/asomiyapratidin/media/media_files/2025/12/28/bikhekh-protibedon-3-2025-12-28-13-13-28.jpg)
অসমীয়া জাতিৰ ইতিহাস, সাহিত্য আৰু সংস্কৃতিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এক পৱিত্ৰ নাম হ’ল বটদ্ৰৱা থান। অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, সমাজ সংস্কাৰক তথা অসমীয়া জাতিৰ পথপ্ৰদৰ্শক শ্ৰীমন্ত শংকৰদেৱে এই পৱিত্ৰ স্থানতেই জন্মগ্ৰহণ কৰিছিল। সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব বটদ্ৰৱা থান প্ৰকল্প। বটদ্ৰৱা থান প্ৰকল্প সন্দৰ্ভত ৰিম্পী গগৈৰ এক বিশেষ প্ৰতিবেদন...
নগাঁও জিলাৰ বটদ্ৰৱাত অৱস্থিত বটদ্ৰৱা থান কেৱল এখন ধৰ্মীয় স্থান নহয়, ই অসমীয়া সমাজৰ আত্মিক আৰু আধ্যাত্মিক চেতনাৰ এক শক্তিশালী প্ৰতীক। এই থানৰ ঐতিহাসিক আৰু সাংস্কৃতিক গুৰুত্ব বিবেচনা কৰি চৰকাৰ তথা সমাজৰ সহযোগিতাৰে আৰম্ভ কৰা হৈছে বটদ্ৰৱা থান প্ৰকল্প, যাৰ লক্ষ্য হ’ল এই পৱিত্ৰ স্থানক সংৰক্ষণ, উন্নয়ন আৰু বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰা।
বটদ্ৰৱা থানৰ ঐতিহাসিক গুৰুত্ব
এই বটদ্ৰৱা থান শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰা প্ৰথমটো নামঘৰ হিচাপে পৰিচিত। ইয়াৰ পৰাই আৰম্ভ হৈছিল একশৰণ নামধৰ্মৰ প্ৰচাৰ, যিয়ে অসমীয়া সমাজত সাম্য, ভাতৃত্ববোধ আৰু নৈতিকতাৰ বীজ ৰোপণ কৰিছিল। শংকৰদেৱৰ সাহিত্য, নাট্য, সংগীত আৰু ধৰ্মীয় চিন্তাধাৰাই অসমীয়া জাতিৰ সাংস্কৃতিক পৰিচয় গঢ় দিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। সেইবাবে বটদ্ৰৱা থান কেৱল ধৰ্মীয় তীৰ্থস্থান নহয়, ই এক ঐতিহাসিক শিক্ষাকেন্দ্ৰ আৰু সংস্কৃতিৰ তীৰ্থভূমি।
বটদ্ৰৱা থান প্ৰকল্পৰ কামৰ আৰম্ভণি
বিজেপি চৰকাৰ ২০১৬ চনত শাসনলৈ অহাৰ পিছতেই ২৩ ছেপ্টেম্বৰত তদানীন্তন মুখ্যমন্ত্রী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত বটদ্ৰৱাৰ আকাশী গঙ্গাৰ পাৰৰ ১৬৫ বিঘা চৰকাৰী ভূমি বেদখল মুক্ত কৰিছিল। পৰৱৰ্তী সময়ত ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে। উল্লেখ্য যে, গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত নিৰ্মীয়মান বটদ্ৰৱা প্ৰকল্প শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ নামেৰে জনাজাত হ'ব। সৰ্বমুঠ ২২২ কোটি টকাৰ ব্যয় সাপেক্ষে এই আৱিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ হৈ উঠিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/605362031_1392850202296071_1922476696725646212_n-2025-12-28-13-21-01.jpg)
বটদ্ৰৱা থান প্ৰকল্পৰ প্ৰয়োজনীয়তা
সময়ৰ সৈতে সংগতি ৰাখি বটদ্ৰৱা থানৰ বহু অংশ ক্ষতিগ্ৰস্ত হৈছিল। পৰ্যাপ্ত পৰিকাঠামোৰ অভাৱ, পৰ্যটকৰ সুবিধাৰ অভাৱ আৰু ঐতিহাসিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত অসুবিধাই এই স্থানৰ মহিমা কিছু পৰিমাণে ঢাকি পেলাইছিল। এনে পৰিস্থিতিত বটদ্ৰৱা থানৰ সামগ্ৰিক উন্নয়ন আৰু সংৰক্ষণৰ বাবে এক সুসংগঠিত আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন অনুভৱ কৰা হৈছিল। এই প্ৰয়োজনীয়তাৰ পৰিপ্ৰেক্ষিততেই জন্ম ল’লে বটদ্ৰৱা থান প্ৰকল্প।
প্ৰকল্পৰ মুখ্য লক্ষ্য আৰু উদ্দেশ্য
বটদ্ৰৱা থান প্ৰকল্পৰ মুখ্য লক্ষ্য হৈছে—
- ঐতিহাসিক আৰু ধৰ্মীয় গুৰুত্বসম্পন্ন স্থানসমূহ সংৰক্ষণ কৰা
- আধুনিক পৰিকাঠামো উন্নয়নৰ জৰিয়তে ভক্ত আৰু পৰ্যটকৰ সুবিধা বৃদ্ধি কৰা
- শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ, একশৰণ নামধৰ্ম আৰু অসমীয়া সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ কৰা
- বটদ্ৰৱাক এক আধ্যাত্মিক, সাংস্কৃতিক আৰু পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলা
- প্ৰকল্পৰ অন্তৰ্গত উন্নয়নমূলক কাম-কাজ
- বটদ্ৰৱা থান প্ৰকল্পৰ অধীনত বিভিন্ন উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত আছে— থান চৌহদৰ সৌন্দর্য আৰু ঐতিহাসিক স্থাপত্যৰ পুনৰুদ্ধাৰ
- ভক্ত আৰু পৰ্যটকৰ বাবে উন্নত পথ, বিশ্ৰামাগাৰ, শৌচালয় আৰু পানীৰ সুব্যৱস্থা
- শ্ৰীমন্ত শংকৰদেৱৰ জীৱন, দৰ্শন আৰু সাহিত্যক লৈ আধুনিক সংগ্ৰহালয় আৰু ব্যাখ্যা কেন্দ্ৰ স্থাপন
- নামঘৰ, কীৰ্তনঘৰ আৰু ধৰ্মীয় অনুষ্ঠানসমূহৰ উন্নত ব্যৱস্থা
- পৰ্যটন ব্যৱস্থা শক্তিশালী কৰিবলৈ তথ্যকেন্দ্ৰ আৰু ডিজিটেল সুবিধা সংযোজন
এই সকলো পদক্ষেপে বটদ্ৰৱা থানক কেৱল ধৰ্মীয় ক্ষেত্ৰতেই নহয়, শিক্ষামূলক আৰু পৰ্যটন ক্ষেত্ৰতো এক গুৰুত্বপূর্ণ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/images-19-2025-12-28-13-21-15.jpeg)
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৰিব উদ্বোধন
শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাৰ নৱনিৰ্মিত সাংস্কৃতিক প্ৰকল্প তথা শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাব ক্ষেত্ৰ শুভ উদ্বোধনৰ বাবে আজি নিশা অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বটদ্ৰৱা আগমনকলৈ উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। শনিবাৰে বিয়লি মন্ত্ৰী পীযুষ হাজৰীকাই বটদ্ৰৱা প্ৰকল্পস্থলীলৈ আহি প্ৰস্তুতিৰ কামকাজ তদাৰক কৰিছে।
ইফালে, গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনৰ পূৰ্বে যুদ্ধংদেহী গতিৰে উন্নয়ন আৰু সৌন্দৰ্য বৰ্দ্ধনৰ কাম চলিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত প্ৰায় ৬০ হেজাৰ ৰাইজৰ সমাগম হব বুলি জানিব পৰা গৈছে। আনহাতে, গৃহমন্ত্ৰীক আদৰণি জনোৱা উদ্দেশ্যে প্ৰকল্পস্থলীত আইমাতৄ সকলে নামকীৰ্ত্তনৰ আখৰাত ব্যস্ত হৈ পৰিছে। ৬০০ আইমাতৄ সমবেত হৈ দিহানামৰ আখৰাত বৈকুণ্ঠপুৰীত পৰিণত হৈছে বটদ্ৰৱা থান।
উল্লেখযোগ্য যে, সোমবাৰে দিনৰ ১১.৩০ বজাত অমিত শ্বাহে মুকলি কৰিব বৰদোৱা প্ৰকল্প। এই প্ৰকল্প মুকলি কৰাৰ পাছতে তেওঁ সম্বোধন কৰিব এখন বিশাল জনসভা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/605507088_1392850312296060_8764072090907620100_n-2025-12-28-13-20-36.jpg)
সমাজ আৰু সংস্কৃতিৰ ওপৰত প্ৰকল্পৰ প্ৰভাৱ
বটদ্ৰৱা থান প্ৰকল্পই অসমীয়া সমাজত এক ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। এই প্ৰকল্পৰ জৰিয়তে নতুন প্ৰজন্মই শংকৰদেৱৰ আদৰ্শ, একশৰণ নামধৰ্ম আৰু অসমীয়া সাংস্কৃতিক মূল্যবোধৰ সৈতে পৰিচিত হ’ব। লগতে স্থানীয় লোকৰ বাবে পৰ্যটন, হস্তশিল্প, ক্ষুদ্ৰ ব্যৱসায় আদি ক্ষেত্ৰত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। ইয়াৰ ফলত অঞ্চলটোৰ সামগ্ৰিক আৰ্থ-সামাজিক উন্নয়ন সম্ভৱ হ’ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/images-18-2025-12-28-13-20-20.jpeg)
বটদ্ৰৱা থান প্ৰকল্প কেৱল এক উন্নয়নমূলক পৰিকল্পনা নহয়, ই অসমীয়া জাতিৰ আত্মা, ইতিহাস আৰু সংস্কৃতিৰ পুনৰুজ্জীৱনৰ এক প্ৰচেষ্টা। শ্ৰীমন্ত শংকৰদেৱে দেখুৱাই যোৱা সাম্য, ভাতৃত্ববোধ আৰু নৈতিকতাৰ পথ আজিৰ সমাজতো সমানেই প্ৰাসংগিক। বটদ্ৰৱা থান প্ৰকল্পৰ সফল ৰূপায়ণে এই আদৰ্শসমূহ নতুন ৰূপে সমাজলৈ আগবঢ়াব আৰু বটদ্ৰৱাক বিশ্বদৰবাৰত এক পৱিত্ৰ আধ্যাত্মিক-সাংস্কৃতিক গন্তব্য হিচাপে প্ৰতিষ্ঠা কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us