আৰ্থিক বিপৰ্যয় ৰোধ নে দেশ সেৱাৰ সুযোগ

আৰ্থিক বিপৰ্যয় ৰোধ নে দেশ সেৱাৰ সুযোগ

নুপুৰ শৰ্মাৰ বিতৰ্কই 'অগ্নিপথ' বিতৰ্কক ম্লান পেলালে। 'অগ্নিপথ' বিতৰ্ক কোনো সমাধান সূত্ৰ নোলাল। বৰঞ্চ প্ৰকাশ পালে 'অগ্নিবীৰ' নিযুক্তিৰ বিজ্ঞাপন। প্ৰকৃততে কেন্দ্ৰীয় চৰকাৰে কিয় গ্ৰহণ কৰিলে এই আঁচনি? প্ৰতীৰক্ষা মন্ত্ৰালয়ৰ আৰ্থিক বোজা হ্ৰাস কৰিবলৈকে গ্ৰহণ কৰা হৈছে নেকি এই আঁচনি? এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

সময়ে সময়ে বিভিন্ন ইছ্যুৰে দেশ উত্তাল হয়। কেতিয়াবা যদি ৰাজনৈতিক ইছ্যুৰ বাবে আন কেতিয়াবা ধৰ্মীয় ইছ্যু আকৌ কেতিয়াবা কোনো সামাজিক বিষয়ক লৈ দেশত প্ৰতিবাদেৰে উত্তাল হয়।

সৌ সিদিনা বিজেপিৰ ৰাষ্ট্ৰীয় আহ্বায়ক নুপুৰ শৰ্মাই ইছলাম ধৰ্মীয় লোকৰ ধৰ্মীয় অনুভূতিত আঘাত কৰি মন্তব্য কৰাৰ পিছতে সমগ্ৰ দেশতে নুপুৰ শৰ্মাক গ্ৰেপ্তাৰৰ দাবীৰে ৰাজপথত উত্তাল প্ৰতিবাদ হৈছে। বহু কেইখন ইছলামিক দেশে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

নুপুৰ শৰ্মাৰ ঘটনাৰ পাৰ্শ্বক্ৰিয়া হিচাপে ৰাজস্থানৰ উদয়পুৰত সংঘটিত হ'ল আন এক হত্যাকাণ্ড। নুপুৰ শৰ্মাক সমৰ্থন কৰাৰ বাবেই কানহাইয়া নামৰ এগৰাকী দৰ্জীক দুজন লোকে হত্যা কৰি সেই ভিডিঅ' ভাইৰেল কৰিলে । ইয়াৰ পিছত পুনৰ দেশজুৰি আৰম্ভ হ'ল প্ৰতিবাদ।

নুপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্য আৰু কানহায়াৰ হত্যাকাণ্ডই ইয়াৰ পূৰ্বৰ এক গুৰুত্বপূৰ্ণ ইছ্যুক মানুহৰ মাজৰ পৰা আঁতৰাই নিলে। নুপুৰ শৰ্মা কাণ্ডৰ পূৰ্বে হিংসাত্মক প্ৰতিবাদেৰে উত্তাল হৈছিল দেশ। কেইবাখনো ৰাজ্যত সাব্যস্ত হোৱা হিংসাত্মক আৰু উত্তাল প্ৰতিবাদত এক প্ৰকাৰে স্তব্ধ হৈছিল দেশৰ ৰে'ল সেৱা।

ভাৰত চৰকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় সেনাত অগ্নিপথ নামেৰে এক নতুন আঁচনি গ্ৰহণ কৰাৰ লগতে এই আঁচনিৰ জৰিয়তে মাত্ৰ ৪ বছৰৰ বাবে অস্থায়ীকৈ ভাৰতীয় সেনাত অগ্নিবীৰ নামেৰে নিযুক্তিৰ সিদ্ধান্ত লোৱাৰ পিছতে সেনাত ভৰ্তি হ'বলৈ বিচৰা লাখ লাখ যুৱকে প্ৰতিবাদেৰে কেইবাখনো ৰাজ্যত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে।

ৰে'ল জ্বলাই দিয়াৰ লগতে, ৰে'লৱেৰ কেইবা কোটি টকাৰ সম্পত্তি ধ্বংস কৰিলে। বিহাৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, মধ্যপ্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যত সংঘটিত হোৱা এনে হিংসাত্মক প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় চৰকাৰ তথা প্ৰতিৰক্ষা মন্ত্ৰালয়ে অগ্নিপথ আৰু অগ্নিবীৰ সম্পৰ্কে কেইবাটাও সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হৈছিল।

অগ্নিবীৰক লৈ সৃষ্টি হোৱা এনে প্ৰতিবাদ এতিয়া নিয়ন্ত্ৰণ হৈছে যদিও এতিয়াও এই বিষয়ক লৈ বিতৰ্কৰ অন্ত পৰা নাই। দূৰ হোৱা নাই অসন্তুষ্টি। এনে বিতৰ্ক আৰু অসন্তুষ্টিৰ মাজতে প্ৰশ্ন উত্থাপন হৈছে- কিয় চৰকাৰে সেনাৰ স্থায়ী নিযুক্তিৰ পৰৱৰ্তে মাত্ৰ ৪ বছৰৰ বাবে অস্থায়ী নিযুক্তিৰ ব্যৱস্থা কৰিছে? ইয়াৰ আঁৰৰ কাৰণ কি? সেনাৰ নামত ব্যয় হোৱা ধনেই ইয়াৰ মূল কৰাণ নেকি? অৰ্থনৈতিক ভাৱে জুৰুলা হৈ পৰা দেশে সেনা বাহিনীৰ ব্যয় বহন কৰিব নোৱাৰা হৈ আহিছে নেকি?

এনেবোৰ প্ৰশ্নৰ উদয় হৈছে যদিও ইয়াৰ উত্তৰ কিন্তু স্পষ্টকৈ ক'তো প্ৰকাশ হোৱা নাই। বিষয়টোক লৈ কেৱল চলি থাকিল ৰাজনীতি। একাংশৰ মতে বিজেপি নেতৃত্বাধীন চৰকাৰে সংস্থাপনৰ কথা কৈছিল যদিও সংস্থাপনৰ ব্যৱস্থা কৰিব নোৱাৰাৰ বাবেই সেনা বাহিনীত এতিয়া লাখ লাখ যুৱকক মাত্ৰ ৪ বছৰৰ বাবে অস্থায়ী নিযুক্তি দি নিবনুৱা সমস্যা দূৰ কৰিবলৈ চেষ্টা কৰিছে আৰু আন একাংশৰ মতে বিজেপি নেতৃত্বাধীন চৰকাৰে দেশৰ যুৱ প্ৰজন্মক দেশ সেৱাৰ সুবিধা দিছে।

ইফালে যিসকলে এই আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে তেওঁলোকক দেশ সেৱাৰ বাবে নহয়, সংস্থাপনৰ বাবেহে সেনাত ভৰ্তি হবলৈ বিচাৰিছে বুলিও কোৱা হৈছে। বিভিন্ন জনে বিভিন্ন যুক্তি আগবঢ়াইছে যদিও অগ্নিপথ আঁচনিখনৰ আঁৰত বহু কথাই লুকাই আছে। যিবোৰ কথা হয়তো মুকলিকৈ চৰ্চা নোহোৱাকৈ আছে।

অগ্নিপথ বিতৰ্কৰ মাজতে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কৈছিল- "ধনৰ কথা পাহৰি যাওক, যদি ধনৰ প্ৰয়োজন হয়, আমি ইয়াক খৰচ কৰিবলৈ সাজু"। এই ক্ষেত্ৰত ব্যয়ৰ বিষয়টোৰ কোনো প্ৰশ্নই নাই।" অৰ্থাত সেনাৰ বাবে ধন ব্যয় কৰিবলৈ কুণ্ঠাবোধ নকৰে কেন্দ্ৰীয় চৰকাৰে।

আনহাতে সামৰিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব লেফটেনেণ্ট জেনেৰেল অনিল পুৰীয়ে কৈছে- "অগ্নিবীৰ আৰু ধনৰ মাজত কোনো সম্পৰ্ক নাই। আমি প্ৰশিক্ষণ আৰু তেওঁলোকক ৰখাত অধিক ব্যয় কৰিম। গতিকে কোনো লাভ নহয়। "

ইয়াৰ উপৰিও ভাৰতীয় নৌসেনাৰ ভাইচ এডমিৰেল দিনেশ কে ত্ৰিপাঠীয়ে কৈছে- "আঁচনিখনৰ মূল উদ্দেশ্য অৰ্থনৈতিক বিষয়টোৰ উৰ্ধত। আমি কোনো সময়তে আমাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ধনৰ অভাৱ অনুভৱ কৰা নাছিলো। যদি এই আঁচনিৰ বাবে ধন ৰাহি হয়, তেন্তে ই নিশ্চিতভাৱে ঘূৰি আহিব।

এইসকল নেতা তথা সামৰিক বিষয়াৰ মতে অগ্নিপথ আঁচনিখন সেনা বাহিনীৰ ধন ৰাহি কৰিবলৈ তৈয়াৰ কৰা নাই। কিন্তু প্ৰকৃততে এয়া সত্যনে? যদি ভাৰতীয় সেনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰা ধনৰ বিষয়ে চাও তেন্তে অগ্নিপথ আঁচনিৰ লগত ধনৰ বিষয়টোৰ প্ৰত্যক্ষ সংযোগ আছে।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা ১ ফেব্ৰুৱাৰী ২০২২ ত সংসদত দাখিল কৰা সাধাৰণ বাজেট অনুসৰি ভাৰতীয় প্ৰতিৰক্ষা বাজেট হৈছে ৫.২৫ লাখ কোটি টকা। এয়া হৈছে সাধাৰণ বাজেটৰ ১৩.৩১ শতাংশ । এই বাজেটত প্ৰতিৰক্ষাৰ বাবে নতুন সঁজুলি ক্ৰয় আৰু ক্ষমতাৰ বিকাশ বা অস্ত্ৰ, শস্ত্ৰ ক্ৰয়ৰ বাবে ১.৫২ লাখ কোটি টকা ধাৰ্য কৰা হৈছে। কৰ্মচাৰীসকলৰ পেঞ্চনৰ বাবে ধাৰ্য কৰা হৈছিল ১.১৯ লাখ কোটি টকা।

এই বাজেট উত্থাপন কৰাৰ পিছতে প্ৰতিৰক্ষা মন্ত্ৰালয়ে বাজেটখনক আদৰণি জনোৱাৰ লগতে বাজেটখনৰ প্ৰশংসাত পঞ্চমুখ হৈছিল। কিন্তু এই প্ৰশংসাৰ আঁৰত ভাৰতীয় প্ৰতিৰক্ষা বাজেটৰ এক উদ্বেগজনক দিশ লুকুৱাই ৰখা হৈছিল। এই দিশটো দৰমহা আৰু পেঞ্চনৰ ব্যয় বৃদ্ধি আৰু নতুন ক্ষমতা বিকাশ, গৱেষণা আৰু নতুন অস্ত্ৰ ক্ৰয়ত বিনিয়োগৰ ওপৰত প্ৰভাৱৰ সৈতে সম্পৰ্কিত।

মন কৰিবলগীয়া যে যোৱা ২০১১-১২ ৰ পৰা ২০১৮-১৯ লৈ কেন্দ্ৰীয় চৰকাৰৰ মুঠ ব্যয়ৰ সৈতে প্ৰতিৰক্ষা ব্যয়ৰ অনুপাত ১৬.৪ শতাংশৰ পৰা ১৭.৪ শতাংশলৈ বৃদ্ধি পাইছে। ২০১১-১২ বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ মুঠ ব্যয়ৰ ভিতৰত, প্ৰতিৰক্ষাৰ ব্যয়েই আছিল ১২.৬ শতাংশ।

আনহাতে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ সমূহ ৰূপায়ণৰ পিছত ২০১৮-১৯ বৰ্ষত এই ব্যয় বৃদ্ধি পাই ১৫.১ শতাংশলৈ। সপ্ত ম আয়োগ কাৰ্যকৰী কৰাৰ ফলত মুখ্যতঃ দৰমহা আৰু পেঞ্চনৰ বাবে মন্ত্ৰালয়ৰ ব্যয় অধিক হৈছিল। একেসময়তে আকৌ কেন্দ্ৰীয় চৰকাৰৰ মুঠ ৰাজহ ব্যয়ত প্ৰতিৰক্ষা মূলধন ব্যয়ৰ অংশ ৪৩.৮ শতাংশৰ পৰা ৩২.৪ শতাংশলৈ হ্ৰাস কৰা হৈছিল।

মন কৰিবলগীয়া যে ২০১১ ৰ পৰা ২০২১ লৈ পেঞ্চন ব্যয় ১৫.৭ শতাংশ হাৰত বৃদ্ধি পোৱাৰ বিপৰীতে সমগ্ৰ প্ৰতিৰক্ষা খণ্ডৰ ব্যয় ৯.৬ শতাংশ হাৰত বৃদ্ধি পাইছে। ফলত পেঞ্চনৰ ওপৰত বৃদ্ধি পোৱা ব্যয়ৰ বাবে প্ৰতিৰক্ষা খণ্ডৰ আধুনিকীকৰণত প্ৰত্যক্ষ প্ৰভাৱ পৰিছে। যাৰ বাবে সপ্তম দৰমহা আয়োগে পৰামৰ্শ দিছিল যে- "চৰকাৰে দৰমহা আৰু পেঞ্চনৰ সৈতে সম্পৰ্কিত দায়বদ্ধতা হ্ৰাস কৰিবলৈ আৰু নিৰ্দিষ্ট ৰোডমেপৰ সৈতে প্ৰতিৰক্ষা আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা লোৱা উচিত"।

অগ্নিপথ আঁচনি ঘোষণাৰ আগতে প্ৰতিৰক্ষা বাজেটত কৰ্মচাৰীসকলৰ ব্যয় আছিল ৬০ শতাংশ। আৰু মাত্ৰ ৪০ শতাংশ ধন সামৰিক সঁজুলি ক্ৰয়, গৱেষণা আৰু যাতায়তৰ বাবে আছিল। এই ৪০ শতাংশ ধন পৰ্যাপ্ত নাছিল। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ বিভিন্ন সংস্থা তথা দেশৰ লগত প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিভিন্ন সামগ্ৰী ক্ৰয়ৰ বাবে যি চুক্তি স্বাক্ষৰ কৰিছে সেই চুক্তি অনুসৰি গ্ৰহণ কৰিব নোৱাৰাৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে।

ধনৰ অভাৱৰ বাবে আগন্তুক পাঁচ বছৰৰ ভিতৰত আহিবলগীয়া সামগ্ৰীবোৰ আহি পোৱাত আৰু অধিক সময়ৰ প্ৰয়োজন হ'ব। বিভিন্ন সামগ্ৰী অৰ্ডাৰ কৰাতো পলম হৈছে। একে সময়তে, বিদ্যমান সঁজুলিবোৰৰ তত্বাৱধানোতো ধনৰ অভাৱৰ বাবে প্ৰভাৱ পৰিছে।

অগ্নিপথ আঁচনিৰ ফলত সেনাৰ দৰমহাৰ ওপৰত চৰকাৰে যি খৰচ কৰে তাত যথেষ্ট হ্ৰাস হ'ব। কাৰণ অগ্নিবীৰৰ সৰ্বাধিক দৰমহা হ'ব ৪০ হাজাৰ। এই ৪০ হাজাৰ টকা জ্যেষ্ঠ সৈনিকসকলক চৰকাৰে প্ৰদান কৰা দৰমহাতকৈ যথেষ্ট কম। দৰমহাৰ ক্ষেত্ৰত, চৰকাৰে প্ৰতিজন অগ্নিবীৰৰ বিপৰীতে ২০ ৰ পৰা ৩০ হাজাৰকৈ টকা ৰাহি কৰিব।

ইয়াৰ উপৰিও চৰকাৰে তিনি-চতুৰ্থাংশ কৰ্মচাৰীৰ পেঞ্চনত ৰাহি কৰিব। কিয়নো যিকোনো এটা গোটত নিয়োগ কৰা অগ্নিনিৰ্বাপক বাহিনীৰ ৭৫ শতাংশই পেঞ্চন নাপাব। এই বাজেটত কিমান প্ৰভাৱ পেলাব সেয়া চাবলৈ আমি ১০ বছৰ অপেক্ষা কৰিব লাগিব। কিন্তু পাঁচ বছৰৰ ভিতৰত আমি কিছু পৰিৱৰ্তন দেখিম।"

উল্লেখ্য যে ২০২১ চনৰ ডিচেম্বৰত ভাৰতীয় সেনা, নৌ সেনা আৰু বায়ু সেনা মিলাই মুঠ ১ লাখ ১৩ হাজাৰ পদ খালী আছিল। ইয়াৰ উপৰিও অৱসৰ ল'বলগীয়া সৈনিকৰ সংখ্যা হৈছে ৭৫ হাজাৰ। ইতমধ্যে অগ্নিবীৰ সন্দৰ্ভত এক নিয়োগ বিজ্ঞাপন প্ৰকাশ পাইছে। প্ৰকাশিত খবৰ মতে অগ্নিবীৰ আঁচনিৰ জৰিয়তে প্ৰথম বছৰত ৪৬ হাজাৰ অগ্নিবীৰ নিয়োগ কৰা হ'ব। ইয়াৰ পিছত পৰৱৰ্তী ৪-৫ বছৰত ৫০ ৰ পৰা ৬০ হাজাৰ অগ্নিবীৰ নিয়োগ কৰা হ'ব। ইয়াৰ পিছত ৯০ হাজাৰ আৰু পৰৱৰ্তী সময়ত ১ লাখ অগ্নিবীৰ নিয়োগ সম্পূৰ্ণ কৰা হ'ব।

চৰকাৰে অগ্নিপথ আঁচনি গ্ৰহণ কৰাৰ পিছত এতিয়া প্ৰতীৰক্ষা বাজেটত পৃথকৈ ধন সন্নিৱিষ্ট কৰিব নে নাই সেই কথা এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু চৰকাৰে অগ্নিপথ আঁচনি ধনৰ বোজা হ্ৰাস কৰিবলৈ গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰিছে। চৰকাৰৰ এই মন্তব্যৰ বিপৰীতে ইয়াৰ আঁৰত যে ধনৰ বুজা হ্ৰাস কৰাৰ বিষয়টো জড়িত হৈ আছে সেই কথা স্পষ্ট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in