/asomiyapratidin/media/media_files/2025/12/28/bikhekh-protibedon-2-3-2025-12-28-12-30-16.jpg)
আজি ১২৯ সংখ্যক ‘মন কি বাত’ত দেশবাসীক সম্বোধন কৰিলে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে। ২০২৫ বৰ্ষৰ শেষৰটো ‘মন কি বাত’ত ‘অপাৰেচন সিন্দূৰ’ৰ পৰা দেশৰ যুৱশক্তিৰ বিকাশলৈ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীৰ ২০২৫ বৰ্ষৰ অন্তিম মন কি বাতৰ সকলো দিশ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন-
২০২৫ বৰ্ষৰ অন্তিম মন কি বাতত "ভাৰতবাসীয়ে গৌৰৱ কৰিব পৰা বহু ক্ষণৰ সাক্ষী ২০২৫বৰ্ষ" বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ২০২৫ৰ কেইবাটাও উল্লেখযোগ্য ঘটনা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
অপাৰেচন সিন্দূৰ
প্ৰধানমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, ভাৰতবাসীয়ে গৌৰৱ কৰিব পৰা বহু ক্ষণৰ সাক্ষী ২০২৫বৰ্ষ। ‘অপাৰেচন সিন্দূৰ’-এ গৌৰৱান্বিত কৰিলে প্রতিগৰাকী ভাৰতীয়ক। বিশ্বই স্পষ্টকৈ দেখিলে যে, আজিৰ ভাৰতে নিজৰ নিৰাপত্তাৰ ক্ষেত্ৰত আপোচ নকৰে। বন্দে মাতৰমে ১৫০ বছৰ সম্পূৰ্ণ কৰা ক্ষণৰো সাক্ষী হ’ল দেশবাসী।
ক্ৰীড়া ক্ষেত্র
ক্ৰীড়াৰ ক্ষেত্রতো ২০২৫ বৰ্ষ আছিল ভাৰতৰ। মহিলা ক্রিকেট দলৰ সফলতাৰ কথাও উল্লেখ কৰিলে প্রধানমন্ত্রীয়ে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে, "ক্ৰীড়াৰ ক্ষেত্ৰতো ২০২৫ বৰ্ষ এটা স্মৰণীয় বছৰ আছিল। আমাৰ পুৰুষ ক্ৰিকেট দলে আই চি চি চেম্পিয়নছ ট্ৰফী জয় কৰিছিল। মহিলা ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰিছিল। ভাৰতৰ কন্যাই মহিলা অন্ধ টি-২০ বিশ্বকাপ জয় কৰি ইতিহাস ৰচনা কৰিছিল। বিশ্ব চেম্পিয়নশ্বিপত একাধিক পদক লাভ কৰি, পেৰা-এথলীটসকলে প্ৰমাণ কৰিলে যে কোনো বাধাই দৃঢ়প্ৰতিজ্ঞক ৰখাব নোৱাৰে।"
প্রয়াগৰাজৰ মহাকুম্ভ
আজিৰ মন কি বাতত প্রয়াগৰাজৰ মহাকুম্ভৰ কথাও উল্লেখ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, "বিশ্বাস, সংস্কৃতি, আৰু ভাৰতৰ অনন্য ঐতিহ্য সকলো ২০২৫ চনত একত্ৰিত হৈছিল। বছৰৰ আৰম্ভণিতে প্ৰয়াগৰাজ মহাকুম্ভৰ আয়োজনে সমগ্ৰ বিশ্বকে আচৰিত কৰি তুলিছিল। বছৰৰ শেষত অযোধ্যাৰ ৰাম মন্দিৰত পতাকা উত্তোলন অনুষ্ঠানে প্ৰতিজন ভাৰতীয়ক গৌৰৱেৰে ভৰি পৰিছিল।"
দেশৰ যুৱ শক্তি
বছৰটোৰ শেষৰটো মন কি বাতত দেশৰ যুৱশক্তিক উদ্দেশ্যি কেইবাটাও গুৰুত্বৰপূৰ্ণ কথা কলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, আজি বিশ্বই ভাৰতক বহু আশাৰে বাট চাই আছে। আমাৰ যুৱ শক্তিয়ে এই ক্ষেত্রত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই ক্ষেত্রত আমাৰ যুৱ শক্তি শক্তিশালী হোৱাৰ উপৰিও সচেতনো। ১২ জানুৱাৰীৰ স্বামী বিবেকানন্দৰ জন্মদিৱস ‘যুৱ দিৱস’ হিচাপে পালন কৰা হ’ব।
তেওঁ লগতে উল্লেখ কৰে যে, আজি দেশৰ যুৱ শক্তিয়ে প্রতিভা প্রদৰ্শনৰ বহু সুযোগ লাভ কৰিছে। স্মাৰ্ট ইণ্ডিয়া হেক্কাথন যুৱ শক্তিৰ প্রতিভা প্রদৰ্শনৰ এখন প্লেটফৰ্ম। ডিজিটেল এৰেষ্ট, জিডিটেল বেংকিং, চাইবাৰ সুৰক্ষা এই সমূহ ক্ষেত্রত স্মাৰ্ট ইণ্ডিয়া হেক্কাথনত দক্ষতা প্রদৰ্শন যুৱ শক্তিৰ। ১৩লাখ ছাত্ৰ-ছাত্রীয়ে স্মাৰ্ট ইণ্ডিয়া হেক্কাথনত অংশ লৈছে। ভাৰতৰ যুৱক-যুৱতীসকলৰ নতুন কিবা এটা কৰাৰ আবেগ আছে আৰু তেওঁলোক সমানেই সচেতন বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য় কৰে।
মণিপুৰৰ যুৱকৰ প্ৰসংগ
প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ এজন যুৱকৰ এক উদাহৰণ দাঙি উল্লেখ কৰে যে, "য'ত ইচ্ছা আছে, তাতেই উপায় আছে" পুৰণি কথাষাৰ উত্তৰ-পূবৰ এজন যুৱকে প্ৰমাণ কৰিছে। তেওঁ হৈছে মণিপুৰৰ যুৱক মইৰাংথেম ছেঠ। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, "তেওঁৰ বয়স ৪০ বছৰতকৈও কম। মইৰাংথেম বাস কৰা মণিপুৰৰ দুৰ্গম অঞ্চলত বিদ্যুতৰ বৃহৎ সমস্যা আছিল। এই প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ তেওঁ স্থানীয় সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ এটা সমাধান বিচাৰি পাইছিল। এই সমাধান আছিল সৌৰশক্তি।"
পাৰ্বতী গিৰীক স্মৰণ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বাধীনতা সংগ্ৰামীৰ প্ৰসংগও আজিৰ মন কি বাতত উল্লেখ কৰে। তেওঁ কয় যে, বন্ধুসকল, অহা মাহত আমি আমাৰ দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিম। যেতিয়াই এনে অনুষ্ঠান হয় তেতিয়াই আমাৰ হৃদয় স্বাধীনতা সংগ্ৰামী আৰু সংবিধান নিৰ্মাতাসকলৰ প্ৰতি কৃতজ্ঞতাৰে ভৰি পৰে। আমাৰ দেশে স্বাধীনতা লাভৰ বাবে দীৰ্ঘদিনীয়া সংগ্ৰাম চলাইছিল। দেশৰ প্ৰতিটো প্ৰান্তৰ লোকে স্বাধীনতা আন্দোলনত অৰিহণা যোগাইছিল। কিন্তু দুৰ্ভাগ্যবশতঃ স্বাধীনতাৰ বহু বীৰ-বীৰাংগনাই প্ৰাপ্য সন্মান নাপালে।
তেনে এগৰাকী স্বাধীনতা সংগ্ৰামী হৈছে ওড়িশাৰ পাৰ্বতী গিৰি। ২০২৬ চনৰ জানুৱাৰী মাহত তেওঁৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হ’ব। ১৬ বছৰ বয়সত ভাৰত ত্যাগ আন্দোলনত অংশ লৈছিল। বন্ধুসকল, স্বাধীনতা আন্দোলনৰ পিছত পাৰ্বতী গিৰীয়ে সমাজসেৱা আৰু জনজাতীয় কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। কেইবাখনো অনাথ আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ প্ৰেৰণাদায়ক জীৱনে প্ৰতিটো প্ৰজন্মক পথ প্ৰদৰ্শন কৰি থাকিব।
তামিল ভাষা
তামিল ভাষা সন্দৰ্ভত উল্লেখ কৰি প্ৰধান মন্ত্ৰীয়ে কয়, ভাৰতীয় ভাষা আৰু সংস্কৃতিৰ প্ৰসাৰৰ বাবে এক প্ৰশংসনীয় পদক্ষেপ চলি আছে। স্থানীয় প্ৰজন্মক তামিল ভাষাৰ সৈতে সংযোগ কৰিবলৈ বিদ্যালয়সমূহত তামিল দিৱস পালন কৰা হৈছিল। শিশুসকলে তামিল ভাষাত কবিতা আবৃত্তি আৰু উপস্থাপন আগবঢ়ায়।
আমাৰ দেশত তামিল ভাষাৰ প্ৰচাৰৰ বাবে নিৰন্তৰ কাম চলি আছে। শেহতীয়াকৈ কাশীত চতুৰ্থ কাশী তামিল সংগম অনুষ্ঠিত হয়। এইবাৰ কাশী তামিল সংগমে তামিল ভাষা শিকাৰ সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰে। এই সময়ছোৱাত কাশীৰ ৫০খনতকৈও অধিক বিদ্যালয়তো এক বিশেষ অভিযান আৰম্ভ কৰা হয়। মই আনন্দিত যে, আজি দেশৰ আন প্ৰান্তত শিশু আৰু যুৱক-যুৱতীসকলৰ মাজত তামিল ভাষাৰ প্ৰতি এক নতুন আগ্ৰহ দেখা গৈছে – এয়াই ভাষাৰ শক্তি, এয়াই হৈছে ভাৰতৰ ঐক্য।
আজিৰ মন কী বাটৰ শেষত প্ৰধানমন্ত্ৰীয়ে সকলোকে ঐতিহ্যক পাহৰি নাযাবলৈ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে, আমাৰ ঐতিহ্যক পাহৰি নোযোৱাটো আমাৰ দায়িত্ব। আমাক স্বাধীনতা কঢ়িয়াই অনা বীৰ- বীৰাংগনাৰ মহান কাহিনী আমি পৰৱৰ্তী প্ৰজন্মলৈ আগবঢ়াই নিব লাগিব।
শেষত '২০২৬ চনত নতুন শক্তি, নতুন উৎসাহ আৰু নিজৰ বুলি ভবাৰ ভাৱনাৰে লগ পাম' বুলিও উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us