Advertisment

এৰী ৰেচম উৎপাদনেৰে স্বাৱলম্বী ডিব্ৰুগড়ৰ ৫০০ ৰো অধিক মহিলা

ভাৰত চৰকাৰৰ দ্বাৰা জি আই টেগ লাভ কৰিলে যদিও বিভিন্ন কাৰণত এৰী ৰেচম শিল্পৰ অসমৰ বজাৰত বিশেষ চাহিদা পৰিলক্ষিত হোৱা নাই। কিন্তু সুখৰ কথা এয়াই যে, অসমৰ বজাৰত বিশেষ চাহিদা নাথাকিলেও বিশ্ব বজাৰত অসমৰ এই আপুৰুগীয়া এৰী ৰেচমৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। 

author-image
Asomiya Pratidin
New Update
এৰী ৰেচম উৎপাদনেৰে স্বাৱলম্বী ডিব্ৰুগড়ৰ ৫০০ ৰো অধিক মহিলা

এৰী ৰেচমে লাভ কৰিছে জি আই টেগ। অসমৰ এই ৰেচম শিল্পৰ বিশ্ব বজাৰত যথেষ্ট চাহিদা আছে যদিও ই এতিয়াও জনপ্ৰিয় হৈ উঠা নাই। অসমৰ বজাৰত ইয়াৰ চাহিদা আশানুৰূপ নহয়। তাৰ মাজতেই ডিব্ৰুগড়ৰ প্ৰায় ৫৫০ গৰাকী মহিলা এৰী উৎপাদনেৰে স্বাৱলম্বী হৈ উঠিছে। বিজ্ঞান ভিত্তিত এৰী পালনেৰে তেওঁলোকে টুকুৰিয়াইছে বিশ্ব বজাৰত। এই সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

 

ভাৰত চৰকাৰৰ দ্বাৰা জি আই টেগ লাভ কৰিলে যদিও বিভিন্ন কাৰণত এৰী ৰেচম শিল্পৰ অসমৰ বজাৰত বিশেষ চাহিদা পৰিলক্ষিত হোৱা নাই। কিন্তু সুখৰ কথা এয়াই যে, অসমৰ বজাৰত বিশেষ চাহিদা নাথাকিলেও বিশ্ব বজাৰত অসমৰ এই আপুৰুগীয়া এৰী ৰেচমৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। 

অসমৰ এৰী ৰেচম শিল্পৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰিছে বিদেশৰ বজাৰ। যাৰ বাবে অসমৰ এদল উদ্যমী মহিলাই এৰী ৰেচম শিল্পক এক উদ্যোগলৈ পৰিণিত কৰাৰ প্ৰাৰম্ভিক প্ৰচেষ্টা হাতত লৈছে।

জন্মগতভাৱেই এৰী ৰেচমৰ সৈতে পৰিচিত এই মহিলাসকলে এটা এন জি অ’ৰ নেতৃত্বত পৰম্পৰাগতভাৱে কৰি অহা এৰী উৎপাদনৰ পৰা আঁতৰি বিজ্ঞানসন্মতভাৱে এৰী পালনত জড়িত হৈ পৰিছে।

ডিব্ৰুগড় জিলাৰ প্ৰায় ৫৫০ গৰাকী মহিলাক বিজ্ঞান সন্মতভাৱে এৰী উৎপাদনৰ সৈতে জড়িত কৰাই এক উদ্যোগ গঢ়াত মনোনিবেশ কৰিছে  Bosco Reach Out নামৰ সংস্থাটো। এই সংস্থাটোৰ নেতৃত্ব দিছে প্ৰাঞ্জল শইকীয়াৰ দৰে উচ্চ শিক্ষিত যুৱকে।

এৰী ৰেচম উৎপাদনেৰে স্বাৱলম্বী হৈছে ডিব্ৰুগড়ৰ ৫০০ ৰো অধিক মহিলা

এসময়ত আমেৰিকা যুক্ত ৰাষ্ট্ৰত সংস্থাপিত প্ৰাঞ্জল শইকীয়াই Bosco Reach Out  নামৰ সংস্থাটোৰ জৰিয়তে ডিব্ৰুগড় জিলাত এৰী উৎপাদনৰে স্বাৱলম্বীতাৰ পথ দেখুৱাইছে শ শ মহিলাক। তেওঁলোকক সম্পূৰ্ণ সহযোগ কৰিছে নাবাৰ্ডে।

নাবাৰ্ডৰ অধীনতে বিজ্ঞান সন্মতভাৱে এৰী উৎপাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি এই মহিলাসকল স্বাৱলম্বী হৈ পৰিছে। এই সন্দৰ্ভত Bosco Reach Out ৰ ৰিজিঅ’নেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ প্ৰাঞ্জল শইকীয়াই আজি আমাৰ আগত কয় এইদৰে- ‘আমাৰ অঞ্চলসমূহত মহিলাসকলে প্ৰথমে পৰম্পৰাগতভাৱে এৰী পলু খাবৰ বাবে উৎপাদন কৰিছিল যদিও ইয়াক বিজ্ঞান সন্মতভাৱে কিদৰে উন্নত মানৰ কৰি তুলিব পাৰি, কিদৰে ইয়াৰ উৎপাদন বৃদ্ধি কৰিব পাৰি সেই সকলো বিষয়ৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণৰ পাছতে এৰী পলু প্ৰতিপালন, উৎপাদন আৰু ইয়াৰ পৰা সূতা কটালৈকে গোটেই প্ৰক্ৰিয়াটো বিজ্ঞানসন্মতভাৱে কৰিবলৈ সক্ষম হৈছে। আমাক নাবাৰ্ডে সহায় কৰিছে।

তেওঁ কয়, ‘নাবাৰ্ডৰ অধীনত ডিব্ৰুগড় টিডিএফ বৰবৰুৱা আৰু টিডিএফ খোৱাং নামেৰে দুটা ব্লকত আমাক এৰীৰ ওপৰত প্ৰকল্প দিছে। এই দুয়োটা প্ৰকল্পত আমাৰ প্ৰায় ৫৫০ গৰাকী মহিলা জড়িত হৈ আছে। এই মহিলাসকলে প্ৰথমে পৰম্পৰাগতভাৱে এৰী উৎপাদন কৰিছিল। এতিয়া তেওঁলোকে বিজ্ঞানসন্মতভাৱে এৰী উৎপাদন কৰে।

এৰী ৰেচম উৎপাদনেৰে স্বাৱলম্বী হৈছে ডিব্ৰুগড়ৰ ৫০০ ৰো অধিক মহিলা

এৰী উৎপাদন বৃদ্ধি কৰিবলৈ দুয়োটা ব্লকতে কেচেৰু বা এৰা গছ ৰোপণ কৰা হৈছে। পূৰ্বে তেওঁলোকে জংঘলৰ পৰা এৰা গছ বিচাৰি আনি তাতেই পৰম্পৰাগতভাৱে এৰী উৎপাদন কৰিছিল। এতিয়া বিজ্ঞানসন্মতভাৱে কেচেৰু বা এৰা গছৰ বাগিচা পতা হৈছে।

এতিয়া এৰী ৰেচমেৰে কেৱল কাপোৰ তৈয়াৰ কৰাই নহয় আন আন সামগ্ৰীও তৈয়াৰ কৰাৰ বাবে চেষ্টা কৰি থকা হৈছে। পূৰ্বে এৰী পলুৰ খোলা পেলাই দিয়া হৈছিল। এতিয়া এই খোলাটোৰে বিভিন্ন ধৰণৰ গৃহ সজ্জা সামগ্ৰী তৈয়াৰ কৰা হৈছে।এইবোৰ ফ্ৰেমিং কৰি বজাৰত উলিয়াই দিয়াৰ পিছত ইয়াৰ প্ৰতি গ্ৰাহক যথেষ্ট আকৰ্ষিত হৈছে।  

প্ৰাঞ্জল শইকীয়াৰ মতে, এৰী ৰেচমৰ প্ৰতি বিদেশত চাহিদা বৃদ্ধিৰ মূল কাৰণ হৈছে ইয়াৰ মানদণ্ড। দেহৰ চালৰ বাবে এৰী কাপোৰ যথেষ্ট উপযোগী। এৰী কাপোৰৰ গৰমত ঠাণ্ডা আৰু ঠাণ্ডাত গৰমৰ দৰে বিশেষত্ব আছে।

তাৰোপৰি এৰী কাপোৰৰ চাহিদা বৃদ্ধিৰ আন এটা কাৰণ হ’ল ই ‘অহিংস চিল্প’। অৰ্থাৎ এৰী পলুক নমৰাকৈ ইয়াৰ পৰা এৰী উৎপাদন কৰিব পাৰি। এই বিশেষত্বৰ বাবেও বিদেশত চাহিদা বৃদ্ধি পাইছে।

অৱশ্যে এৰী উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰো সন্মুখীন হৈছে এই মহিলাসকল। এই প্ৰত্যাহ্বান মূলতঃ প্ৰকৃতিগত। যোৱাবাৰ যথেষ্ট শিল বৰষুণৰ বাবে আৰু এইবাৰ যথেষ্ট গৰমৰ বাবে এৰী উৎপাদনত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে।

যিহেতু এতিয়া বিজ্ঞান সন্মতভাৱে এই মহিলাসকলে এৰী উৎপাদন কৰিছে, ইয়াৰ বাবে এৰা গছৰ বাগান পাতিছে। ইয়াত যথেষ্ট ধনো খৰচ হৈছে। সেয়ে শিল বৰষুণে যথেষ্ট ক্ষতি কৰিলে।

এইবাৰ অত্যাধিক গৰমৰ বাবে এৰীৰ পখিলাই যি কণী পাৰিলে সেই কণীৰ পৰিমাণো কমিল। যাৰ বাবে খচলৈ বেছি ৰাখিব পৰা নগ’ল। বহু কণীৰ পৰা উৎপাদনো নহ’ল।

শেহতীয়াকৈ এৰী ৰেচম উৎপাদনৰ বাবেই গ্ৰাম্য পৰ্যটনো বিকাশ হৈছে। বহু বিদেশী লোকে এতিয়া ডিব্ৰুগড়ৰ এই অঞ্চললৈ কিদৰে এৰী ৰেচম উৎপাদন হৈছে সেয়া চাবলৈ আহিছে। বহু লোকেই এই গাওঁসমূহলৈ এৰী উৎপাদন কিদৰে হয় সেই কথা শিকিবলৈ আহিছে বুলি কয় প্ৰাঞ্জল শইকীয়াই।

গুৱাহাটীৰ খানাপাৰাত আজিৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ড শীৰ্ষক ব্যতিক্ৰমী বাণিজ্য মেলাত নাবাৰ্ডৰ অধীনত আন চাৰিটা প্ৰতিষ্ঠানৰ সৈতে অংশগ্ৰহণ কৰিবলৈ আহিছে Bosco Reach Out নামৰ এই সংস্থাটো। তেওঁলোকে লগত লৈ আহিছে এৰী ৰেচমৰ কাপোৰৰ লগতে এৰী পলুৰ খোলাৰ দ্বাৰা নিৰ্মিত গৃহ সজ্জাৰ সামগ্ৰী।

তেওঁলোকে অনা এৰী কাপোৰসমূহ বিভিন্ন প্ৰকাৰৰ। ইয়াত আছে হাতে কটা এৰীৰ সূতাৰ দ্বাৰা নিৰ্মিত এৰী চাদৰ, মাফলাৰ আদি। হাতে কটা এৰী সূতাৰ কাপোৰৰ বিদেশত আছে সৰ্বাধিক চাহিদা। তাৰোপৰি মেচিনৰ দ্বাৰা কটা এৰী সূতাৰো কাপোৰ আনিছে তেওঁলোকে। সেই অনুসৰি এইসমূহৰ মূল্যও ভিন ভিন।

হাতে কটা এৰী সূতাৰ দ্বাৰা তৈয়াৰ কৰা চাদৰৰ মূল্য ৭০০০ টকাৰ পৰা আৰম্ভ হৈছে। মেচিনত কটা এৰী সূতাৰ চাদৰ-মেখেলাৰ মূল্য ১৪০০০ টকা। এৰী সূতা আৰু মুগা সূতা মিক্সড কৰি তৈয়াৰ কৰা চলৰ মূল্য ৫৫০০ টকাৰ পৰা আৰম্ভ হৈছে।

ৰঙা আৰু বগা ৰঙৰ এৰী সূতাৰ দ্বাৰা তৈয়াৰ কৰা চলৰ মূল্য আৰম্ভ হৈছে ৩৫০০ টকাৰ পৰা। এৰী সূতাৰ মাফলাৰৰ মূল্য ১৮০০ টকা। আনহাতে এৰী পলুৰ খোলাৰ পৰা তৈয়াৰ কৰা গৃহ সজ্জাৰ যিসমূহ সামগ্ৰী আছে তাৰ নূন্যতম মূল্য হৈছে ৭৫০ টকা।

এই বাণিজ্য মেলালৈ প্ৰাঞ্জল শইকীয়াৰ লগতে আহিছে শৈশৱৰে পৰা এৰী পলু উৎপাদনৰ সৈতে জড়িত দুগৰাকী মহিলা সুমন সোণোৱাল আৰু দীপাঞ্জলি হাজৰিকা। তাৰোপৰি তেওঁলোকক সংগ দিছে Bosco Reach Out ৰ প্ৰজেক্ট কোঅৰ্ডিনেটৰ (এগ্ৰিকালচাৰ) মিংকু দাসে।

আজিৰ প্ৰথম দিনটোত তেওঁলোকে ৰাইজৰ পৰা যথেষ্ট ভাল সহাৰি পোৱা বুলি জানিবলৈ দিছে। তেওঁলোকে স্বীকাৰ কৰিছে যিহেতু এৰী সূতাৰ দ্বাৰা নিৰ্মিত এই কাপোৰসমূহৰ মূল্য যথেষ্ট সেয়ে স্বাভাৱিকতে সকলো লোকৰ বাবেই এই সামগ্ৰী ক্ৰয় কৰা সম্ভৱ নহয়।

সেয়ে তেওঁলোকে এনে কিছু গ্ৰাহকক লক্ষ্য কৰি লৈছে যিসকলে মূল্যৰ পৰিবৰ্তে এৰী সূতাৰ কাপোৰৰ গুণাগুণৰ ওপৰত গুৰুত্ব দিয়ে। এনে বহু গ্ৰাহক তেওঁলোকে পাইছে বুলিও জনাইছে।

 

নন্দিনী ৰেচম শিল্প