/asomiyapratidin/media/media_files/2024/11/26/xXT9Wb6wmI2GthRaUb5j.jpg)
সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিবশন। প্ৰথম দিনটোত আদানী প্ৰসংগৰে উত্তাল হোৱাৰ পিছত দ্বিতীয় দিনটোত সংসদৰ কামকাজ বন্ধ থাকিল। পালন কৰিলে সংবিধান দিৱস। বুধবাৰৰ পৰা পুনৰ আৰম্ভ হ'ব অধিবেশনৰ কাম-কাজ। পুনৰ আদানী প্ৰসংগতে সংসদ উত্তাল কৰিব বিৰোধীয়ে। কিন্তু আদানীয়েই নহয়, বিৰোধীৰ বাবে অতি গুৰুত্বপূৰ্ণ মণিপুৰ প্ৰসংগও। সমান্তৰালকৈ শাসক পক্ষই উত্থাপন কৰিবলৈ লোৱা ১৬ খনকৈ বিধেয়কো অতি গুৰুত্বপূৰ্ণ। এই বিষয়ত শাসক, বিৰোধীৰ ভূমিকা কেনে হ'ব সেই সন্দৰ্ভতে এক বিশেষ প্ৰতিবেদন।
সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিবেশন। বিভিন্ন কাৰণত এইবাৰৰ সংসদৰ শীতকালীন অধিবেশন গুৰুত্বপূৰ্ণ হৈ উঠিছে। তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছতো বিজেপিৰ যদিও লোকসভাত শক্তি হ্ৰাস পালে, তথাপিও বিজেপিৰ শাসনৰ পদ্ধতি, চিন্তা আৰু সেই চিন্তাক কাৰ্যকৰী কৰিবলৈ সকলো পৰ্যায়লৈকে যাব পৰা যি চৰিত্ৰ তাৰ পৰিবৰ্তন কিন্তু হোৱা নাই।
লোকসভা নিৰ্বাচনত দলটোৱে সংখ্যাগত দিশেৰে একক সংখ্যাগৰিষ্ঠতা হেৰুৱালে যদিও তাৰ পাছত অনুষ্ঠিত হোৱা কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু উপ-নিৰ্বাচনত চলোৱা আগ্ৰাসী প্ৰচাৰৰ বাবে অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। সদ্য সমাপ্ত মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত যদিও ঝাৰখণ্ডত পৰাস্ত হ'ল তথাপিও বিজেপিয়ে মহাৰাষ্ট্ৰত চুনামি আনিবলৈ সক্ষম হ’ল।
ৰাজ্যখনৰ মুঠ ২৮৮ খন আসনৰ ভিতৰত ২৩০ খন আসনেই লাভ কৰিবলৈ সক্ষম হৈছে বিজেপি নেতৃত্বাধীন মহাজুটিয়ে। ৰাজ্যখনত ৬০ বছৰৰ পাছত শূন্য হৈ পৰিছে বিৰোধী।
ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা হাৰিয়ানা, উড়িষ্যা, অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধানসভা নিৰ্বাচনৰ ভিতৰত দলটোৱে হাৰিয়ানা, উড়িষ্যা আৰু অৰুণাচল প্ৰদেশত চৰকাৰ গঠন কৰাৰ সমন্তৰালকৈ ছিকিমত গঠন কৰিছে মিত্ৰদলৰ চৰকাৰ।
স্বাভাৱিকতে লোকসভা নিৰ্বাচনৰ ফলাফলে কিছু চিন্তিত কৰিলেও ৰাজ্যসমূহৰ এনে ফলাফলে দলটোৰ আত্মবিশ্বাস পুনৰ প্ৰৱল কৰি তোলাই নহয় সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰতো পূৰ্বৰ দৰেই কঠোৰ স্থিতি গ্ৰহণ কৰাত বাধাহীন হৈ পৰিছে। সেয়ে দলটোৱে এইবাৰ সংসদত কেইবাখনো বহু চৰ্চিত আৰু বিতৰ্কিত বিল উত্থাপন কৰিবলৈ সাজু হৈছে।
ইয়াৰ বিপৰীতে বহু বিষয়ত বিৰোধীয়ে বাহিৰত লম্ফ, জম্ফ কৰি থাকিলেও কিন্তু সংসদৰ ভিতৰত একপ্ৰকাৰৰ নিস্তেজ হৈ পৰাহে অধিবেশনৰ প্ৰথম দিনটোত পৰিলক্ষিত হৈছিল। শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিৰোধীক কটাক্ষ কৰি যিদৰে আক্ৰমণ কৰিলে তাৰ শক্তিশালী প্ৰত্যুত্তৰ কিন্তু বিৰোধীৰ পক্ষৰ পৰা নাহিল।
বিৰোধীয়ে কেৱল পুঁজিপতি গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতে দিয়াৰ ৰায়ৰ বিষয়টোক ইছ্যু হিচাপে হৈ বিভিন্ন শ্লোগানেৰে সংসদ ভৱন উত্তাল কৰি ৰাখিলে। আদানী প্ৰসংগত বিৰোধী নেতা ৰাহুল গান্ধী যোৱা কেইবা বছৰ ধৰি আক্ৰমণাত্মক হৈ আছে যদিও আদানীক লৈ শাসকীয় বিজেপিক কব্জা কৰিব পৰা নাই। এই প্ৰসংগক তেওঁ যিদৰে মুখ্য বিষয় হিচাপে লৈছে সেইদৰে কিন্তু ৰাইজৰ মাজলৈয়ো লৈ যাব পৰা নাই।
এইবাৰো সংসদৰ অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বেই আদানী প্ৰসংগত যে সংসদ ভৱন উত্তাল হ'ব সেই বিষয়ে জানিব পৰা গৈছিল। বিৰোধীয়ে আদানী প্ৰসংগত সংসদত উত্তাল কৰাৰ সময়ত শাসকীয় পক্ষই কিদৰে ইয়াক প্ৰতিৰোধ কৰিব তাৰো ৰণকৌশল তৈয়াৰ কৰিছে।
বুধবাৰেও আদানী প্ৰসংগক লৈ বিৰোধীয়ে সংসদ উত্তাল যে কৰিব সেয়া নিশ্চিত। কিন্তু তাৰ মাজতেই শাসকীয় পক্ষই সাজু কৰিছে ১৬ খন গুৰুত্বপূৰ্ণ বিল পাছ কৰিবলৈ। এই বিলসমূহৰ ভিতৰত আছে ৱাকফ বিল।
এই ৱাকফ বিলক লৈ দেশজুৰি মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়া অব্যাহত আছে। বিৰোধীয়ে এই বিলক লৈ প্ৰথমে বিতৰ্কত ভাগ লৈছিল যদিও আদানী প্ৰসংগত সকলো উঠিপৰি লগাত এতিয়া এই বিষয় তল পৰিছে।
তাৰোপৰি শাসক পক্ষই সাজু কৰিছে পঞ্জাৱ আদালত (সংশোধনী) বিল। এই বিলত দিল্লী জিলা আদালতৰ আৰ্থিক আপীল অধিকাৰক্ষেত্ৰ বৰ্তমানৰ ৩ লাখৰ পৰা ২০ লাখলৈ বৃদ্ধি কৰাৰ বাবে প্ৰস্তাৱ আছে। অতি গুৰুত্বপূৰ্ণ এই দুয়োখন বিল যিকোনো প্ৰকাৰে গৃহীত কৰিবলৈ সাজু হৈছে বিজেপি।
ইফালে মণিপুৰৰ অশান্ত পৰিস্থিতি সন্দৰ্ভতো সংসদৰ শীতকালীন অধিবেশনৰ পৰৱৰ্তী দিন কেইটা উত্তাল হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যখনত এতিয়াও বন্ধ হৈ আছে শিক্ষানুষ্ঠানসমূহ। ৰাজ্যখনৰ ৯ খন জিলাত এতিয়াও বন্ধ হৈ আছে ইণ্টাৰনেট সেৱা।
প্ৰায় প্ৰতিদিনেই ৰাজ্যখনত সংঘটিত হৈ আছে হিংসাত্মক পৰিস্থিতি। বিশেষকৈ জিৰিবামত চি আৰ পি এফ আৰু কুকি বিদ্ৰোহীৰ মাজত হোৱা সংঘাতৰ ফলত ১০ জনকৈ কুকি বিদ্ৰোহীৰ মৃত্যু আৰু একেদিনাই এটা মেইটেই পৰিয়ালৰ ৬ গৰাকীকৈ সদস্যক অপহৰণ কৰি পৰৱৰ্তী সময়ত হত্যা কৰাৰ ঘটনাক কেন্দ্ৰ কৰি নতুন নতুন হিংসাত্মক ঘটনা ঘটিয়েই আছে।
জ্বলাই দিয়া হৈছে শাসক, বিৰোধী বিধায়কৰ বাসগৃহ। জ্বলিছে বিজেপি, কংগ্ৰেছ আদি ৰাজনৈতিক দলৰো কাৰ্যালয়। এনে পৰিস্থিতিত অধিবেশনৰ পৰৱৰ্তী দিন কেইটাত বিৰোধীয়ে সংসদ উত্তাল কৰিবলৈ সাজু হৈছে। তাৰ বিপৰীতে এতিয়া আকৌ বিজেপিয়ে বিৰোধী দলপতি ৰাহুল গান্ধীক বিপদ পেলাবলৈ আন এক সুযোগ লাভ কৰিছে।
আজি পুৰণি সংসদ ভৱনত অনুষ্ঠিত কৰা হৈছিল সংবিধান দিৱস। এই দিৱসতে ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অভিবাদন নজনোৱাৰ অভিযোগ উত্থাপন কৰিছে। এক্সত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে য'ত দেখা পোৱা গৈছে ৰাষ্ট্ৰপতিগৰাকী নিজৰ আসনত বহাৰ পূৰ্বেই ৰাহুল গান্ধীয়ে নিজৰ আসনত বহিছে। তেনে সময়তে কংগ্ৰেছ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেয়ে তেওঁক থিয় হ'বলৈ কৈছে।
এই ভিডিঅ' পোষ্ট কৰি বিজেপিয়ে অভিযোগ কৰিছে ৰাহুল গান্ধী আৰু কংগ্ৰেছে দ্ৰৌপদী মুৰ্মুক এগৰাকী জনজাতীয় মহিলা হোৱাৰ বাবে সদায়েই অপমান কৰি আহিছে। সংসদৰ শীতকালীন অধিবেশনৰ মাজতে আজি অনুষ্ঠিত হোৱা সংবিধান দিৱসৰ সময়ৰ এই ঘটনাক লৈ এতিয়া বিজেপিয়ে কংগ্ৰেছ আৰু ৰাহুল গান্ধীক শলঠেকত পেলাবলৈ চেষ্টাৰ ত্ৰুতি কৰা নাই।
সেয়েহে এতিয়া লক্ষ্যণীয় হ'ব বুধবাৰৰ পুৱা ১১ বজাৰ পৰা পুনৰ আৰম্ভ হ'বলগীয়া অধিবেশনৰ সময়ত শাসক আৰু বিৰোধী পক্ষই কেনে ভূমিকা পালন কৰে। বিৰোধী কেৱল আদানী প্ৰসংগতে ব্যস্ত থাকিব নে মণিপুৰ প্ৰসংগতো শাসক পক্ষক বিপদ পেলাবলৈ চেষ্টা কৰিব সেয়াও হব লক্ষ্যণীয়। তাৰোপৰি বাকফ বিলক লৈ কেনে ভূমিকা পালন কৰিব তাৰ ওপৰতো দৃষ্টি থাকিব দেশবাসীৰ।