ৰোমন্থন ২০২৫ঃ কি পালো, কি হেৰুৱালো....

আৰু মাত্ৰ কেইটামান মুহুৰ্তৰ পাছতে আহিব নতুন বছৰ। সলনি হ'ব চন, সলনি হ'ব কেলেণ্ডাৰ। বছৰটোৰ শেষ ক্ষণত আকৌ এবাৰ ৰোমন্থন কৰো আহক ২০২৫ চনক....

author-image
ৰিম্পী গগৈ
New Update
WhatsApp Image 2025-12-31 at 12.19.38 PM

আৰু মাত্ৰ কেইটামান মুহুৰ্তৰ পাছতে আহিব নতুন বছৰ। সলনি হ'ব চন, সলনি হ'ব কেলেণ্ডাৰ। বছৰটোৰ শেষ ক্ষণত আকৌ এবাৰ ৰোমন্থন কৰো আহক ২০২৫ চনক। উভতি চাওঁ আহক- ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আদি প্ৰেক্ষাপটতত কি কি উল্লেখযোগ্য ঘটনা সংঘটিত হল। এই সকলোবোৰ দিশ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ আজিৰ এই প্ৰতিবেদন- 

২০২৫ বৰ্ষক বিদায় দিয়াৰ সময় সমাগত। আশাৰ বতৰা লৈ আমাৰ সন্মুখত পুনৰ আহি উপস্থিত হৈছেহি আৰু এটি নতুন বছৰ।বিদায় দিবলৈ ওলোৱা এই বৰ্ষটোত আমি বহুখিনি পালো বহু খিনি হেৰুৱালো। ২০২৫ বৰ্ষটোৰ আগষ্টত এনে কিছু ঘটনা সংঘটিত হ'ল যি ঘটনাই বছৰতোলৈ সাঁচ বহুৱাই থৈ গ'ল মানুহৰ মনত....

জানুৱাৰী
২০২৫ বৰ্ষৰ প্ৰথম মাহ জানুৱাৰী আছিল সুখ আৰু দুখৰ এক সংমিশ্ৰণ। কেইবাটাও ঐতিহাসিক সিদ্ধান্ত, উন্নয়নমূলক পদক্ষেপ আৰু হৃদয়বিদাৰক ঘটনাই ২০২৫ৰ জানুৱাৰী মাহক স্মৰণীয় কৰি তোলে। এই ঘটনাসমূহে সমগ্ৰ বছৰটোৰ বাবে এক বিশেষ সাঁচ বহুৱাই থৈ যায়।

  • ১ জানুৱাৰী দিনটোৰ পৰাই বিশ্বত জেনেৰেচন বিটা’ৰ আত্মপ্ৰকাশ হৈছিল। ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা ২০৩৯ চনৰ ভিতৰত জন্ম গ্ৰহণ কৰা শিশুবোৰক কোৱা হৈছ্ল জেনেৰেচন বিটা। কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে জীৱন আৰম্ভ কৰা এইটো আছিল বিশ্বৰ প্ৰথম প্ৰজন্ম।
  • নতুন বছৰৰ প্ৰথম দিনটোতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিছিল কেইবাটাও ভাল খবৰ। ২০২৫ বৰ্ষত ৩৬,৭৫৩ টা চৰকাৰী পদত নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। চৰকাৰী কৰ্মচাৰীৰ বাবে কিতাপ ক্ৰয়ৰ অতিৰিক্ত ভাত্তা দিয়াৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছিল।
  • ৩ জানুৱাৰীত ৰাজ্যই হেৰুৱালে সুদক্ষ খেলুৱৈ, ক্ৰীড়া সংগঠক, চলচ্চিত্ৰ তথা তথ্যচিত্ৰ নিৰ্মাতা, ব্যৱসায়ী আৰু সাংস্কৃতিক কৰ্মী পৰাণ বৰবৰুৱাক।
  • ৫ জানুৱাৰীত ড° অনিমা চৌধুৰী আৰু মুকুল ৰাভালৈ ২০২৫ বৰ্ষৰ শিল্পী বঁটাৰ ঘোষণা।
  • ৬ জানুৱাৰীত উমৰাংচুৰ ৩০০ ফুট দ-কয়লাখনিত আৱদ্ধ হৈ পৰে ১৫ জন শ্ৰমিক।
  • ৭ জানুৱাৰীত তিব্বতত ৭.৫ প্ৰাবল্যৰ ভূমিকম্প, শতাধিক লোকৰ মৃত্যু।
  • ৯ জানুৱাৰীত অসমৰ চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী, কণ্ঠশিল্পী আৰু আবৃত্তিকাৰ জ্ঞানদা কাকতিৰ দেহাৱসান। এই দিনটোতেই ভাল খবৰ—শান্তি নিকেতনৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ত অসমীয়া ভাষাৰ পূৰ্ণাংগ বিভাগ স্থাপনৰ সিদ্ধান্ত।
  • ১৩ জানুৱাৰীত কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ অকাল বিয়োগত সমগ্ৰ অসম শোকস্তব্ধ। এই দিনটোতেই আৰম্ভ হয় পৃথিৱীৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান মহাকুম্ভ মেলা–২০২৫। আনহাতে সেইদিনাই কেন্দ্ৰীয় চৰকাৰে ৭৭ টা যুদ্ধভূমি পৰ্যটকৰ বাবে মুকলি কৰে।
  • ১৫ জানুৱাৰীত আহোম স্বৰ্গদেউৰ মৈদামেৰে সমৃদ্ধ চৰাইদেউ মৈদাম ক্ষেত্ৰই লাভ কৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি।
  • ১৬ জানুৱাৰীত আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছতে ভাৰতেও মহাকাশত গঢ়ে অভিলেখ। ইছৰোৱে সফলভাৱে মহাশূণ্যত ডকিং পৰীক্ষা সম্পন্ন কৰে। আনহাতে সেইদিনাই ৰাজ্যৰ ৭৩ গৰাকী শিল্পীক চৰকাৰৰ তৰফৰ পৰা শিল্পী পেন্সন। লগতে মুম্বাইত অভিনেতা ছঈফ আলী খানৰ ওপৰত ছুৰীকাঘাতৰ ঘটনাও সেইদিনাই সংঘটিত হৈছিল।
  • ১৭ জানুৱাৰীত দিলীপ শইকীয়াই আনুষ্ঠানিকভাৱে ৰাজ্যিক বিজেপিৰ সভাপতি পদৰ দায়িত্ব গ্ৰহণ।
  • ২০ জানুৱাৰীত আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ।
  • ২৭ জানুৱাৰীত যশস্বী প্ৰযোজক-পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ দেহাৱসান
  • ২৯ জানুৱাৰীত মৌনি অমাৱস্যাৰ দিনা মহাকুম্ভ মেলাৰ অমৃত স্নানত পদপিষ্ট, এই ঘটনাত ৪০ জন লোকৰ কৰুণ মৃত্যু।
  • ৩১ জানুৱাৰী ২০২৫ পাঠশালাত আৰম্ভ হয় অসম সাহিত্য সভাৰ অধিৱেশন।

ফেব্ৰুৱাৰী

ফেব্ৰুৱাৰী ২০২৫ মাহ অসমত ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক দিশৰ পৰা এক অত্যন্ত গুৰুত্বপূৰ্ণ সময় হিচাপে পৰিগণিত হয়। এই মাহত ৰাজ্যখনত কেন্দ্ৰীয় নেতৃত্বৰ ভ্ৰমণ, বৃহৎ বিনিয়োগমূলক অনুষ্ঠান, উন্নয়ন প্ৰকল্পৰ ঘোষণা আৰু সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে অসমে ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ গুৰুত্ব লাভ কৰে।

  • ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা চলিত বিত্তীয় বছৰৰ উন্নয়ন আঁচনিৰ অগ্ৰগতি পৰ্যালোচনা।
  • ৩ ফেব্ৰুৱাৰীত গুৱাহাটীত আৰম্ভ হয় “Advantage Assam 2.0” । 
  • ৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত “Advantage Assam 2.0”ৰ মুখ্য কাৰ্যসূচী। একেদিনাই  “ভিক্সিত ভাৰত ২০৪৭” দৃষ্টিভংগী পুনৰ উচ্চাৰণ। 
  • ৫ ফেব্ৰুৱাৰীত বিনিয়োগ শীৰ্ষ সম্মিলনৰ অন্তিম দিন; একাধিক বুজাবুজি চুক্তিত স্বাক্ষৰ। উদ্যোগ খণ্ডত নতুন বিনিয়োগ প্ৰস্তাৱ।
  • ৭ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ। সীমান্ত সুৰক্ষা আৰু আইন-শৃংখলা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ বৈঠক।
  • ৯ ফেব্ৰুৱাৰীত শিক্ষা আৰু স্বাস্থ্য খণ্ডত নতুন উন্নয়নমূলক পৰিকল্পনাৰ আলোচনা।
  • ১২ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সীমান্ত ব্যৱস্থাপনা সন্দৰ্ভত বৈঠক।
  • ১৪ ফেব্ৰুৱাৰীত অসমৰ শিক্ষানুষ্ঠানসমূহত শৈক্ষিক সন্মিলন আৰু প্ৰতিযোগিতা।
  • ১৬ ফেব্ৰুৱাৰীত ইছৰোৰ মহাকাশ প্ৰযুক্তি সন্দৰ্ভত অগ্ৰগতি ঘোষণা।
  • ২০ ফেব্ৰুৱাৰীত বৈদেশিক নীতি আৰু Global South দেশসমূহৰ সৈতে কূটনৈতিক তৎপৰতা।
  • ২৫ ফেব্ৰুৱাৰীত ক্ৰীড়া আৰু যুৱ কল্যাণ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচী। অসমৰ যুৱসমাজৰ সক্ৰিয় অংশগ্ৰহণ।
  • ২৭ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন। অসমত বিজ্ঞান, উদ্ভাৱন আৰু শিক্ষামূলক অনুষ্ঠান।

মাৰ্চ

২০২৫ বৰ্ষৰ মাৰ্চ মাহৰ সময়ছোৱাতসাফল্য, গৌৰৱ, শোক আৰু ক্ষতি একেলগে দেখিবলৈ পোৱা গল। ক্ৰীড়া, সংস্কৃতি, বিজ্ঞান, চিকিৎসা আৰু মহাকাশ—প্ৰতিটো ক্ষেত্ৰতেই এই সময়ছোৱাত অসম আৰু ভাৰতে বিশ্ব মঞ্চত নিজৰ উপস্থিতি দাঙি ধৰিলে।

  • ২ মাৰ্চত অসমৰ লগতে সমগ্ৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই নৃত্যৰ যাদুৰে ব্ৰিটেইন গট টেলেন্টৰ মঞ্চত জিলিকি উঠে অসম কন্যা বিনীতা চেত্ৰী। অসমীয়াৰ প্ৰতিভাই বিশ্ব মঞ্চত ৰচনা কৰে ইতিহাস।
  • ৩ মাৰ্চত অসমৰ শৈক্ষিক-সাংস্কৃতিক জগতলৈ আহিল সুখবৰ। ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শংকৰদেৱৰ নামত আসন প্ৰতিষ্ঠাৰ বাবে ছত্তীশগড় চৰকাৰে বাজেটত ২ কোটি টকা ধাৰ্য কৰিলে।
  • ৪ মাৰ্চৰ দিনটোতেই অষ্ট্ৰেলিয়াক পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় ক্ৰিকেট দলে।
  • ৫ মাৰ্চত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত অধিক শুল্ক আৰোপৰ ঘোষণা কৰে। আনহাতে, এই দিনটোতেই অসমৰ চিকিৎসা বিজ্ঞানত যুগান্তকাৰী ঘটনা ঘটে— সৰ্পদংশনৰ পাছতো ডিমৌ আদৰ্শ চিকিৎসালয়ত এগৰাকী মহিলাই সুস্থ সন্তান জন্ম দিয়ে। ইফালে, বিশ্বকাপ চেমিফাইনেলত পৰাস্ত হোৱাৰ পাছত
    অষ্ট্ৰেলিয়াৰ অধিনায়ক ষ্টিভ স্মিথে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে।
  • ৭ মাৰ্চত অসমৰ তিনিগৰাকী সাহিত্যিক অঞ্জন শৰ্মা, বাসুদেৱ দাস আৰু উত্তৰা বৈসৌমুথিয়াৰীলৈ সাহিত্য অকাডেমীৰ অনুবাদ বঁটা। একেদিনাই নগাঁও জিলাৰ ৰাইদঙিয়াৰ ভ্ৰাম্যমাণ নাটৰ অভিনেতা কিৰণ হাজৰিকাৰ দেহাৱসান।
  • ৮ মাৰ্চত ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰলৈ সুখবৰ। এছিয়ান মহিলা কাবাদীত ইৰাণক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰে ভাৰতে।
  • ৯ মাৰ্চত ভাৰতৰ ক্ৰীড়া ইতিহাসত স্বৰ্ণাক্ষৰ দিন। নিউজিলেণ্ডক হৰুৱাই ১২ বছৰৰ পাছত চেম্পিয়নছ ট্ৰফী দখল কৰে ভাৰতে। এই দিনটোতেই অসম সন্তান অনুৰাগ শইকীয়ালৈ IIFA Digital শ্ৰেষ্ঠ শীৰ্ষ গীতৰ বঁটা। লগতে সেইদিনাই ঘোষণা কৰা হয় অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা।
  • ১০ মাৰ্চ আছিল অসমৰ বাবে গুৰুত্বপূৰ্ণ দিন। সেইদিনা ৰাজ্য বিধানসভাত বাজেট দাখিল। অসমৰ নিজা উপগ্ৰহ স্থাপনৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • ১১ মাৰ্চত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মৰিচাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান।
  • ১৩ মাৰ্চত মহাকাশ ক্ষেত্ৰত ভাৰতে লাভ কৰে সফলতা।  ইছৰোৱে দুটা কৃত্ৰিম উপগ্ৰহৰ সফল আনডকিং সম্পন্ন কৰে।
  • ১৫ মাৰ্চত অসমৰ সংগীত জগতত শোকৰ খবৰ। বিশিষ্ট সংগীত সাধক ড° লক্ষহীৰা দাসৰ দেহাৱসান।
  • ১৬ মাৰ্চত বিশ্বৰ দ্রুততম ৰে’ল প্ৰকল্পৰ ছফটৱেৰৰ দায়িত্ব লাভ কৰে অসম সন্তান সিদ্ধার্থ বৰুৱাই।
  • ১৮–১৯ মাৰ্চ সমগ্ৰ বিশ্ববাসীৰ বাবে ঐতিহাসিক মুহূৰ্ত। ৯ মাহ ১৩ দিনৰ অন্তত মহাকাশৰ পৰা পৃথিৱীলৈ উভতি আহে সুনীতা উইলিয়ামছ। এই অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে অসম সন্তান ভৱানী শৰ্মাই।
  • ২০ মাৰ্চত IPLত অসমলৈ সুখবৰ। ৰাজস্থান ৰয়েলচৰ নেতৃত্বৰ দায়িত্ব লাভ কৰে অসম সন্তান ৰিয়ান পৰাগে।
  • ২৮ মাৰ্চত ৭.৭ প্ৰবল্যৰ ভয়াবহ ভূমিকম্পই ম্যানমাৰ–থাইলেণ্ড কঁপাই তোলে। ভূমিকম্পৰ প্ৰভাৱ অনুভূত হয় ভাৰততো।
  • ২৯ মাৰ্চত অসমৰ সাংস্কৃতিক ক্ষেত্ৰত শোক। বিশিষ্ট কণ্ঠশিল্পী হীৰাদাসৰ দেহাৱসান।

এপ্ৰিল

২০২৫ৰ এপ্ৰিল মাহত আছিল গৌৰৱ, বেদনা, সংঘাত আৰু ইতিহাসৰ সংমিশ্ৰণ। প্ৰতিটো মাহৰ দৰে এপ্ৰিল মাহেও ৰাজ্য, দেশ তথা বিশ্বক বহু ভাল-বেয়া অভিজ্ঞতা দি গ’ল।

  • এই মাহটোৰ প্ৰথম দিনটোতেই ভাৰত–বাংলাদেশ কূটনৈতিক সম্পৰ্কত আহিছিল এটা বেয়া খবৰ। উত্তৰ-পূৱ ভাৰতক “লেণ্ড-লক” আখ্যা দি বাংলাদেশে ৰঙা চীনক বিনিয়োগৰ বাবে আমন্ত্ৰণ জনাইছিল।
  • ২ এপ্ৰিল আছিল সমগ্ৰ অসমৰ বাবে এক গৌৰৱৰ দিন। এইদিনটোতেই অসমীয়া গহনা GI টেগৰ স্বীকৃতি লাভ কৰে। একেদিনাই যোৰহাটবাসীৰ বাবে অসম চৰকাৰে মেডিকেল কলেজৰ সন্মুখত উৰণ সেতু মুকলি কৰে।
  • ৩ এপ্ৰিলত  ভাৰত–থাইলেণ্ড সম্পৰ্কক নতুন মাত্ৰা প্ৰদান কৰি দুয়োখন দেশৰ মাজত ৫খনকৈ চুক্তি স্বাক্ষৰ। একেদিনাই ২০ গৰাকী ব্যক্তি আৰু ৩টা অনুষ্ঠানক প্ৰদান কৰা হয় সৰ্বোচ্চ ৰাজ্যিক অসামৰিক সন্মান–২০২৪।
  • ৪ এপ্ৰিলত  পদ্মশ্ৰী আৰু দাদাচাহেব ফাল্কে বঁটা বিজয়ী প্ৰবীণ অভিনেতা মনোজ কুমাৰৰ দেহাৱসান। এইদিনাই থাইলেণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ তদাৰকী চৰকাৰৰ মুৰব্বী ইউনুছ আলীৰ মাজত বৈঠক অনুষ্ঠিত।
  • ৫ এপ্ৰিলত  প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীলংকাৰ সৈতে ৭খন চুক্তি স্বাক্ষৰ কৰাৰ লগতে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত হয়। একেদিনাই ২৩ মাহৰ পাছত মণিপুৰ সংকট সমাধানৰ লক্ষ্যৰে দিল্লীত মেইটেই আৰু কুকি নেতৃবৃন্দৰ আলোচনা।
  • ৬ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামেশ্বৰমত দেশৰ প্ৰথমখন উলম্ব উত্তোলন সেতু উদ্বোধন কৰে। একেদিনাই ডিমৌত একেলগে ১০ হাজাৰ মহিলাই বিয়া নাম গাই অসম বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰে।
  • ৮ এপ্ৰিলত গুৱাহাটীত নিশা ১১ বজালৈকে সুৰাৰ বিপণী খোলাৰ অনুমতি দিয়ে ৰাজ্য চৰকাৰে।
  • ৯ এপ্ৰিলত বাংলাদেশী সামগ্ৰী ভাৰতৰ মাজেৰে তৃতীয় দেশলৈ ৰপ্তানিত নিষেধাজ্ঞা। একেদিনাই ২৬/১১ মুম্বাই নৰসংহাৰৰ মূল অভিযুক্ত তাহাউৰ হুছেইন ৰানাক ভাৰতলৈ হস্তান্তৰ।
  • ১০ এপ্ৰিল আছিল অসমীয়া সাহিত্য জগতৰ বাবে শোকৰ দিন। বিশিষ্ট সাহিত্যিক ড° নগেন ঠাকুৰৰ দেহাৱসান। একেদিনাই অসম জীয়ৰী ৰিমা দাসৰ ছবি আন্তঃজাতিক চলচ্চিত্ৰ মহোৎসৱত সন্মানিত।
  • ১২ এপ্ৰিলত কেবিনেটৰ সিদ্ধান্ত—সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ বছৰজুৰি উদযাপন।
  • ১৩ এপ্ৰিলত গুৱাহাটীৰ ৰাজ্যিক কেন্সাৰ প্ৰতিষ্ঠানত ‘ৰবটিক অস্ত্ৰোপ্ৰচাৰ’ সেৱা মুকলি।
  • ১৬ এপ্ৰিলত বাংলাদেশে ভাৰতীয় সূতাৰ আমদানি বন্ধ কৰে।
  • ১৮ এপ্ৰিলত  শ্ৰীমদ্ভাগৱত গীতা আৰু ভৰত মুনিৰ নাট্যশাস্ত্ৰই ইউনেস্ক’ৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ। সেইদিনাই লতাশিল বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা।
    একেদিনাই অসমৰ শাস্ত্ৰীয় সংগীত জগতৰ শিল্পী দামোদৰ বৰাৰ দেহাৱসান।
  • ১৯ এপ্ৰিলত ইছৰোৰ ঘোষণা—শুভাংশু শুক্লাক মহাকাশলৈ প্ৰেৰণ। ইছৰোৰ সঞ্চালক ড° নিলেশ দেশাইৰ অসম ভ্ৰমণ।
  • ২১ এপ্ৰিলত পোপ ফ্ৰান্সিছৰ দেহাৱসান।
  • ২২ এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ, ২৭ জন পৰ্যটকৰ নৃশংস হত্যা।
  • ২৩–২৯ এপ্ৰিলত ভাৰত–পাকিস্তান উত্তেজনা চূড়ান্ত সীমালৈ গতি কৰে। ভিছা বাতিল, সীমান্ত ছীল, সিন্ধু জলচুক্তি বাতিল, এলঅ’চি গুলীয়াগুলি, সন্ত্ৰাসবাদী ঘাটিত অভিযান। পেহেলগাম আক্ৰমণৰ প্ৰতিশোধৰ বাবে সেনাক পূৰ্ণ কৰ্তৃত্ব।
  • ৩০ এপ্ৰিল
    অসমৰ বাবে ঐতিহাসিক দিন, দেশৰ ৰাজধানীত বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি স্থাপন। দিল্লীৰ এটা পথ তেওঁৰ নামেৰে নামাকৰণ।

মে’

২০২৫ বৰ্ষৰ মে’ মাহত আছিল যুদ্ধ আৰু শান্তি, গৌৰৱ আৰু শোক, ইতিহাস আৰু হেৰুৱাৰ দুখ।

  • ১ মে’ত মায়ানগৰী মুম্বাইত আৰম্ভ হৈছিল প্ৰথম বিশ্ব দৃশ্য-শ্ৰব্য আৰু মনোৰঞ্জন সন্মিলন “WAVES”। এই সন্মিলনৰ বিশেষ প্ৰদৰ্শনীত দেশৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ভাষাৰ বাতৰি কাকতৰ সৈতে স্থান লাভ কৰিছিল অসমীয়া প্ৰতিদিন কাকতৰ ২০২৪ বৰ্ষৰ জানুৱাৰী মাহৰ এটা সংখ্যাৰ প্ৰতিলিপিয়ে। এই দিনটোতেই বিটিআৰ তথা অসমৰ বাবে গৌৰৱৰ বাৰ্তা কঢ়িয়াই গৃহমন্ত্ৰী অমিত শ্বাহে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে দিল্লীত এটা পথৰ নামাকৰণ কৰাৰ লগতে তেখেতৰ প্ৰতিমূৰ্তিও উদ্বোধন কৰে।
  • ৩ মে’ত পাকিস্তানেৰে সকলো ধৰণৰ বাণিজ্য সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰে ভাৰতে। এই দিনাই অসমলৈ আহিছিল এক সুখবৰ— বিশ্বৰ ৪৫ জন ছাত্ৰৰ মাজৰ পৰা
    মেলন ACLDS Dissertation Innovation Fellowship লাভ কৰি উজলি উঠিছিল অয়ন শৰ্মা।
  • ৪ মে’ত আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত গ্ৰাফিক ডিজাইনাৰ, লণ্ডন নিবাসী অমূল্য বৰুৱাৰ দেহাৱসান। সাংস্কৃতিক জগতত পৰে শোকৰ ছাঁ।
  • ৭ মে’ ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। মাজনিশা পাকিস্তানৰ ভিতৰত প্ৰৱেশ কৰি পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ লয় ভাৰতে। ভাৰতীয় সেনাই চলাইছিল ‘অপাৰেচন সিন্দূৰ’। ধ্বংস কৰা হৈছিল— লস্কৰ-ই-তৈবাৰ নাল্লা কেম্প, মুৰিদকেৰ মাৰ্কাছ তৈবা, বাহাৱালপুৰৰ জইশ-ই-মহম্মদৰ মুখ্য কাৰ্যালয়। এই দিনটোতেই
    ক্ৰিকেটপ্ৰেমীলৈ আহে দুখবৰ— টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে হিটমেন ৰোহিত শৰ্মাই।
  • ৮ মেত ভাৰত–পাকিস্তানৰ প্ৰত্যক্ষ যুদ্ধ। ইছলামাবাদসহ পাকিস্তানৰ ১২ খন চহৰত ভাৰতৰ আক্ৰমণ। ভাৰতত ২৭ টা বিমানবন্দৰ বন্ধ। অপাৰেচন সিন্দূৰৰ পাছত
    পাকিস্তানে নিক্ষেপ কৰা সকলো ক্ষেপণাস্ত্ৰ প্ৰতিহত কৰে ভাৰতীয় সেনাই।
  • ৯ মে’ত যুদ্ধৰ বিভীষিকা অব্যাহত। পাকিস্তানে নিক্ষেপ কৰা ৩০০-৪০০ ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ প্ৰতিহত কৰে ভাৰতে। কেন্দ্ৰই ৰাজ্যসমূহক জৰুৰীকালীন ক্ষমতা প্ৰদান। অসমত বিহুৰ অনুষ্ঠান বাতিলৰ সিদ্ধান্ত।
  • ১০ মে’ ট্ৰাম্পৰ মধ্যস্থতাত ভাৰত–পাকিস্তান যুদ্ধবিৰতি ঘোষণা। যদিও পাকিস্তানে নিশা ড্ৰোন আক্ৰমণৰ চেষ্টা চলাইছিল, সেই চেষ্টা ব্যৰ্থ হয়।
  • ১১–১২ মে’ত অসমত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। বিজেপি–অগপৰ বৃহৎ জয়।
  • ১২ মে’তেই ৰোহিতৰ পাছতেই বিৰাট কোহলিয়ে ঘোষণা কৰে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ।
  • ১৪ মে’বি আৰ গাভাইয়ে দেশৰ নতুন মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ। এই দিনটোতেই চীনে অৰুণাচলৰ ২৭ টা স্থান নিজৰ বুলি ঘোষণা। শিৱসাগৰৰ জীয়াৰী ড০ উপাসনা মহন্ত কেমব্ৰিজ ইন্টাৰনেচনেলৰ উপদেষ্টা পৰিষদলৈ মনোনীত।
  • ১৬ মে’ত সহস্ৰ অনুৰাগীক কন্দুৱাই সুকণ্ঠী গায়িকা গায়ত্ৰী হাজৰিকাৰ দেহাৱসান।
  • ১৮–১৯ মে’ত উদয়াদিত্য ভৰালীলৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। ব্ৰিটিছ সংসদত বৰষা বৰঠাকুৰলৈ বিশেষ সন্মান। একেদৰে ছাফ অনূৰ্ধ্ব-১৯ ফুটবলত বাংলাদেশক হৰুৱাই চেম্পিয়ন ভাৰত।
  • ২৪–২৬ মেত শুবমন গীল ভাৰতীয় টেষ্ট দলৰ অধিনায়ক নিযুক্ত। জাপানক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতি ভাৰত। গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি
  • ৩০–৩১ মে’ত  অসমত ভয়ংকৰ বান। গুৱাহাটী মহানগৰীত ভূমিস্খলনত ৪ জনৰ মৃত্যু। ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰাত লখিমপুৰত জলপ্ৰলয়। ৰাজ্যজুৰি বানত মৃত্য়ু হয় একাধিক লোকৰ।

জুন

২০২৫ বৰ্ষৰ জুন মাহত আজি অভিশপ্ত এটা মাহ। আহমেদাবাদৰ সেই বিমান দুৰ্ঘটনাৰ পৰা বেংগালুৰুৰ পদপিষ্টৰ বিভীষিকালৈ হৈছিল কোইবাটাও শোকাবহ ঘটনা। 

  •  
  • ১ জুনত আহিছিল অসমৰ বাবে ভাল খবৰ। ব্ৰিটেইনছ গট টেলেন্টত তৃতীয় স্থান লাভ কৰি বিশ্ব মঞ্চত উজলি উঠিছিল বোকাজানৰ বিনীতা চেত্ৰী। কিন্তু সমান্তৰালভাৱে— ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতি ভয়ংকৰ।গেৰুকামুখ নামনি সোৱণশিৰি প্ৰকল্পৰ ৯ খন গেট খোলাত উত্তৰ অসমলৈ বানৰ ভাবুকি। প্ৰচণ্ড ভূমিস্খলনত মূল বান্ধৰ পৰা হোৰাহোৰে নামিছিল পানী। একেদৰে ৰাছিয়া–ইউক্ৰেইনৰ যুদ্ধ অব্যাহত আছিল। ইউক্ৰেইনৰ আক্ৰমণত ধ্বংস হৈছিল ৪০ খন ৰুছ বিমান। উত্তৰ ছিকিমত নৰানেপেৰা বৰষুণত ভূমিস্খলন হৈছিল।তিস্তা নৈত নিখোজ হয় বহু লোক, আৱদ্ধ হয় বিদেশী পৰ্যটক।
  • ২ জুনত অসমসহ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বানৰ তাণ্ডৱ অব্যাহত। মেঘালয়ৰ চেৰাপুঞ্জীত হনিমুনলৈ অহা ৰাজা ৰঘূৱংশীৰ মৃতদেহ উদ্ধাৰ। তদন্তত উদঙাই দিয়া হয়—
    পত্নী সোনম ৰঘূৱংশীয়েই স্বামী ৰাজাক হত্যা কৰিছিল।
  • ৩ জুনত ভাৰতীয় ক্ৰিকেট ইতিহাসত নতুন অধ্যায়। আইপিএলত প্ৰথমবাৰৰ বাবে চেম্পিয়ন হয় RCB। এই দিনাই পুনৰ এবাৰ এবছুৰ সভাপতি নিৰ্বাচিত হয় দ্বীপেন বড়ো।
  • ৪ জুনত RCBৰ বিজয় উৎসৱত বেংগালুৰুত পদপিষ্ট। ১১ গৰাকী ক্ৰিকেটপ্ৰেমীৰ মৃত্যু। আমেৰিকাত ১৩০০ কোটি টকাৰ জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ হয় অসমৰ তন্ময় শৰ্মা।
  • ৫ জুনত বিশ্ব পৰিৱেশ দিৱসতেই দিঘলীপুখুৰীৰ পাৰ উত্তাল। উৰণসেঁতুৰ নামত গছ কটা বিৰোধী প্ৰতিবাদ তীব্ৰ।
  • ৭ জুনত গুৱাহাটী বিশ্ববিদ্যালয়ত পাৰমাণৱিক শক্তিৰ বিৰল পৰীক্ষা। ছুপাৰকণ্ডাক্টিং চাইক্ল’ট্ৰন ব্যৱহাৰে দেশৰ প্ৰথম প্ৰতিষ্ঠান হিচাপে স্বীকৃতি। এই দিনাই বিটিআৰত অন্তৰ্ভুক্ত হয় ৮১ খন গাঁও। টাইৱান অ’পেন এথলেটিকছত একেদিনাই ৬ টা স্বৰ্ণসহ মুঠ ১২ টা স্বৰ্ণ লাভ কৰি ভাৰত শীৰ্ষত।
  • ৮–১১ জুনত মণিপুৰ পুনৰ অগ্নিগৰ্ভা। উতকট গৰমত মৃত্যু হয় কেইবাজন লোকৰ। গেৰুকামুখ প্ৰকল্পৰ স্পিলৱে গাৰ্ডৱাল খহি সৃষ্টি হয় বিপৰ্যয়।
  • ১১ জুনত আহমেদাবাদ আৰু উত্তৰাখণ্ডত অসমীয়া যুৱতীৰ মৃত্যুৰ খবৰে জোকাৰি যায় ৰাজ্য।
  • ১২ জুন ভাৰতৰ ইতিহাসৰ এক কলা দিন।আহমেদাবাদৰ পৰা লণ্ডনলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমান ভয়ংকৰ দুৰ্ঘটনাত পতিত। ১৬৯ জন লোকৰ মৃত্যু।
    বিমানখনত থকা কেৱল এজন লোক জীৱিত। প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰো মৃত্যু। বি জে মেডিকেল কলেজৰ ছাত্ৰাবাসত বিমান খুন্দা মৰাত নিহত হয় কেইবাজনো চিকিৎসক। এই দিনাই অসমত শিৱসাগৰত ONGC ৰিগ বিস্ফোৰণ। ৭০ তকৈ অধিক পৰিয়াল বিপৰ্যস্ত। তাৰ মাজতেভাল খবৰ— শ্ৰী লংকাত উদযাপন হয়
    মাধৱদেৱৰ জন্মোৎসৱ। সিংহলী ভাষাত পৰিৱেশন হয় বৰগীত। ড° সোনাল মানসিঙলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা।
  • ১৩জুনত বিশিষ্ট কবি বিপুল কুমাৰ দত্তৰ দেহাৱসান। 
  • ১৫ জুন কেদাৰনাথত হেলিকপ্টাৰ দুৰ্ঘটনা। নিহত ৭ জন। পুনেত দলং ভাঙি ৪ জনৰ মৃত্যু, বহু নিখোজ। ইজৰাইল–ইৰান যুদ্ধ তীব্ৰ।
  • ১৬–২৪ জুন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক চাইপ্ৰাছৰ সৰ্বোচ্চ সন্মান। নীৰজ চোপ্ৰাৰ স্বৰ্ণজয়। অম্বুবাচী মহাযোগ। ইৰান–ইজৰাইল যুদ্ধবিৰতি।
  • ২৫ জুন— মহাকাশলৈ উৰা মাৰে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই।
  • ২৬–৩০ জুন দুগ্ধ উন্নয়নৰ কেলেংকাৰী। পুৰীৰ ৰথযাত্ৰাত দুবাৰ পদপিষ্ট। উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণ। অভিনেত্ৰী শেফালি জাৰিৱালাৰ আকস্মিক মৃত্যু।

জুলাই 

২০২৫ বৰ্ষৰ জুলাই মাহত শোকৰ সমান্তৰালকৈ আছিল গৌৰৱ, আৰু প্ৰতিবাদৰ মাজতে আছিল সাফল্যৰ গল্প। হেৰুৱাৰ বেদনা আছিল, কিন্তু তাৰ মাজতেই অসম আৰু দেশলৈ আহিছিল কেইবাটাও গৌৰৱৰ মুহূর্ত।

  • জুলাই মাহৰ প্ৰথম দিনটোতেই অসমৰ সাহিত্য জগতলৈ নামি আহে শোকৰ ছাঁ। জনপ্ৰিয় কবি–গল্পকাৰ অনুভৱ তুলসীৰ দেহাৱসান। একেটা দিনতেই অসমৰ ছপা উদ্যোগৰ বাটকটীয়া, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন্দ্ৰ শৰ্মাৰ পৰলোকপ্ৰাপ্তি। কিন্তু এই শোকৰ মাজতেই অসমলৈ আহিছিল এটা ভাল খবৰো— ৰাষ্ট্ৰীয় এলিট মহিলা বক্সিঙত অসমৰ লাভলীনা বৰগোহাই আৰু অংকুশিতা বড়োয়ে লাভ কৰে সোণৰ পদক লাভ। গীতিমণি গগৈয়ে আজুৰি আনে ৰূপৰ পদক।
  • ২ জুলাই ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া। APDCLৰ ব্যাপক লুণ্ঠন আৰু অনিয়মৰ দস্তাবেজ পোহৰলৈ আহে। কেৱল বিদায় সভাৰ নামতেই ২৭ লাখ টকা উৰুৱাই দিয়াৰ খবৰে ৰাজ্যবাসীক জোকাৰি দিয়ে। এই দিনটোতেই কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনায় ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি। একেটা দিনতেই অসমলৈ আহে এক গৌৰৱৰ খবৰ— অসমীয়া পৰ্বতাৰোহী হেদায়েত আলীয়ে বিশ্বৰ সাতখন মহাদেশৰ সাতটা সৰ্বোচ্চ শিখৰত সফল আৰোহণ কৰি ইতিহাস ৰচনা কৰে।
  • ৩ জুলাইত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘানা ভ্ৰমণ। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী গৰাকীক প্ৰদান কৰা হয় ঘানাৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান।
  • ৬ জুলাই অসমবাসীৰ বাবে এক গভীৰ শোকৰ দিন। প্ৰগতিশীল বুদ্ধিজীৱী, বিশিষ্ট লেখক আৰু কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালীৰ মহাপ্ৰস্থান। তেখেতৰ বিয়োগে অসমৰ বৌদ্ধিক জগতত এটা অপূৰণীয় শূন্যতা সৃষ্টি কৰে।
  • ৮ জুলাইত অসমবাসীক গৌৰৱান্বিত কৰি সৰ্থেবাৰীৰ সন্তান মনজিত বৰ্মন মাৰ্কিন বায়ুসেনাৰ তথ্য বিষয়াৰ পদত অধিস্থিত হয়। অসমৰ যুৱসমাজৰ বাবে এয়া এক অনুপ্ৰেৰণা।
  • ৯ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰদান কৰা হয় ব্ৰাজিল আৰু নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান। একেটা দিনতেই দেশজুৰি ট্ৰেড ইউনিয়নৰ ভাৰত বন্ধৰ প্ৰভাৱ। দেশৰ বিভিন্ন প্ৰান্তত যাতায়াত, ব্যৱসায় আৰু জনজীৱন ব্যাহত। এই দিনটোতেই আৰ্চাৰী বিশ্বকাপৰ মিক্সড দলীয় ইভেন্টত ঋষভ যাদৱ আৰু জ্যোতি সুৰেখাই বিশ্ব ৰেকৰ্ড গঢ়ে।

আগষ্ট

২০২৫ বৰ্ষৰ আগষ্ট মাহ গৌৰৱ, শোক, কূটনীতি, বিজ্ঞান, ক্ৰীড়া আৰু সামাজিক আন্দোলনৰ এক ঘনিষ্ঠ মিশ্ৰণ হৈ ইতিহাসত লিপিবদ্ধ হৈ ৰ’ল।

  • আগষ্টৰ প্ৰথম দিনটোতেই অসমৰ বাবে আহিছিল এটা ডাঙৰ ভাল খবৰ। অসমৰ জোঁৱাই মাইক ফিনকে নাছাৰ ক্ৰু–১১ অভিযানৰ অংশ হিচাপে মহাকাশলৈ যাত্ৰা কৰিছিল। একেটা দিনতেই ঘোষণা কৰা হয় ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। অসমৰ উৎপল দত্তলৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ স্বৰ্ণ কমল বঁটা। ‘ৰঙাটাপু–১৯৮২’ ছবিখনে লাভ কৰে শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা
  • ৪ আগষ্টত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ বিয়োগ—দেশৰ ৰাজনীতিত শোকৰ ছাঁ।
  • ৫ আগষ্টত  জম্মু–কাশ্মীৰৰ পুঞ্চ সীমান্তত পাকিস্তান সেনাৰ যুদ্ধবিৰতি উলংঘন। একেটা দিনাই উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণ, মাত্ৰ ৩৪ ছেকেণ্ডতে উটুৱাই নিলে বহু ঘৰ–হোটেল।নিহত ৫ জন, বহু লোক নিখোজ।
  • ৬ আগষ্টত সংসদত একেদিনাই গৃহীত হয় দুখনকৈ গুৰুত্বপূৰ্ণ সামুদ্ৰিক বিধেয়ক।
  • ৭ আগষ্টত দেশৰ বিখ্যাত মহিলা আলোচনী ‘ফেমিনা’ৰ বেটুপাতত জিলিকিলে ঢেকীয়াজুলীৰ কন্যা, ভাৰতৰ প্ৰথমগৰাকী অসমীয়া মহিলা পেৰাট্ৰুপাৰ ডাঃ দীপান্বিতা কলিতা।
  • ৯ আগষ্টত যক্ষ্মা ৰোগৰ সহজলভ্য ঔষধ গৱেষণাত স্বীকৃতি।অসম সন্তান ড০ মুকুট গোহাঁইলৈ জেনেভাস্থিত UNITAID-ৰ বিশেষ বঁটা।
  • ১০ আগষ্টত সংস্কৃত–ধ্ৰুপদী হিন্দীত অক্সফ’ৰ্ডৰ প্ৰথমগৰাকী অসমীয়া স্নাতক — অৰণী এছ হাজৰিকা। ২০ বছৰৰ পাছত এছিয়ান কাপলৈ যোগ্যতা অৰ্জন কৰিলে ভাৰতীয় ফুটবল দলে। 
  • ১১ আগষ্টত অসমবাসীক শোকত বুৰাই গীত-নাট অভিনয়েৰে জনপ্ৰিয় শিল্পী হেমন্ত দত্তৰ মহাপ্ৰস্থান।
  • ১৩ আগষ্টত ক্ষেত্ৰীৰ চখুৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। নিহত — ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ গজেন্দ্ৰ মোহন দেৱশৰ্মা আৰু তেওঁৰ পত্নী।
  • ১৪ আগষ্টত জম্মু–কাশ্মীৰত পুনৰ ডাৱৰ বিস্ফোৰণ। নিহত হয় ৪৬ জন লোক।
  • ১৫ আগষ্ট  স্বাধীনতা দিৱস পূৰ্বে অসমৰ বাবে গৌৰৱৰ খবৰ। অসমীয়া সেনা বিষয়া মেজৰ ভাৰ্গৱ কলিতালৈ শৌৰ্যচক্ৰ বঁটা প্ৰদান।
  • ১৭ আগষ্ট  বিহাৰৰ ছাছাৰামৰ পৰা ৰাহুল গান্ধীৰ ‘ভোট অধিকাৰ যাত্ৰা’ আৰম্ভ। একেটা দিনাই জে পি নাড্ডাই ঘোষণা কৰে চিপি ৰাধাকৃষ্ণনক এনডিএৰ উপ–ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী।
  • ১৮ আগষ্টত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বেবী ICU-ত নৱজাতকৰ কৰুণ মৃত্যু। ঘটনাই অসমজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। একেটা দিনাই ৰাজ্যসভাত গৃহীত হয় ভাৰতীয় বন্দৰ বিধেয়ক ২০২৫। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনেস্কিৰ হোৱাইট হাউছ ভ্ৰমণ।
  • ১৯ আগষ্টত মুম্বাইত ভয়ংকৰ বান। নিহত ১৪ জন লোক।
  • ২০ আগষ্টত ভাৰতে সফলতাৰে উৎক্ষেপন কৰে অগ্নি–৫ আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্ৰ।
  • ২১ আগষ্টত ধেমাজিৰ ছাত্ৰী নন্দিতা শইকীয়া হত্যাকাণ্ড। অভিযুক্ত ৰিন্টু শৰ্মাক আদালতৰ ফাঁচীৰ ৰায়। একেটা দিনাই গল্পকাৰ–চিকিৎসক ডাঃ প্ৰিয়ম্বদা দাসৰ বিয়োগ।
  • ২৩ আগষ্টত মেদবহুলতা নিৰাময়ৰ উদ্ভিদজাত পথ্য উদ্ভাৱনেৰে অসমৰ চাৰি গৱেষকৰ পেটেন্ট লাভ — ড০ মানস দাস, প্ৰীতিমণি দাস, ড০ প্ৰাঞ্জান বৰ্মন, ড০ নৱকুমাৰ হাজৰিকা। একেটা দিনাই নৰ্থ ইষ্ট ইউনাইটেডে ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপ জয়।
  • ২৪ আগষ্টত হাউলীত ৭০০৯ গৰাকী মহিলাৰ থিয়নাম পৰিৱেশন। Assam Book of Records-ত নাম অন্তৰ্ভুক্ত।
  • ২৫ আগষ্টত ডিব্ৰুগড়ৰ দেৱজিৎ ঘোষলৈ ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা। গুজৰাটত অনুষ্ঠিত কমনৱেলথ ভাৰোত্তোলনত অসমৰ ধৰ্মজ্যোতিয়ে সোণৰ পদক।
  • ২৭ আগষ্টত যোৰাবাটত পানীৰ তীব্ৰ সোঁতে উটুৱাই নিয়া পথচাৰীৰ কৰুণ মৃত্যু। একেটা দিনাই ঘোষণা —সুধাকণ্ঠ ভূপেন হাজৰিকাৰ বিশেষ ১০০ টকা স্মাৰক মুদ্ৰা।
  • ২৮ আগষ্টত অসম ভ্ৰমণলৈ আহে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
  • ৩০ আগষ্টত আমেৰিকাক প্ৰত্যাহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জাপানৰ পৰা পোনে পোনে চীন ভ্ৰমণ। একেটা দিনাই ভাল খবৰ—ব্ৰিটিছ সংগ্ৰহালয়ে বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰেৰণত সন্মতি জনায়।

ছেপ্টেম্বৰ

অসমীয়াৰ বুকু শুদা কৰি অতিকৈ যন্ত্ৰণাদায়ক খবৰটো আহিছিল এই বৰ্ষৰ ছেপ্তেম্বৰ মাহত। এই বছৰটোৱেই লৈ গৈছিল
অসমীয়াৰ অতিকৈ মৰমৰ অতিকৈ চেনেহৰবুকুৰ আপোন জুবিন গাৰ্গক। ১৯ ছেপ্টেম্বৰৰ দিনৰ প্ৰায় ২ বজাত
খবৰ আহিছিল —ছিংগাপুৰত দুৰ্ঘটনাত পতিত হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। কিছু সময়ৰ পাছতেই অসমবাসীৰ বুকু শুদা কৰি
আহিছিল সেই খবৰ —অজান দেশলৈ গুচি গ’ল অসমীয়াৰ হৃদয়ৰ মণি। অৱসান হৈছিল —এটা সুৰৰ, এটা যুগৰ। অসমীয়া জাতিক এবোজা ল’ব নোৱাৰা শোকৰ বোজা দি গুচি গ’ল অসমবাসীৰ বুকুৰ আপোন শিল্পীগৰাকী।

এই মাহটোত কেৱল কান্দিছিল অসমবাসীয়ে। জীৱিতকালতেই “মোৰ মৃত্যু হ’লে মায়াবিনী গাবা” বুলি থৈ যোৱা কথাষাৰকেই
শুৱৰি সমস্বৰে গাই উঠিছিল — মায়াবিনী

ছিংগাপুৰৰ পৰা নশ্বৰদেহ অসমলৈ অনাৰ পাছত জীৱনকালত গানেৰে অভিলেখ গঢ়া জুবিন গাৰ্গে মৃত্যুৰ পিছতো গঢ়ি গ’ল
অভিলেখ। অসমী আইৰ গৌৰৱ পুত্ৰ জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ সাক্ষী হৈছিল লাখ-লাখ গুণমুগ্ধ। শদিয়াৰ পৰা ধুবুৰীলৈ বৈছিল মানুহৰ সোঁত। মাইকেল জেকচন, প’প ফ্ৰান্সিছ, দ্বিতীয় ৰাণী এলিজাবেথৰ শেষ যাত্ৰাৰ দৰে হৈছিল
বিশাল জনসমাগম।

এই শোক কেৱল আবেগতেই সীমাবদ্ধ নাথাকিল। ডাঙৰ ৰাজনৈতিক–প্ৰশাসনিক ঘটনাক অতিক্ৰম কৰি এটা অভূতপূৰ্ব
ৰাজহুৱা আন্দোলনৰ সূচনা হ’ল। নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ ছিংগাপুৰলৈ গৈ মৃত্যুক আকোঁৱালি লোৱা জুবিন গাৰ্গৰ মৃত্যুৰ পৰিস্থিতিয়ে ব্যাপক সন্দেহৰ সৃষ্টি কৰিলে।

তিনিদিন ধৰি শ্ৰদ্ধাঞ্জলিৰ বাবে নশ্বৰদেহ ৰখা হয়। তাৰ পাছতেই সোণাপুৰত সম্পন্ন হয় জুবিনৰ শেষকৃত্য। ন্যায়ৰ দাবীত গণ প্ৰতিবাদ তীব্ৰ হোৱাত গ্ৰেপ্তাৰ কৰা হয় — শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু আন সংশ্লিষ্ট লোকক। অসম চৰকাৰে গঠন কৰে
CIDৰ বিশেষ তদন্তকাৰী দল।

ছেপ্টেম্বৰত ম্লান পৰিছিল দূৰ্গা পূজাৰ উচাহ, মহিলা বিশ্বকাপৰ উদ্বোধনী ক্ৰিকেট খেলেও লাভ কৰা নাছিল গুৰুত্ব। শোকৰ জুইত দগ্ধ হৈছিল সমগ্ৰ অসম।

অক্টোবৰ

২০২৫ বৰ্ষৰ অক্টোবৰ মাহটো অসম আৰু দেশৰ বাবে ঘটনাবহুল এটা মাহ হিচাপে চিহ্নিত হৈ ৰ’ল। এই মাহত একেলগে গৌৰৱ, শোক, উত্তেজনা আৰু আশাৰ খবৰ আহিছিল।

  • ২ অক্টোবৰত মহাত্মা গান্ধীৰ জন্মজয়ন্তীৰ দিনটোতেই দেশজুৰি “স্বচ্ছতা অভিযান ২০২৫”ৰ নতুন পৰ্যায় আৰম্ভ কৰা হয়। অসমতো ব্যাপক ৰূপত এই অভিযান চলোৱা হয়। গান্ধী জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ৰাজঘাটত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমত চৰকাৰী আৰু বেচৰকাৰী স্তৰত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়।
  • ৩ অক্টোবৰত অসমৰ শিক্ষা ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্য চৰকাৰে চৰকাৰী বিদ্যালয়সমূহত ডিজিটেল ক্লাছৰ নতুন পৰিকল্পনা ঘোষণা কৰে।
  • ৫ অক্টোবৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISRO-এ সফলতাৰে নতুন উপগ্ৰহ উৎক্ষেপণ কৰে, যিয়ে দেশৰ যোগাযোগ আৰু জলবায়ু পৰ্যবেক্ষণ ব্যৱস্থাক অধিক শক্তিশালী কৰে।
  • ৭ অক্টোবৰত অসমত বানপানী পৰৱৰ্তী ক্ষয়ক্ষতিৰ প্ৰতিবেদন ৰাজহুৱা হয়। হাজাৰ হাজাৰ পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য পোহৰলৈ আহে।
  • ৯ অক্টোবৰত দেশজুৰি ইন্ধনৰ মূল্য বৃদ্ধি হোৱাত সৰ্বসাধাৰণ ৰাইজৰ মাজত অসন্তোষ সৃষ্টি হয়। অসমতো ইয়াৰ প্ৰভাৱ পৰে।
  • ১০ অক্টোবৰত বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষে অসমত মানসিক স্বাস্থ্য সচেতনতা কাৰ্যসূচী অনুষ্ঠিত হয়।
  • ১২ অক্টোবৰত গুৱাহাটীত এক ডাঙৰ নিয়োগ মেলাৰ আয়োজন কৰা হয়, য’ত হাজাৰ হাজাৰ যুৱক–যুৱতীয়ে অংশগ্ৰহণ কৰে।
  • ১৫ অক্টোবৰত অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰে। কোটি টকাৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰা হয়।
  • ২৬ অক্টোবৰত ৰাজ্য চৰকাৰে নতুন শিল্প নীতি ঘোষণা কৰে, যাৰ জৰিয়তে বিনিয়োগ আৰু কৰ্মসংস্থাপনৰ আশা বৃদ্ধি পায়।
  • ৩১ অক্টোবৰত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী তথা ৰাষ্ট্ৰীয় ঐক্য দিৱস উপলক্ষে দেশজুৰি একতা দৌৰ অনুষ্ঠিত হয়। অসমতো সহস্ৰাধিক লোকৰ অংশগ্ৰহণে এই দিৱস উদযাপন কৰা হয়।

নবেম্বৰ

২০২৫ বৰ্ষৰ নৱেম্বৰ মাহৰ আৰম্ভণিৰ দিনটোতেই অসমে একাধিক গুৰুত্বপূৰ্ণ ঘটনাৰ সাক্ষী হৈছিল।

  • ১ নৱেম্বৰত বিশিষ্ট সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান ‘প্ৰবুদ্ধ বৰেণ্য’ প্ৰদান কৰা হয়। এই দিনটোতেই ভাৰতীয় টেনিছৰ তাৰকা খেলুৱৈ ৰোহন বোপান্নাই পেচাদাৰী টেনিছ কৰ্টৰ পৰা বিদায় লৈ খেলজগতৰ এক অধ্যায়ৰ অন্ত পেলায়। দুখৰ কথাটো হ’ল, সেইদিনাই বিশিষ্ট শিল্পী তথা কৃষি বিভাগৰ প্ৰাক্তন সঞ্চালক ড° অমিয় মোহন দাসে ইহলীলা সম্বৰণ কৰে।
  • ২ নৱেম্বৰত ভাৰতীয় মহিলা ক্ৰিকেট দলে এদিনীয়া বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাভূত কৰি বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰে, যিয়ে সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰে।
  • ৩ নৱেম্বৰত অসমৰ সংগীত জগতলৈ গভীৰ শোক নমাই আহে। প্ৰখ্যাত বাঁহীবাদক আৰু সংগীত পৰিচালক দীপক শৰ্মাই চিৰবিদায় লয়। এই দিনটোতেই তেলেংগানাত বাছ আৰু ট্ৰাকৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষত ২০ গৰাকী লোকৰ মৃত্যু হয়। আনহাতে, ছত্তীশগড়ত সংঘটিত ৰে’ল দুৰ্ঘটনাত ৬ জনকৈ লোক নিহত হয়।
  • ৫ নৱেম্বৰত প্ৰবীণ সাংবাদিক হাইদৰ হছেইনক ২০২৫ বৰ্ষৰ ‘চুকাফা বঁটা’ প্ৰদান কৰা হয়। এইদিনাই ইতিহাস গঢ়ি নিউয়ৰ্ক মহানগৰৰ মেয়ৰ হিচাপে নিৰ্বাচিত হয় ভাৰতীয় মূলৰ মুছলমান জোহৰান মামদানি।
  • ৭ নৱেম্বৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ আহে। গুৱাহাটীত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে জাগীৰোডৰ চেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে। একেলগে কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিলান্যাসো সম্পন্ন কৰে। সেইদিনাই নাগাৰা সূৰ্য ৰামচৰণ ভৰালীৰ দেহাৱসান ঘটাত ৰাজ্যজুৰি শোকৰ ছাঁ পৰে।
  • ৯ নৱেম্বৰত ভাৰতীয় বায়ুসেনা দিৱস উপলক্ষে গুৱাহাটীৰ লাচিত ঘাটত যুদ্ধ বিমানৰ অনন্য আকাশী প্ৰদৰ্শন অনুষ্ঠিত হয়। ৰাফেল, সুখয় আদি অত্যাধুনিক যুদ্ধ বিমানে গুৱাহাটীৰ আকাশ ৰঙীন কৰি তোলে।
  • ১০ নৱেম্বৰত দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত ভয়ংকৰ বিস্ফোৰণত ১৩ জনকৈ লোক নিহত হয়। ঘটনাটোৰ পিছত সমগ্ৰ দেশজুৰি হাই এলাৰ্ট জাৰি কৰা হয়।
  • ১৪ নৱেম্বৰত বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা সম্পন্ন হয়। কংগ্ৰেছ–আৰজেডিৰ মহাজোঁটক পৰাভূত কৰি এনডিএয়ে চৰকাৰ গঠন কৰে।
  • ১৫ নৱেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুদিনীয়া ভ্ৰমণসূচীৰে লণ্ডনলৈ যায়। এই ভ্ৰমণকালত লণ্ডন সংগ্ৰহালয়ৰ সৈতে ঐতিহাসিক চুক্তি স্বাক্ষৰ হয়, যাৰ ফলত ২০২৭ চনত মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি ‘বৃন্দাবনী বস্ত্ৰ’ ১৮ মাহৰ বাবে অসমলৈ অনা হ’ব।
  • ১৬ নৱেম্বৰত নেপালৰ পিছতে মেক্সিকোতো ‘জেন জি’ বিদ্ৰোহে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰে।
  • ১৯ নৱেম্বৰত বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে দশমবাৰৰ বাবে নীতিশ কুমাৰে শপত গ্ৰহণ কৰে।
  • ২১ নৱেম্বৰত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ইতিহাস ৰচিত হয়। প্ৰথমবাৰৰ বাবে বৰ্ষাপাৰাত এখন আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ অনুষ্ঠিত হয়, যিয়ে অসমৰ ক্ৰিকেট ইতিহাসত নতুন অধ্যায় সংযোজন কৰে। একে সময়তে ২০২৫ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত মেক্সিকোৰ ফাতিমাই খিতাপ জয় কৰে।
  • ২৩ নৱেম্বৰত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সত্ৰীয়া নৃত্য, বৰগীত আৰু গায়ন–বায়ন সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
  • ২৪ নৱেম্বৰত বলিউডৰ ‘হি-ম্যান’ খ্যাত মহানায়ক ধৰ্মেন্দ্ৰৰ মহাপ্ৰস্থানত দেশজুৰি শোকৰ পৰিবেশ সৃষ্টি হয়।
  • ২৬ নৱেম্বৰত ৰাষ্ট্ৰপতিয়ে অসমীয়া, বড়োসহ ৯টা ভাষাত সংবিধানৰ ডিজিটেল সংস্কৰণ উন্মোচন কৰে। একেদিনাই কেবিনেটে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদন গ্ৰহণ কৰে।
  • মাহটোৰ শেষ দিনা, অৰ্থাৎ ৩০ নৱেম্বৰত কোকৰাঝাৰত অৱস্থিত বিটিচি সচিবালয়ত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে ভয়ংকৰ প্ৰতিবাদ সংঘটিত হয়।

ডিচেম্বৰ

  • ২০২৫ বৰ্ষৰ ডিচেম্বৰ মাহৰ প্ৰথম দিনটোতেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ক্ষেত্ৰত এক গৌৰৱময় খবৰ আহে। এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বিশ্বৰ সৰ্বাধিক ছিক্সাৰ হিচাপে ইতিহাস ৰচে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই।
  • ২ ডিচেম্বৰত নাজিৰাত কেন্দ্ৰীয় অসম দিবসৰ লগত সংগতি ৰাখি অসম চৰকাৰে অসমৰ মহান ঐতিহাসিক ব্যক্তিত্ব চুকাফাৰ ২০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে।
  • ৪ ডিচেম্বৰত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী লৈ ভাৰত ভ্ৰমণলৈ আহে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।
  • ৫ ডিচেম্বৰত সামুদ্ৰিক সহযোগিতাৰ ক্ষেত্ৰত ভাৰত আৰু ৰাছিয়াৰ মাজত দুটা গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ হয়। এইদিনাই ৰাজ্যৰ ১৮ গৰাকী সাহিত্যিকলৈ সাহিত্য বঁটা আৰু ১০ গৰাকীক সাহিত্য পেঞ্চন প্ৰদানৰ ঘোষণা কৰে অসম চৰকাৰে।
  • ৭ ডিচেম্বৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীসকলৰ প্ৰতিবাদৰ পৰিণতিত উপাচাৰ্য শম্ভুনাথ সিঙক পদৰ পৰা অব্যাহতি দিয়া হয়।
  • ৮ ডিচেম্বৰত অসমে এক অনন্য সাংস্কৃতিক অভিজ্ঞতাৰ সাক্ষী হয়। বিশ্ববিখ্যাত মাৰ্কিন ৰকষ্টাৰ পোষ্ট মেলনে অসমত অনুষ্ঠান পৰিবেশন কৰে, যিয়ে ৰাজ্যজুৰি ব্যাপক চৰ্চাৰ সৃষ্টি কৰে।
  • ৯ ডিচেম্বৰত গুৱাহাটীৰ এছ বি আইৰ মুখ্য কাৰ্যালয়ত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
  • ১০ ডিচেম্বৰত ৰাজ্যৰ ৮৬০ গৰাকী শ্বহীদৰ স্মৃতিত নিৰ্মিত গুৱাহাটীৰ শ্বহীদ স্মাৰক মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে।
  • ১১ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত তিনিচুকীয়াৰ ২২ গৰাকী শ্ৰমিক আহত হয়।
  • ১২ ডিচেম্বৰত বহু প্ৰত্যাশিত গায়ক জুবিন গাৰ্গৰ গোচৰ সন্দৰ্ভত বিশেষ অনুসন্ধান দল (SIT)-এ ১২,২৭০ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰে।
  • ১৪ ডিচেম্বৰত অসমৰ সংবাদ জগতৰ এক স্তম্ভ, ‘অচাম ট্ৰিবিউন’ কাকতৰ সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান ঘটে। এই দিনটোতেই অসমৰ বাবে এক সুখবৰ আহে—দিল্লী প্ৰেছ ক্লাৱৰ সভাপতি হিচাপে নিৰ্বাচিত হয় সংগীতা বৰুৱা পিছুটী।
  • ১৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৰ্ডান, ইথিওপিয়া আৰু ওমান ভ্ৰমণৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰে।
  • ১৭ ডিচেম্বৰত ইথিওপিয়াত দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰা হয়।
  • ১৯ ডিচেম্বৰত বাংলাদেশত সংঘটিত এক নৃশংস ঘটনাই বিশ্ববাসীক স্তম্ভিত কৰে। ৰাজহুৱাকৈ এজন হিন্দু শ্ৰমিকক হত্যা কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।
  • ২০ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচী লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহে। তেওঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰাৰ লগতে গোপীনাথ বৰদলৈৰ সুউচ্চ প্ৰতিমূৰ্তিও উন্মোচন কৰে। এই দিনটোতেই অসমৰ যুৱক জিয়ান আহমেদে নাছাৰ পৰা বিশেষ স্বীকৃতি লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে।
  • ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে নামৰূপত বছৰি ১২ লাখ মেট্ৰিক টন সাৰ উৎপাদনৰ ক্ষমতা সম্পন্ন নামৰূপ সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।
  • ২২ ডিচেম্বৰৰ পৰা পশ্চিম কাৰ্বি আংলং তথা কাৰ্বিভূমি উত্তপ্ত হৈ পৰে। প্ৰতিবাদকাৰীয়ে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ ঘৰ জ্বলাই দিয়ে। আৰক্ষীৰ গুলিত এজন প্ৰতিবাদকাৰীৰ মৃত্যু হয় আৰু অঞ্চলজুৰি “কাৰ্বি গ’ বেক” ধ্বনি গুঞ্জৰিত হয়।
  • ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱা প্ৰকল্প আৰু বিষ্ণু জ্যোতি প্ৰেক্ষাগৃহ আনুষ্ঠানিকভাৱে মুকলি কৰে।
  • ৩০ ডিচেম্বৰত বিশ্ববাসীৰ সন্মুখত অসমক গৌৰৱান্বিত কৰি চলচ্চিত্ৰ পৰিচালিকা ৰিমা দাসে নিউয়ৰ্কত অনুষ্ঠিত ‘উইমেন ইন ফিল্ম এণ্ড টেলিভিছন এৱাৰ্ড’ লাভ কৰে।

এইদৰেই ২০২৫ বৰ্ষৰ ডিচেম্বৰ মাহে সুখ–দুখ, গৌৰৱ–বেদনাৰে ভৰা বহুতো অভিজ্ঞতা আমাক উপহাৰ দি বিদায় লয়।

2025