পদূলিত নহয়,বৰঘৰলৈ নিয়ক চাহ জনগোষ্ঠীক...

বিহুৰ দৰেই ঝুমুইৰৰ আছে নিজা বৈশিষ্ট। চাহ বাগিছাক কেন্দ্ৰ কৰি গঠন হোৱা চাহ জনগোষ্ঠীটোৰ সংস্কৃতিও বৰ্ণময়। কেৱল ঝুমুইৰেই তেওঁলোকৰ একমাত্ৰ সাংস্কৃতিক উপাদান নহয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
পদূলিত নহয়, চৰাঘৰলৈ নিয়ক চাহ জনগোষ্ঠীক...

মেগা ঝুমুইৰ নৃত্যুৰ চূড়ান্ত অনুশীলনৰ দৃশ্য দেখি অভিভূত হৈ পৰিছে ৰাজ্যবাসী। নতুনকৈ ঝুমুইৰৰ প্ৰেমত পৰিছে অসমীয়া ৰাইজ। নিজা চহকী সংস্কৃতিক ধৰি ৰাখিও অসমীয়া ভাষা, সংস্কৃতিৰ সৈতেও বিলীন হৈ পৰিছে এই জনগোষ্ঠীটো। অসমীয়া জাতিৰ অন্যতম অংগ চাহ জনগোষ্ঠীৰ ঝুমুইৰক যিদৰে অসমীয়াই ভাল পাইছে সেইদৰে ভাল পাব পাৰিবনে জনগোষ্ঠীটোক? এতিয়াও জনগোষ্ঠীটোক জাতিয়ে পদূলিতেই ৰাখিব নে বৰঘৰলৈ আনিব? এই সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

 

যেন এজাক ৰং-বিৰঙি পখিলাহে। মাদলৰ চেৱৰ তালে তালে হালিজালি নাচিছে সেই পখিলাজাকে। হালধীয়া, সেউজীয়া, ৰঙা, নীলা, বগা...। সৰুসজাই ষ্টেডিয়ামত চলি থকা মেগা ঝুমুইৰ নৃত্যৰ অনুশীলনৰ মনোমোহা দৃশ্যই মোহিছে ৰাজ্যবাসীক। 

২৪ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত প্ৰদৰ্শিত হ’ব ঝুমুইৰ নৃত্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপৰিও এডভাণ্টেজ আছাম ২.০ ত অংশগ্ৰহণ কৰিবলগীয়া দেশ, বিদেশৰ বিনিয়োগকাৰী, কেইবাখনো দেশৰ প্ৰতিনিধিয়ে এই মেগা ঝুমুইৰ নৃত্য উপভোগ কৰিব।

৮০০০ শিল্পীৰ অংশগ্ৰহণেৰে এই মেগা ঝুমুইৰ নৃত্যৰ জৰিয়তে বিশ্ব ৰেকৰ্ডৰো চেষ্টা চলোৱা হ’ব। ২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব চূড়ান্ত অনুশীলন। এই অনুশীলন উপভোগ কৰিব পাৰিব সকলো ৰাইজে। ২৪ তাৰিখে অৱশ্যে সকলোৰে বাবে সৰুসজাইৰ গেট মুকলি নাথাকিব।

ইয়াৰ পূৰ্বে ২০২৩ ৰ ১৩ এপ্ৰিলত এইখন সৰু সজাই ষ্টেডিয়ামতে বিশ্ব ৰেকৰ্ডৰ বাবে বিহু প্ৰদৰ্শন কৰা হৈছিল। সেইবাৰ ১১৩০৪ গৰাকী বিহুৱা-বিহুৱতীয়ে একেলগে একেস্থানত বিহু প্ৰদৰ্শন কৰাৰ লগতে ৩ হাজাৰৰো অধিক ঢুলীয়াই ঢোলবাদন কৰি ৰেকৰ্ড স্থাপন কৰিছিল।  

বিহুৰ পাছত এইবাৰ অসম চৰকাৰে চাহ জনগোষ্ঠীয় লোকসকলৰ চহকী সংস্কৃতিৰ অংগ ঝুমুইৰকো বিশ্বমুখী কৰাৰ প্ৰয়াসক জনগোষ্ঠীটোৰ লোকসকলে একেমুখে প্ৰশংসা কৰিছে। অৱশ্যে অতি পিছপৰা আৰু শোষণ, অৱদমনৰ সন্মুখীন হৈ নানান সমস্যাৰে ভাৰাক্ৰান্ত এই জনগোষ্ঠীটোৰ সমস্যাক সমাধান কৰাৰ বিপৰীতে ৰং, ৰহস্যত মত্ত কৰি ৰখাৰ চেষ্টাক লৈ সমালোচনাও হৈছে।

সেয়া এক অন্য বিষয়। এই সমালোচনা প্ৰাসংগিক হ’লেও যিহেতু মেগা ঝুমুইৰ হ’বই, প্ৰস্তুতি সম্পূৰ্ণ হ’লেই সেয়ে এতিয়া এই অনুষ্ঠান সফলতাৰে সম্পন্ন হোৱাটোৱেই সকলোৰে কাম্য। 

বিহুৰ দৰেই ঝুমুইৰৰ আছে নিজা বৈশিষ্ট। চাহ বাগিছাক কেন্দ্ৰ কৰি গঠন হোৱা চাহ জনগোষ্ঠীটোৰ সংস্কৃতিও বৰ্ণময়। কেৱল ঝুমুইৰেই তেওঁলোকৰ একমাত্ৰ সাংস্কৃতিক উপাদান নহয়। চাহ জনগোষ্ঠীয় লোকসকল অসমতহে চাহ জনগোষ্ঠী হিচাপে পৰিচিত।

১৮ শতিকাতে অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, উৰিষ্যা, ঝাৰখণ্ড, ছত্তিশগড়, বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ আদিত আদিবাসী হিচাপে পৰিচিত তাঁতি, ওৰাং, বাউৰি, মুণ্ডা, ভূমিজ, কৰ্মকাৰ, তেলেঙা, বঢ়াইক, পানিকা, প্ৰধান, বণিয়া, গণ্ডা, গাজলু, গোবালা, মাঝি, চন্দ, নাগবংশী, তাচা, কৈৰী, ধানোৱাৰ, তেলী, ঘাটোৱাৰ, মলা, ভূঞা, নানিয়া আদি জাতি-উপজাতি আৰু খেলৰ শ্ৰমিকক অসমত চাহ খেতি কৰিবলৈ ব্ৰিটিছসকলে আনিছিল।

এনে প্ৰায় ১২০ টা মান আদিবাসী জাতি, উপজাতিৰ সংমিশ্ৰণত অসমত কালক্ৰমত সৃষ্টি হ’ল চাহ জনগোষ্ঠী। সেয়ে তেওঁলোকৰ বিভিন্ন গোটৰ নিজা নিজা সংস্কৃতি আছে। অসমত চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত কৰম পূজা, টুচু পৰব, সৰহাই পৰব, ফাগুণ পৰব, দুৰ্বা পূজা, গ্ৰাম্য পূজা, মনসা পূজা ত্ৰিনাথ পূজা আদি প্ৰচলিত হৈ আহিছে।

ঝুমুইৰ, ঘেৰা, দমকচ, সাদি, সহৰাই, টুচু, নিচুকনি, ওমলা গীত আদিৰ জৰিয়তে চাহ জনগোষ্ঠীয় লোকসকলৰ বৈচিত্ৰময় জীৱন প্ৰতিফলিত হৈ আহিছে। এই প্ৰতিটো পৰব, প্ৰতিটো পৰবৰ সৈতে জড়িত গীত-মাতৰ অৰ্থ, তাত প্ৰতিফলিত কাহিনীৰ প্ৰাৰ্থক্য আছে।

ব্ৰিটিছ আমোলত দেশৰ ভিন্ন ৰাজ্যৰ পৰা আহি চাহ বাগান তৈয়াৰ কৰাৰ কামত নিয়োজিত এই লোকসকলে চাহ বাগিচাৰ ভূমিতেই বাস কৰিছিল আৰু এতিয়াও চাহ শ্ৰমিকসকলে বাগানৰ ভূমিতেই বাস কৰি আহিছে। অৱশ্যে পৰিবৰ্তিত পৰিস্থিতিত তাৰে এটা চামে চাহ বাগানৰ পৰা ওলাই আহি প্ৰাক্তন চাহ জনগোষ্ঠী হিচাপে পৰিচয় লৈ মূল অসমীয়া সমাজৰ সৈতে বাস কৰিবলৈ আৰম্ভ কৰিছে। 

কিন্তু এই দুই শ্ৰেণীৰ চাহ জনগোষ্ঠীয় লোকৰ সংস্কৃতিৰ মাজত কোনো প্ৰাৰ্থক্য নাই। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল চাহ জনগোষ্ঠীয় লোকসকলে নিজা ভাষা-সাংস্কৃতিক ঐতিহ্যক ধৰি ৰখাৰ সমান্তৰালকৈ অসমীয়া ভাষা আৰু সংস্কৃতিকো আকোৱালি লৈছে। শংকৰী কলা, সংস্কৃতিৰ চৰ্চা কৰি গায়ন, বায়নৰ ভূমিকাও ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিছে। নামঘৰ পাতিছে, ভাওনা, ৰাস আদি কৰিছে।

অসমীয়া মাধ্যমৰ বিদ্যালয়তে তেওঁলোকে অধ্যয়ন কৰিছে আৰু মূল অসমীয়া সমাজৰ লোকসকলৰ সৈতে নিঃসংকোচে অসমীয়া ভাষাতেই মনৰ ভাৱ আদান প্ৰদান কৰি আহিছে। নিজৰ মাজত আকৌ নিজা নিজা ভাষাৰ চৰ্চা অব্যাহত ৰাখিছে। 

নিজা নৃত্য, গীতৰ যিদৰে চৰ্চা কৰিছে ঠিক সেইদৰেই বিহু নাচিবলৈয়ো শিকিছে, বিহু গীতো প্ৰাণ ঢালি গাবলৈ পাৰিছে। জাতীয় ভাষা, সংস্কৃতিৰ সৈতে একাকাৰ হৈ পৰিছে। অসমীয়া জাতিৰ অভিচ্ছেদ্য অংগ এই চাহ জনগোষ্ঠীটোক কিন্তু তথাপিও কোনোবাখিনিত মূল অসমীয়া সমাজখনে কিছু আঁতৰাই ৰখাৰ অভিযোগ উঠি আহিছে। 

শিক্ষাৰ ক্ষেত্ৰত এতিয়াও চাহ জনগোষ্ঠীটো বহু পিছপৰি আছে যদিও এই জনগোষ্ঠীটোৰ পৰা অৱশ্যে অসমে বিভিন্ন ক্ষেত্ৰত বহু প্ৰতিভা লাভ কৰিছে। শিক্ষা, সংস্কৃতি, ক্ৰীড়া, ৰাজনীতি আদি ভিন্ন ক্ষেত্ৰত নিজা পৰিচয় গঢ়ি তুলিছে জনগোষ্ঠীটোৰ ভিন্ন জনে। 

সুশীল কুৰ্মি,  গুৰু চৰন কুৰ্মি আদিৰ দৰে লোকে অসম সাহিত্য সভাৰে জড়িত হৈ অসমৰ সাহিত্য ক্ষেত্ৰৰ চিনাকী নাম হৈ পৰিছিল। সমীৰ তাঁতী,  সনন্ত তাঁতিয়ে লাভ কৰিছে সাহিত্য একাডেমী। তেওঁলোকৰ কবিতাই অসমীয়া কবিতাৰ মানদণ্ডক নতুন স্তৰলৈ লৈ গৈছে। 

তাৰোপৰি নতুন প্ৰজন্মৰ ড০ কমল কুমাৰ তাঁতীয়েও এক নিজা পৰিচয় অৰ্জন কৰিছে। তেওঁৰ পিতৃ তথা ভাৰতীয় ষ্টেট বেংকৰ প্ৰাক্তন কৰ্মচাৰী সঞ্জয় তাঁতীয়েও গৱেষক হিচাপে যথেষ্ট কাম কৰি ইতিমধ্যে ভাষা, সাহিত্য আৰু ইতিহাসক সমৃদ্ধ কৰিছে।

সেইদৰে নাট্য জগতত পদ্ম কৈৰী, বাৰ্কী প্ৰসাদ টেলেঙ্গা, লোকগীতৰ ক্ষেত্ৰত পদ্ম কৈৰী, দুলাল মানকি, মংগল নায়ক, ছাজন নায়ক আদি সৰ্বত্ৰে পৰিচিত। ৰাজনীতিত পৱন সিং ঘাটোৱাৰ, ৰামেশ্বৰ ধানোৱাৰ, ৰামেশ্বৰ তেলী, পৃথিৱী মাঝি, কামাখ্যা প্ৰসাদ তাচা, ৰুপম কুৰ্মি,  বিনোদ গোৱালা,  আৰ্কিলিয়াছটিৰ্কি, দীপেন তাঁতী, জয়চন্দ্ৰ নাগবংশী, জীৱনতাৰা ঘাটোৱাৰ, পল্লৱ লোচন দাস, তেৰছ গোৱালা, ৰূপেশ গোৱালা আদিয়েও খ্যাতি অৰ্জন কৰিছে। ইয়াৰে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু কেইবাজনো ৰাজ্যিক পৰ্যায়ত মন্ত্ৰী হৈছে। শিক্ষা, সংস্কৃতি, সাহিত্য আৰু ৰাজনৈতিক ক্ষেত্ৰৰ এয়া কেইটামান উদাহৰণহে মাত্ৰ।

এই কথা নতুনকৈ বহলাই কোৱাৰ প্ৰয়োজন নাই যে অসমীয়া জাতি অসম ভূমিত বাস কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ বিভিন্ন জাতি, জনজাতি, জনগোষ্ঠীৰ সমন্বয়ৰ মাজেৰেহে গঠিত। কিন্তু যি কাৰণতেই নহওঁক শেহতীয়াকৈ কেইবাটাও দশকত অসমীয়া সমাজখনৰ প্ৰতি একাংশ জাতি, জনগোষ্ঠীয়ে ক্ষোভ প্ৰকাশ কৰি নিজকে আঁতৰাই নিছে। 

অসমীয়া ভাষাৰ ওপৰতো তেনে কোনো কোনো জাতিয়ে ক’লা ৰং খানিবলৈ কুণ্ঠাবোধ কৰা নাই। অসমীয়া জাতিৰ পৰা নিজকে পৃথকাই ৰাখিব খোজা তেনে মানসিকতাৰ আঁৰত নিশ্চয়কৈ বহু ৰাজনৈতিক, সামাজিক কাৰণ জড়িত হৈ আছে। সেয়াও বিচাৰ, বিশ্লেষণৰ প্ৰয়োজন। 

এইদৰে একাংশ জাতি, জনগোষ্ঠীয়ে অসমীয়া জাতিৰ পৰা আঁতৰি যোৱাৰ যি পৃথকতাবাদী মনোভাৱ দেখুৱাইছে সেই সময়ত কিন্তু চাহ জনগোষ্ঠীটোৱে নিজকে অসমীয়া জাতিৰ সৈতে বিলীন কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। ভাষা, সংস্কৃতিয়ে সন্মুখীন হোৱা এই জটিল সন্ধিক্ষণত চাহ জনগোষ্ঠীৰ এনে মানসিকতা নিশ্চয়কৈ অসমীয়া জাতিৰ বাবেই মংগলজনক। 

সেয়ে আজিও শোষণ, অৱদমনৰ কৱলত থকা এই জনগোষ্ঠীটোক তথাকথিত মূল অসমীয়া জাতিৰ পৰা আজিও আঁতৰাই ৰখাৰ যি অভিযোগ সেই অভিযোগৰ পৰা মুক্ত হোৱাৰ সময়। এই সহজ, সৰল জনগোষ্ঠীটোৰ অবিহনে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া কোনো কাৰণতে সম্পূৰ্ণ নহয় বুলি ইতিমধ্যে কেইবাজনো বৰণ্যে অসমীয়াই স্বীকাৰ কৰি গৈছে। এই জনগোষ্ঠীটোক তথাকথিত মূল অসমীয়া জাতিৰ পদূলিত বহিবলৈ দিয়াৰ পৰিবৰ্তে বৰ ঘৰতহে স্থান দিব লাগে। এয়া সময়ৰে দাবী। 

 

চাহ জনগোষ্ঠী ঝুমুৰ