/asomiyapratidin/media/media_files/2024/12/08/0Rkby6c1kX6pEbXCQrGm.jpg)
পথাৰত লখিমীৰ জিৰজিৰ শব্দ, কাঁচিৰ খচখচনি,মুঠতে আঘোণী পথাৰৰ পৰা আহিছে আনন্দৰ বতৰা ৷ আপোন খেতিডৰাৰ সোণ বৰণীয়া ৰূপ দেখি আনন্দত আত্মহৰা হৈ পৰিছে কৃষক-দাৱনী। ব্যস্ততাৰ মাজতো পথাৰতে দাৱনীসকলে লৈছে নিমখ-জলকীয়াৰে ৰবাব টেঙাৰ জুতি। বছৰটোৰ ১২টা মাহৰ ভিতৰত অন্যতম আঘোণৰ মাদকতা। এই ভৰা আঘোণক লৈ চয়নিকা শইকীয়াৰ আজিৰ প্ৰতিবেদন...
এয়া সপোন বুটলাৰ সময়। ব্যস্ততাৰ ওৰ নাই চহা ৰাইজৰ। হাতে হাতে কাচি লৈ পথাৰলৈ বাট বুলি ওলাইছে দাৱনি। কিয়নো এতিয়া সোণবৰণীয়া হৈ পৰিছে বাৰিষা বোকাত কপালৰ ঘাম পেলাই কৰা হেঁপাহৰ পথাৰখন। অসমীয়া জাতিৰ বাবে আঘোণৰ গুৰুত্ব অপৰিসীম৷ এই সময়ছোৱাত উজনি-নামনিত বিভিন্ন উৎসৱ পালন কৰি আনন্দ-উলাহ কৰে গ্ৰাম্যাঞ্চলৰ লোকসকলে ৷
আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতি নামনি অসমত পালন কৰা হয় ‘মহোহো’ উৎসৱ। বিশ্বাস অনুসৰি এই উৎসৱৰ পাছতে ঘৰখনৰ পৰা মহ আৰু খেতি পথাৰৰ পৰা পোক-পতংগ নাইকিয়া হয়। গৃহস্থক নদন-বদন হ'বলৈ আশীৰ্বাদ দিয়ে মহোহো খেদা দলটোৱে। এই দিনটোৰ পিছতহে সাধাৰণতে খেতিয়কসকলে ধান কাটিবলৈ আৰম্ভ কৰে।
ইফালে উজনি অসমত আঘোণ মাহৰ কোনো এটা ভাল দিনত ঘৰৰ গৃহিণী,জীয়ৰী,বোৱাৰী নাইবা গৃহস্থ বা তেওঁৰ সৰু লৰাই পথাৰলৈ গৈ ধান কেইগছী মান দাই আগলতি কলপাতত দি মূৰত কঢ়িয়াই আনি ভঁৰালত থয়। লগতে আহোতে কাৰো লগত মাত-বোল নকৰা বা পিছফালে ঘূৰি নোচোৱা এটা পালন কৰিবলগীয়া লোকাচাৰ।
আগদিনাখন ঘৰৰ চোতাল,ভঁৰাল ঘৰ আদি গোবৰেৰে মচি শুদ্ধি কৰি ল’য়। সেইদিনা খন বিচনী আৰু পিৰা এখন ধুই ভঁৰাল ঘৰৰ সন্মুখত থৈ দিয়া হয়। ঘৰখনৰ উপবাসত থকা বিশেষ এজনে গা ধুই তিতা কাপোৰেৰে দোণ বা খৰাহীৰ সৈতে কাচি লৈ পথাৰলৈ যায়। পথাৰত সেৱা জনাই একে উশাহতে তিনি বা পাঁচ গছী ধানৰ শীহ কাটি আগলতি কলপাতত মেৰিয়াই খৰাহীত থৈ মূৰত তুলি ঘৰলৈ আহে।
আগ অনা মানুহজন পদুলিমুখ পালে ঘৰৰ জ্যেষ্ঠজনে পাণ এখিলাৰে বৰণ কৰি ভঁৰাললৈ আগবঢ়াই আনে। পীৰাত ধানৰ শীহ কেইটা পাতি বিচনীৰে বিচি চাকি-বন্তি জ্বলাই মাহ-প্ৰসাদ আগবঢ়ায়। ৩দিনৰ দিনা শীহ কেইটা ভঁৰালৰ খুটাত বা গোঁসাই ঘৰৰ থাপনাত থৈ দিয়ে,আৰু সেইদিনৰ পৰাই কৃষকে ধান কটা আৰম্ভ কৰে।
ওপৰলৈ মূৰ তুলিবলৈ সময় নহয়,কাৰন সকলো ব্যস্ত প্ৰাপ্তিৰ আনন্দত। অধিকাংশ মানুহে আহাৰ,শাঁওন মাহত কপালৰ কেঁচাঘাম মাটিত পেলাই নাঙলৰ ফালেৰে সিৰলু টানি মাটি চহাই শইচ ৰোপন কৰে।
সেই বীজ অংকুৰিত হৈ আহিন মাহত গেৰ,কাতি মাহত গাখীৰতি হৈ পৰে। কঙালিত চাকি জ্বলাই শইচৰ পোক-পতংগক ধ্বংস কৰা লগতে লখিমীক পোহৰৰ বাট দেখুৱাই। লাহে লাহে শইচদৰা সোণালী বৰণ ধৰে। লাহে লাহে চহা ৰাইজৰ ব্যস্ততা আৰম্ভ হয়।
পিছে এতিয়া সময় কিছু সলনি হ'ল। সেই অতীতৰ আঘোণ আৰু এতিয়াৰ আঘোণৰ মাজত আছে বহু পাৰ্থক্য। তাহানি গ্রামাঞ্চলৰ ডেকাই চুবৰীয়ে চুবৰীয়ে ঘুৰি একগোট হৈ ইঘৰ-সিঘৰৰ পথাৰত ধান কাটিছিল। কিন্তু সেই আঘোণ এতিয়া অতীত।
বহু ডেকাই এতিয়া কামৰ তাড়নাত বহিঃৰাজ্যলৈ যায় ৷ তাহানিৰ এই আঘোণ মাহটোত গাঁৱত চুঙা পিঠা খোৱাৰ যি পৰম্পৰা আছিল,বৰ্তমান খেতি খোলা বাদ দিয়াৰ পিছত সেয়াও বহুতৰে নাইকিয়া হ'ল।
তাৰ মাজতো বহু শিক্ষিত যুৱকে কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ নগৈ নিজ খেতিডৰাৰে স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টা চলাইছে। সেয়ে সময় সলনি হ'লেও তেনে একাংশ লোকৰ বাবে আজিও আছে আঘোণৰ মাদকতা।
গাঁৱৰ জীয়াৰী,বোৱাৰিহঁতে উল্লাসেৰে ধান কাঁচিৰে কাটি মুঠিলৈ ৰূপান্তৰিত কৰে। সেই মুঠিসমূহ ডাঙৰি ৰূপ লৈ চহা কৃষকে বিৰিয়াৰে কান্ধত লৈ লখিমী আদৰে। এয়াই হৈছে অসমীয়াৰ প্ৰাপ্তি। সেয়ে কয়-
"ধানৰ পাতে কাটে,তেজ ডোঙা পাতে
তেওঁটো আমাৰ দুখ নাই, ধানে হাঁহি হহুৱাই..."