/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/1302009e-f101-4be4-b88d-553a9fbecec4/protibedon web.png)
২৬ জুলাই, ২০২৪ শুকুৰবাৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব পেৰিছ অলিম্পিক। এই পেৰিছ অলিম্পিকতেই গেম ভিলেজে ১০০ বছৰ সম্পূৰ্ণ কৰিছে। এই গেম ভিলেজৰ আঁৰত আছে আকৰ্ষণীয় কাহিনী। কিদৰে এজন ব্যক্তিৰ, এটা চিন্তাই আজিৰ গেম ভিলেজলৈ ৰূপান্তৰ হ'ল সেই সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
২৬ জুলাই, ২০২৪ ৰ পৰা ফান্সৰ ঐতিহাসিক চহৰ পেৰিছত আৰম্ভ হ’ব অলিম্পিক প্ৰতিযোগিতা। বিশ্বৰ সৰ্ববৃহৎ এই প্ৰতিযোগিতাখনৰ ফুটবল ইভেণ্ট অৱশ্যে ২৫ জুলাইৰ পৰাই আৰম্ভ হৈছে। পেৰিছ অলিম্পিক আনুষ্ঠানিকভাৱে শুভ উদ্বোধন হোৱাৰ পূৰ্বেই পৰিছত উপস্থিত হৈছে অংশগ্ৰহণকাৰী সকলো দেশৰে খেলুৱৈ, প্ৰশিক্ষক তথা ছাপ’ৰ্টিং ষ্টাফ।
এইসকলোবোৰ খেলুৱৈ, প্ৰশিক্ষকৰ বাবে নিৰ্মাণ কৰা হৈছে গেম ভিলেজ। অলিম্পিকৰ দিন কেইটাত গেম ভিলেজতে থাকিব তেওঁলোক। অলিম্পিকৰ এক এৰাব নোৱাৰা অংশ হৈছে গেম ভিলেজ। এই গেম ভিলেজৰ পৰাই আয়োজক দেশে সমগ্ৰ বিশ্বলৈ প্ৰেৰণ কৰে তেওঁলোকৰ সভ্যতা, সংস্কৃতি, চিন্তা আৰু অত্যাধুনিক বিজ্ঞান মানসিকতাৰ বাৰ্তা। প্ৰতিখন আয়োজক দেশেই গেম ভিলেজক সজাই তোলে ব্যতিক্ৰম ভাবে।
অলিম্পিকৰ অভিন্ন অংগ গেম ভিলেজৰ চিন্তাই এইবাৰ পেৰিছ অলিম্পিকতে ১০০ বছৰীয়া হ’ল। ১৯২৪ চনত পেৰিছ অলিম্পিক স্থলীত আৰম্ভ হোৱা সামাজিক বৈঠকেই পৰৱৰ্তী সময়ত গেম ভিলেজলৈ ৰূপান্তৰ হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/1e4865f6-0e3f-4b04-a61d-014edeb6653c/p0jd8sm5.jpg.webp)
অলিম্পিকক এক নতুন মাত্ৰা দিয়া এই গেম ভিলেজৰ ইতিহাসো আকৌ অতি আকৰ্ষণীয়। একমাত্ৰ এজন ব্যক্তিৰ প্ৰচেষ্টাতে অলিম্পিকৰ অংশ হৈছিল সামাজিক বৈঠক, পাছলৈ গেম ভিলেজ। এই ব্যক্তিজন কোনো সাধাৰণ ব্যক্তি নাছিল।
গেম ভিলেজৰ চিন্তাৰ বীজ যিগৰাকী ব্যক্তিৰ মনত ৰোপণ হৈছিল তেওঁ হিটলাৰ বিৰুদ্ধেও গৰজি উঠিবলৈ সাহস কৰিছিল। যুদ্ধৰ দামামা হ্ৰাস কৰিবলৈ তেওঁ লোৱা পদক্ষেপৰ বাবে লাভ কৰিছিল শান্তিৰ নোবেল বঁটা।
বিশ্বৰ অগণন ক্ৰীড়াবিদৰ উচ্চতম আকাংক্ষা অলিম্পিকত নিজ দেশক প্ৰতিনিধিত্ব কৰি এটা পদক কঢ়িয়াই অনা। অলিম্পিক প্ৰতিযোগিতাৰ স্থলি তেওঁলোকৰ বাবে মন্দিৰ, মছজিদ, গীৰ্জা সকলো। অলিম্পিকৰ মঞ্চত তেওঁলোকৰ ধৰ্ম এটাই- 'খেল'।
অলিম্পিকৰ বাবেই তেওঁলোকে ত্যাগ কৰে, কষ্ট কৰে, সাধনা কৰে। তাৰ পাছতো ১৯৩৬ ত বাৰ্লিন অলিম্পিক বাতিলৰ দাবী তুলিছিল এগৰাকী অলিম্পিক পদকপ্ৰাপ্ত খেলুৱৈয়ে। অলিম্পিক পদকপ্ৰাপ্ত এই খেলুৱৈগৰাকীয়ে বাৰ্লিন অলিম্পিক বাতিলৰ দাবীক সজোৰে উত্থাপন কৰিছিল।
কেৱল তেওঁৱেই নহয় খেল ভালপোৱা প্ৰায়বোৰ লোকেই বাৰ্লিন অলিম্পিকৰ বিৰোধিতা কৰিছিল। অভিযোগ উঠিছিল বাৰ্লিন অলিম্পিকত অলিম্পিকৰ আত্মাকে হত্যা কৰিব বিচৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/152de7f5-10ce-4cf4-917a-6d65fa1f707d/p0jd8sxb.jpg.webp)
অলিম্পিকৰ এই আত্মাক হত্যা কৰিব বিচাৰিছিল হিটলাৰে। সেই হিটলাৰ যিয়ে গণহত্যা চলাইছিল।সেই হিটলাৰ যি হ'লকাষ্টৰ বাবে কুখ্যাত। সেই হিটলাৰ যিয়ে কৰিছিল ইহুদী নিধন যজ্ঞ।
১৯৩৩ চনৰ ৩০ জানুৱাৰীত এডলফ হিটলাৰ জাৰ্মানীৰ চাঞ্চেলৰ হিচাপে নিযুক্ত হোৱাৰ পিছত ২৪ মাৰ্চত কাৰ্যকৰী হৈছিল হিটলাৰক পূৰ্ণ ক্ষমতা দিয়া আইন।তেতিয়াৰে পৰাই প্ৰস্তুতি চলিছিল ইহুদী নিধন যজ্ঞৰ।
তাৰ বহু পূৰ্বেই ১৯৩৬ চনত জাৰ্মানীত অলিম্পিক অনুষ্ঠিত হোৱাটো চূড়ান্ত হৈয়ে আছিল। সেয়ে অলিম্পিকলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈয়ে পূৰ্ণোদ্যমে প্ৰস্তুতি চলাই আছিল। ঠিক সেই সময়তে হিটলাৰে ঘোষণা কৰিলে বাৰ্লিন অলিম্পিকত ভাগ ল'ব নোৱাৰিব ইহুদী, নিগ্ৰো, শ্ৰমিক লোকসকলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3b45cd69-9939-47af-912b-1a3789a93121/asomiyapratidin_import_website_2021_06_5-1024x1024.avif)
এয়া কিদৰে সম্ভৱ! খেলুৱৈৰ জানোঁ থাকে জাত-পাত অথবা ধৰ্ম? খেলুৱৈৰ বাবে একেটাই জাত, একেটাই ধৰ্ম-‘খেল’। এই খেলেই আনে শান্তি, খেলে বিলাই সম্প্ৰীতিৰ বাণী। লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তত আৰম্ভ হ'ল প্ৰতিবাদ।
বহুদেশে মুকলিকৈ মাত মাতিলে- হিটলাৰ তুমি অলিম্পিকৰ আত্মাক হত্যা কৰিবলৈ ওলাইছা, আমি তোমাৰ দেশলৈ নাযাওঁ। এই বিভিন্ন দেশৰ মাজৰ অন্যতম এখন দেশ আছিল ইউ কে-ইউনাইটেড কিংডম।
দেশখনৰ এগৰাকী সাংসদ যি পূৰ্বে অলিম্পিকত পদক জয় কৰিছে তেওঁৱেই সজোৰে দাবী কৰিলে যদি অলিম্পিকৰ আত্মাকেই হত্যা কৰা হয়, তেনে নালাগে বাৰ্লিন অলিম্পিক। বাতিল হওক এই প্ৰতিযোগিতা। বিশ্বই বহিষ্কাৰ কৰক প্ৰতিযোগিতাখন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a070eda3-11f2-49bb-8368-cdbd2a796765/p0jd8t7j.jpg.webp)
কিন্তু বাৰ্লিন অলিম্পিক অনুষ্ঠিত হ'ল। আৰম্ভ হ'ল আকৌ বহু কেইটা বিতৰ্ক। অলিম্পিক চ্যেলুট, নাজী চ্যেলুটকলৈ বিতৰ্ক। দুয়োটা চ্যেলুটৰ ধৰণ একে হোৱাৰ বাবেই এই বিতৰ্ক। বহু দেশে অলিম্পিক চ্যেলুটৰ পৰিবৰ্তে সৈনিক চ্যেলুটেৰে সম্ভাষণ জনালে হিটলাৰক।
ইউনাইটেড কিংডম, আমেৰিকা আদিয়ে ভংগ কৰিলে পৰম্পৰা। পৰাধীন ভাৰতেও অলিম্পিক চ্যেলুটৰ পৰিবৰ্তে সৈনিক চ্যেলুটেৰে সম্ভাষণ জনালে হিটলাৰক।"I proclaim the games of Berlin celebrating the eleventh Olympiad of the modern era, to be open"- বহু কেইটা বিতৰ্কৰ পিছত এইদৰেই হিটলাৰে আৰম্ভ কৰিলে বাৰ্লিন অলিম্পিক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/288157ff-b94c-43d2-9bf9-0e3fe8d3880e/p0jd8tcj.jpg.webp)
১৯১২ চনৰ চুইডেন অলিম্পিক। প্ৰতিযোগিতাখনলৈ পোন প্ৰথমবাৰৰ বাবে ভাগ ল’বলৈ আহিছে ইউনাইটেড কিংডম দলটোৰ লগত ফিলিপ ন'ৱেল বেকাৰ নামৰ যুৱকজন। ১৫০০ মিটাৰ ইভেণ্টত ভাগ ল’বলৈ অহা ফিলিপ ন'ৱেল বেকাৰ নামৰ যুৱকজন ফাইনেলত উপনীত হ'ল যদিও কোনো পদক লাভ নকৰিলে।
অৱশ্যে তেওঁৰ দেশৰে সতীৰ্থজনে লাভ কৰিলে এটা পদক। খালী হাতেৰেই চুইডেনৰ পৰা স্বদেশলৈ ঘূৰি গ'ল ফিলিপ ন'ৱেল বেকাৰ। ইয়াৰ পিছত ১৯২০ চনৰ অলিম্পিকত পুনৰ স্বদেশক প্ৰতিনিধিত্ব কৰি ফিলিপ ন'ৱেল বেকাৰ বেলজিয়ামলৈ আহিছে।
এইবাৰ তেওঁ লাভ কৰিছে ট্ৰেক দলটোৰ অধিনায়কৰ দায়িত্ব। লগত আছে চুইডেনৰ অভিজ্ঞতা। হাতত স্বদেশৰ পতাকা লৈ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ইউ কেৰ দলটোক সন্মুখৰ পৰা নেতৃত্ব দিলে ফিলিপ ন'ৱেল বেকাৰে।
দুটা নতুন দায়িত্বৰে ফিলিপ ন'ৱেলৰ বাবে বেলজিয়ামৰ অলিম্পিক হৈ পৰিল বিশেষ। এই বিশেষ অলিম্পিক প্ৰতিযোগিতাখনক চিৰস্মৰণীয় কৰি তুলিলে তেওঁ ১৫০০ মিটাৰ ইভেণ্টত ৰূপৰ পদক জয়েৰে। কেৱল সেয়াই নে?
আৰম্ভ কৰিলে তেওঁ অলিম্পিকৰ মঞ্চত এক বিশেষ কাৰ্যক্ৰম। বিভিন্ন দেশৰ বিভিন্ন খেলুৱৈৰ মাজত ফিলিপ তেওঁ আৰম্ভ কৰিলে 'সামাজিক বৈঠক'। বিভিন্ন দেশৰ খেলুৱৈৰ মাজত কথাৰ ভাগ বতৰা কৰাৰ জড়িয়তে, নিজ নিজ দেশৰ সাংস্কৃতিক, সামাজিক আদি দিশবোৰ ভাগ বটোৱাৰ কৰাৰ বাবেই এই সামাজিক বৈঠক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/189d334d-e19f-4a6d-9a98-21941ce9f7f8/p0jd8tlt.jpg.webp)
এক নতুন চিন্তা, নতুনৰ আৰম্ভণি। এই সামাজিক বৈঠকক ফিলিপ ন'ৱেল বেকাৰে বেলজিয়ামত আৰম্ভ কৰি কঢ়িয়াই নিলে ১৯২৪ চনৰ পেৰিচ অলিম্পিকলৈ। পেৰিচত ফিলিপে পদক নাপালে যদিও গঢ়ি থৈ আহিল এক নতুন নিয়ম- ‘সামাজিক বৈঠক’।
ইয়াৰ পৰাই আৰম্ভ হৈছিল গেম ভিলেজৰ চিন্তা। যি চিন্তাই পৰিপক্কতা লাভ কৰিছিল ১৯৩২ চনৰ লছ এঞ্জেলেছ অলিম্পিকত। অলিম্পিকৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে লছ এঞ্জেলেছ অলিম্পিকতেই সংযুক্ত হ'ল গেম ভিলেজ।
যি গেম ভিলেজত এখন দেশৰ খেলুৱৈয়ে আন এখন দেশৰ খেলুৱৈৰ লগত সংস্কৃতিৰ বিনিময় কৰে, ভাবৰ আদান প্ৰদান কৰে। এই গেম ভিলেজতেই বিশ্বৰ সকলো প্ৰান্তৰ খেলুৱৈয়ে একেলগে বাস কৰে। খেলুৱৈৰ মাজৰ পৰা আঁতৰি যায় দেশৰ শত্ৰুতা, নাথাকে কোনো কাঁইটীয়া বেৰৰ সীমা। সকলো হৈ পৰে একেটা ধৰ্মৰ, একেটা জাতৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/528ea80a-c9b3-41b5-b875-92525ca31849/asomiyapratidin_import_website_2021_06_4-1024x1024.avif)
সামাজিক বৈঠকৰ জন্মদাতা এইগৰাকী ফিলিপ নৱে’ল বেকাৰেই ১৯৫৯ চনত লাভ কৰিছিল শান্তিৰ নোবেল। প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত এম্বুলেঞ্চ চালক হিচাপে কাম কৰিছিল তেওঁ। পৰৱৰ্তী সময়ত তেওঁ ৰাজনীতিলৈ আহি হৈ পৰিছিল ব্ৰিটেইনৰ সাংসদ।
ইয়াৰ পৰাই তেওঁ আৰম্ভ কৰে ৰাষ্ট্ৰসংঘৰ হৈ কাম কৰিবলৈ। সেই সময়ছোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তত দেশসমূহৰ মাজত চলি থকা সংঘাত, যুদ্ধ আদি শেষ কৰি শান্তি প্ৰতিষ্ঠাৰ বাবে চলাইছিল সৰ্বোতপ্ৰকাৰে চেষ্টা।
যুদ্ধ শেষ কৰি শান্তি স্থাপনৰ বাবে ৰাষ্ট্ৰসংঘৰ মজিয়াত দিছিল বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। এই ফিলিপ ন'ৱেল বেকাৰেই ১৯৩৬ চনৰ বাৰ্লিন অলিম্পিক বাতিলৰ বাবে মাত মাতিছিল। খেললৈ হিংসা বিয়পাই দিব বিচৰা হিটলাৰৰ বিৰুদ্ধে উঠিছিল গৰজি।
খেলক খেল হিচাপে ৰাখিবলৈ অলিম্পিকৰ আত্মাক জীয়াই ৰাখিবলৈ তেওঁ নিজেই অলিম্পিক পদকপ্ৰাপ্ত খেলুৱৈ হৈয়ো চিঞঁৰি উঠিছিল অলিম্পিক বাতিলৰ দাবীৰে। এইগৰাকী মহান খেলুৱৈ, মানৱতাবাদী ৰাজনৈতিক নেতাৰেই ফচল আজিৰ গেম ভিলেজ।
Also Read: হয়, হোমৱৰ্ক কৰি আহিব লাগে...