তামোল, পাণ, চূণ, পিয়াঁজ, অমিতা, ফুল ব্যৱহাৰ কৰি এৰী সূতা ৰঙীণ কৰিবলৈ।শিকিছে অসমীয়া শিপিনীয়ে। এনেদৰে উৎপাদিত সামগ্ৰীয়ে লাভ কৰিছে সমাদৰ। এৰী সূতাক লৈ চলোৱা এনে সম্পৰীক্ষাই কঢ়িয়াই আনিছে আশাৰ খবৰ। সংস্থাপিত হৈছে ৯০ গৰাকী মহিলা। এই সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
নতুনত্ব সকলো ক্ষেত্ৰলৈ আহিছে। অসমৰ থলুৱা পৰম্পৰাগত কৃষি পদ্ধতিৰ পৰা আৰম্ভ কৰি হস্ততাঁত বস্ত্ৰ শিল্পলৈকে। যিদৰে পথাৰত নাঙলৰ হাল এৰি ট্ৰেক্টৰৰ সহায়ত হাল বাইছে, মেচিনেৰে উৎপাদিত শস্য চপাইছে ঠিক সেইদৰেই অসমৰ শিপিনীয়েও আধুনিকতাক আদৰি লৈছে।
এসময়ত হাত শালত কাপোৰ বোৱা, কাঠিৰে ফুল বচা অসমীয়া শিপিনীয়ে এতিয়া জেকাৰ মেচিনত বিভিন্ন ধৰণৰ ফুল তুলি কাপোৰ বৈ স্বাৱলম্বী হৈছে। অসমীয়া শিপিনীয়ে এতিয়া তেওঁলোকৰ দ্বাৰা উৎপাদিত কাপোৰত বিভিন্ন সম্পৰীক্ষাও চলাইছে।
কেই মাহ মানৰ পূৰ্বে অসমৰ এৰী ৰেচমে লাভ কৰিছিল জি আই টেগ। অসমৰ এই আপুৰুগীয়া সম্পদ এতিয়া বিশ্ব বজাৰত জনপ্ৰিয় হৈ উঠিছে বুলিলেও অত্যুক্তি কৰা নহ'ব। কিয়নো বিশ্বৰ বহু উন্নত দেশৰ নাগৰিকে এৰী সূতাৰ কাপোৰ প্ৰতি আগ্ৰহী হৈ উঠিছে। তেওঁলোকে বুজি উঠিছে ইয়াৰ গুণগত মান।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে অসমৰ শিপিনীয়ে এতিয়া এৰী সূতাক লৈ, এৰী সূতাৰ দ্বাৰা তৈয়াৰ কৰা কাপোৰক লৈ সম্পৰীক্ষা চলাইছে। এই সম্পৰীক্ষাত তেওঁলোক সফল হৈছে।
অসমীয়া মহিলাই এতিয়া এৰী সূতাত প্ৰাকৃতিকভাৱে ৰং মিহলাই ভিন্নধৰণৰ কাপোৰ তৈয়াৰ কৰিছে। এৰী সূতাত তেওঁলোকে পিয়াঁজৰ বাকলি, তামোলৰ বাকলি, পাণ, চূণ, অমিতাৰ পাত, জবা ফুল, শেৱালি ফুল, আমলখি আদি ব্যৱহাৰ কৰি এৰী সূতাত বিভিন্ন ৰঙৰ কৰি তুলিছে আৰু সেইবোৰ ব্যৱহাৰ কৰি ৰঙীণ এৰী চাদৰ, মাফলাৰ আদি তৈয়াৰ কৰিছে।
নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ড শীৰ্ষক ব্যতিক্ৰমী বাণিজ্য মেলাত নাবাৰ্ডৰ অধীনত অংশগ্ৰহণ কৰিবলৈ আহিছে তামোলপুৰৰ গ্ৰাম্য বিকাশ মঞ্চৰ কেইগৰাকীমান মহিলা। এই জনজাতীয় মহিলাসকলে এৰী সূতাক ৰঙীণ কৰি কাপোৰ তৈয়াৰ কৰিছে।
তেওঁলোকক ইয়াৰ বাবে প্ৰশিক্ষণ দিছে নাবাৰ্ডে। নাবাৰ্ডৰ অধীনতে ৪৫ দিনীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি গ্ৰাম্য বিকাশ মঞ্চৰ ৯০ গৰাকী মহিলা এইদৰেই স্বাৱলম্বী হৈ উঠিছে।
এই সন্দৰ্ভত অংশগ্ৰহণকাৰী এগৰাকী শিপিনী জয়মতী বসুমতাৰীয়ে কয়, আমি নবাৰ্ডৰ অধীনত অসমৰ বিভিন্ন ঠাইত আমাৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ প্ৰদৰ্শন কৰিছোঁ। ৰাইজৰ সহযোগিতা পাইছোঁ। আমাৰ দ্বাৰা উৎপাদিত সামগ্ৰী আদৰি লৈছে।
তেওঁলোকক অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প বিভাগেও দুটাকৈ জেকাৰ মেচিন দি সহায় কৰিছে। নিজাকৈয়ো ক্ৰয় কৰিছে কেইবাটাও জেকাৰ মেচিন। কেৱল এৰী কাপোৰেই নহয়, এই মহিলা সকলে জি আই টেগ লাভ কৰা গামোচা, আৰনাই, দখনাকে ধৰি বিভিন্ন কাপোৰ উৎপাদন কৰি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে।
শিপিনী জয়মতী বসুমতাৰীয়ে জনোৱা অনুসৰি তেওঁলোকে পিয়াঁজৰ বাকলিৰ দ্বাৰা ৰঙীন কৰা এৰী সূতাৰ চাদৰ ৩০০০ টকাকৈ বিক্ৰী কৰিছে। তেওঁলোকে এক কেজি এৰী সূতা ২৫০০ টকা দৰত ক্ৰয় কৰে তেওঁলোকৰ অঞ্চলৰে এৰী পালকৰ পৰা।
ডেৰ কেজি এৰী সূতা ব্যৱহাৰ কৰি তেওঁলোকে ৬ খন এৰী চাদৰ তৈয়াৰ কৰে। অৰ্থাৎ এখন এৰী চাদৰত তেওঁলোকে প্ৰায় ২৫০ গ্ৰাম সূতা ব্যৱহাৰ কৰে। এই ২৫০ গ্ৰাম এৰী সূতাৰ বাবে ব্যয় কৰে প্ৰায় ৬২৫ টকা।
এই সূতাক প্ৰাকৃতিক বিভিন্ন উপকৰণে ৰঙীণ কৰি কাপোৰ তৈয়াৰ কৰাত কিছু কষ্ট আৰু সময়ৰ প্ৰয়োজন হয় যদিও তেওঁলোকৰ লাভো যথেষ্ট হয়। সেয়ে ইয়াক এক প্ৰকাৰৰ লাভজনক ব্যৱসায় বুলিয়েই ক'ব পাৰি। যিহেতু ইয়াৰ চাহিদাও আছে বুলি জনাইছে।
অৱশ্যে এতিয়ালৈকে এইসকল মহিলাৰ স্থায়ী দোকান নাই। তেওঁলোকে স্থায়ী দোকান স্থাপনৰ চিন্তা চৰ্চা অব্যাহত ৰাখিছে বুলি জনাইছে আন এগৰাকী শিপিনী ছমাইশ্ৰী বসুমতাৰীয়ে।