দুৰ্নীতিৰ বিৰোধিতা কৰি দুৰ্নীতিৰ বোকাতে হেৰাই গ'ল সম্ভাৱনা কঢ়িয়াই অনা এজন নেতা...

ৰামলীলা মৈদানত আন্না হাজাৰেৰ নেতৃত্বত লোকপাল বিলৰ বাবে প্ৰতিবাদত বহিছিল তেওঁলোক। দেশৰ প্ৰান্তে প্ৰান্তে চলাইছিল দুৰ্নীতি বিৰোধী আন্দোলন। হৈ পৰিছিল দেশবাসীৰ চিনাকী নাম।

author-image
Asomiya Pratidin
New Update
দুৰ্নীতিৰ বিৰোধিতা কৰি দুৰ্নীতিৰ বোকাতে হেৰাই গ'ল সম্ভাৱনা কঢ়িয়াই অনা এজন নেতা...

অহাৰ দৰেই গুছি গ'ল এজন নেতা। দুৰ্নীতিৰ বিৰোধিতা কৰি ৰাজনীতিৰ পাতনি মেলা অৰবিন্দ কেজৰিৱাল হেৰাই গ'ল দুৰ্নীতিৰ বোকাত। ক্ষমতাৰ লোভ আৰু ভুল ৰাজনৈতিক নীতিত হেৰাই গ'ল কিছু বছৰৰ আগলৈকে দেশত আদৰ্শ স্থাপন কৰা এখন চৰকাৰ। আপৰ উত্থান আৰু পতনৰ এই সমগ্ৰ দিশটোক লৈয়ে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

 

‘’বেহটি হাৱা ছা থা ৱৌ/ উড়তি পতংগ ছা থা ৱৌ/ কাহা গয়া, ওছে ধুন্দৌ...’’ থ্ৰী ইডিয়টছ নামৰ এখন অতি জনপ্ৰিয় চিনেমাৰ গানৰ প্ৰথম শাৰী এয়া। জনপ্ৰিয় সংগীত শিল্পী ছানৰ কণ্ঠত এই গীতটো কালজয়ী গীতলৈ ৰূপান্তৰ হৈছে। চিনেমাখনত এই গানটো দেখুৱাইছিল তিনি বন্ধুৰ মাজৰ এজন হেৰাই যোৱাৰ বহু বছৰৰ পাছত তেওঁক বিচাৰি যোৱাৰ সময়ত।

এজাক শীতল বতাহৰ দৰেই আই চি ই ইঞ্জীনিয়াৰিং পঢ়িবলৈ আহিছিল ৰেঞ্চু। যিসময়ত ৰাজু আৰু ফাৰহান জ্যেষ্ঠ ছাত্ৰৰ ৰেগিঙৰ সন্মুখীন হৈ বস্ত্ৰ খুলি থিয় দি আছিল সেই সময়তে টালি-টোপোলা লৈ প্ৰৱেশ ঘটিছিল ৰেঞ্চুৰ। তাৰ পাছত এক দীঘলীয়া ঘটনাক্ৰম। এই দীঘলীয়া সময়ত বহুতৰে চিন্তা, জীৱন সকলো সলনি কৰি আকৌ আই চি ইৰ পৰা সন্তৰ্পণে আঁতৰি গৈছিল ৰেঞ্চু। 

দুৰ্নীতি, ভস্ত্ৰাচাৰ আৰু কংগ্ৰেছৰ অপশাসনে দেশবাসীক অতিষ্ঠ কৰাৰ সময়তে হঠাৎ ৰাজনীতিলৈ আহিছিল এজন অতি উচ্চ শিক্ষিত ব্যক্তি। তেওঁৰ লগত আছিল আন কেইবাজনো সতীৰ্থ। আটাইৰে আছিল নিজা পৰিচয়, নিৰ্দিষ্ট আদৰ্শত বিশ্বাসী। গান্ধাবাদী আছিল তেওঁলোক। দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছিল তেওঁলোকে।

দিল্লীৰ ৰামলীলা মৈদানত আন্না হাজাৰেৰ নেতৃত্বত লোকপাল বিলৰ বাবে প্ৰতিবাদত বহিছিল। দেশৰ প্ৰান্তে প্ৰান্তে চলাইছিল দুৰ্নীতি বিৰোধী আন্দোলন। এই দুৰ্নীতি বিৰোধী আন্দোলনৰ পৰাই তেওঁলোক হৈ পৰিছিল দেশবাসীৰ চিনাকী নাম। অৰবিন্দ কেজৰিৱাল, মনিষ চিছোদিয়া, কিৰণ বেদী, কুমাৰ বিশ্বাস ইত্যাদি।

এই দুৰ্নীতি বিৰোধী আন্দোলনৰ মঞ্চখনৰ পৰাই তেওঁলোকে সপোন দেখিছিল নিৰ্বাচনী ৰাজনীতিৰ। কথা মতেই কাম। আন্না হাজাৰেৰ আন্দোলনৰ পৰা আঁতৰি আহি অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত এইসকলে ঘোষণা কৰিলে দিল্লীত নিৰ্বাচন খেলাৰ। ইতিমধ্যে কংগ্ৰেছৰ ডেৰ দশকৰ দুৰ্নীতিয়ে অতিষ্ঠ কৰা দিল্লীবাসীও আছিল বিকল্পৰ সন্ধানত।

সেয়ে দুৰ্নীতি বিৰোধী আন্দোলনৰ পটভূমিৰ পৰা আহি ২০১২ ত 'আম আদমি পাৰ্টি' গঠন কৰা এইসকলক সহজতেই বিশ্বাসত ল’লে দিল্লীবাসীয়ে। ২০১৩ ত প্ৰথমবাৰ প্ৰতিদ্বন্দিতা কৰিয়েই দিল্লীত আপে দখল কৰিলে ২৮ খন আসন। বিজেপিয়ে পালে ৩১ খন আসন। ডেৰ দশক ধৰি ক্ষমতাত থকা কংগ্ৰেছ সন্তুষ্ট থাকিল মাত্ৰ ৮ খন আসনতে।

যি কংগ্ৰেছৰ অপশাসনৰ বিৰুদ্ধে যুঁজ দি ৰাজনীতিলৈ আহিছিল আপ, সেই কংগ্ৰেছৰেই সমৰ্থনত দিল্লীত সেইবাৰ আপে গঠন কৰিলে চৰকাৰ। মুখ্যমন্ত্ৰী হ’ল অৰবিন্দ কেজৰিৱাল। আৰম্ভণিতেই এনে স্ব-বিৰোধী স্থিতি। অৱশ্যে এইখন চৰকাৰ বৰ বেছি দিনলৈ নাথাকিল। কিন্তু যিমান দিন থাকিল, সিমান দিনতেই দেখুৱালে এক আদৰ্শ। 

২০১৫ ত পুনৰ নিৰ্বাচন অনুষ্ঠিত হ’ল দিল্লীৰ। সেইবাৰ দিল্লীৰ জনতাই অৰবিন্দ কেজৰিৱালৰ দলক দিলে ৬৭ খন আসন। হিয়া ভৰাই দিলে মৰম। ৰাইজৰ এই মৰম, বিশ্বাসক অৱশ্যে একাষৰীয়া নকৰিলে দলটোৱে। অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত আপে দিল্লীত এনে এখন চৰকাৰ উপহাৰ দিলে যি দেশৰ সকলো প্ৰান্তৰ ৰাইজৰ বাবে হৈ পৰিল আদৰ্শ স্বৰূপ।

হিংসা, ধৰ্ম, সাম্প্ৰদায়ীকতাবাদ আদিৰ পৰিবৰ্তে কেৱল কামৰ কথা কোৱা এইখন চৰকাৰে দিল্লীৰ শিক্ষা, স্বাস্থ্য, ৰাজহুৱা পৰিবহণ সকলো দিশলৈ আনিলে অভূতপূৰ্ব পৰিবৰ্তন। শিক্ষা, স্বাস্থ্য আৰু মহিলাৰ বাবে ৰাজহুৱা পৰিবহণ বিনামূলীয়া কৰাৰ পাছতো কিন্তু এই চৰকাৰৰ ৰাজহ ঘাটি নহ’ল। বৰঞ্চ ৰাজহ ৰাহিহে কৰিবলৈ সক্ষম হয়।

দিল্লীৰ এনে শাসন দেখি অন্যান্য ৰাজ্যতো আপৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়িল। বিভিন্ন ৰাজ্যত আৰম্ভ হ’ল আপৰ কাম-কাজ। দিল্লীত আপৰ শাসন ব্যৱস্থা দেখিয়েই পঞ্জাৱৰ জনতাই ৰাজ্যখনলৈ আদৰি নিলে দলটোক। আন কেইবাখনো ৰাজ্যত আৰম্ভ কৰিলে নিৰ্বাচনী ৰাজনীতি।  

২০২০ ত পুনৰ দিল্লীত হ’ল নিৰ্বাচন। তেতিয়ালৈকে দেশত বিজেপি হৈ পৰিল অপ্ৰতিৰোধ্য। প্ৰৱল প্ৰতাপী বিজেপিয়ে ২০২০ ত ৰাজধানী দখল কৰিবলৈ সকলো কৰিলে। প্ৰধানমন্ত্ৰী মোডীৰ পৰা আৰম্ভ কৰি সকলো কেন্দ্ৰীয় মন্ত্ৰী, বিজেপি শাসিত প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰীয়ে বাহৰ পাতিলে দিল্লীত। চলালে মাৰাথন প্ৰচাৰ। দিলে নানান প্ৰতিশ্ৰুতি। বিজেপিৰ ৰণনীতি অনুসৰিয়েই ক’লে ধৰ্মীয় কথা-বতৰা।

ইয়াৰ বিপৰীতে অৰবিন্দ কেজৰিৱালে ক’লে- আমি যদি কাম কৰিছো তেন্তে আমাক ভোট দিয়ক। কেজৰিৱালে ক’লে দিল্লীৰ চৰকাৰী শিক্ষা ব্যৱস্থা ৫ টা বছৰত কিদৰে আগবাঢ়িছে। ক’লে দিল্লীৰ বিনামূলীয়া স্বাস্থ্য সেৱা, বিদ্যুৎ সেৱাৰ কথা। ক’লে মহিলাৰ বাবে দিয়া বিভিন্ন আঁচনিৰ কথা। এই ক্ষেত্ৰসমূহত দিল্লীত আপে যথেষ্ট কাম কৰিছিল। দিল্লীবাসীয়ে এইবোৰ দেখিছিল, ইয়াৰ সুবিধা লৈছিল। 

সেয়ে সেইবাৰো আপক দিল্লীবাসীয়ে হিয়া উজাৰি দিলে মৰম। ৭০ খন আসনৰ ভিতৰত আপে পালে ৬২ খন আসন। আকৌ মুখ্যমন্ত্ৰী হ’ল অৰবিন্দ কেজৰিৱাল। কিন্তু এইবাৰ অৰবিন্দ কেজৰিৱালৰ চিন্তা সলনি হ’ল। মুখ্যমন্ত্ৰী আসনখনৰ পৰিবৰ্তে তেওঁৰ দৃষ্টি পৰিল প্ৰধানমন্ত্ৰীৰ আসনখনলৈ। তাতেই লাগিল খেলিমেলি।

ইতিমধ্যে দেশৰ ৰাজনীতি বহু সলনি হ’ল। বিজেপিৰ চমকপ্ৰদ প্ৰচাৰ, কাম কৰাৰ কৌশল আৰু তৃণমূল পৰ্যায়ত শক্তিশালী কৰি তোলা দলীয় ভেঁটিক কোনো এটা ৰাজনৈতিক দলেই প্ৰত্যাহ্বান জনোৱাৰ পৰ্যায়ত থকা নাছিল। এই কথা বুজিও বুজিবলৈ আগ্ৰহী নাছিল অৰবিন্দ কেজৰিৱাল।

নিজকে অপ্ৰতিৰোধ্য হিচাপে গণ্য কৰিবলৈ লোৱা কেজৰিৱালৰ উচ্চাকাংক্ষাই হৈ পৰিল দলটোৰ বিপৰ্যয়ৰ কাৰণ। তাৰ মাজতেই দিল্লীৰ সুৰা নীতিৰ কেলেংকাৰীয়ে অৰবিন্দ কেজৰিৱালৰ দুৰ্নীতি বিৰোধী প্ৰতিচ্ছবিত কালিমা সানিলে। কাৰাগাৰলৈ যাবলৈ বাধ্য হ’ল অৰবিন্দ কেজৰিৱাল, মনিষ চিছোদিয়াকে ধৰি দলটোৰ কেইবাজনো নেতা।

এই সময়ত দলটোৱে তেওঁলোকৰ গাত লগা সুৰা কেলেংকাৰীৰ দাগ আঁতৰাবলৈ চেষ্টা কৰিব লাগিছিল যদিও সেই কাৰ্যত গুৰুত্ব নিদিলে। অৰবিন্দ কেজৰিৱালৰো ক্ষমতাৰ প্ৰকি থকা লালসাক মুকলিকৈ ধৰা পৰি গ’ল দেশবাসীৰ সন্মুখত। কাৰাগাৰলৈ যোৱাৰ সময়তো তেওঁ নেৰিলে মুখ্যমন্ত্ৰীৰ পদ। 

অথচ কাৰাগাৰৰ পৰা ওলাই আহি এক আৱেগিক পৰিবেশৰ সূচনা কৰিবলৈ কেইদিনমানৰ বাবে মুখ্যমন্ত্ৰীৰ পদ দিলে আতিশীক। যি কাম কৰিব লাগিছিল কাৰাগাৰলৈ যোৱাৰ পূৰ্বে, সেই কাম কৰিলে কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ পাছত। তেতিয়ালৈকে কেজৰিৱাল কিমান বেছি ক্ষমতাৰ প্ৰতি লালয়িত সেয়া স্পষ্ট হৈ গৈছিল।

ইফালে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দেশৰ বিৰোধীৰ বোধোদয় হৈছিল। ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দি সন্মানজনক এক ফলাফল লাভ কৰিবলৈ সক্ষম হৈছিল। তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰিলেও হেৰুৱালে একক সংখ্যাগৰিষ্ঠতা। ইয়াৰ পৰা বিৰোধীয়ে ঐক্যবদ্ধতাৰ এক পাঠ লোৱাৰ অৱকাশ আছিল যদিও অৰবিন্দ কেজৰিৱালে সেই পাঠ নললে।

হাৰিয়ানা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰি ক্ষমতা দখল কৰিব পৰা এক অৱস্থাত কংগ্ৰেছ আছিল যদিও আপে সেইসমূহ সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী নিক্ষেপ কৰি কংগ্ৰেছৰ বিজয়ৰ বাট বন্ধ কৰিলে। হাৰিয়ানা গ’ল বিজেপিৰ দখললৈ।

তাৰ পাছতো শিক্ষা নল’লে কেজৰিৱালে। দিল্লীত কংগ্ৰেছে মিত্ৰতাৰ হাত পুনৰ আগবঢ়াইছিল যদিও আপে সেয়া নস্যাৎ কৰিলে। অকলেই প্ৰতিদ্বন্দিতা কৰিলে নিৰ্বাচনত। কেজৰিৱালৰ এই সিদ্ধান্তও আছিল দলটোৰ আজিৰ অৱস্থাৰ অন্যতম প্ৰধান কাৰণ।

কিয়নো আজিৰ ফলাফলত স্পষ্ট হৈছে প্ৰায় প্ৰতিটো সমষ্টিতে তৃতীয় স্থানত আছে কংগ্ৰেছ। বিজেপি আৰু আপৰ প্ৰাৰ্থীৰ মাজৰ ভোট ব্যৱধান চালে স্পষ্ট হয়, যদিহে কংগ্ৰেছৰে মিত্ৰতা কৰিলে হেতেন তেন্তে এই ভোটৰ বিভাজন নহ’ল হয়। ভোট বিভাজন নোহোৱা হ’লে দিল্লীত আপে অতি কমেওঁ ৫০ খন আসন লাভেৰে পুনৰ ক্ষমতা দখল কৰিলে হয়।

দিল্লীত অৰবিন্দ কেজৰিৱাল দলৰ পৰাজয়ৰ আন এক কাৰণ আছিল বিনামূলীয়া আঁচনিসমূহ। এই আঁচনিসমূহে দিল্লীৰ মধ্যবিত্তীয় লোকসকলক ভিতৰি ভিতৰি অসন্তুষ্ট কৰি আহিছিল। কেজৰিৱালৰ এই ফ্ৰী নীতিয়ে এই লোকসকলক দলটোৰ প্ৰতি থকা ভাৱমূৰ্তি সলনি কৰিলে।

সমান্তৰালকৈ নিৰ্বাচনৰ ঠিক আগে আগে বিজেপিয়ে কেন্দ্ৰীয় বাজেটত এই মধ্য বিত্তীয় লোকসকলক লক্ষ্য কৰি এৰিলে এপাত ব্ৰহ্মাস্ত্ৰ। কেন্দ্ৰীয় বাজেটত ১২ লাখ টকালৈ কৰ মুক্ত ঘোষণা কৰিল নিৰ্মলা সীতাৰমণে। এই ঘোষণাই দিল্লীৰ মধ্য বিত্তীয় লোকসকলক বিজেপিৰ প্ৰতি আকৰ্ষিত হোৱাত মুখ্য ভূমিকা পালন কৰিলে।

সমান্তৰালকৈ যোৱা সময়ছোৱাত আপৰ নেতৃত্বই পূৰ্বৰ চৰিত্ৰও হেৰুৱালে। নক’বলগীয়া কথাৰ ওপৰত অধিক গুৰুত্ব দি, কৰিবলগীয়া কামক গুৰুত্বহীন কৰিলে। তাৰেই ফল আজি পালে আম আদমি পাৰ্টিয়ে। 

এসময়ত যি দুৰ্নীতিৰ আন্দোলনৰ মাজেৰে আহি দিল্লীৰ ক্ষমতা দখল কৰি অৰবিন্দ কেজৰিৱাল দেশৰ আদৰ্শ মুখ্যমন্ত্ৰী হৈ পৰিছিল, সেই অৰবিন্দ কেজৰিৱালেই এইবাৰ দিল্লীৰ পৰা হেৰাই গ’ল সুৰাৰ নীতিৰ দুৰ্নীতিৰ কেলেংকাৰীৰ দাগত লুতুৰি-পুতুৰি হৈ। ঠিক যেন এজাক শীতল বতাহ। ক্ষন্তেকৰ বাবে আহি দেহ, মন জুৰাই গুছি গ’ল নেদেখা বাটেৰে।   

দিল্লী অৰবিন্দ কেজৰিৱাল আপ