'এসময়ত য’ত গুলীৰ শব্দ আছিল, আজি তাত বাজিছে খাম-চিফুঙৰ মধুৰ ধ্বনি'

অসমৰ কলা-সংস্কৃতিৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, অসমৰ সংস্কৃতিত এক অদ্ভূত আনন্দ নিহিত হৈ আছে আৰু অসমৰ কলা-সংস্কৃতিয়ে বিশ্বৰ দৰবাৰত অধিক প্ৰতিষ্ঠা লাভ কৰাটো চৰকাৰৰ একান্ত লক্ষ্য।

author-image
ৰিম্পী গগৈ
New Update
WhatsApp Image 2026-01-17 at 8.02.39 PM

আজি এক ঐতিহাসিক ক্ষণৰ সাক্ষী হল ৰাজ্যবাসী। সন্ধিয়া ৭-২৭ বজাৰ লগে লগে সৰুসজাইত ১০ হাজাৰৰো অধিক শিল্পীয়ে পৰিৱেশন কৰিলে বাগুৰুম্বা নাচ। বড়ো লোক সংস্কৃতিৰ অপৰূপ নাচ স্বচক্ষে দেখি আপ্লুত হল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই অনুষ্ঠানৰ ভাষণ প্ৰসংগত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। প্ৰধানমন্ত্ৰীৰ ভাষণৰ সকলো দিশ সামৰি ৰিম্পী গগৈৰ এক বিশেষ প্ৰতিবেদন-

আজি ৰাজ্যবাসী বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন।কেইবাটাও উন্নয়নমূলক কাম হাতত লৈ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী আজি সন্ধিয়া প্ৰায় ৬ বজাত বিশেষ বিমানযোগে গুৱাহাটীৰ বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয়। বিমান বন্দৰত তেওঁক উষ্ম আদৰণি জনায় ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে। তাৰ পিছতে সৰুসজাইত অনুষ্ঠিত বাগৰুম্ব দহৌত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। 

আজিৰ বাগৰুম্ব দহৌ অনুষ্ঠানত বড়ো আৰু অসমীয়া ভাষাত ভাষণৰ আৰম্ভণি কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। প্ৰথমেই তেওঁ সমগ্ৰ ৰাজ্যবাসীক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্রী হিচাপে অসমলৈ বহুবাৰ অহাৰ কথা উল্লেখ কৰি মোডীয়ে কয় যে, “প্ৰধানমন্ত্রী হিচাপে মই যিমানবাৰ অসমলৈ আহিছো, সিমান কোনো প্ৰধানমন্ত্রী অহা নাই।”

WhatsApp Image 2026-01-17 at 8.00.31 PM

ইফালে, অসমৰ কলা-সংস্কৃতিৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, অসমৰ সংস্কৃতিত এক অদ্ভূত আনন্দ নিহিত হৈ আছে আৰু অসমৰ কলা-সংস্কৃতিয়ে বিশ্বৰ দৰবাৰত অধিক প্ৰতিষ্ঠা লাভ কৰাটো চৰকাৰৰ একান্ত লক্ষ্য। বাগুৰুম্বা নৃত্যক অসমীয়া পৰম্পৰাৰ এক অন্যতম চানেকি বুলি আখ্যা দি তেওঁ কয়, বাগুৰুম্বা দহৌ বড়ো সমাজৰ মহান ব্যক্তিসকলক স্মৰণ কৰাৰ এক বিশেষ ক্ষণ। এই উপলক্ষে তেওঁ বড়ো সমাজৰ প্ৰতিগৰাকী ব্যক্তিক শ্ৰদ্ধা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাষণত অসমৰ ইতিহাস আৰু অতীতৰ কথা উল্লেখ কৰি কয় যে অসমৰ ইতিহাসৰ সৈতে ভাৰতৰ ইতিহাস অবিচ্ছেদ্যভাৱে জড়িত। চৰাইদেউ মৈদামক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাটো তেওঁৰ চৰকাৰৰ দিনতেই সম্ভৱ হৈছে বুলি উল্লেখ কৰে। তদুপৰি অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান, বাথৌ ধৰ্মক মান্যতা প্ৰদান আৰু বাথৌ পূজাক সন্মান জনাই উক্ত দিনটো ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰাৰ কথাও তেওঁ ভাষণত উল্লেখ কৰে। এই সময়ছোৱাত লাচিত বৰফুকন আৰু জ্যোতি প্ৰসাদ আগৰৱালাকো স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে।

আনহাতে, অসমৰ পৰিৱৰ্তনৰ ছবিখন দাঙি ধৰি মোডীয়ে কয়, য’ত এসময়ত গুলীৰ শব্দ শুনা গৈছিল, আজি তাত খাম আৰু চিফুঙৰ মধুৰ ধ্বনি শুনিবলৈ পোৱা যায়। য’ত অশান্তি আৰু অস্থিৰতা আছিল, আজি তাত বাগুৰুম্বা দহৌৰ দৰে বৃহৎ সাংস্কৃতিক আয়োজন অনুষ্ঠিত হৈছে। এই পৰিৱৰ্তনত প্ৰতিগৰাকী ভাৰতীয় গৌৰৱান্বিত বুলি মন্তব্য কৰে নৰেন্দ্ৰ মোডীয়ে।

WhatsApp Image 2026-01-17 at 7.59.53 PM

একেদৰে, বড়ো শান্তি চুক্তিক এক ঐতিহাসিক পদক্ষেপ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, এই চুক্তিয়ে বড়োলেণ্ডলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। অস্ত্ৰ ত্যাগ কৰি মূল সোঁতলৈ উভতি অহা বড়োলেণ্ডৰ যুৱ শক্তিৰ প্ৰশংসা কৰি তেওঁ উল্লেখ কৰে, শান্তিৰ পথক আগুৱাই নিয়াটো অতি প্ৰয়োজনীয়। বড়োলেণ্ডৰ শান্তিৰ বাবে চৰকাৰে পুনৰ সংস্থাপনৰ কাম ক্ষিপ্ৰগতিত আগবঢ়াই নিয়াৰ কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। 

ইফালে, আজিৰ অনুষ্ঠানত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, অসমৰ কলা-সংস্কৃতিক সন্মান জনালে কিছুমান লোকৰ কষ্ট হয় আৰু কংগ্ৰেছ দলে অসমক সন্মান জনাব নিবিচাৰে। সুধাকণ্ঠ ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিয়াৰ বিৰোধিতা কৰা, ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ বিৰোধিতা কৰা আদি অভিযোগ উত্থাপন কৰি তেওঁ উল্লেখ কৰে যে, কংগ্ৰেছৰ দিনত অসম দেশৰ মুখ্য ধাৰাৰ পৰা আঁতৰ হৈ আছিল। বিশ্বাস, সেৱা আৰু সুৰক্ষাৰ সময়ত কংগ্ৰেছে অসমক উপেক্ষা কৰিছিল আৰু অনুপ্ৰৱেশকাৰীক প্ৰশ্ৰয় দিছিল বুলি প্ৰধানমন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰে।

আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দাবী কৰে যে, কংগ্ৰেছৰ সময়ত কেইবা লাখ বিঘা ভূমি দখল হৈছিল যদিও আজি বিজেপি চৰকাৰে সেই ভূমি দখলমুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বড়োলেণ্ডৰ আশা-আকাংক্ষাক কংগ্ৰেছে গুৰুত্ব নিদিয়া বুলি মন্তব্য কৰি তেওঁ কয় যে, বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে কংগ্ৰেছৰ পাপক পৰিস্কাৰ কৰাৰ কাম কৰিছে।

WhatsApp Image 2026-01-17 at 7.59.54 PM

একেদৰে, দিল্লী আৰু অসমৰ দূৰত্ব হ্ৰাস পোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, কোকৰাঝাৰৰ সৈতে ভূটানৰ সংযোগ স্থাপনৰ বাবে কেইবা কোটিটকীয়া প্ৰকল্প আৰম্ভ হৈছে। ভূটানৰ সৈতে ৰে’ল যোগাযোগক এক্ট ইষ্ট পলিচীৰ অন্তৰ্ভুক্ত কৰা হৈছে বুলি তেওঁ জনায়। অসমৰ উন্নয়নৰ কাহিনীয়ে ভাৰতৰ উন্নয়নক নতুন গতি প্ৰদান কৰিব বুলি আশাবাদ ব্যক্ত কৰি আজিৰ বৃহৎ আয়োজন সফল কৰাৰ বাবে সকলোকে শুভকামনা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে।

ইয়াৰ পাছতেই ১০ হাজাৰ শিল্পীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰে বাগুৰুম্বা নাচ। ৭বাজি ৪৪ মিনিটত লেজাৰ লাইট শ্বৰে অন্ত পৰিল এই বাগুৰুম্বা দহৌ অনুষ্ঠানৰ। সমগ্ৰ বিশ্ববাসী সাক্ষী হৈ ৰ’ল এইঐতিহাসিক ক্ষণৰ।

WhatsApp Image 2026-01-17 at 7.59.51 PM

১০ হাজাৰৰো অধিক শিল্পীৰ দ্বাৰা পৰিৱেশিত বাগুৰুম্বা নৃত্যই মোহিত কৰিলে অসংখ্য লোকক। বিহু, ঝুমুইৰৰ অভূতপূৰ্ব সফলতাৰ পাছত এইবাৰ বড়ো লোকনৃত্যই পালে অনন্য মৰ্যাদা। বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিলে বাগুৰুম্বাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাষত বহুৱাই আনন্দিত মনে নৃত্য উপভোগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নৰেন্দ্ৰ মোডী