Advertisment

'জেঞ্জী'ৰ পাছত আহিল জেনেৰচন 'বিটা': সলনি নহ'ল আইতাৰ সাধুকথা...

সাধুৰ সৈতে আমাৰ আছে এক নীবিড় সম্পৰ্ক। সাধু অবিহনে অমাৰ শৈশৱৰ এটাও সন্ধিয়া পাৰ হোৱা মনত নপৰে। এটা সময় আছিল ককাক, আইতাকৰ সন্ধিয়াৰ এৰাব নোৱাৰা এটা কামেই আছিল নাতি, নাতিনীক সাধু শুনোৱা। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
'জেঞ্জী'ৰ পাছত আহিল জেনেৰচন 'বিটা': সলনি নহ'ল আইতাৰ সাধুকথা...

সময়ৰ সৈতে সকলো সলনি হ'ল। প্ৰজন্মৰ পাছত প্ৰজন্ম আহিল, গ'ল। জি আই প্ৰজন্মৰ পৰা দ্য চাইলেন্ট জেনেৰেশ্যন, বেবী বুমাৰ্ছ, জেন এক্স, মিলেনিয়াম, জেঞ্জীৰ পৰা আহিল বিটা প্ৰজন্ম। প্ৰতিটো প্ৰজন্ম সাক্ষী হ'ল নতুন নতুন প্ৰযুক্তিৰ। কিন্তু সলনি নহ'ল আমাৰ শৈশৱক মধুৰ কৰা,নৈতিকতাৰ পাঠ পঢ়ুৱা সাধু কথাবোৰ। বিজ্ঞান আৰু প্ৰযুক্তিৰ পয়োভৰত ক'ৰবাত যেন হেৰাই গ'ল সাধুৰ মাদকতা। কিয় সাধুৰ এই অৱস্থা? কিয় সাধুও সময়ৰ সৈতে সলনি নহ'ল? এই সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

Advertisment

সাধুৰ সৈতে আমাৰ আছে এক নীবিড় সম্পৰ্ক। সাধু অবিহনে অমাৰ শৈশৱৰ এটাও সন্ধিয়া পাৰ হোৱা মনত নপৰে। এটা সময় আছিল ককাক, আইতাকৰ সন্ধিয়াৰ এৰাব নোৱাৰা এটা কামেই আছিল নাতি, নাতিনীক সাধু শুনোৱা। 

ককাক, আইতাকৰ মুখত সাধু শুনিয়েই শিশুৱে সন্ধিয়াৰ সময় পাৰ কৰিছিল। সাধুৰ জৰিয়তে অৰ্জন কৰিছিল নীতি শিক্ষা। আখৰ চিনিব পৰা হোৱাৰে পৰা শিশুৰ হাতত তুলি দিছিল বিভিন্ন সাধুৰ কিতাপ।

কিন্তু এতিয়া সময় সলনি হ’ল। সন্ধিয়া ককাক, আইতাকবোৰে নাতিক সাধু নুশুনাই। শিশুৱেও সাধু শুনিবলৈ আগ্ৰহ নকৰে। নপঢ়ে সাধুৰ কিতাপ। তাৰ পৰিবৰ্তে শিশুবোৰ ব্যস্ত হৈ পৰে মোবাইলত।

বহুতেই ইয়াৰ বাবে কেৱল মোবাইলটোকে দোষাৰোপ কৰে যদিও বিষয়টোৰ গভীৰতালৈ সোমাবলৈ নিবিচাৰে। সময় সলনি হৈছে, পৰিবেশ সলনি হৈছে। সাহিত্য, সংস্কৃতিলৈয়ো পৰিবৰ্তন আহিছে। প্ৰযুক্তিয়ে আকাশ স্পৰ্শ কৰিছে।

কিন্তু আমি আমাৰ চিন্তা আৰু সাধুক জানো সেই পৰিবৰ্তনৰ মাজৰে আগুৱাই নিব পাৰিলো?  ২০২৫ চনৰ ১ জানুৱাৰী পৰা যিসমূহ শিশুৰ জন্ম হৈছে সেই শিশুক ‘জেন বিটা’ বা ‘জেনেৰচন বিটা’ বুলি কোৱা হৈছে।

এইসময়ৰ শিশু কৃত্ৰিম বুদ্ধিমত্তা বা এ আইৰ জগতখনৰ সৈতে জীৱন কটোৱা প্ৰথম প্ৰজন্ম হ’ব। এই প্ৰজন্মৰ শিশুৱে কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে ডাঙৰ হ’ব। তেওঁলোকে নিজৰ ধৰণেই পৃথিৱীখন গঢ়ি তুলিব পাৰিব।

এই ডিজিটেল যুগত তেওঁলোকৰ স্মাৰ্টফোন, টেবলেটকে ধৰি অন্যান্য ইলেক্ট্ৰনিক ডিভাইছৰ সৈতে সহজ হৈ পৰিব। এই প্ৰজন্মৰ শিশু তথ্য প্ৰযুক্তিত হ’ব পাকৈত।

এই প্ৰজন্মৰ শিশুৰ ব্যক্তিত্ব, শিক্ষা, মানসিকতা সকলো হ’ব ব্যতিক্ৰম। সৃষ্টিশীলতা, আন্তঃব্যক্তিগত দক্ষতাত এই প্ৰজন্মৰ অভাৱ হ’ব। মানৱীয় স্পৰ্শৰ পৰিবৰ্তে এই প্ৰজন্মই এ আইৰ জৰিয়তে বিভিন্ন সৃষ্টিৰাজি কৰিবলৈয়ো সম্ভৱ হৈ উঠিব।

গল্প এটা লিখিবলৈ অথবা কবিটা এটা লিখিবলৈয়ো এই প্ৰজন্মই বৰ বেছি সাধনা কৰিব নালাগিব। এ আইক কেইটামান শব্দ কৈ দিলেই সেই সেই মতেই গল্প, কবিতা সৃষ্টি কৰি দিব। অথবা কিবা এটা বিষয়ৰ ওপৰত অধ্যয়ন কৰিবলৈয়ো লাইব্ৰেৰীলৈ যোৱাৰ প্ৰয়োজন নহ'ব। এ আইক ক'লেই সেই বিষয়ে তথ্য দিব। 

আনকি আপুনি একাকিত্বত ভূগিলে এ আইৰ সৈতেই কথা পাতি একাকিত্বত দূৰ কৰিব পাৰিব। বিজ্ঞান, গণিতৰ জটিল সূত্ৰও সমাধান কৰিব এ আইয়ে। এক কথাত এতিয়া এ আইয়েই এতিয়া সকলো। আপুনি কি খাব, নাখাব সেই প্ৰশ্নৰো উত্তৰ দিব এ আইয়ে। 

মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বে প্ৰজন্মক আখ্যা দিয়া হৈছিল ‘জেনৰেচন আলফা’ হিচাপে। ২০১৩ ৰ ১ জানুৱাৰীৰ পৰা ২০২৪ ৰ ৩১ ডিচেম্বৰৰ ভিতৰত জন্ম হোৱা এই আলফা জেনেৰচনে স্মাৰ্ট প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা উত্থানৰ অভিজ্ঞতা লাভ কৰিছে। এই প্ৰজন্মও কৃত্ৰিম বুদ্ধিমত্তাৰ যুগৰ সৈতে অভ্যস্ত হৈ পৰিব। 

এই দুই প্ৰজন্মৰ পূৰ্বে আকৌ আছিল জেঞ্জী, মিলেনিয়াম, জেন এক্স, বেবী বুমাৰ্ছ, দ্য চাইলেন্ট জেনেৰেশ্যন, জি আই প্ৰজন্ম আদি। এই প্ৰতিটো প্ৰজন্মৰে আছে নিজা নিজা বৈশিষ্ট। 

প্ৰজন্ম সলনি হোৱাৰ দীঘলীয়া সময়ৰ বিপৰীতে অতি ক্ষীপ্ৰতাৰে সময়ৰ সৈতে প্ৰযুক্তিৰ উন্নয়ন হৈছে। প্ৰযুক্তিৰ সৈতে নতুন প্ৰজন্ম অভ্যস্ত হৈ পৰিছে যদিও তাৰ পূৰ্বৰ প্ৰজন্ম কিন্তু অভ্যস্ত হোৱাত কিছু পলম হৈছে বা অসুবিধাৰ সন্মুখীন হৈছে।

যোৱা এটা দশকলৈ মন কৰিলে স্পষ্ট হয় কিদৰে শিশুসকল জন্ম হোৱাৰ পাছতে প্ৰযু্ক্তিৰ সৈতে একাত্ম হৈ পৰিছে। এই শিশুসকলে অলৌকিকতাৰ পৰিবৰ্তে যুক্তি আৰু ইয়াৰ সত্যতাৰ ওপৰত অধিক বিশ্বাস কৰে।

এইসকল শিশুৰ মানসিক প্ৰয়োজন অনুসৰি আমি নতুন সাধু সৃষ্টি কৰিব পাৰিলো নে? আমাৰ সাহিত্যত আজিও ১৯ শতিকাৰ আৰম্ভণিতে সাহিত্যৰথীয়ে যি সাধু লিখি থৈ গ’ল সেই কেইটাৰ বাহিৰে আন কিমান সাধু সৃষ্টি কৰিব পাৰিলো?

অসমীয়া সাহিত্যত আমি সময়ৰ সৈতে মিলাকৈ কিমান নতুন সাধুৰ সৃষ্টি কৰিলো? সময়ৰ সৈতে এইসমূহলৈ নতুনত্ব আনিব পাৰিলোনে? আমাৰ সাধুত বিজ্ঞানৰ স্থান কিমান আছে? আজিৰ প্ৰজন্মৰ আগত কোনো দিব্য শক্তিৰে মানুহৰ পৰা চৰাই এটা হৈ উৰি যোৱাৰ দৰে কথা ক’লে বিশ্বাস নকৰে।

আজিৰ প্ৰজন্ম ড্ৰোণৰ সৈতে পৰিচিত। আজিৰ প্ৰজন্মৰ আগত অজগৰ এডালে ৰাজকুমাৰৰ বা চিলনী এজনীয়ে ৰাণীৰ ৰূপ ধাৰণ কৰা কথা ক'লে মানি নলয়। এই কাহিনী চেলুলয়ডত দেখুৱালেও তেওঁলোকে সহজেই বুজি পাই কিদৰে এইবোৰ এডিটিং কৰা হয়।

চকু মেলাৰ পৰাই সিঁহতে দেখি আহিছে মোবাইল ফোনটো। এই মোবাইলটোৰ সৈতে ইহঁত ইমান অভ্যস্ত যে, ভালকৈ কথা ক’ব শিকাৰ আগতে, খোজ থৰক-বৰক হৈ থকাৰ সময়তে ইনষ্টাগ্ৰামৰ ৰীলছত ‘লিপছিং’ কৰে, বিভিন্ন ‘এক্সপ্ৰেছন’ দিয়ে। আৰু সেইসমূহ চাই চাই ককাক, আইতাকবোৰে সময় পাৰ কৰে। এনেকৈয়ে প্ৰজন্মৰ পাছত প্ৰজন্মলৈ পৰিবৰ্তন আহিছে।

এই প্ৰজন্মৰ এনে কাম-কাজবোৰ এতিয়া ককাক, আইতাকৰ বাবেহে সাধু সাধু যেন হৈ পৰিছে। যিময়ত তেওঁলোকৰ কোলাত বহি শিশুৱে নৈতিকতাৰ পাঠ ল’ব লাগিছিল, সমাজ, পৰিবেশ, জৈৱ বৈচিত্ৰৰ ধাৰণা লৈ কল্পনা বিলাসী চিন্তাত মগ্ন হৈ টোপনি যাব লাগিছিল, সেই সময়ত আইতাক-ককাকৰ কোলাত বহি পৃথিৱীৰ ক’ত কি হৈ আছে দেখুৱাইছে।

এই প্ৰজন্মৰ আগত হাতী এটাত উঠি চন্দ্ৰৰ বুকুলৈ যোৱা সাধু ক'লে তেওঁলোকে দেখুৱাব কিদৰে এলেন মাক্সৰ স্পেছএক্সে মহকাশলৈ যাবলৈ মহাকাশ যান নিৰ্মাণ কৰিছে। তওঁলোকে মোবাইলটোৰে দেখুৱাব পাৰে মহাকাশাত আবদ্ধ হৈ থকা সুনীতা উইলিয়ামছে কেনেদৰে সময় পাৰ কৰিছে।

অথচ ককাক, আইতাকৰ বাবে এসময়ত এইবোৰেই আছিল সাধু কথা। ককাক, আইতাকে কোনোবা সাধু কথাৰ চৰিত্ৰই চৰাই এটা হৈ উৰি যোৱাৰ কথা ক’লে নাতিয়ে মোবাইলত ‘পেৰাগ্লাইডিং’ কৰা দৃশ্য দেখুৱাইছে।

এয়াই পৰিবৰ্তন। এনে মানসিকতাৰে গঢ় লোৱা শিশুৰ আগত প্ৰচলিত আমাৰ সেই অলৌকিক সাধুবোৰৰ গুৰুত্ব স্বাভাৱিকতে হেৰুৱাইছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল এই শিশুসকল প্ৰযুক্তিৰ সৈতে অভ্যস্ত হলেও সাধু কথাৰ জৰিয়তে যি জ্ঞান অন্বেষণৰ সুযোগ থাকে, নীতি শিক্ষা, চাৰিত্ৰিক পাঠ লোৱাৰ, মানৱীয় চিন্তা, চেতনাৰ বিকাশৰ সুযোগ থাকে সেইবোৰৰ পৰা বঞ্চিত হৈছে।

সাধুকথাবোৰ সাধাৰণতে এক অনিৰ্দিষ্ট ৰূপৰ এক লোক-কথা। কিন্তু এইবোৰত সজ নীতি কথা থাকে। সাধুৰ স্থিৰ ৰূপ নাই। সাধু কওঁতাই নিজৰ অভীৰুচি আৰু সামৰ্থ অনুসাৰে তাক বৰ্ণাই যায়। সেয়ে ইয়াক নতুনত্বৰ প্ৰলেপ দিয়াৰ বহু সুযোগ আছে। 

সাধু কথাসমূহৰ অন্তত একো একোটা বাৰ্তা থাকে। পাহাৰ এটা কেনেকৈ গঢ়ি উঠে, আগ্নেয়গিৰি কেনেকৈ সৃষ্টি হয়, নদী এখন কেনেকৈ বৈ যায়, সমাজ এখন কেনেকৈ গঠন হয় সেই সকলো শিক্ষা সাধুৰ জৰিয়তে পোৱাৰ এক সুযোগ আছে। 

সাধু কথাৰ পৰা এই বাৰ্তাসমূহে শিশুৰ মনত চিন্তাৰ উদ্ৰেক ঘটাই। জ্যেষ্ঠৰ প্ৰতি সন্মান, কনিষ্ঠৰ প্ৰতি মৰম, অমাত জীৱ, জন্তুক মানৱীয় দৃষ্টিৰে চোৱা, সামাজিক পৰিবেশত কৰিবলগীয়া আচৰণ আদিৰ বিকাশৰ শিক্ষা দিয়ে। 

সেয়ে পূৰ্বে এনে সাধুকথাৰ পৰা আহৰণ কৰা জ্ঞান তথা শিষ্টাচাৰেৰে তেওঁলোক চহকী হৈছিল। কিন্তু এই সাধু কথাক নতুন ৰূপত সৃষ্টি কৰিব নোৱাৰাৰ বাবেই ইয়াৰ প্ৰতি আজিৰ শিশুৰ আগ্ৰহ হ্ৰাস পোৱাত এই শিক্ষাৰ পৰা বঞ্চিত হৈছে। 

এইসমূহ শিক্ষা কিন্তু প্ৰযুক্তিয়ে দিব নোৱাৰে। প্ৰযুক্তিৰ সৈতে একাত্মক হোৱা আমাৰ শিশুসকলক নৈতিক শিক্ষা, সংস্কাৰ আৰু সুস্থ আচৰণ সন্দৰ্ভত সচেতন কৰাত আমি চূড়ান্ত ব্যৰ্থ হৈছো।

এই কথা মানিবই লাগিব যে, প্ৰযুক্তি যি দ্ৰুত গতিৰে আগবাঢ়ি গ’ল, বিজ্ঞান যিমান দ্ৰুত বেগেৰে আগুৱাই গ’ল সেই বেগেত আমি আগুৱাব নোৱাৰিলো। আজিৰ তাৰিখত অন্ততঃ ১০০ বছৰ পিছুৱাই থাকিলো।

সাহিত্যৰথীৰ বুঢ়ী আইৰ সাধু প্ৰকাশ হৈছিল ১৯০০ শতিকাৰ প্ৰথমটো দশকত। সেই পৰ্যায়ৰ পৰা আমি উত্তৰণ কৰিব নোৱাৰিলে। আনহে নালাগে আমাৰ সাহিত্য, সংস্কৃতিৰ সৈতে সংপৃক্ত হৈ থকা বিজ্ঞানকো আমি স্বীকাৰ নকৰিলো। শংকৰ, মাধৱে নামঘৰ স্থাপনেৰে যি সংস্কৃতি আমাক দি থৈ গ’ল তাত সেই সংস্কৃতি পৰিপূৰ্ণ হৈ আছে বিজ্ঞানেৰে।

তেওঁলোকৰ সাহিত্যৰ আঁৰত আছিল সংস্কাৰমূলক চিন্তা। অথচ আমি তেওঁলোকক নামঘৰৰ মাজতেই সীমাবদ্ধ কৰি ৰাখি নাম, প্ৰসংগৰে আধ্যাত্মিতাৰ মাজতেই আৱদ্ধ কৰি ৰাখিলো। শংকৰদেৱ আমাৰ মাজত কেৱল এগৰাকী ধৰ্মগুৰু হৈ ৰ’ল।

তেওঁক কিয় আমি সঠিক কৈ উপস্থাপন কৰিব নোৱাৰিলো? উইলিয়াম শ্বেইকছপীয়েৰৰ পূৰ্বেই শংকৰদেৱে সাহিত্য ৰচনা কৰিছিল। শ্বেইকছপীয়েৰক বিশ্বই চিনিলে আমাৰ শংকৰদেৱ কিন্তু নামঘৰতেই থাকিলে।

এয়া এটা মাত্ৰ উদাহৰণ হে। এইদৰেই আমি সময়তকৈ বহু পিছপৰি থাকিলো। এই কথাবোৰ নতুনকৈ চিন্তাৰ প্ৰয়োজন। সেয়ে সাহিত্য ক্ষেত্ৰৰে জড়িতসকলে সাহিত্যৰ এই বিশিষ্ট বিভাগটোৰ সন্দৰ্ভত নতুনকৈ চিন্তা কৰাৰ অৱকাশ আহি পৰিছে।

প্ৰযুক্তিগত দিশটোত আগবাঢ়ি যোৱা আমাৰ নতুন প্ৰজন্মক নৈতিকতা, শিষ্টাচাৰ, মানৱীয় প্ৰমুল্যবোধৰেও শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত সাধু কথাৰ ভূমিকা নিশ্চয়কৈ শক্তিশালী হ’ব। তাৰ বাবে আমি অলৌকিকতাৰ পৰা আঁতৰি আহি কিছু বিজ্ঞানৰ সমন্বয়েৰে নতুন চৰিত্ৰ আৰু কাহিনীৰ সৃষ্টি কৰিব লাগিব।

হ'ব পাৰে এই চৰিত্ৰৰ নায়কো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। এই চৰিত্ৰৰ কাম-কাজত থাকিব প্ৰযুক্তিৰ সমানে আৰু নৈতিকতাৰ সমন্বয়। ইয়াত থাকিব লাগিব বৈজ্ঞানীক যুক্তি আৰু নৈতিকতাৰ পাঠ।  

 

সাহিত্য এ আই প্ৰযুক্তি প্ৰযুক্তিবিদ্যা