উমৰাংছুৰ কয়লা খনিত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাৰ পাছতে পোহৰলৈ আহিছে অবৈধ কয়লাখননৰ বিষয়টো। এই অবৈধ কয়লা খননৰ আঁৰত কোন? কাৰ আশীৰ্বাদত চলি আছে এই অবৈধ খনন? বন্ধ হ'ল নে লিডুৰ অবৈধ খনন? আৰু কিমান শ্ৰমিকে হেৰুৱাব প্ৰাণ? এই সকলো দিশ সামৰি অসমীয়া প্ৰতিদিনৰ এক বিশেষ প্ৰতিবেদন।
অবৈধ কয়লা খননে পুনৰ প্ৰাণ কাঢ়িলে ৩ জনকৈ শ্ৰমিকৰ। উমৰাংছুত সোমবাৰে পুৱাই কয়লাখনন কৰিবলৈ যোৱা প্ৰায় ২০/৩০ জনীয়া শ্ৰমিকৰ দলটোৰ এতিয়াও বহু কেইজন আৱদ্ধ হৈ আছে খনিৰ ভিতৰত।
ইতিমধ্যে প্ৰায় ৩৬ ঘণ্টা অতিক্ৰম কৰিছে এই ঘটনাই। সোমবাৰে পুৱা ৯ বজাত কয়লাখননৰ বাবে প্ৰায় ৩০০ ফুট গভীৰতালৈ সোমাই যোৱা শ্ৰমিকৰ দলটোক উদ্ধাৰৰ বাবে সোমবাৰে বিয়লি লৈকে উদ্ধাৰ কাৰ্য আৰম্ভই হোৱা নাছিল।
পাছত এছ ডি আৰ এফ আৰু এন ডি আৰ এফে সন্ধিয়ালৈ উদ্ধাৰ কাৰ্য চলাইছিল যদিও তেওঁলোক ব্যৰ্থ হয়। মুখ্যমন্ত্ৰীৰ অনুৰোধত ভাৰতীয় সেনায়ো এই উদ্ধাৰ কাৰ্যত সোমবাৰেই জড়িত হৈ পৰে যদিও তেওঁলোকৰ হাততো উপযুক্ত সঁজুলি নথকাৰ বাবে উদ্ধাৰ কাৰ্যত ব্যঘাত জন্মে।
ফলত ভাৰতীয় নৌসেনাৰ সহায় ল’বলগীয়া হয়। বিশাখাপট্টনমৰ পৰা অহা ১২ জনীয়া এটা নৌসেনাৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাইছে যদিও প্ৰতিকূল বতৰে বাৰে বাৰে তেওঁলোকক বাধা প্ৰদান কৰিছে। শেহতীয়া খবৰ অনুসৰি উমৰাংছুত বৰষুণ অহাৰ বাবে খনিত জলস্তৰ বৃদ্ধি পাইছে আৰু সেয়ে উদ্ধাৰ কাৰ্য বন্ধ কৰিছে।
মন কৰিবলগীয়া যে, উমৰাংছুৰ এই কয়লাখনি আছিল অবৈধ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো ৰাজহুৱাকৈ এই কথা ঘোষণা কৰিছে। উমৰাংছুৰ যি স্থানত এই ঘটনা সংঘটিত হৈছে সেই স্থানৰ ঠিক কাষতে আছে AMDC (Assam Mineral Development Corporation Ltd) অধীনৰ ১৯ নং কয়লা খনিটো।
ইয়াৰ বিপৰীতে যিটো কয়লাখনিত এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ’ল সেই কয়লাখনি AMDC ৰ অধীনস্থ এলেকাৰ বাহিৰত। জানিব পৰা মতে এই অঞ্চলটোত বহু অবৈধ কয়লা খনি আছে। যদিও AMDC ৰ অধীনস্থ এলেকাৰ বাহিৰত তথাপিও ইয়াত মুকলিকৈ অবৈধ খনন দেখিও নেদেখাৰ ভাও ধৰি আহিছে প্ৰশাসনে।
আনহাতে AMDC ৰ অধীনৰ কয়লা খনিসমূহৰ একাংশত খনন বন্ধ হোৱাৰ পিছত নিয়ম অনুসৰি সেইসমূহৰ গাতবোৰ বন্ধ কৰিব লাগিছিল যদিও আজিও উন্মুক্ত হৈ আছে। ফলত কেইবাশ ফুট গভীৰ এই খনিসমূহ পানীৰে ভৰি আছে।
সোমবাৰে যি কয়লাখনিত এই অঘটন সংঘটিত হ’ল এই কয়লাখনিত কয়লা খনন কৰিবলৈ যোৱা শ্ৰমিকসকলে খনন কৰি থাকোঁতেই তেনে কোনো উন্মুক্ত খনিৰ সৈতে হঠাৎ সংযোগ হোৱাৰ বাবেই পানীৰে উপচি পৰা বুলি সন্দেহ কৰা হৈছে।
অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এই অবৈধ কয়লা খনিটোৰ গৰাকী হিচাপে যাৰ নাম চৰ্চালৈ আহিছ তেওঁ হৈছে ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা হোজাই। ডিমা হাছাওৰ বিভিন্ন দল, সংগঠনে মুকলিকৈ এই কথা প্ৰকাশ কৰি আজি হাফলঙত এক বিশাল প্ৰতিবাদী সমাবেশো গঢ়ি তুলিলে।
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিক পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোছা আৰু তেওঁৰ পত্নী কণিকা হোজাইৰ বিৰুদ্ধে ইতিমধ্যে বহু অভিযোগ উত্থাপন হৈছে। পাহাৰীয়া এই অঞ্চলটোৰ সকলো খনিজ সম্পদৰ ওপৰত এই দম্পত্তিয়ে অধিকাৰ সাব্যস্ত কৰি অবৈধ সৰবৰাহত লিপ্ত থকাৰ অভিযোগ নতুন নহয়।
আন এক অভিযোগ অনুসৰি এই অঞ্চলটোত AMDC য়ে যিসমূহ খনিত কয়লা খননৰ অনুমতি দিছে সেই সমূহৰো ৰাজহ ফাঁকি দি আহিছে এই অসাধু চক্ৰই। একোখন কয়লা পৰিবাহী ট্ৰাকৰ বাবে জাৰি কৰা চালান অনুসৰি ১০ টন কয়লা সৰবৰাহৰ অনুমতি থাকে যদিও তেওঁলোকে ৪০ ৰ পৰা ৫০ টনলৈকে একোখন ট্ৰাকত কয়লা সৰবৰাহ কৰি আহিছে।
লক্ষ্যণীয় বিষয় যে, অসমৰ ডিমা হাছাওৰ উপৰিও কয়লা নগৰী হিচাপে পৰিচিত লিডুকে ধৰি বিভিন্ন অঞ্চলত ৰেট হ’ল মাইনিং অবৈধ ভাৱে চলি আহিছে। উচ্চতম ন্যায়ালয়ে ৰেট হ’ল মাইনিঙৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰি থৈছে যদিও অবৈধভাৱেই কয়লা খনিসমূহত এইদৰে খনন আজিও অব্যাহত আছে। উমৰাংছু তাৰেই প্ৰমাণ।
আজিৰ পৰা কেইবামাহ পূৰ্বে লিডুৰ অবৈধ কয়লাখনিত এনেদৰে খনন কৰাৰ সময়তে মৃত্যু হৈছিল দুজনকৈ শ্ৰমিকৰ। এই দুই শ্ৰমিক আছিল লিডুৰ ইটাখোলা অঞ্চলৰ নিবাসী ৰূপেশ্বৰ ফুকনৰ পুত্ৰ নয়ন ফুকন আৰু হাজং নামৰ এজন ব্যক্তি। লিডুৰ বহু চৰ্চিত কয়লা মাফিয়াই এই শ্ৰমিকসকলক অবৈধ কয়লা খননত নিয়োগ কৰিছিল।
এই ঘটনাৰ ঠিক কেইদিনমানৰ পূৰ্বে লিডুৰ অবৈধ কয়লাখনিত মৃত্যু হৈছিল প্ৰাঞ্জল মৰাণ নামৰ এজন ব্যক্তিৰ। তিনিচুকীয়াৰ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চলত বৈধ কয়লা খননৰ সমান্তৰালকৈ অবৈধ খনন এতিয়াও অব্যাহত আছে। ইয়াৰ বিৰুদ্ধে বিভিন্ন ৰাজনৈতিক দল, সংগঠনে মুকলিকৈ প্ৰতিবাদ কৰি আহিছে।
মৃত্যু গহ্বৰলৈ পৰিণত হোৱা এই কয়লাখনিসমূহ নিয়ন্ত্ৰণৰ বাহিৰত। উমৰাংছুৰ শেহতীয়া ঘটনা তাৰেই উদাহৰণ। উমৰাংছুৰ অবৈধ কয়লাখনিত প্ৰকৃততে কিমান শ্ৰমিক আবদ্ধ হৈ আছে তাৰ কোনো নিশ্চিত তথ্য নাই।
তথাপিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৯ গৰাকী শ্ৰমিকৰ নাম আৰু ঠিকনা উল্লেখ কৰিছে। সেই অনুসৰি তেওঁলোক ক্ৰমে নেপালৰ উদয়পুৰৰ গংগা বাহাদুৰ শ্ৰেষ্ঠ, দলগাঁৱৰ হুছেইন আলী, জাকিৰ হুছেইন, মুস্তাফা শ্বেখ, গোঁসাইগাঁৱৰ সৰ্প বৰ্মন, ফকিৰগ্ৰামৰ খুশি মোহন ৰায়, পশ্চিমবংগৰ জলপাইগুৰিৰ সঞ্জিত সৰকাৰ, উমৰাংছুৰ লিজান মগৰ আৰু শোণিতপুৰৰ বাতাসীপুৰৰ শৰৎ গয়াৰী।
ইতিমধ্যে ইয়াৰে ৩ জনৰ মৃতদেহ উদ্ধাৰ হৈছে। বাকী কেইজন কি অৱস্থাত আছে সেয়া একমাত্ৰ ভগৱানেহে জানে। তেওঁলোকক সুস্থভাৱে উদ্ধাৰ কৰিব যে পাৰিব সেয়া প্ৰায় অসম্ভৱ।
৩০০ ফুট গভীৰতাৰ এই কয়লাখনিত ১০০ ফুটৰো ওপৰলৈ পানী উঠিছে। এনে পৰিস্থিতিত ৩৬ ঘণ্টা অতিক্ৰম কৰাৰ পাছত তেওঁলোক কি অৱস্থাত আছে সেয়া সহজেই অনুমেয়। এতিয়া প্ৰশ্ন হ'ল বিপদ নিশ্চিত বুলি জানিও এই অবৈধ কয়লাখনিত ইচ্ছাকৃতভাৱেই মৃত্যু মুখলৈ ঠেলি দিয়া এই শ্ৰমিকসকলৰ দায়িত্ব কোনে ল'ব? AMDC, স্বায়ত্ব শাসিত পৰিষদ নে অসম চৰকাৰে?
এই ঘটনা সন্দৰ্ভত তদন্তৰ বাবে খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) আইন, ১৯৫৭ৰ ধাৰা ৩(৫)/১০৫ বি এন এছ, আৰ/ডব্লিউ ধাৰা ২১(১)ৰ অধীনত উমৰাংছু’ আৰক্ষী থানাত ০২/২০২৫ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে । এই গোচৰৰ আধাৰতে
ৰাজ্যত চলি থকা অবৈধ কয়লা খনন, সৰবৰাহ আৰু ছিণ্ডিকেটৰ বিষয়টো সঘনে চৰ্চালৈ আহে যদিও ইয়াৰ আঁৰত প্ৰকৃততে কোন আছে, কোনে এইসমূহ নিয়ন্ত্ৰণ কৰে সেই বিষয়ে কিন্তু কোনো কথাই ৰাজহুৱা নহয়। এই ছিণ্ডিকেটৰ সৈতে স্বয়ং দিছপুৰেই জড়িত থকাৰ অভিযোগো মুকলিকৈ উত্থাপন কৰি আহিছে বিৰোধী ৰাজনৈতিক দলসমূহে।
উমৰাংছুৰ এই অবৈধ খননৰ সৈতেও একাংশ দিছপুৰীয়া শক্তিশালী নেতা, আমোলা আৰু শীৰ্ষ বিষয়াৰ নাম উচ্চাৰণ হৈছে। সূত্ৰ অনুসৰি এই অবৈধ খননৰ বাবে কয়লা মাফিয়াই দিছপুৰৰ প্ৰভাৱশালী একাংশ মন্ত্ৰীৰো আশীৰ্বাদো লাভ কৰিছে।
সমান্তৰালকৈ আৰক্ষী প্ৰশাসনৰো লোকে তেওঁলোকক এই অবৈধ কাৰ্যকলাপত পূৰ্ণ সহযোগিতা আগবঢ়ায় আহিছে। ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোছা আৰু তেওঁৰ পত্নী কণিকা হোজাইৰ উপৰিও এই অবৈধ খননৰ পৰা সৰ্বশক্তিমান কোনো ব্যক্তিও লাভাম্বিত হোৱাৰ কথাও উচ্চাৰিত হৈছে।