/asomiyapratidin/media/media_files/2025/05/25/X58h8ZGWKHdjHoXYzhNy.jpg)
হোমেন বৰগোহাঞিয়ে এই চিঠিখন লিখিছিল। বিশিষ্ট নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰলৈ লিখা চিঠি আছিল এইখন। ৫০ বছৰ পুৰণি এই চিঠিখনে গৰকিলে সোণালী বৰ্ষ। বৰঠাকুৰ পৰিয়ালে অতি সযতনে সাঁচি ৰাখিছে তেনে বহু পুৰণি চিঠিৰ লগতে বৰগোহাঞিৰ এই চিঠিখনো। কি লিখিছিল বৰগোহাঞিয়ে এই পত্ৰত? মৃদুল কুমাৰ সন্দিকৈৰ বিশেষ প্ৰতিবেদন...
এতিয়া মানুহে চিঠি নিলিখে। এদিন চিঠি আছিল যোগাযোগৰ উত্তম মাধ্যম। এই চিঠিবোৰে কঢ়িয়াই আনিছিল খবৰৰ লগতে আৱেগ আৰু আত্মীয়তা। ডিজিটেল দুনীয়াত ই মেইল,এচ এম এচ,ভিডিঅ' কলৰ প্ৰয়োভৰে চিঠিক পাহৰণিৰ গৰ্ভলৈ লৈ গ'ল। এই বস্তাৱতাৰ মাজতে আপোনাক সন্ধান দিব বিচাৰিছো অসমীয়া সাহিত্য জগতৰ দুই মহীৰূহৰ মাজত বিনিময় হোৱা এখন ৫০ বছৰ পুৰণি চিঠিৰ।
তেতিয়া নীলাচলৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল অসমীয়া সাহিত্যৰ তথা সংবাদ জগতৰ অন্যতম ভোটা তৰা হোমেন বৰগোহাঞি। মালিগাৱত আছিল সপ্তাহিক নীলাচল কাকতৰ কাৰ্যালয়। সম্পাদক বৰগোহাঞিয়ে ৫০ বছৰৰ পূৰ্বে লিখা এখন চিঠি আজিও সযতনে সাঁচি ৰাখিছে বিশিষ্ট নাট্যকৰ তথা সাহিত্যিক মহেন্দ্ৰ বৰঠাকুৰৰ পৰিয়ালে।
বৰঠাকুৰলৈ লিখা এই চিঠিখন অসমীয়া পত্ৰ সাহিত্যৰ অন্যতম সম্পদ। ৩১/১০/১৯৭৫ ত এই চিঠিখন লিখিছিল বৰগোহাঞিয়ে। চিঠিখনত এজন সম্পাদকৰ কৃতজ্ঞতা, সমসাময়িক লেখকৰ প্ৰতি তেখেতৰ দায়বদ্ধতা আৰু আত্মীয়তাৰ বৰ্হিঃপ্ৰকাশ ঘটিছিল।
প্ৰিয় বৰঠাকুৰ বুলি সম্বোধন কৰি বৰগোহাঞিয়ে লিখিছিল- "আমাৰ অনুৰোধ ৰক্ষা কৰি সাপ্তাহিক নীলাচলৰ বিশেষ নাটক সংখ্যা দুটা সুন্দৰভাৱে সম্পাদনা কৰি দিয়া কাৰণে আপোনালৈ আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আগবঢ়াইছো।"
নীলাচল কাকতখন ব্যৱসায়িকভাৱে সফল কাকত নহয় বুলি উল্লেখ কৰি তেওঁ এই পত্ৰত মহেন্দ্ৰ বৰঠাকুৰে সেই বিশেষ সংখ্যা দুটা সম্পাদনা কৰি দিয়া বাবে কিছু মাননি পঠোৱাৰ কথা জানিবলৈ দিছিল। দুটা পেৰেগ্ৰাফত থকা এই পত্ৰখনত বৰগোহাঞিয়ে লিখা শেষৰ কথাখিনি আছিল- "আমাৰ কাকতখন ব্যৱসায়িকভাৱে সফল কাকত নহয়,গতিকে আপোনালোকক যথোপযুক্ত মাননি দিয়াৰ সামৰ্থ আমাৰ এতিয়াও হোৱা নাই। তথাপি আমাৰ কৃতজ্ঞতাৰ চিন স্বৰূপে আপোনালৈ ৭৫ টকা আৰু পুলক গগৈলৈ ৫০ টকা মাননি হিচাপে ডাকযোগে পঠোৱা হৈছে। ৰেডিঅ'ত কাম কৰা বন্ধু কেইজন আৰু সত্যপ্ৰসাদ বৰুৱাৰ বাহিৰে বাকী কেইজনলৈ গাইপতি ২ ০ টকাকৈ পঠোৱা হৈছে। এইখিনি পাৰিশ্ৰমিক বুলি নধৰি আমাৰ আন্তৰিক কৃতজ্ঞতাৰ চিন মাত্ৰ বুলি গ্ৰহণ কৰি আমাক বধিত কৰিব বুলি আশা কৰিলো।"
শেষত তেওঁ সেই পৰিচিত চহীটো কৰি ওপৰত লিখিছিল ইতি আপোনাৰ প্ৰীতিভাজন। এতিয়া মানুহে হাতেৰে আখৰ লিখাটো পাহৰাৰ দৰে হৈছে। এদিন এই হাতৰ আখৰবোৰে চিঠিৰ মাধ্যমেৰে কেনে এক সম্পৰ্ক আৰু আত্মীয়তাৰ স্নেহৰ বান্ধোন সৃষ্টি কৰিছিল।
পৰিৱৰ্তিত এই পৰিৱেশৰ মাজত ৫০ বছৰ পুৰণি এইখন চিঠি নহয় নে ব্যতিক্ৰম। তেনে এখন চিঠি মহেন্দ্ৰ বৰঠাকুৰৰ মৃত্যুৰ পাছত পৰিয়ালৰ লোকে কিমান সযতনে সাঁচি ৰাখিছে আজিও। কিয়নো এইখন সোণালী বৰ্ষ অতিক্ৰম কৰা এখন পুৰণি সময়ৰ প্ৰতিফলন ঘটা দলিল।