ পাঞ্চালী, আয়ুষ্মান খুৰানা, সুজয় ঘোষ, অনুভৱ সিনহা, মাধুৰী দীক্ষিত, ভূমি পাডনেকাৰ, তাপসী পান্নু, জাহ্নবী, পৰিনীতি চোপ্ৰা, পূজা হেগড়ে, ছানী লিয়নী, ৰাধিকা আপটে, অন্যন্যা পাণ্ডে আৰু ৰিশা চাড়া।

অসমৰো বহু শিল্পীয়ে ভাগ ল'ব এই অনুষ্ঠানত। সেইসকলৰ ভিতৰত আছে জুবিন গাৰ্গ, সীমা বিশ্বাস আৰু নিপন গোস্বামী। আইমী বৰুৱা আৰু গায়ত্ৰী মহন্তকে আদি কৰি অসমৰ প্ৰায় ১৫০ গৰাকী শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব ফিল্মফেয়াৰত।

নিলোৎপল দাসৰ আত্মাৰ সদগতি কামনা কৰি চাইকেলেৰে যাত্ৰা কৰাৰ সময়ত নিলোৎপলৰ পিতৃৰ সৈতে…

ভূপেন লিকচনে মাত্ৰ ৰেক'ৰ্ড কৰিবলৈকে চাইকেল নচলায়। তেওঁ বিভিন্ন সামাজিক সজাগতা সৃষ্টিৰ উদ্দেশ্যৰেও চাইকেল চলাই বহু অনুসৰণকাৰী সৃষ্টি কৰিবলৈ সক্ষম হৈছে। গড় হত্যা আৰু গণপ্ৰহাৰ ইত্যাদিৰ বিৰুদ্ধেও তেওঁ চাইকেল চলাই সজাগতাৰ সৃষ্টি কৰিছে।

গণপ্ৰহাৰৰ প্ৰসংগত শেহতীয়াকৈ ২০১৮ চনত তেওঁ নিলোৎপল দাস আৰু অভিজিত নাথৰ হত্যাৰ পিছতে চাইকেল চলাই এক সজাগতামূলক কাৰ্যসূচী পালন কৰিছিল। এয়াই এজন লোকৰ কাম আৰু কোনো লোকৰ প্ৰতি থকা তেওঁৰ আত্মীয়তা। ভূপেন লিকচনে প্ৰমাণ কৰিলে, 'মন কৰিলে ছন…।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in