/asomiyapratidin/media/media_files/2024/12/17/2USTpi7ZZMXSeqNnm7hs.png)
বহু ৰাজনৈতিক উত্থান, পতনৰ মাজেৰে অন্ত হ’বলৈ আগবাঢ়িছে চলিত ২০২৪ বৰ্ষটো। বহু কেইটা কাৰণত ২০২৪ বৰ্ষটো ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে উল্লেখনীয় হৈ থাকিব।
২০২৪ ত দেশত সংঘটিত হোৱা বহু ৰাজনৈতিক কাৰকে দশক দশক ধৰি মানুহৰ মন, মগজুত ক্ৰিয়া কৰি থাকিব। বছৰটোৰ শেষত ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত ২০২৪ ত সংঘটিত হোৱা দেশৰ তেনে ১০ টা ঘটনাক পুনৰ এবাৰ স্মৰণ কৰো আহক।
লোকসভা নিৰ্বাচন
দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত ২০২৪ বৰ্ষটোৰ উল্লেখনীয় দিশ আছিল লোকসভাৰ নিৰ্বাচন। এই নিৰ্বাচনত দেশৰ জনতাই পুনৰ এবাৰ এন ডি এৰ হাততে ক্ষমতা অৰ্পণ কৰিলে যদিও এই বিজয় বৰ সন্তুষজনক নহ’ল ভাৰতীয় জনতা পাৰ্টিৰ বাবে।
দলটোৱে ৪০০ ৰো অধিক আসনেৰে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী কৰিবলৈ প্ৰচাৰ চলাইছিল যদিও দলটোৱে পূৰ্বৰ দুটা কাৰ্যকালত লাভ কৰা একক সংখ্যাগৰিষ্ঠতাও হেৰুৱালে এইবাৰৰ নিৰ্বাচনত।
বিহাৰৰ নীতিশ কুমাৰৰ জে ডি ইউ আৰু অন্ধ্ৰপ্ৰদেশৰ তেলেগু দেশম পাৰ্টিৰ সহযোগতহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ লগতে প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ লাভ কৰিলে নৰেন্দ্ৰ মোডীয়ে। তাৰোপৰি যোৱা দেশৰ জনতাই এইবাৰ এক শক্তিশালী বিৰোধীক সংসদলৈ প্ৰেৰণ কৰিলে।
সংসদত বিৰোধী শক্তিশালী হোৱাৰ প্ৰমাণ ইতিমধ্যে পোৱা গৈছে। এই নিৰ্বাচনত যোৱা ১০ টা বছৰে সংসদত বিৰোধী দলৰ নেতা নাছিল যদিও এইবাৰ কংগ্ৰেছে ৯৯ খন আসন দখল কৰাত ৰাহুল গান্ধীয়ে বিৰোধী দলৰ নেতাৰ পদ লাভ কৰিলে।
মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচন
সদ্য সমাপ্ত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচন দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ বাবে এক উল্লেখনীয় বিষয় হিচাপে পৰিগণিত হৈছে। ৰাজ্যখনত খুব কম সময়ৰ ভিতৰতে জনতাৰ জনাদেশ যিদৰে সলনি হ’ল সেয়াও মন কৰিবলগীয়া।
বিধানসভা নিৰ্বাচনত মহাৰাষ্ট্ৰত মহাজুটিয়ে মুঠ ২৮৮ খন আসনৰ ভিতৰত ২৩০ খন আসনেই লাভ কৰিলে। মহাজুটিৰ অংশীদাৰ বিজেপিয়ে সৰ্বাধিক ১৩২ খন আসন আৰু একনাথ সিন্দে নেতৃত্বাধীন শিৱসেনাই ৫৭ খন, অজিত পাৱাৰ নেতৃত্বাধীন এন চি পিয়ে ৪১ খন আসন লাভ কৰিলে।
ইয়াৰ বিপৰীতে মহা বিকাশ অঘড়ীৰ অংশীদাৰ কংগ্ৰেছে মাত্ৰ ১৬ খন, শাৰদ পাৱাৰৰ এন চি পিয়ে ১০ খন আৰু উদ্ধৱ ঠাকৰেৰ দলে ২০ খন আসনহে লাভ কৰে। অথচ এইখন ৰাজ্যতে লোকসভা নিৰ্বাচনত বিধ্বস্ত হৈছিল এন ডি এ।
ৰাজ্যখনৰ মুঠ ৪৮ খন লোকসভা আসনৰ ভিতৰত ইণ্ডিয়াই লাভ কৰিছিল ২৫ খনকৈ আসন। ইয়াৰ ভিতৰত কংগ্ৰেছে ১৩ খনত, উদ্ধৱ ঠাকৰেৰ দলে ৯ খনত, শাৰদ পাৱাৰৰ দলে ৮ খনত বিজয় সাব্যস্ত কৰিছিল। তাৰ বিপৰীতে বিজেপিয়ে ৯ খনত, শিৱ সেনাই ৭ খনত আৰু অজিত পাৱাৰৰ এন চি পিয়ে মাত্ৰ ১ খন আসনত জয় লাভ কৰিছিল।
জম্মু আৰু কাশ্মীৰৰ বিধানসভা নিৰ্বাচন
প্ৰায় এটা দশকৰ অন্তত ২০২৪ ত অনুষ্ঠিত হ’ল জম্মু আৰু কাশ্মীৰৰ বিধানসভা নিৰ্বাচন। অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ সমান্তৰালকৈ জম্মু আৰু কাশ্মীৰে হেৰুৱাইছে ৰাজ্যৰ মৰ্যাদা। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিতে অনুষ্ঠিত হোৱা এই নিৰ্বাচন আছিল দেশবাসীৰ অন্যতম চৰ্চাৰ বিষয়।
এই নিৰ্বাচনত ওমৰ আব্দুল্লাহৰ নেতৃত্বাধীন নেচনেল কনফাৰেঞ্চে ৪২ খন আসনত বিজয় সাব্যস্ত কৰিলে। ইয়াৰ বিপৰীতে বিজেপিয়ে ২৯ খন আৰু মেহবুবা মুফতিৰ পিডিপিয়ে মাত্ৰ ৩ খন আসনত বিজয় সাব্যস্ত কৰে। কেন্দ্ৰীয় শাসিত অঞ্চলটোত নেচনেল কনফাৰেন্সে কংগ্ৰেছৰ সহায়ত চৰকাৰ গঠন কৰিছে।
হাৰিয়ানা নিৰ্বাচন
কৃষক আন্দোলন, মল্লযুঁজাৰুসকলৰ প্ৰতিবাদ আদি বিষয়ত দেশ উত্তাল হৈ থকাৰ মাজতে অনু্ষ্ঠিত হৈছিল হাৰিয়ানা বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনত ধাৰণা কৰা হৈছিল বিজেপি পৰাভূত হ’ব। আনকি নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ হৈ থকাৰ সময়তো বিজেপি ত্যাগ কৰি বহু নেতাই কংগ্ৰেছত যোগদান কৰিছিল।
কিন্তু শেষ মুহূৰ্তত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই পুনৰ এবাৰ হাৰিয়ানা দখল কৰিবলৈ সক্ষম হ’ল বিজেপি। অৱশ্যে পুনৰ এবাৰ ৰাজ্যখনত বিজেপিয়ে ক্ষমতা দখল কৰিলে যদিও মুখ্যমন্ত্ৰীৰ আসন হেৰুৱাবলগীয়া হ’ল মনোহৰ লাল খট্টৰে। মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিলে নায়াব সিং ছাইনিয়ে।
অৰবিন্দ কেজৰিৱালৰ পদত্যাগ
২০২৪ বৰ্ষটোত দেশৰ ৰাজনীতিত সৰ্বাধিক চৰ্চাৰ বিষয় হিচাপে থাকিল দিল্লীৰ চৰকাৰ আৰু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দিল্লীৰ সুৰা কেলংকাৰীৰ গোচৰত চলিত বছৰৰে ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক।
ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতো প্ৰায় ৫ মাহৰো অধিক সময় কাৰাগাৰত থাকিয়েই দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিও অৰবিন্দ কেজৰিৱালে এক ইতিহাস ৰচনা কৰিলে। কাৰাগাৰত থাকিয়েই দিল্লীৰ মুখ্যমন্ৰীন ৰ দায়িত্ব পালন কৰা কেজৰিৱালে পৰৱৰ্তী সময়ত কাৰাগাৰৰ পৰা মুক্ত হোৱাত সকলোকে আচৰিত কৰি ত্যাগ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদ।
তেওঁ ১৭ ছেপ্টেম্বৰত দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লয় আতিশীয়ে। এই ঘটনাও দেশৰ ৰাজনীতিৰ বাবে ২০২৪ ৰ এক উল্লেখনীয় ঘটনা।
হেমন্ত চোৰেনৰ জেল যাত্ৰা আৰু পুনৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তে কাৰাগাৰলৈ যাবলগীয়া হৈছিল হেমন্ত চোৰেন। ঝাৰখণ্ড মুক্তি মৰ্চাৰ এই নেতাগৰাকীয়ে অৱশ্যে কাৰাগাৰলৈ যোৱাৰ পূৰ্বে ত্যাগ কৰিছিল মুখ্যমন্ত্ৰীৰ পদ। ৩১ জানুৱাৰীত তেওঁক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। পৰৱৰ্তী সময়ত তেওঁ জুনৰ শেষত জামিন লাভ কৰে।
ভূমি কেলেংকাৰীৰ গোচৰত কাৰাগাৰলৈ হেমন্ত চোৰেনক নিক্ষেপ কৰাৰ আঁৰত ৰাজনৈতিক উদ্দেশ্য আছিল বুলিয়েই এতিয়াও সৰ্বত্ৰে চৰ্চা অব্যাহত আছে। এই ৰাজনৈতিক আক্ৰোশেই অৱশ্যে হেমন্ত চোৰেনৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিল। সদ্য সমাপ্ত ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত শক্তিশালী বিজয় সাব্যস্ত কৰি তেওঁ পুনৰ এবাৰ মুখ্যমন্ত্ৰী হিচাপে মূৰ দাঙি থিয় হ’ল।
মণিপুৰ ইছ্যু
২০০৩ চনৰ ৩ মে’ত আৰম্ভ হৈছিল মণিপুৰৰ গোষ্ঠী সংঘৰ্ষ। এই ঘটনাই ডেৰ বছৰ অতিক্ৰম কৰিলে যদিও আজিও শান্ত হোৱা নাই। ২০২৩ ৰ মে’ মাহৰ শেষৰ পৰা গোটেই বছৰটো যিদৰে মণিপুৰ বিষয়টোৱে চৰ্চা লাভ কৰিলে ঠিক সেইদৰেই ২০২৪ বছৰটোৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে চৰ্চাত আছে।
জ্বলি জ্বলি শেষ হ’বলৈ ধৰা মণিপুৰৰ শান্তি কেতিয়া ঘূৰিব সেয়া এতিয়াও নিশ্চিত নহয়। এতিয়াও প্ৰধানমন্ত্ৰীৰ মুখত নোলাই মণিপুৰ প্ৰসংগ। প্ৰায়ে বিদেশ ছফৰলৈ যোৱা, বিশ্ব গুৰু হ’বলৈ যোৱা প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ পৰা মণিপুৰলৈ আহিবলৈ আজিও সময় নোপোৱা বিষয়টোৱে দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে।
প্ৰিয়ংকা গান্ধীৰ সংসদত প্ৰৱেশ
কংগ্ৰেছৰ বেয়া দিন আৰম্ভ হোৱাৰ পাছৰে পৰাই কংগ্ৰেছ নেতৃত্বই ছোনিয়া গান্ধীৰ পাছতেই ৰাহুল গান্ধীক নেতা হিচাপে মানি আহিছে। ৰাহুল গান্ধীৰ নেতৃত্বতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। পিছে ৰাহুল গান্ধীয়ে পাৰ্যমানে চেষ্টা কৰিও দলটোক শক্তিশালী কৰাত ব্যৰ্থ হোৱাৰ সমান্তৰালকৈ ধৰি ৰাখিবলৈও সক্ষম হোৱা নাই। বহু নেতাই দল ত্যাগ কৰিছে। দলৰ ভিতৰত বিদ্ৰোহী নেতাৰ সংখ্যা বৃদ্ধি পাইছে।
এনে পৰিস্থিতিত বহুতেই প্ৰিয়ংকা গান্ধীক নেতা হিচাপে বিচাৰিছিল। যদিও দলৰ নেতৃত্বত প্ৰিয়ংকা গান্ধী আছিল তথাপিও তেওঁ সংসদীয় ৰাজনীতিৰ পৰা আঁতৰি আছিল। সেই প্ৰিয়ংকা গান্ধীয়েই এইবাৰ ৱায়নাডৰ পৰা উপ-নিৰ্বাচনত সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিছে।
প্ৰিয়ংকা গান্ধীয়ে সংসদত আহিয়েই প্ৰধানমন্ত্ৰীৰ নাম নোলোৱাকৈ যিদৰে আক্ৰমণাত্মক ভাষণ দিলে সেই ভাষণে বহুতকে আকৰ্ষিত কৰিছে। বহুতকেই তেওঁৰ মুখত দেখা পাইছে আইতাক ইন্দিৰা গান্ধীৰ প্ৰতিচ্ছবি। প্ৰিয়ংকাই এতিয়া বহু কংগ্ৰেছীৰ মনত আশাৰ সঞ্চাৰ কৰাও পৰিলক্ষিত হৈছে।
ৰাহুল গান্ধীৰ শক্তি বৃদ্ধ
সকলো সময়তে শাসকীয় বিজেপি নেতা, কৰ্মীৰ দ্বাৰা আক্ৰমণৰ সন্মুখীন হৈ আহিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। এসময়ত ‘পাপ্পু’ বুলি কটাক্ষ কৰা ৰাহুল গান্ধীৰ ওপৰত শেহতীয়াকৈ দেশবাসীৰ আস্থা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
সেয়ে হয়তো ২০২৪ ৰ নিৰ্বাচনত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ৫৪ খনৰ পৰা নিজৰ আসন ৯৯ খনলৈ বৃদ্ধি কৰিবলৈ সক্ষম হ’ল। এই নিৰ্বাচনত ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ ৰায় বেৰলী আৰু কেৰালাৰ ৱায়নাডৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি দুয়োখন আসনতে বিজয় সাব্যস্তও কৰিলে।
পৰৱৰ্তী সময়ত তেওঁ ৱায়নাড এৰি ৰায় বেৰলীকে নিজৰ লগত ৰাখিলে আৰু ৱায়নাড ভগ্নী প্ৰিয়ংকাক এৰি দিলে। ৰাহুল গান্ধীৰ উত্তৰ প্ৰদেশলৈ প্ৰত্যাৱৰ্তন দেশৰ ৰাজনীতিৰ বাবে এক উল্লেখনীয় ঘটনা। দেশৰ ৰাজনীতিৰ গতি সলনি কৰি দিব পৰা শক্তি আছে এই উত্তৰ প্ৰদেশৰ।
নবীন পাটনায়কৰ বিদায়
২০২৪ ৰ উৰিষ্যাৰ বিধানসভা নিৰ্বাচনত বিজু জনতা দল পৰাস্ত হ’ল। ফলত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীত্বৰ আসনখন হেৰুৱালে নবীন বাবু হিচাপে খ্যাত বৰ্ষীয়ান ৰাজনৈতিক নেতা নবীন পাটনায়কে।
ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত বিজু জনতা দলে কেৱল মাত্ৰ ৫১ খন আসনতে সীমাবদ্ধ থাকে। তাৰ বিপৰীতে বিজেপিয়ে লাভ কৰে ৭৮ খন আসন। ২০০৯ চনৰ পৰা ধাৰাবাহিকভাৱে ২০২৪ লৈ উৰিষ্যাৰ মুখ্যমন্ত্ৰী হৈ থকা নবীন পাটনায়কৰ পৰাজয় ২০২৪ ৰ আন এক উল্লেখনীয় ঘটনা।