/asomiyapratidin/media/media_files/2025/02/10/E7Z7kqETuGa1iAd0uy4x.png)
পদত্যাগ কৰিলে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে। ৰাজ্যখনত দীৰ্ঘদিন ধৰি তেওঁৰ পদত্যাগৰ দাবী উত্থাপন হোৱাৰ পাছতো পদত্যাগ কৰিবলৈ বাধ্য নোহোৱা এন বীৰেণ সিঙে হঠাৎ কিয় কৰিলে পদত্যাগ? ইয়াৰ আঁৰৰ কাৰণ কি? পতন হ'বলৈ ধৰা চৰকাৰৰ ৰক্ষাৰ বাবেই এই ত্যাগ নেকি বীৰেণ সিঙৰ? এই সন্দৰ্ভত তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
যেন এখন সুপৰিকল্পিত নাটক। এগৰাকী অদৃশ্য পৰিচালকে পৰিচালনা কৰি আছে এই নাটকৰ প্ৰতিটো দৃশ্য। ২০২৩ ৰ মে’ত আৰম্ভ হৈছিল হিংসাত্মক পৰিবেশৰ সূচনা। তেতিয়াই আৰম্ভ হোৱা মণিপুৰৰ হিংসাত্মক পৰিস্থিতিয়ে ১ বছৰ ৮ মাহ ১৮ দিন অতিক্ৰম কৰিলে।
এই সুদীৰ্ঘ সময়ত মৃত্যু হ’ল ২০০ ৰো অধিক নিৰীহ জনতাৰ। গৃহহীন হ’ল ৬০ হাজাৰৰো অধিক লোক। জ্বলি ছায় হ’ল ৪৫০০ ৰো বাসগৃহ। ধৰ্ষিতা, লাঞ্চিতা হ’ল অনেক। তাৰ পাছতো সলনি নহ’ল পৰিবেশ। চলি থাকিল ৰাজনীতি আৰু হিংসা।
কিন্তু ৯ ফেব্ৰুৱাৰীত হঠাৎ সলনি হ’ল দৃশ্যপট। কোনো আগজাননী নিদিয়াকৈ পদত্যাগ কৰিলে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। এয়াও আছিল এক মাষ্টাৰ ষ্ট্ৰোক। এই মাষ্টাৰ ষ্ট্ৰোকৰ আঁৰত কোন? সঁচাকৈয়ে এন বীৰেণ সিঙে নিজ আগ্ৰহতে পদত্যাগ কৰিলেনে? ইয়াৰ আঁৰত আছে নেকি আন এক ৰাজনীতি?
মণিপুৰ হিংসাৰ পটভূমি
উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ ৰাজ্য মণিপুৰ সাংস্কৃতিক ভাৱে চহকী। এই ৰাজ্যখনৰ আছে চহকী কৃষ্টি, ঐতিহ্য। তাৰোপৰি আছে প্ৰাকৃতিক সৌন্দৰ্য। এনে চহকী সংস্কৃতিৰ সমানেই মণিপুৰত আছ বিভিন্ন বিদ্ৰোহী গোটৰ সন্ত্ৰাস।
ৰাজ্যখনৰ কেইবাটাও বিদ্ৰোহী সংগঠনে অস্থিৰ কৰি ৰাখে ইয়াৰ পৰিবেশ। মণিপুৰ হিংসাৰ আঁৰতো এনে বিদ্ৰোহীৰ ভূমিকা আছিল বহুত। ৩ মে’ৰ পৰা মণিপুৰত আৰম্ভ হোৱা হিংসাত্মক পৰিস্থিতিৰ কাৰণ বিশ্লেষণ কৰিলে বহু কথাই স্পষ্ট হয়।
মণিপুৰৰ Government of People Democratic Republic kuki Land নামৰ বিদ্ৰোহী সংগঠনটোৰ নেতা মাৰ্ক টি হাওকিপে ২০২১ ত সামাজিক মাধ্যমত দিছিল এটা পোষ্ট। এই পোষ্টত তেওঁ লিখিছিল, মণিপুৰৰ শাসনৰ ভাৰ ল’বলৈ এগৰাকী কুকি প্ৰধান নেতা বিচাৰিব লাগে, নহ’লে মণিপুৰ সুৰক্ষিত নহয়।
এগৰাকী মানৱ অধিকাৰী কৰ্মী হিচাপেও পৰিচিত মাৰ্ক টি হাওকিপক ইয়াৰ পাছতে তেওঁক বিচ্ছিন্নতাবাদী সংগঠন ‘পিপলছ ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কুকিলেণ্ড চৰকাৰ’ ক নেতৃত্ব দিয়াৰ অপৰাধক ২০২২ ৰ মে’ত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে অভিযোগ উঠিছিল মণিপুৰ পাহাৰত অৱস্থিত জনজাতীয় সম্প্ৰদায় কুকিসকলৰ বাবে গৃহভূমি প্ৰতিষ্ঠা কৰিবলৈ ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ চলোৱাৰ। তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছতে মণিপুৰত উমি উমি একুৰা জুই জ্বলি আছিল।
মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বে আকৌ ২০২১ ৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ ৰাজনৈতিক পৰিবেশো সলনি হৈছিল। গণতান্ত্ৰিকভাৱ নিৰ্বাচিত আং চান চ্যু কিৰ চৰকাৰ ভংগ কৰি সামৰিক শাসক জুণ্টাই তেওঁলোকক কাৰাগাৰলৈ নিক্ষেপ কৰে।
তাৰোপৰি দেশখনত পুনৰ সামৰিক শাসনৰ পাতনি মেলে। ইয়াৰ লগে লগে ম্যানমাৰৰ পৰা বহু লোক মণিপুৰলৈ আহিবলৈ আৰম্ভ কৰে আৰু ৰাজ্যখনত শৰনাৰ্থী হিচাপে আশ্ৰয় লয়। অৱশ্যে ভাৰত চৰকাৰে এইলোকসকলক ভৱিষ্যতে যাতে নাগৰিকত্ব দিব নালাগে তাৰ বাবে আগতিয়াকৈ ব্যৱস্থা গ্ৰহণ কৰে আৰু শৰনাৰ্থীসকলৰ বায়’মেট্ৰিক্স সংগ্ৰহ কৰে।
ভাৰত চৰকাৰৰ এনে সিদ্ধান্তৰ বিপৰীতে আকৌ মণিপুৰৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে কেবিনেটৰ অনুমোদন অবিহনে ম্যানমাৰৰ পৰা অহা লোকসকলৰ বাবে পাহাৰত ৰাজহ গাওঁ স্থাপন কৰা হ’ব বুলি ঘোষণা কৰে। কুকি সম্প্ৰদায়ৰ এই মন্ত্ৰীগৰাকীৰ ভাষ্যৰ পাছতে সমতলত বাস কৰা মেইটেইসকলক ক্ষোভিত কৰি তোলে।
মন কৰিবলগীয়া যে, মণিপুৰৰ ৯০ শতাংশ অঞ্চলেই পাহাৰীয়া। এই পাহাৰীয় অঞ্চলত ৰাজ্যখনৰ ৪০ শতাংশ লোকে বাস কৰে। ৰাজ্যখনত সমতল ভূমি আছে মাত্ৰ ৬০ শতাংশ। এই ১০ শতাংশ ভূমিতে ৰাজ্যখনৰ ৬০ শতাংশ লোক বাস কৰি আছে।
সেয়ে সমতলত বাস কৰি অহা মেইটেইসকলে সদায়েই তেওঁলোকৰ ভৱিষ্যতক লৈ আশংকাত ভূগি আহিছে। এনে এক পৰিস্থিতিৰ মাজতে ২০২৩ ৰ এপ্ৰিলত উচ্চ ন্যায়ালয়ে মেইটেইসকলক অনুসূচীত জনজাতিৰ মৰ্যাদা দিবলৈ এক ৰায় প্ৰদান কৰে।
এই ৰায়ে আকৌ কুকিসকলক উত্তেজিত কৰি তোলে। ৰাজ্য চৰকাৰে ঘোষণা কৰে উচ্চ ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্যৰ সৈতে আলোচনা নকৰাকৈ এই ৰায় প্ৰদান কৰিছে। এই ৰায় পুনৰ বিবেচনাৰ বাবে ৰাজ্য চৰকাৰখনে ন্যায়ালয়ত আবেদন কৰে। কিন্তু সংশ্লিষ্ট ন্যায়ধীশগৰাকী ছুটিত থকাৰ বাবে সেই ৰায় পুনৰ বিবেচনা কৰা নহ’ল।
এনে পৰিস্থিতিত জনজাতীয় কুকিসকলে মেইটেইসকলে তেওঁলোকৰ অধিকাৰ কাঢ়ি নিবলৈ উলোৱাৰ অভিযোগ তুলি প্ৰতিবাদ আৰম্ভ কৰে। ৩ মে’ৰ দিনা ইম্ফলৰ পৰা বাহিৰ কৰা বিশাল প্ৰতিবাদী সমদলৰ পৰাই আৰম্ভ হৈছিল মণিপুৰ জ্বলিবলৈ।
এন বীৰেণ সিঙৰ পদত্যাগ পত্ৰত কি আছে?
প্ৰায় ২ বছৰ ধৰি জ্বলি থকা মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত চূড়ান্ত ৰূপত ব্যৰ্থ হোৱা মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে অৱশেষত পদত্যাগ কৰিলে। ৯ ফেব্ৰুৱাৰী, ২০২৩ ত তেওঁ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে।
লক্ষ্যণীয় কথাটো হ'ল এন বীৰেণ সিঙে এনে এটা দিনত পদত্যাগ পত্ৰ দাখিল কৰিলে যিটো দিনৰ ঠিক এদিন পাছতেই আছিল মণিপুৰ বিধানসভাৰ অধিবেশন। সেই সময়ত তেওঁক সংগ দিলে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ আৰু একাংশ বিধায়কে।
পদত্যাগ পত্ৰখনত এন বীৰেণ সিঙে মণিপুৰত দ্ৰুতগতিত হোৱা উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনাইছে। ৰাজ্যখনৰ এই উন্নয়নৰ কামসমূহ যাতে পুনৰ সমান্তৰালভাৱে চলি থাকে তাৰবাবেও অনুৰোধ জনাইছে। তাৰোপৰি মণিপুৰৰ বাবে কাম কৰিবলৈ তেওঁক সুবিধা দিয়াৰ বাবে প্ৰতিজন নাগৰিকক তেওঁ ধন্যবাদো জনাইছে।
ইয়াৰোপৰি পদত্যাগ পত্ৰত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বাবে ৫ টা গুৰুত্বপূৰ্ণ কামৰ কথাও উল্লেখ কৰিছে। তেওঁ ৫ টা গুৰুত্বপূৰ্ণ কাম হৈছে ক্ৰমে- হাজাৰ হাজাৰ বছৰৰ চহকী আৰু বৈচিত্ৰময় সভ্যতাবাদী ইতিহাস থকা মণিপুৰৰ ভূখণ্ডৰ অখণ্ডতা বজাই ৰখা, সীমান্তৰ অনুপ্ৰৱেশ নিয়ন্ত্ৰণ কৰা আৰু অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ণ কৰাৰ নীতি প্ৰণয়ন কৰা, ড্ৰাগছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখা, বায়’মেট্ৰিক্সৰ কঠোৰ বলবৎকৰণ এফ এম আৰৰ কঠিন সংশোধিত ব্যৱস্থা আৰু সময় নিৰ্ধাৰিত দ্ৰুত সীমাৰেখাৰ কাম।
কিয় হঠাৎ পদত্যাগ কৰিলে এন বীৰেণ সিঙে?
৯ ফেব্ৰুৱাৰীত এন বীৰেণ সিঙে পদত্যাগ কৰা বিষয়টো সাধাৰণ ঘটনা নহয়। ইয়াৰ আঁৰত আছে এক গভীৰ ৰাজনৈতিক উদ্দেশ্য। অশান্ত মণিপুৰক শান্ত কৰাৰ স্বাৰ্থত অথবা মণিপুৰৰ ৰাইজৰ দাবীৰ বাবেই তেওঁ পদত্যাগ কৰা বুলি যদি ভাবিছে তেন্তে সেয়া শুদ্ধ নহয়। তেওঁৰ পদত্যাগৰ আঁৰত আছে এক পৰিকল্পিত ৰাজনৈতিক উদ্দেশ্য।
২০২৩ ৰ ৩ মে’ৰ পৰা জ্বলি আছে মণিপুৰ। এই সময়ত চৰকাৰী তথ্য মতেই ২২১ গৰাকী লোকৰ মৃত্যু হৈছে। ৬০ হাজাৰ লোক গৃহহীন হৈছে। জ্বলি ছায় হৈছে ৪,৭৮৬ টা বাসগৃহ আৰু ৩৮৬ টা ধৰ্মীয় উপাসনা গৃহ।
এই গোটেই অগ্নিগৰ্ভ পৰিস্থিতিৰ সময়ত আহতৰ কোনো সঠিক সীমা-সংখ্যা নাই। তাৰ পাছতো কিন্তু এই দীঘলীয়া সময়ত এন বীৰেণ সিঙে পদত্যাগৰ দৰে সিদ্ধান্ত নল’লে।
অৱশ্যে ২০২৩ ৰ ১ জুলাইত তেওঁ এক পদত্যাগৰ নাটক ৰচনা কৰিছিল যদিও নিজৰ আনুগত্যৰ জৰিয়তে সেই পদত্যাগ পত্ৰ ফালি তেওঁ পুনৰ মুখ্যমন্ত্ৰী হৈ থকাৰ কথা ঘোষণা কৰে।
তেওঁ দাবী কৰে মণিপুৰৰ ৰাইজে তেওঁক মুখ্যমন্ত্ৰী হৈ থকাটো বিচাৰিছে। কিন্তু ৯ ফেব্ৰুৱাৰী, ২০২৫ ত হঠাৎ এনে কি হল যে তেওঁ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিলে?
ইয়াৰ আঁৰৰ কাৰণ জানিবলৈ মাত্ৰ এটা সপ্তাহৰ তেওঁৰ কাৰ্যকলাপ লক্ষ্য কৰিলেই স্পষ্ট হয়। যোৱা ৪ ফেব্ৰুৱাৰীত মণিপুৰ বিধানসভাৰ অধ্যক্ষ থকচোম সত্যব্ৰত সিঙে কেন্দ্ৰীয় গৃহমন্ত্ৰীক তেওঁৰ দিল্লীৰ বাসগৃহত সাক্ষাৎ কৰিছিল।
এই সাক্ষাতৰ সময়তে তেওঁ স্পষ্টকৈ গৃহমন্ত্ৰীগৰাকীক জনাই দিয়ে যে যদিহে মুখ্যমন্ত্ৰী এন বীৰেন সিঙক মুখ্যমন্ত্ৰীৰ পদৰ পৰা অসপাসৰণ নকৰে তেন্তে ৰাজ্যখনৰ সকলো বিজেপি বিধায়কে দলৰ পৰা পদত্যাগ কৰিব। লগতে এই কথাও জনাই যে, ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া মণিপুৰ বিধানসভা অধিবেশনত এন বীৰেণ সিঙৰ চৰকাৰৰ বিৰুদ্ধে এক অনাস্থাৰো প্ৰস্তাৱ ৰখা হৈছে।
কংগ্ৰেছে উত্থাপন কৰিবলৈ লোৱা এই অনাস্থা প্ৰস্তাৱলৈ সমৰ্থন দিবলৈ সাজু হৈছিল বিজেপিৰ ১৬ জনকৈ বিধায়কে। তাৰোপৰি এন চি পি আৰু জে ডি ইউ, নিৰ্দলীয় বিধায়ক কেইজনো সমৰ্থন আদায় কৰিছিল কংগ্ৰেছে। সেয়ে এই আনাস্থা প্ৰস্তাৱত চৰকাৰ পতন নিশ্চিত বুলিও জনাই সত্যব্ৰত সিঙে।
তাৰ পাছত ৮ ফেব্ৰুৱাৰীত এন বীৰেণ সিঙক দিল্লীলৈ তলব কৰে অমিত শ্বাহে। সেই দিনাই এখন চাৰ্টাড প্লেনেৰে ইম্ফলৰ পৰা দিল্লীলৈ উৰা মাৰে এন বীৰেণ সিং। তাৰ পিছৰ দিনে অৰ্থাৎ ৯ ডিচেম্বৰত দিল্লীৰ পৰা ইম্ফললৈ ঘূৰি আহে এন বীৰেণ সিং। লগত আহে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা সাংসদ সম্বিত পাত্ৰ।
ইম্ফলত অৱতৰণ কৰাৰ পাছতে তেওঁ চিধাই যায় ৰাজ্যপালৰ ভৱনলৈ। তাত তেওঁ অনুগত একাংশ বিধায়ক আৰু সম্বিত পাত্ৰৰ উপস্থিতিত দাখিল কৰে পদত্যাগ পত্ৰ। এয়াই এন বীৰেণ সিঙৰ পদত্যাগৰ আঁৰৰ ৰাজনীতি।
মণিপুৰৰ জনতাৰ বাবে নহয়, চৰকাৰ ৰক্ষা কৰিবলৈ পদত্যাগ কৰিলে বীৰেণ সিঙে
দৰাচলতে মণিপুৰৰ চৰকাৰক ৰক্ষা কৰিবলৈকে তেওঁক শীৰ্ষ নেতৃত্বই পদত্যাগ কৰিবলৈ বাধ্য কৰিলে। অন্যথা মণিপুৰত বিজেপি চৰকাৰ পতন প্ৰায় নিশ্চিত হৈ উঠিছিল।
ইতিমধ্যে কেইবাটাও মিত্ৰদলে এন বীৰেণ সিঙৰ সংগ ত্যাগ কৰিছে। বিজেপিৰ গৰিষ্ঠ সংখ্যক বিধায়কেই তেওঁৰ ওপৰত নাৰাজ। এনে পৰিস্থিতিত আস্থা ভোট হ’লে চৰকাৰ পতন নিশ্চিত আছিল।
সেয়ে চৰকাৰ ৰক্ষা কৰিবলৈকে এন বীৰেণ সিঙে কৰিবলগীয়া হ'ল ত্যাগ। তেওঁৰ পদত্যাগৰ পাছতে ৰাজ্যপালে এক নিৰ্দেশৰ জৰিয়তে ঘোষণা কৰিছে পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচিত নোহোৱা পৰ্যন্ত ৰাজ্যখন ৰাজ্যপালৰ জৰিয়তে পৰিচালিত হ'ব। অৰ্থাৎ এন বীৰেণ সিঙৰ পদত্যাগে মণিপুৰত পতন হ'বলৈ ধৰা বিজেপি চৰকাৰক ৰক্ষা কৰিলে।