/asomiyapratidin/media/media_files/2025/03/18/XZNWdXdHPfVfeRReYCYw.jpg)
বিজ্ঞানে মহাকাশৰ ৰহস্য ভেদ কৰাৰ সময়তো অন্ধবিশ্বাসৰ গ্ৰাসত ককবকাই আছে বিশ্বৰ প্ৰতিটো প্ৰান্তৰে অলেখ অযুত মানুহ। সেই মানুহৰ মুখতো কিন্তু এতিয়া মহাকাশ অভিযান, নাছা, সুনীতা, উইলমৰেৰ কথা। মহাকাশ গৱেষণাত এসময়ত ছোভিয়েট ইউনিয়ন, আমেৰিকাৰ আধিপত্য বিস্তাৰৰ প্ৰতিযোগিতাই যি অগ্ৰগতি দিলে সেই অগ্ৰগতিয়ে নতুন দিগন্তৰ সূচনা কৰিলে। অৱশ্যে ভূ-ৰাজনৈতিক সেই আধিপত্যবাদ মহাকাশত বিজ্ঞানৰ ওচৰত হাৰ মানিলে। সুনীতা আৰু এলেক্সি অভচিনিন মহাকাশ কেন্দ্ৰৰ দায়িত্ব সোণালী মুহূৰ্তৰ সৌন্দৰ্যই দিলে তেনে সতেজ উদাহৰণ। এই সকলো বিষয় সামৰি তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
কল্পনা আৰু বাস্তৱৰ মাজত যোগসূত্ৰ স্থাপন কৰা অদৃশ্য সেই সাঁকো দালেই হয়তো বিজ্ঞান। কল্পনা প্ৰসূত মন এটাৰেই মানুহে যি চিন্তা কৰে সেই চিন্তাক বিজ্ঞানে বাস্তৱ কৰি তোলে।
চৰাই এটা উৰি যাব পাৰে, মানুহ কিয় উৰিব নোৱাৰে? এই চিন্তাৰেই ফচল উৰা জাহাজ নহয় জানো? নিশা তৰাৰে ভৰা জিলিকা সেই সুবিশাল আকাশনেও মানুহৰ মনত উৎসুকতাৰ সৃষ্টি কৰিছিল, কৰি আহিছে।
সেই উৎসুকতাই আকাশ, মহাকাশৰ সন্দৰ্ভত মানুহৰ মনত নানান প্ৰশ্নৰ সৃষ্টি কৰিছিল। সেই প্ৰশ্নৰ উত্তৰৰ সন্ধানত আৰম্ভ কৰা গৱেষণাই আজিৰ এই পৰ্যায়ত আহি উপনীত হৈছে।
গ্ৰহ, নক্ষত্ৰৰ দোষ আঁতৰাবলৈ তাবিজ পিন্ধি গ্ৰহৰ কক্ষপথ আঁতৰাবলৈ চেষ্টা কৰা মানুহেও আজি খবৰ ৰাখিছে সুনীতা, উইলমৰে পৃথিৱীলৈ ঘূৰি আহিব পাৰিবনে? কেতিয়া ঘূৰি আহিব তেওঁলোক?
অন্ধ বিশ্বাসৰ কৰাল গ্ৰাসত থাকিও বিজ্ঞানৰ সত্যতাক মানিবলৈ বাধ্য হৈছে বিশ্ববাসী। সেয়ে এতিয়া বিশ্বৰ সকলো প্ৰান্ততে কেৱল সুনীতা আৰু উইলমৰেৰ চৰ্চা। মহাকাশৰ পৰা পৃথিৱীলৈ প্ৰত্যৰ্পণৰ বিষয়ে আলোচনা। এক্স, ফেচবুক আদি সকলোতে আলোচনাৰ বিষয় তেওঁলোকেই।
এনে নহয় যে, মহাকাশলৈ প্ৰথমবাৰৰ বাবে সুনীতা উইলিয়ামছ আৰু বুছ উইলমৰে গৈছিল। তেওঁলোকৰ পূৰ্বেও বহু মহাকাশচাৰীয়ে মহাকাশ যাত্ৰা কৰাই নহয় এবছৰতকৈ অধিক সময় মহাকাশত অতিবাহিত কৰিছিল। তাৰ পাছতো কিন্তু তেওঁলোকক লৈ সিমান চৰ্চা হোৱা নাই, যিমান চৰ্চা হৈছে সুনীতা আৰু উইলমৰেক লৈ।
কিয় সৰ্বত্ৰে সুনীতা আৰু উইলমৰেক লৈ চৰ্চা
মাত্ৰ ৮ দিনীয়া ভ্ৰমণসূচীৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাত্ৰা কৰিছিল নাছাৰ দুই মহাকাশচাৰী ৫৯ বৰ্ষীয় সুনীতা উইলিয়ামছ আৰু ৬২ বছৰীয়া বুছ উইলমৰে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ বৰ্তমান অধিয়াক তথা আমেৰিকাৰ নৌসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া সুনীতা উইলিয়ামছে ১৯৯৮ চনত নাছাত যোগদান কৰিছিল। তেতিয়াৰে পৰা এই পৰ্যন্ত তেওঁ সৰ্বাধিত মহাকাশ ভ্ৰমণ কৰা মহিলা মহাকাশচাৰীৰ অভিলেখ গঢ়িছে।
বুছ উইলমৰেয়ে ২০০৯ চনত প্ৰথমবাৰৰ বাবে স্পেছ শ্বাটল আটলাণ্টিছত মহাকাশ যাত্ৰা কৰিছিল। বয়িং ষ্টাৰলাইনাৰ মহাকাশ যাত্ৰাত তেওঁ কামাণ্ডাৰ হিচাপে মহাকাশত উদ্ভিদৰ বৃদ্ধি, মানৱ শৰীৰত মাইক্ৰ’গ্ৰেভিটিৰ প্ৰভাৱ আৰু পৃথিৱীৰ পৰিৱেশ পৰিবৰ্তনৰ ওপৰত গৱেষণা কৰিছিল। এইবাৰ বয়িং ষ্টাৰলাইনৰ অভিযানত তেওঁ কামাণ্ডাৰ আৰু সুনীতা উইলিয়ামছ পাইলট হিচাপে আছে।
তেওঁলোক দুজনক বয়িং ষ্টাৰলাইনৰ পৰীক্ষামূলক উৰণৰ বাবে মাত্ৰ ৮ দিনৰ বাবে প্ৰেৰণ কৰা হৈছিল। কিন্তু বয়িং ষ্টাৰলাইনত যান্ত্ৰিক বিজুটি হৈ হিলিয়াম গেছ উৎপন্ন হোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰতে আবদ্ধ হৈ পৰে। পৃথিৱীলৈ তেওঁলোক ঘূৰি অহাতো অনিশ্চয়তাত সোমাই পৰে। ২০২৪ চনৰ ৫ জুনৰ পৰাই তেওঁলোক মহাকাশত আৱদ্ধ হৈ আছে।
সেয়ে মানুহৰ মাজত তেওঁলোকক লৈ উৎসুকতা বৃদ্ধি পাইছে। এই দীঘলীয়া ৯ মাহৰ ভিতৰত নাছাই কেইবাবাৰো তেওঁলোকক উদ্ধাৰৰ বাবে চেষ্টা চলাইছে। কিন্তু বাৰে বাৰে ব্যৰ্থ হৈছে। এনে ব্যৰ্থতাৰ বাবেই বিশ্বজুৰি দুই মহাকাশচাৰীক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে।
নাছাৰ দৰে এটা সংস্থাই ইলন মাস্কৰ ব্যক্তিগত মালিকানাধীন স্পেছএক্সৰ দৰে সংস্থাৰ সহযোগ বিচৰা বিষয়টোৱেও মানুহক নতুনকৈ কিছু কথা চিন্তা কৰিবলৈ বাধ্য কৰিছে। ইলন মাস্কৰ স্পেছএক্সৰ সহায়তে নাছাই এতিয়া দুই মহাকাশচাৰীক উদ্ধাৰ কৰিছে।
ইফালে ভাৰতত বুছ উইলমৰেতকৈ সুনীতা উইলিয়ামছক লৈহে মানুহৰ মাজত বৃদ্ধি পাইছে উৎকণ্ঠা আৰু উৎসুকতা। উদ্বিগ্ন হৈ আছে মানুহবোৰ। সুনীতাক লৈ ভাৰতীয়ৰ মনত পূৰ্বৰে পৰা আছে দুৰ্বলতা।
ভাৰতীয় মূলৰ মহাকাশচাৰী হোৱাৰ বাবেই তেওঁৰ প্ৰতি ভাৰতীয়ৰ মৰম অলপ বেছি। সুনীতাৰ দৰেই ভাৰতীয়ৰ আপোন আছিল কল্পনা চাওলাও। দুৰ্ভাগ্যজনকভাৱে ২০০৩ ৰ ১ ফেব্ৰুৱাৰীত মহাকাশৰ পৰা পৃথিৱীলৈ প্ৰত্যাৰ্পণ কৰাৰ সময়তে মাজ আকাশত মহাকাশযান কলম্বিয়াৰ সৈতে নিশ্চিহ্ন হৈ গৈছিল কল্পনা। সেই বেদনা ভাৰতীয়ৰ মনত আজিও বিদ্যমান।
এনেবোৰ কাৰণতে সুনীতা আৰু উইলমৰে এতিয়া চৰ্চাৰ শীৰ্ষত আছে। এনে নহয় যে, কেৱল তেওঁলোকেই মহাকাশত এইদৰে আৱদ্ধ হৈ আছে। ইয়াৰ পূৰ্বেও কিন্তু এনে ঘটনা ঘটাৰ ইতিহাস আছে।
পূৰ্বেও মহাকাশত আৱদ্ধ হৈ আছিল মহাকাশচাৰী
এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈ মহাকাশত দীৰ্ঘদিন ধৰি আৱদ্ধ হৈ থাকিবলগীয়া হোৱা মহাকাশচাৰী কেৱলসুনীতা উইলিয়ামছ আৰু বুছ উইলম’ৰ প্ৰথম মহাকাশচাৰী নহয়। কাৰিকৰী সমস্যাৰ উপৰিও ভূ-ৰাজনৈতিক পৰিঘটনাৰ বাবেও এসময়ত মহাকাশত আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল মহাকাশচাৰী।
আমেৰিকাৰ মহাকাশচাৰী ফ্ৰেক ৰুবিঅ’ই ৩৭১ দিন অতিবাহিত কৰিছিল। তেওঁ ২০২২ চৰ পৰা ২০২৩ লৈ অকলেই মহাকাশত ৩৭১ দিন অতিবাহিত কৰিছিল। তেওঁ এইদৰে আৱদ্ধ হৈ থাকিবলগীয়া ঘটনাৰ মূলতে আছিল ছয়ুজ মহাকাশযানখনত সৃষ্টি হোৱা সমস্যা। পৰৱৰ্তী সময়ত তেওঁ আন এক পৃথক ছয়ুজ কেপচুলৰ সহায়ত পৃথিৱীলৈ ঘূৰাই অনা হৈছিল।
১৯৯১ চনত ৩১১ দিন মহাকাশৰ মিৰ মহাকাশ কেন্দ্ৰত আৱদ্ধ হৈ আছিল ছোভিয়েট মহাকাশচাৰী চাৰ্গেই ক্ৰিকালেভ। তেওঁ মহাকাশত এইদৰে আৱদ্ধ হৈ থাকিবলগীয়া হোৱাৰ মূলতে আছিল ভূ-ৰাজনৈতিক বিষয়। ১৯৯১ চনত ছোভিয়েট ইউনিয়ন ভংগ হোৱাৰ লগগে লগে বন্ধ হৈ পৰিছিল মিৰ মহাকাশ কেন্দ্ৰ।
ৰাজনৈতিক অস্থিৰতা আৰু ধনৰ নাটনিৰ বাবে তেওঁ পৃথিৱীলৈ ঘূৰি অহাত বিলম্ব হৈছিল। যাৰ বাবে পৰিকল্পনাতকৈ অধিক সময় তেওঁ কক্ষপথত থাকিবলৈ বাধ্য হৈছিল। তেওঁ ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ পৰা মহাকাশলৈ যাত্ৰা কৰিছিল, কিন্তু ১৯৯২ চনৰ মাৰ্চ মাহত অৱতৰণ কৰিছিল নতুনকৈ জন্ম লাভ কৰা ৰাছিয়াতহে।
ভূ-ৰাজনৈতিক যুঁজৰ উৰ্ধত এতিয়া মহাকাশ অভিযান
দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ সময়ছোৱাত মহাকাশ গৱেষণাক লৈয়ো ছোভিয়েট ইউনিয়ন, আমেৰিকাৰ মাজত প্ৰতিযোগিতা তীব্ৰতৰ হৈছিল। তাৰোপৰি ইউৰোপতো মহাকাশ গৱেষণাৰ প্ৰচেষ্টা আৰম্ভ হৈছিল। ছোভিয়েট নেতা নিকিতা ক্ৰুছেভে ১৯৫৭ ত প্ৰথম উপগ্ৰহ উৎক্ষেপণ কৰি মহাকাশ গৱেষণাত ছোভিয়েট ইউনিয়নৰ শ্ৰেষ্ঠত্বৰ প্ৰমাণ দাঙি ধৰিছিল।
ছোভিয়েটৰ সৈতে প্ৰতিযোগিতাত নমা আমেৰিকায়ো ইয়াৰ পাছত ১৯৬০ চনত ৰিকনেছান্স উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰি কাৰ্যক্ষম কৰাই নহয়, ইয়াক এক চোৰাংচোৱা উপগ্ৰহ হিচাৰে গঢ়ি তুলিছিল। ছোভিয়েট আৰু আমেৰিকাৰ এনে প্ৰতিযোগিতাৰ মাজতে ১৯৬১ চনৰ ১২ এপ্ৰিলত ইউৰি গাগাৰিনে ভষ্টক-১ মহাকাশযানেৰে পৃথিৱীৰ কক্ষপথত একক ভাৱে পৰিভ্ৰমণ কৰি প্ৰথমগৰাকী মহাকাশচাৰী হোৱাৰ গৌৰৱ অৰ্জন কৰিলে। কেৱল সেয়াই নহয়, তেওঁ হৈ পৰে ছোভিয়েট ইউনিয়নৰ মহাকাশ কাৰ্যসূচীৰো এক প্ৰতীক।
এইদৰেই ১৯৬১ ৰ পৰা ১৯৯১ ত ছোভিয়েট ইউনিয়নৰ পতনলৈকে আমেৰিকাৰে চলি থকা প্ৰতিযোগিতাই মহাকাশ গৱেষণাক এন নতুন পৰ্যায়লৈ লৈ যোৱাই নহয়, অন্যান্য দেশসমূহকো মহাকাশ অভিযান আৰু গৱেষণাৰ বাবে আগ্ৰহী কৰি তুলিছিল। ভূ-ৰাজনৈতিক পৰিস্থিতিয়ে এইদৰে মহাকাশ গৱেষণাত সেই সময়ত প্ৰভাৱ বিস্তাৰ কৰিছিল যদিও এতিয়া অৱশ্যে মহাকাশত তেনে পৰিবেশ নাই।
মহাকাশত এতিয়া ক্ষমতা কেন্দ্ৰিক যুঁজৰ পৰিবৰ্তে আছে সহযোগিতা। এই সহযোগিতাৰ সতেজ উদাহৰণ সুনীতা উইলিয়ামছ আৰু বুছ উইলমৰেৰ প্ৰত্যৰ্পণৰ সময়তে দেখিলে বিশ্ববাসীয়ে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত এতিয়া কামাণ্ডাৰৰ দায়িত্বত আছে সুনীতা উইলিয়ামছ। পৃথিৱীলৈ প্ৰত্যৰ্পণ কৰাৰ সময়ত তেওঁ এই দায়িত্ব অৰ্পণ কৰিছে ৰাছিয়াৰ মহাকাশচাৰী এলেক্সি অভচিনিনৰ হাতত। ক্ষমতা আৰু ৰাজনৈতিক অৰিয়াঅৰিৰ উৰ্ধত এইদৰেই স্থান লাভ কৰিছে বিজ্ঞানে।
কিদৰে পৃথিৱীলৈ ঘূৰিছে সুনীতা আৰু উইলমৰে?
সুনীতা আৰু উইলমৰেক পৃথিৱীলৈ ঘূৰাই আনিবলৈ নাছাই স্পেছএক্সৰ সহায়ত প্ৰেৰণ কৰা ক্ৰু-১০ মহাকাশযানখন সফল ডকিং কৰাৰ লগে লগেই মানুহৰ মনত আনন্দৰ বন্যা বৈছে। মানুহে বাৰে বাৰে কেতিয়া, কিমান সময়ত, ক’ত আহি তেওঁলোকে অৱতৰণ কৰিব সেই বিষয়ে জানিবলৈ আগ্ৰহ কৰিছে।
সুনীতা আৰু উইলমৰেও পৃথিৱীলৈ ঘূৰি আহিবলৈ কিমান উৎসুক সেয়া নিজেই মহাকাশ কেন্দ্ৰৰ পৰাই উল্লেখ কৰিছে। ইতিমধ্যে আনডকিং প্ৰক্ৰিয়াও সফলতাৰে সম্পন্ন হোৱাৰ পাছত তেওঁলোক পৃথিৱী অভিমুখে ৰাওনা হৈছে। ১৭ ঘণ্টীয়া যাত্ৰাৰ অন্তত তেওঁলোক আহি ফ্লৰিডাৰ উপকূলত উপস্থিত হ’বহি। আটলাণ্টিক মহাসাগৰত পেৰাচ্যুট ব্যৱহাৰ কৰি কৰিব স্প্লাছডাউন।
অৱশ্যে পূৰ্বে মহাকাশচাৰীয়ে স্প্লাছডাউনৰ পৰিবৰ্তে স্পেছ ছাটলত আহি ৰাণৱেত হে অৱতৰণ কৰিছিল। কলম্বিয়া, ডিছক’ভাৰী, আটলাণ্টিছৰ দৰে বিমানসদৃশ স্পেছ ছাটলত আহি এইদৰে ৰাণৱেত অৱতৰণ কৰিছিল।
নিৰাপত্তা আৰু অত্যাধিক ব্যয়বহুল হোৱাৰ বাবেই এনে স্পেছ ছাটল বন্ধ কৰি দিয়া হৈছে। ২০০৩ ত কলম্বিয়া মহাকাশযানৰ দুৰ্ঘটনাও স্পেছ ছাটল বন্ধ কৰি দিয়াৰ এক অন্যতম কাৰণ আছিল। এতিয়া স্পেছ ছাটলৰ ঠাইত ব্যৱহাৰ কৰা হৈছে স্পেছক্ৰাফ্ট।
আমেৰিকাৰ সময় অনুসৰি মঙলবাৰে সন্ধিয়া ৫:৫৭ বজাত আৰু ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱা ৩:৩০ বজাত সুনীতা উইলিয়ামছ আৰু উইলমৰেক কঢ়িয়াই অনা স্পেছ ক্ৰাফ্টে আটলাণ্টিক মহাসাগৰত কৰিব স্প্লাছডাউন।