বৰ ভূঁইকঁপৰ সৈতে মোকামেলা কৰিবলৈ আমি সাজুনে ?

২০২৫ চনত অসমত অনুভূত ভূমিকম্পসমূহে বৃহৎ ধ্বংস নকৰিলেও এক স্পষ্ট সতৰ্ক সংকেত প্ৰদান কৰিছে।

author-image
ৰিম্পী গগৈ
New Update
WhatsApp Image 2026-01-05 at 4.51.47 PM

ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পাইছে ভূমিকম্পৰ ঘটনা। সোমবাৰে পুৱতি নিশা ৫.১ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। ২০২৫ চনত হোৱা কেইবাটাও ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে ঢেকীয়াজুলি, মৰিগাঁও অথবা ওদালগুৰি। এই ভূমিকম্প সমূহ কেৱল এক ঘটনা নহয়, ই হৈছে ভৱিষ্যতৰ বাবে এক গুৰুত্বপূৰ্ণ সতৰ্কবাণী। ২০২৫ বৰ্ষত ৰাজ্যত হোৱা ভূমিকম্প আৰু ভূমিকম্পৰ সময়ত লব লগা সাৱধানতা সন্দৰ্ভত ৰিম্পী গগৈৰ এক প্ৰতিবেদন-

২০২৫ বৰ্ষত কেইবাটাও ভূমিকম্পই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। বিগত বৰ্ষটো অসমবাসীৰ বাবে প্ৰাকৃতিক দুৰ্যোগৰ দৃষ্টিকোণৰ পৰা এক গুৰুত্বপূৰ্ণ আৰু সতৰ্কতামূলক বছৰ হিচাপে চিহ্নিত হৈ থাকিব। এই বছৰত ৰাজ্যখনত একাধিক ভূমিকম্প অনুভূত হোৱাত সাধাৰণ জনজীৱনত আতংকৰ সৃষ্টি হোৱাৰ লগতে পুনৰ এবাৰ স্পষ্ট কৰি দিলে যে অসম এতিয়াও ভাৰতৰ অন্যতম ভূমিকম্প-প্ৰৱণ অঞ্চল। 

ভৌগলিক দৃষ্টিকোণ

ভূ-বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা অসম ভাৰতৰ Seismic Zone–Vত অৱস্থিত, যি হৈছে সৰ্বাধিক ভূমিকম্প-সংবেদনশীল অঞ্চল। ভাৰতীয় (Indo-Australian) প্লেট আৰু ইউৰেশীয় প্লেটৰ সংঘৰ্ষৰ ফলতেই ৰাজ্যত ভূমিকম্পৰ সংখ্যা বৃদ্ধি পাইছে।

ইফালে, ১৮৯৭ চন আৰু ১৯৫০ চনৰ ভূমিকম্পই ইতিমধ্যে অসমৰ ভয়ংকৰ ইতিহাসৰ সাক্ষ্য বহন কৰি আছে। সেই পটভূমিত ২০২৫ চনত ঘটা ভূমিকম্পসমূহক বিশেষজ্ঞসকলে কেৱল সাধাৰণ পৰিঘটনা হিচাপে নহয়, বৰঞ্চ এক সক্ৰিয় ভূ-গৰ্ভীয় প্ৰক্ৰিয়াৰ অংশ হিচাপে গণ্য কৰিছে।

যদিও, ২০২৫ বৰ্ষত অনুভূত ভূমিকম্পৰ ফলত অধিকাংশ ক্ষেত্ৰতে বৃহৎ ক্ষতি বা প্ৰাণহানিৰ ঘটনা সংঘটিত হোৱা নাছিল, তথাপিও সঘনাই হোৱা কম্পনে ৰাজ্যখনত আতংকৰ সৃষ্টি কৰিছিল। অধিকাংশ ভূঁইকঁপ ফলত মৃদু জোকাৰণি হৈছিল যদিও কেইবাটাও শক্তিশালী ভূমিকম্পই জোকাৰি গৈছিল ৰাজ্য।

২০২৫ বৰ্ষত অনুভূত ভূমিকম্প

২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষভাগত প্ৰায় ৫.০ মাত্ৰাৰ ভূমিকম্প অনুভূত হয়। পুৱতি নিশাৰ এই ভূমিকম্প মৰিগাঁও, নগাঁও, কামৰূপ, গুৱাহাটীসহ ৰাজ্যৰ বহুকেইখন জিলাত তীব্ৰভাৱে অনুভূত হয়। এই ঘটনাত বহু লোক আতংকিত হৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে।

এই ভূমিকম্পৰ ফলত পুৰণি ভৱনত দেৱালৰ সূক্ষ্ম ফাট দেখা যায়। যাৰবাবে বিদ্যুৎ আৰু টেলিকম সেৱাত সাময়িক ব্যাঘাত ঘটে। যদিও এই ভূমিকম্পত প্ৰাণহানি বা বৃহৎ ক্ষয়ক্ষতি নঘটিল, তথাপিও এই ভূমিকম্পই বছৰটোৰ আৰম্ভণিতেই এক সতৰ্ক সংকেত প্ৰদান কৰে।

ফেব্ৰুৱাৰীৰ পিছতেই মাৰ্চৰ পৰা জুলাই মাহলৈ অসমত একাধিক ক্ষুদ্ৰ আৰু মধ্যম প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়। সেই সময়ছোৱাত নগাঁও, উদালগুৰি, গোলাঘাট, ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাত ৩.৫ ৰ পৰা ৪.২ মাত্ৰাৰ ভূমিকম্প অনুভূত হয়।

বিশেষজ্ঞসকলৰ মতে, এই সময়ছোৱাত— ভূগৰ্ভীয় প্লেটসমূহৰ মাজত চাপৰ পুনৰ্বিন্যাস চলি আছিল। এই ক্ষুদ্ৰ কম্পনসমূহক “stress adjustment tremors” হিচাপে ব্যাখ্যা কৰা হয়। যদিও এইবোৰে বিশেষ ক্ষতি নকৰিলে, তথাপিও ঘনঘন কম্পনে জনমানসত এক ধৰণৰ মানসিক আতংক সৃষ্টি কৰে।

ইফালে, আগষ্ট মাহত ৪.৩ প্ৰাৱল্যৰ ভূমিকম্প অনুভূত হয়। এই ভূমিকম্পৰ ফলত কিছুমান বিদ্যালয় আৰু চৰকাৰী কাৰ্যালয়ত সাময়িকভাৱে কাম বন্ধ হয়। পুৰণি গৃহ আৰু বাণিজ্যিক ভৱনত ফাট মেলা দেখিবলৈ পোৱা যায়। আনহাতে, স্থানীয় যাতায়াত আৰু ব্যৱসায়ত ক্ষণস্থায়ী প্ৰভাৱ এই সময়ছোৱাত একেটা মাহতে একাধিক কম্পন অনুভূত হোৱাত বিশেষজ্ঞসকলে ভূমিকম্পীয় সক্ৰিয়তা বৃদ্ধি পোৱাৰ ইংগিত দিয়ে।

আনহাতে, ২০২৫ চনৰ আটাইতকৈ শক্তিশালী ভূমিকম্পটো অনুভূত হয় ছেপ্টেম্বৰ মাহৰ মাজভাগত। ওদালগুৰি জিলা আছিল এই ভূমিকম্পৰ অভিকেন্দ্ৰ। ভূমিকম্পটোৰ প্ৰাবল্য আছিল প্ৰায় ৫.৮ ৰ পৰা ৫.৯।

এই ভূমিকম্পৰ প্ৰভাৱ বহুদূৰলৈ বিস্তৃত হৈছিল। গুৱাহাটী মহানগৰসহ সমগ্ৰ অসমত তীব্ৰ কম্পন পৰিলক্ষিত হৈছিল। আনকি পশ্চিম বংগৰ উত্তৰ অংশ, ভুটান আৰু বাংলাদেশৰ কিছু অঞ্চলতো অনুভূত হৈছিল ভূমিকম্পৰ জোকাৰণি।

ইফালে সোমবাৰে পুৱতি নিশা ৫.৬ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি যায় সমগ্ৰ ৰাজ্য। এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মৰিগাঁৱৰ পৰা ১৪ কিলোমিটাৰ নিলগৰ গভীৰত। পুৱতি নিশা ৪ বাজি ১৭ মিনিটত ৰাজ্যত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। 

এই ভূমিকম্পৰ ফলত মৰিগাঁৱত আহত হৈছে ৩ জনকৈ লোক। ভূমিকম্পৰ সময়ত দৌৰা-দৌৰিকৈ বাহিৰলৈ ওলাই আহোতেই আঘাতপ্ৰাপ্ত হয় লোককেইজন। আঘাতপ্ৰাপ্ত নীৰজ কুমাৰ আৰু জয়মতী দেউৰীক ভৰ্তি কৰোৱা হয় মৰিগাওঁ অসামৰিক চিকিৎসালয়ত। তিনিওগৰাকীয়ে মূৰত আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰে জয়মতী দেউৰী নামৰ বৃদ্ধাগৰাকীৰ মূৰত পৰিছে ১২টা চিলাই। আনহাতে, ভূমিকম্পৰ জোকাৰণিত জুৰীয়াৰ দগাঁৱৰ এখন দোকানত মেলিছে ফাট। দগাঁৱৰ বাহাৰুল ইছলাম দোকানত ফাট মেলাৰ পাছতে হাহাঁকাৰ পৰিস্থিতি সৃষ্টি হয় গাঁৱখনত। 

২০২৫ চনত অসমত অনুভূত ভূমিকম্পসমূহে বৃহৎ ধ্বংস নকৰিলেও এক স্পষ্ট সতৰ্ক সংকেত প্ৰদান কৰিছে। অসম ভূমিকম্প-প্ৰবণ অঞ্চল আছিল, আছে আৰু থাকিব। প্ৰশ্ন হ’ল— ভূমিকম্পৰ সৈতে মোকামেলা কৰিবলৈ আমি কিমানখিনি প্ৰস্তুত?

ভূমিকম্পৰ সজাগতা

ভূমিকম্পক সম্পূৰ্ণৰূপে ৰোধ কৰিব নোৱাৰিলেও সঠিক সজাগতা আৰু পৰিকল্পিত চৰকাৰী পদক্ষেপৰ জৰিয়তে প্ৰাণ আৰু সম্পত্তিৰ ক্ষতি বহু পৰিমাণে হ্ৰাস কৰিব পৰা যায়। ভূমিকম্প-পূৰ্ব, ভূমিকম্পকালীন আৰু ভূমিকম্প-উত্তৰ—এই তিনিও পৰ্যায়ত সজাগতা আৰু প্ৰস্তুতি এতিয়া ৰাজ্যবাসীৰ বাবে অতি জৰুৰী হৈ পৰিছে।

১. জনসাধাৰণৰ সজাগতাঃ ভূমিকম্প অসমত স্বাভাৱিক ঘটনা বুলি জনসাধাৰণে বুজিব লাগিব, যাৰবাবে ৰাইজ আগতীয়াকৈ সাৱধান হব লাগিব। তলত ৩ ধৰণৰ সজাগতাৰ কথা আলোচনা কৰা হৈছে।

ভূমিকম্প-পূৰ্ব সজাগতা

  • ঘৰত গধুৰ আলমাৰি, টিভি, শেল্ফ আদি দেৱালৰ সৈতে দৃঢ়ভাৱে সংযুক্ত কৰি থোৱা
  • ঘৰৰ ভিতৰত নিৰাপদ স্থান (tableৰ তল, মজবুত দেওয়ালৰ কাষ) চিনাক্ত কৰি থোৱা
  • পৰিয়ালৰ সকলো সদস্যৰ সৈতে ভূমিকম্পৰ সময়ত কি কৰিব সেই বিষয়ে আগতীয়াকৈ আলোচনা কৰা
  • অত্যাৱশ্যক সামগ্ৰীৰে সজ্জিত Emergency Kit (torch, পানী, শুকান খাদ্য, প্ৰাথমিক চিকিৎসা সামগ্ৰী) প্ৰস্তুত কৰি থোৱা

ভূমিকম্পকালীন সজাগতা

  • আতংকিত নহৈ “Drop, Cover and Hold” নীতি মানি চলা
  • লিফ্ট ব্যৱহাৰ নকৰা
  • দৌৰি বাহিৰলৈ ওলাই যাবলৈ চেষ্টা নকৰা
  • বাহিৰত থাকিলে বিদ্যুৎ খুঁটি, গছ, অট্টালিকাৰ পৰা দূৰত্ব বজাই ৰখা
  • গাড়ী চলাই থাকিলে সুৰক্ষিত ঠাইত গাড়ী ৰখাই ভিতৰতে থকা

ভূমিকম্প-উত্তৰ সজাগতা

  • আফ্টাৰশ্বক হোৱাৰ সম্ভাৱনা মনত ৰখা
  • ক্ষতিগ্ৰস্ত ভৱনত তৎক্ষণাৎ প্ৰৱেশ নকৰা
  • গেছ, বিদ্যুৎ সংযোগ পৰীক্ষা কৰা
  • গুজৱত বিশ্বাস নকৰি চৰকাৰী বা বিশ্বাসযোগ্য উৎসৰ পৰা তথ্য সংগ্ৰহ কৰা
  • আহত লোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা

২. চৰকাৰে ল’ব লগা পদক্ষেপঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চল যিহেতু ভূমিকম্পপ্ৰৱণ ঠাই, যাৰবাবে চৰকাৰে আগতীয়াকৈ কিছু সাৱধানতা হাতত লোৱা অত্যন্ত প্ৰয়োজন হৈ পৰিছে। আনহাতে, শেহতীয়াকৈ বাৰে বাৰে হৈ থকা মৃদু ভূমিকম্পই অনাগত দিনত আহিবলগীয়া ডাঙৰ ভূমিকম্পৰ কথাই সূচায় বুলি উল্লেখ কৰিছে ভূ-বিজ্ঞানীসকলে। 

ভূমিকম্প-পূৰ্ব প্ৰস্তুতি

  • ভূমিকম্প-প্ৰতিৰোধী Building Code কঠোৰভাৱে প্ৰয়োগ কৰা
  • পুৰণি আৰু ভঙা ভৱনসমূহৰ Structural Audit কৰা
  • বিদ্যালয়, হাস্পতাল, চৰকাৰী ভৱনসমূহক ভূমিকম্প-সহনশীল কৰি তোলা
  • দুৰ্যোগ ব্যৱস্থাপনা বিষয়ক পাঠ্যক্রম বিদ্যালয় স্তৰত অন্তৰ্ভুক্ত কৰা
  • জিলা পৰ্যায়ত নিয়মিত Mock Drill আয়োজন কৰা

আগতীয়াকৈ সতৰ্কতা আৰু প্ৰযুক্তি ব্যৱহাৰ

  • ভূমিকম্প নিৰীক্ষণ কেন্দ্ৰ আৰু seismograph নেটৱৰ্ক শক্তিশালী কৰা
  • Mobile alert, siren system আদি আগতীয়া সতৰ্কতা ব্যৱস্থা উন্নত কৰা
  • ডাটা বিশ্লেষণৰ জৰিয়তে উচ্চ-ভূমিকম্পপ্ৰৱণ অঞ্চল চিনাক্ত কৰা

ভূমিকম্পকালীন সময়ত সতৰ্কতা

  • ASDMA, SDRF, NDRF আদি বাহিনী তৎক্ষণাৎ সক্ৰিয় কৰা
  • ক্ষতিগ্ৰস্ত অঞ্চলত তৎকালীন যোগাযোগ আৰু উদ্ধাৰ ব্যৱস্থা
  • চিকিৎসা দল, এম্বুলেন্স আৰু অস্থায়ী চিকিৎসা শিবিৰ স্থাপন

ভূমিকম্প-উত্তৰ পুনৰুদ্ধাৰ

  • ক্ষয়ক্ষতিৰ দ্ৰুত মূল্যায়ন
  • ক্ষতিগ্ৰস্ত লোকলৈ আৰ্থিক সাহায্য আৰু পুনৰ্নিৰ্মাণ সহায়
  • পুনৰ্নিৰ্মাণত ভূমিকম্প-প্ৰতিৰোধী নক্সা বাধ্যতামূলক কৰা
  • মানসিক আঘাতত ভোগা লোকৰ বাবে কাউন্সেলিং ব্যৱস্থা

৩. জনসাধাৰণ আৰু চৰকাৰৰ যৌথ দায়িত্বঃ ভূমিকম্পৰ ক্ষেত্ৰত কেৱল চৰকাৰ বা কেৱল জনসাধাৰণেই যথেষ্ট নহয়। দুয়োপক্ষৰ সমন্বিত প্ৰচেষ্টাইহে সফলতা আনিব পাৰে।

  • জনসাধাৰণে চৰকাৰৰ নিয়ম মানিব লাগিব।
  • চৰকাৰী নীতি কঠোৰভাৱে কাৰ্যকৰী কৰিব লাগিব
  • সংবাদ মাধ্যম আৰু সামাজিক সংগঠনে সচেতনতা বৃদ্ধি কৰিব লাগিব

আমি আটাইয়ে জানো যে, ভূমিকম্পক এৰাই চলিব নোৱাৰি, কিন্তু সজাগতা আৰু সঠিক প্ৰস্তুতিৰে ইয়াৰ প্ৰভাৱ কমাব পৰা যায়। অসমৰ দৰে ভূমিকম্প-প্ৰবণ ৰাজ্যত সজাগতা কেৱল বিকল্প নহয়, ই এক জীৱন ৰক্ষাৰ হাথিয়াৰ। ৰাইজৰ মাজত সচেতনতা আৰু চৰকাৰী পদক্ষেপেই ভৱিষ্যতৰ বৃহৎ বিপৰ্যয় ৰোধ কৰিব পাৰে।

ভূমিকম্প