/asomiyapratidin/media/media_files/2024/12/14/q2MmwuqGq3z3mfLmMWw0.jpg)
অভিনেতা হিচাপে তেওঁ বিক্ৰী কৰিছিল দৰিদ্ৰতা, প্ৰযোজক হিচাপে সফলতা লাভ কৰিবলৈ ব্যৱহাৰ কৰিছিল নাৰীক। তেওঁৰ চিনেমাৰ গানেই হৈ পৰিছিল ভাৰতীয় বিদেশ নীতি। তেওঁৰ চিনেমাত আছিল সমাজমুখী চেতনা। তেওঁ আছিল বাৰতৰ চাৰ্লি চেপলিন। ভাৰতীয় ছবি জগতৰ অবিসম্বাদী সম্ৰাট ৰাজ কাপুৰ। এই ৰাজ কাপুৰৰ আজি ১০০ বছৰীয়া জন্ম জয়ন্তী। এই উপলক্ষে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
ভাৰতৰ ছবি জগতৰ ইতিহাসত আটাইতকৈ বিখ্যাত অভিনেতা কোনগৰাকী? বলিউড বাদশ্বাহ শ্বাহৰুখ খান নে ভাইজান ছলমান খান? বিগবি অমিতাভ বচ্চন নে দিলীপ কুমাৰ? এনে এক প্ৰশ্ন উত্থাপিত হ’লে নিশ্চিতভাৱে ছবি জগতৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাসকলৰ উত্তৰ হ’ব- ৰাজ কাপুৰ।
ৰাজ কাপুৰৰ জনপ্ৰিয়তা কিমান সেয়া উপলব্ধি কৰিব পাৰি তেওঁ অভিনয় কৰা ‘আৱাৰা হুঁ’ গানটোৰ পৰাই। ৰাজ কাপুৰৰ ‘আৱাৰা হুঁ’ গানটো আছিল মহাকাশচাৰী য়ুৰি গেগেৰিনৰ মহাকাশ যাত্ৰাৰ অন্যতম লগৰী।
ৰাজ কাপুৰ আছিল এনে এজন তাৰকা, যি সেই সময়ৰ ভাৰতত উজ্জীৱিত হৈছিল, যিসময়ত দেশ বিভাজনে অবৰ্ণনীয় এক পৰিবেশৰ সূচনা কৰিছিল। অশোক কুমাৰ, বলৰাজ চাহানীৰ অনুপস্থিতি তেওঁ ভাৰতীয় ছবিৰ নায়ক হিচাপে উদ্ভাসিত হৈ উঠিছিল।
সদ্য স্বাধীনতা প্ৰাপ্ত ভাৰতৰ বিদেশ নীতি কেনে হোৱা উচিত? ভাৰতীয় ৰাজনৈতিক নেতাসকলক বৰ বেছি চিন্তিত কৰা নাছিল এই প্ৰশ্নই। এই প্ৰশ্নৰ উত্তৰ আহিছিল ৰাজ কাপুৰৰ চিনেমাৰ এটা গানৰ পৰাই।
‘ ‘মেৰা জোতা হ্যে জাপানী/ য়ে পাতলুং ইংলিছতানি/ ছৰ পে লাল টুপী ৰুছি/ ফিৰ ভি দিলে হ্যে হিন্দুস্তানী’ ’ - এয়াই আছিল ভাৰতৰ সেই সময়ৰ বিদেশ নীতি। উদাৰীকৰণৰ পিছত এই গানটো পুনৰ জনপ্ৰিয় হৈ উঠিছিল। প্ৰায় ৫০ বছৰ ধৰি এই গান ভাৰতৰ জাতীয় সংগীতৰ বিকল্প হৈ পৰিছিল বুলি কলেও অত্যুক্তি কৰা নহ’ব।
ৰাজ কাপুৰ আছিল নতুনকৈ স্বাধীনতা লাভ কৰা ভাৰতৰ ৰাষ্ট্ৰ নিৰ্মাণৰ এক স্মাৰক। বলিউডত তেওঁ নতুন ভাৰতীয় ছবিৰ ওপৰত সম্পৰীক্ষা চলাইছিল। এই সম্পৰীক্ষাৰে ফচল আছিল ‘আৱাৰা’, ‘বুট পলিছ’, ‘শ্ৰী ৪২০’ আদিৰ দৰে ছবিসমূহ।
আনকি বহুতে এনেকৈয়ো ক’ব বিচাৰে ৰাজ কাপুৰ অবিহনে ভাৰতত জাতীয়তাবাদৰ ইতিহাসেই অসম্পূৰ্ণ।– এয়াই ৰাজ কাপুৰ। এতিয়াৰ পাকিস্তানৰ পেছুৱাৰত ১৯২৪ চনৰ ১৪ ডিচেম্বৰত ৰাজ কাপুৰৰ জন্ম হৈছিল। তেওঁৰ জন্মতে নাম আছিল সৃষ্টিনাথ কাপুৰ।
দেশ বিভাজনৰ কৰুণ সময়খিনিতে তেওঁ ভাৰতীয় ছবিজগতত সৱল আত্মপ্ৰকাশ কৰিছিল। যদিও দুই, এখন ছবি পূৰ্বে মুক্তি লাভ কৰিছিল তথাপিও দেশ বিভাজনৰ বছৰতে তেওঁৰ দ্বাৰা অভিনীত গুৰুত্বপূৰ্ণ ছবি ‘নীল কমল’-এ মুক্তি লাভ কৰিছিল। নায়িকা হিচাপে ছবিখনত আছিল মধুবালা। এই ছবিৰ পাছতেই ৰাজ কাপুৰ আৰু মধুবালা হৈ পৰিছিল তাৰকা।
দিলীপ কুমাৰৰ সৈতে ৰাজ কাপুৰে অভিনয় কৰা ‘আন্দাজ’ ছবিখন মুক্তি লাভ কৰিছিল ১৯৪৯ চনত। আন্দাজো আছিল সেই সময়ৰ ভাৰতীয় ছবিৰ এক স্তম্ভ স্বৰূপ। অৱশ্যে ‘আৱাৰ’ ছবিখনৰ জৰিয়তেহে ৰাজ কাপুৰ অবিসম্বাদী তাৰকা হিচাপে উদ্ভাসিত হৈ পৰিছিল। এই ছবিখনত মূল কেন্দ্ৰ বিন্দুয়েই আছিল তেওঁ।
ৰাজ কাপুৰৰ ছবিসমূহত সেই সময়ৰ পটভূমি সুন্দৰকৈ পৰিস্ফুট হৈছিল। কেৱল ছবি নিৰ্মাণ বা অভিনয়ে নহয় তেওঁ সামাজিক পটভূমিকো যে গুৰুত্ব দিছিল তাৰ প্ৰমাণ তেওঁৰ ছবিসমূহৰ কাহিনীয়েই দাঙি ধৰিছে।
‘আৱাৰা’ ছবিত যিদৰে নাৰী আৰু শিশুৰ সৈতে ন্যায়ালয় আৰু আইনৰ সংঘৰ্ষ, ‘বুট পলিছ’ বা ‘শ্ৰী ৪২০’ ছবিতো সেই ধৰণৰ দ্বন্দই দেখা গৈছিল। তেওঁৰ ছবিত আছিল সেই সময়ৰ গাঁৱৰ পৰা চহৰমুখী যাত্ৰাৰ উত্থান-পতন, ৰাজনৈতিক পৰিস্থিতি, ৰক্তপাত আৰু যন্ত্ৰণাৰ দৃশ্য।
সমাজমুখী চিন্তাৰে তেওঁ ৰূপালী পৰ্দৰে সমাজলৈ বাৰ্তা দিছিল। আধুনিকতাৰ সৈতে নিজকে সাপ খোৱাই ল’বলৈ গৈ ভাৰতীয় ছবিলৈ প্ৰেমৰ ৰূপত যৌনতাৰ আমদানি কৰি সমালোচিতও হৈছিল। তেওঁৰ ছবিত যিসমূহ গান, নৃত্য অন্তৰ্ভুক্ত কৰিলে সিও এক নতুন ধাৰাৰ সূচনা কৰিলে।
অৱশ্যে অভিনয়ৰ পৰা আঁতৰি তেওঁ যেতিয়া প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰে তেওঁ সমাজমুখী চিন্তাৰ সমান্তৰালকৈ বাণিজ্যিক ধাৰণাও স্পষ্ট কৰি লৈছিল। তাৰ প্ৰমাণ ‘মেৰা নাম জোকৰ’, ‘ববী’, ‘ৰাম তেৰি গংগা মইলি’ আদি ছবি। এনে ছবি নিৰ্মাণৰ সময়ত তেওঁ সেই সময়ৰ চলচ্চিত্ৰ সমালোচকসকলৰ পৰা সমালোচিতও হৈছিল।
ভাৰতীয় গণনাট্য আন্দোলনৰ ধাৰাত ১৯৫৬ ত নিৰ্মাণ কৰা হৈছিল ‘জগতে ৰহো’ নামৰ ছবিখন। এই ছবিত ৰাজ কাপুৰ আছিল এগৰাকী তৃষ্ণাতুৰ কৃষক। গণনাট্য আন্দোলনৰ সৈতে জড়িত হৈ থকাৰ বাবেই হয়তো পৰৱৰ্তী সময়ত ৰাজ কাপুৰে বাণিজ্যিক ছবি নিৰ্মাণ কৰাৰ সময়তো তাত দেখা গৈছিল ইয়াৰ প্ৰভাৱ। ‘শ্ৰী ৪২০’, ‘মেৰা নাম জোকৰ’ আদি ছবি তাৰেই উদাহৰণ।
‘মেৰা নাম জোকৰ’ ছবিখনে মুক্তি লাভ কৰাৰ পাছতে চৰ্চাৰ শীৰ্ষলৈ আহিছিল। গণনাট্য আন্দোলনৰ প্ৰভাৱ পৰা এই ছবিখনৰ মূল কেন্দ্ৰবিন্দু আছিল দৰিদ্ৰ চৰিত্ৰতো। বহুতেই ক’ব বিচাৰে এই চৰিত্ৰৰ জৰিয়তে ৰাজ কাপুৰ হ’ব বিচাৰিছিৰ ভাৰতৰ চাৰ্লি চেপলিন।
ৰাজ কাপুৰে বাণিজ্যিকভাৱে ছবি সফল কৰিবলৈয়ে হওক বা আধুনিকতাৰ গ্ৰাসতে হওঁক তেওঁৰ ছবিত নায়িকাক গুৰুত্ব দিছিল। বহুতৰ মতে নায়িকা হৈ পৰিছিল ৰাজ কাপুৰৰ চিনেমাৰ পণ্য।
‘ববী’ত ডিম্পল কাপাডিয়া, ‘সত্যম শিৱম সুন্দৰম’ত জিনাত আমান, ‘ৰাম তেৰি গংগা মইলি’ত মন্দাকিনীক তেওঁ যিদৰে ব্যৱহাৰ কৰিলে তাৰ বাবেই ছবিগৃহলৈ দৰ্শকৰ সোঁত বৈছিল। এইসকল অভিনেত্ৰীৰ দেহৰ খলা-বমা উপভোগ কৰিবলৈ যোৱা দৰ্শকে অৱশ্যে ছবিগৃহৰ পৰা শ্ৰেণী বৈষম্যৰ শিক্ষা লৈহে ওলাই আহিছিল।
বহুতৰ মতেই ৰাজ কাপুৰে প্ৰথমে অভিনেতা হিচাপে ছবিৰ জৰিয়তে বিক্ৰী কৰিছিল দৰিদ্ৰতা আৰু পৰৱৰ্তী সময়ত প্ৰযোজক হিচাপে তেওঁৰ মূল অস্ত্ৰ আছিল অভিনেত্ৰী বা নাৰী। কিন্তু তেওঁ ছবিত নাৰীক পণ্যৰ দৰে ব্যৱহাৰ কৰিছিল যদিও চিত্ৰ সমালোচকৰ কথা বাদেই বহু নাৰীবাদীয়েই আকৌ তাত বিচাৰি পাইছিল ‘আৰ্ট’ বা কলা।
এয়াই ৰাজ কাপুৰ। ভাৰতীয় ছবি জগতৰ অবিসম্বাদী সম্ৰাট। পৃথ্বীৰাজ কাপুৰৰ জ্যেষ্ঠ পুত্ৰ ৰাজ কাপুৰৰ আজি ১০০ বছৰীয়া জন্ম জয়ন্তী। বলিউডৰ প্ৰসিদ্ধ কাপুৰ পৰিয়ালে এইবাৰ তেওঁৰ ১০০ বছৰীয়া জন্ম জয়ন্তী বিশেষ কৰি তুলিবলৈ দেশ জুৰি উদযাপন কৰিছে।
দেশৰ প্ৰায় ৪০ খন চহৰৰ ১৩৫ টা ছবি গৃহত ১৩ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ ৰাজ কাপুৰৰ বিখ্যাত ছবিসমূহ প্ৰদৰ্শিত কৰাৰ ব্যৱস্থা কৰা হৈছে। কাপুৰ পৰিয়ালে ৰাজ কাপুৰৰ শত বৰ্ষীয় জন্ম জয়ন্তী ‘ৰাজ কাপুৰ-১০০ চলচ্চিত্ৰ মহোৎসৱ’ নামেৰে উদযাপিত কৰিছে।