/asomiyapratidin/media/media_files/2025/04/01/sX9m304AF5fGAPfHgoda.jpg)
মহম্মদ ইউনুছ, বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী। দায়িত্ব গ্ৰহণৰে পৰা ভাৰত বিৰোধী স্থিতি লোৱা এইগৰাকী নেতাই এইবাৰ চীনলৈ গৈ ভাৰতৰ অখণ্ডতাক প্ৰত্যাহ্বান জনাই চীনক প্ৰৰোচিত কৰাৰ দৰে অপকৰ্মত লিপ্ত হৈছে। চীনৰ পৰা অৰ্থনৈতিক সাহায্য লাভৰ আশাতে ভাৰত বিৰোধী একাধিক মন্তব্য কৰা ইউনুছৰ কাৰ্যক সৰ্বত্ৰে সমালোচনা। বেইজিং ভ্ৰমণৰ সময়ত তেওঁ কি কৰিলে, কি ক'লে, কি কি চুক্তি কৰিলে সেই সকলো সামৰি তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা মহম্মদ ইউনুছে বেইজিং ভ্ৰমণ কৰাৰ সময়ত ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলক কেন্দ্ৰ কৰি কৰা কেতবোৰ মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অভিযোগ উঠিছে তেওঁ চীনক ভাৰতৰ উত্তৰ পূৰ্বৰ সাতভনীক দখল কৰিবলৈ প্ৰৰোচিত কৰিছে।
মহম্মদ ইউনুছে চীনলৈ লৈ যোৱা তেওঁৰ ভিক্ষাৰ জোলোঙাখন ভৰ্তি কৰিবলৈকে এনে প্ৰৰোচিত মন্তব্য কৰাৰ পাছত দেশৰ লগতে অসমতো ইয়াৰ প্ৰতিক্ৰিয়া হৈছে। উল্লেখ্য যে যোৱা দুই, তিনিটা বছৰত দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক পৰিস্থিতি বহু সলনি হৈছে। ভাৰতৰ পূৰ্বৰ কেইবাখনো ঘনিষ্ঠ মিত্ৰ ৰাষ্ট্ৰ এতিয়া ভাৰতৰ পৰা বহু দূৰলৈ আঁতৰি গৈছে।
বাংলাদেশৰ আগষ্ট বিপ্লৱৰ সময়ত প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ পলায়ন আৰু আৱামী লীগৰ চৰকাৰৰ পতনৰ পাছত বাংলাদেশো ভাৰতৰ পৰা বহু দূৰলৈ আঁতৰি গৈছে। দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰ প্ৰথমে ইছলামাবাদৰ সৈতে সম্পৰ্ক উন্নীত কৰিবলৈ প্ৰচেষ্টা চলোৱাৰ পাছত এইবাৰ চীনৰ সৈতে ঘনিষ্ঠ হোৱাৰ আখৰা কৰিছে। এই দুয়োখন দেশৰ সৈতেই ভাৰতৰ দ্বিপাক্ষীক সম্পৰ্ক কেনে পৰ্যায়ৰ সেয়া নতুনকৈ কোৱাৰ নিশ্চয় প্ৰয়োজন নাই।
মহম্মদ ইউনুছৰ বেইজিং ভ্ৰমণ
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে চীন ভ্ৰমণ কৰি দেশখনৰ ৰাষ্ট্ৰপতিক সাক্ষাত কৰাৰ লগতে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। দুয়োখন দেশৰ যৌথ বিবৃতিত চীন আৰু বাংলাদেশৰ সম্পৰ্কক নতুন উচ্চতালৈ লৈ যোৱাৰ কথা উল্লেখ কৰা হৈছে।
এই ভ্ৰমণৰ সময়ত ছি জিনপিঙে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰ সমৰ্থন জনাই, চৰকাৰৰ সংস্কাৰ কাৰ্যসূচীকো প্ৰশংসা কৰিছে। মন কৰিবলগীয়া যে আৱামী লীগৰ চৰকাৰৰ পতনৰ পূৰ্বে চীন ভ্ৰমণ কৰিছিল শ্বেইখ হাছিনাই। সেই সময়তো দুয়োখন দেশৰ সম্পৰ্ক উন্নীত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে দ্বিপাক্ষীক চুক্তিও স্বাক্ষৰিত হৈছিল। অৱশ্যে হাছিনাই চীন ভ্ৰমণ কৰিলেও নতুন দিল্লীক হে অধিক কাষত ৰাখিছিল।
এইবাৰ ইউনুছৰ ভ্ৰমণে ঢাকাক বেইজিঙৰ অধিক কাষ চপাই নিয়া বুলি দাবী কৰা হৈছে। দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিয়ে দুয়ো দেশৰ সম্পৰ্কক নতুন গতি দিব বুলি বাংলাদেশৰ একাংশ বিশেষজ্ঞই দাবী কৰিছে। তেওঁলোকে কব বিচাৰিছে বেইজিঙে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক স্থায়ী চৰকাৰৰ দৰেই সন্মান প্ৰদান কৰিছে।
দুয়োখন দেশৰ মাজত বাণিজ্য, অৰ্থনীতি, বিনিয়োগক লৈ কেইবাখনো চুক্তিত স্বাক্ষৰ
বাংলাদেশৰ অৰ্থনীতি এতিয়া সম্পূৰ্ণৰূপে বিধ্বস্ত। ছাত্ৰ আন্দোলনৰ পাছত বৰ্তমানৰ বাংলাদেশৰ অৱস্থা অতি পুতৌজনক। সেয়ে চৰকাৰ পৰিচালনা কৰাটো অন্তৱৰ্তীকালীন চৰকাৰৰ বাবে যথেষ্ট প্ৰত্যাহ্বানজনক হৈ পৰিছে।
চীন ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত অৰ্থনৈতিক আৰু কাৰিকৰী সহযোগিতাৰ বাবে চুক্তি স্বাক্ষৰ হৈছে।তাৰোপৰি সাহিত্য, প্ৰকাশন, সাংস্কৃতিক ঐতিহ্য বিনিময় আৰু সহযোগিতা, সংবাদ মাধ্যম, ক্ৰীড়া, স্বাস্থ্যৰ ক্ষেত্ৰত মুঠ ৮ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে।
এই ভ্ৰমণৰ সময়তে চীনে বাংলাদেশত ২.১ বিলিয়ন ডলাৰৰ বিনয়োগৰ প্ৰতিশ্ৰুতি দিছে। মংগলা বন্দৰ উন্নয়নৰ বাবে চীনে কাম কৰিব বিচাৰিছে। মন কৰিবলগীয়া যে এই বন্দৰ উন্নয়নৰ কামত ভাৰত জড়িত হৈ আছিল।
বাংলাদেশৰ নাগৰিকে উন্নত স্বাস্থ্য সেৱাৰ বাবে ভাৰতৰ ওপৰতে নিৰ্ভৰশীল হৈ আহিছে। ভাৰতেও শ্বেইখ হাছিনাই বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে অন্তিম বাৰৰ দিল্লীলৈ চৰকাৰী ভ্ৰমণত অহাৰ সময়ত বাংলাদেশী লোকক চিকিৎসাৰ বাবে ভিছা দিয়াৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল।
তথ্য অনুসৰি ২০২৩ ত ভাৰতলৈ ৬৩৫,০০০ গৰাকী বিদেশী নাগৰিকে স্বাস্থ্য সেৱাৰ সুযোগ ল'বলৈ ভ্ৰমণ কৰিছিল। ২০২২ ত ভাৰতলৈ স্বাস্থ্য মেডিকেল ভিছাৰে আগমণ ঘটা বিদেশীৰ সংখ্যা আছিল ৪৭৫,০০০ গৰাকী। Bureau of Immigration ৰ তথ্য অনুসৰি ইয়াৰে ৩০০,০০০ ৰ পৰা ৩৫০,০০০ গৰাকীয়েই আছিল বাংলাদেশী। তাৰ পূৰ্বে ভাৰতলৈ প্ৰতি বছৰে ২ লাখৰ পৰা আঢ়ৈ লাখ বাংলাদেশী লোকে চিকিৎসাৰ বাবে অহাৰ তথ্য আছে।
ভাৰতৰ সৈতে সম্পৰ্ক অৱনতী হোৱাত বাংলাদেশৰ স্বাস্থ্য খণ্ডত এতিয়া চীন প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে। বাংলাদেশৰ ৰোগীৰ বাবে চীনে কুমিঙত চাৰিখন চিকিৎসালয় আবণ্টন দিছে। বাংলাদেশৰ বন্দৰ চহৰ চিটাগংৰ পৰা চীনৰ কুনমিঙলৈ চাইনা ইষ্টাৰ্ণ এয়াৰলাইন্সে বিমান চলোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে।
তাৰোপৰি ঢাকাৰ চিকিৎসালয়ত চীনে ৰবটিক ফিজিঅ’থেৰাপি, হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ আদিৰ ব্যৱস্থাৰ কথা কৈছে। পূৰ্বে বাংলাদেশৰ পৰা ভাৰতৰ কলকাতালৈ বাংলাদেশী ৰোগীৰ ঢল বৈছিল। এতিয়া কলকাতাৰ পৰিবৰ্তে তেওঁলোকৰ গন্তব্যস্থল হব চীনৰ কুনমিং।
তিস্তা জলবিদ্যুৎ প্ৰকল্পৰ পৰাও আঁতৰিব ভাৰত !
খবৰ অনুসৰি মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰে চীনৰ পৰা জলসম্পদ পৰিচালনাৰ বাবে ৫০ বছৰীয়া মাষ্টাৰ প্লেন বিচাৰিছে। বেইজিং ভ্ৰমণৰ পাছতো তিস্তা জলবিদ্যুৎ প্ৰকল্পত বিনিয়োগৰ বাবে চীনৰ পৰিবৰ্তে ভাৰতকে শ্বেইখ হাছিনাই অগ্ৰাধিকাৰ দিছিল যদিও মহম্মদ ইউনুছে এতিয়া এই প্ৰকল্পৰ বাবে চীনকহে আদৰণি জনাইছে।
উল্লেখ্য যে, ২০২১ চনত চীনে তিস্তা নদীৰ ওপৰত এক সমীক্ষা চলাইছিল। কিন্তু ভাৰতে আপত্তি কৰাত চীনৰ সেই কাম বন্ধ হৈছিল আৰু ঢাকা দিল্লীৰ কাষ চাপিছিল। ভূ-ৰাজনৈতিক পৰিস্থিতি পৰিবৰ্তনৰ পাছতে এতিয়া ঢাকাই এই প্ৰকল্পত কাম কৰিবলৈ পুনৰ বেইজিঙক অনুৰোধ জনাইছে। স্বাক্ষৰ কৰিছে এক বুজাবুজিৰ চুক্তিত।
ম্যানমাৰক বুজাবলৈ চীনৰ সহায় বিচাৰিছে ইউনুছে
২০১৭ চনত বাংলাদেশলৈ আঠ লাখৰো অধিক ৰোহিংগীয়াৰ আগমন ঘটিছিল। তাৰ পাছতো বিভিন্ন সময়ত ৰোহিংগীয়াৰ বাংলাদেশলৈ আগমণ ঘটিছে। শ্বেইখ হাছিনাৰ চৰকাৰে ৰোহিংগীয়াসকলক ম্যানমাৰলৈ ঘূৰাই পঠিয়াবলৈ চেষ্টা চলাইছে যদিও সফল হোৱা নাই।
ইউনুছৰ বেইজিং ভ্ৰমণৰ সময়ত এই বিষয়টোৱেও স্থান পাইছে। ম্যানমাৰৰ সৈতে চীনৰ অতি ঘনিষ্ঠ সম্পৰ্ক। ম্যানমাৰত চীনৰ বহু কেইটা প্ৰকল্প চলি আছে। সেয়ে চীনৰ জৰিয়তে ম্যানমাৰৰ চৰকাৰক বুজাব পাৰিলে বাংলাদেশৰ ৰোহিংগীয়া সমস্যাৰ সমাধান সম্ভৱ বুলি আশা কৰিছে বাংলাদেশে।
ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলক লৈ কি কৈছিল ইউনুছে? কিয় সৃষ্টি হৈছে বিতৰ্ক?
চীন ভ্ৰমণলৈ যোৱা মহম্মদ ইউনুছে সকলো সীমা অতিক্ৰম কৰি ভাৰতৰ আভ্যন্তৰীণ বিষয়ত মাত মতাৰো সাহস কৰিছে। তেওঁ চীনলৈ লৈ যোৱা ভীক্ষাৰ জুলুঙাখন ভৰ্তি কৰিবলৈকে বেইজিঙক সন্তুষ্ট কৰিবলৈ ভাৰতৰ অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা মন্তব্য কৰিছে।
তেওঁ অৰ্থনীতি সম্প্ৰসাৰণৰ বাবে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ উদ্ধৃতি দিবলৈ গৈয়ে বিতৰ্কৰ সূচনা কৰিছে। ইউনুছে উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যক ভূ-অৱচ্ছিন্ন অঞ্চল বুলি অভিহিত কৰি বাংলাদেশক এই অঞ্চলৰ একমাত্ৰ সাগৰৰ ৰক্ষক বুলি অভিহিত কৰিছে।
এই অঞ্চলটোত চীনক অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰিবলৈ আহ্বান জনায় ইউনুছে। ২৮ মাৰ্চত বেইজিঙত অনুষ্ঠিত এক অনুষ্ঠানৰ সময়ত মহম্মদ ইউনুছে উত্তৰ-পূবৰ বিষয়ে মন্তব্য কৰিছে।
ভাষণত তেওঁ কৈছে, "ভাৰতৰ সাতখন ৰাজ্য, ভাৰতৰ পূব অংশ, যাক ছেভেন ছিষ্টাৰ বুলি কোৱা হয়, ভাৰতৰ ভূমি আৱদ্ধ অঞ্চল। তেওঁলোকৰ সাগৰৰ প্ৰৱেশ নাই। আমি এই সমগ্ৰ অঞ্চলটোৰ বাবে সাগৰৰ একমাত্ৰ ৰক্ষক। গতিকে ইয়াৰ দ্বাৰা বৃহৎ সম্ভাৱনা মুকলি হয়।"
তেওঁ আৰু কয়, "এই অঞ্চলটো চীনৰ অৰ্থনীতিৰ বাবে এক সম্প্ৰসাৰণ হ'ব পাৰে। সামগ্ৰী নিৰ্মাণ কৰা, সামগ্ৰী উৎপাদন কৰা, সামগ্ৰী বজাৰলৈ লৈ যোৱা, চীনলৈ সামগ্ৰী আনি বিশ্বৰ বাকী অংশলৈ প্ৰেৰণ কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি।"
ভূটান, নেপাল আৰু টাইৱানৰ আভ্যন্তৰীণ বিষয়টো মাত মাতিছে ইউনুছে
কেৱল ইয়াতে সীমাবদ্ধ নাথাকি ভূটান আৰু নেপালৰ জলসম্পদকো তেওঁলোকৰ উদ্দেশ্যত ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰিছে। তেওঁ কয়, "নেপাল আৰু ভূটানত সীমাহীন জল শক্তি আছে। আমি ইয়াক আমাৰ উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰো, কাৰখানা স্থাপন কৰিব পাৰো। বাংলাদেশৰ জৰিয়তে আপুনি যিকোনো ঠাইলৈ যাব পাৰে কাৰণ সাগৰ আমাৰ ঠিক পিছফালে আছে।"
ইফালে ইউনুছে ছি জিনপিঙক সন্তুষ্ট কৰিবলৈ গৈ টাইৱানকো চীনৰ অংশ বুলি মানি লৈছে। টাইৱানক সামৰি চীনে প্ৰকাশ কৰা ‘এক চীন’ নীতিক বাংলাদেশে সমৰ্থন কৰিছে। উল্লেখ্য যে, মূল চীনৰ পৰা পৃথক টাইৱান মূলতঃ দক্ষিণ চীন সাগৰৰ এটা দ্বীপ।
টাইৱানে নিজকে স্বাধীন আৰু পৃথক দেশ হিচাপে দাবী কৰিলেও চীনে টাইৱানক তেওঁলোকৰ অংগ বুলিয়েই দাবী কৰি আহিছে। ভাৰতেও টাইৱান চৰকাৰক স্বীকৃতি দিছে। টাইৱানত আছে ভাৰতৰ ৰাষ্ট্ৰদূত। এনে পৰিস্থিতিত এতিয়া বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বীৰ এই কাৰ্যকলাপে দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক পৰিস্থিতিক যে আৰু অধিক জটিল নকৰিব তাত কোনো সন্দেহ নাই।