/asomiyapratidin/media/media_files/2025/04/05/fzvyvUfdaTKZYFbnBj6h.jpg)
বেংককৰ পৰা পোনে পোনে শ্ৰীলংকা ভ্ৰমণ কৰা নৰেন্দ্ৰ মোডীক আজি কলম্বোত ৰাজকীয় আদৰণি জনাইছে দেশখনৰ ৰাষ্ট্ৰপতিয়ে। ৩ এপ্ৰিলত, বাংলাদেশৰ মুৰব্বী মহম্মদ ইউনুছক কাষত পায়ো মাত নিদিয়া মোডীয়ে বাংলাদেশৰ আগ্ৰহতেই ৪ এপ্ৰিলত তেওঁৰ সৈতে ৪০ মিনিটৰ বৈঠকত বহিল। ভাৰত বিৰোধী বুলিয়েই পৰিচিত অনুৰা দিছানায়কেও মোডীক আদৰণি জনাবলৈ যি ব্যৱস্থা কৰিলে সেই ব্যৱস্থাই বহু নতুন চিন্তাৰ উদ্ৰেক ঘটাইছে। এই দুয়োটা ঘটনাত বহুতেই উমান পাইছে পুনৰ সলনি হ'বলৈ আগবাঢ়িছে দক্ষিণ এছিয়া দৃশ্যপট। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিনৰ এক বিশেষ প্ৰতিবেদন।
থাইলেণ্ডত অনুষ্ঠিত হোৱা BIMSTEC সন্মিলনত অংশগ্ৰহণ কৰি পোনো পোনে শ্ৰীলংকা ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। থাইলেণ্ডৰ ৰাজধানী বেংককত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ সৈতে দ্বিপাক্ষীক বৈঠকত বহাৰ পাছতে মোডীৰ এই শ্ৰীলংকা ভ্ৰমণ বহু কেইটা কাৰণত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।
যোৱা কেইটামান বছৰত দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক পৰিবেশ বহুখিনি সলনি হৈছে। পৰিবৰ্তিত এই পৰিস্থিতিত দুৰ্বল বৈদেশিক নীতিৰ বাবেই ভাৰতৰ আটাইকেইখন চুবুৰীয়া ৰাষ্ট্ৰৰে সম্পৰ্ক যথেষ্ট অৱনতি ঘটিছে। যোৱা বছৰৰ আগষ্ট মাহত বাংলাদেশত ছাত্ৰ আন্দোলনৰ মাজতে আৱামী লীগৰ চৰকাৰ পতন হোৱাৰ পাছত দেশখনৰ ভাৰতৰ দশকজোৰা আন্তৰিকতাপূৰ্ণ বন্ধুত্বৰ সম্পৰ্ক অৱনতি ঘটিছে।
সেইদৰে শ্ৰীলংকাও ভাৰতৰ পৰা বহু দূৰলৈ আঁতৰি গৈছে। অৰ্থনৈতিক মণ্ডাৱস্থাৰ মাজেৰে গতি কৰা দেশখনৰ ৰাজনৈতিক, সামাজিক পৰিবেশ বিধ্বস্তপ্ৰায়। এনে বিধ্বস্ত পৰিবেশৰ মাজতে নিৰ্বাচনৰ জৰিয়তে দেশখনৰ দায়িত্ব লয় অনুৰা কুমাৰ দিছানায়কে।
এইগৰাকী নেতা ভাৰত বিৰোধী বুলিয়েই সৰ্বত্ৰে পৰিচিত। অৱশ্যে অৰ্থনৈতিক ভাৱে বিধ্বস্ত এই দেশখনৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱাৰ পাছতে তেওঁ চীনৰ পৰিবৰ্তে ভাৰত ভ্ৰমণলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি তেওঁৰ সহযোগিতা বিচাৰিছিল।
ভাৰত বিৰোধী শক্তিক শক্তিশালী হোৱাত সহায় কৰা স্বত্বেও শ্ৰীলংকাৰ বিপদত অৱশ্যে ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে যেনে ধৰণে সহায়ৰ প্ৰয়োজন তেনেদৰেই সহায় আগবঢ়াইছে। এই কথাও স্পষ্ট যে, দক্ষিণ এছিয়াত দুৰ্বল হৈ পৰা ভাৰতৰ বৈদেশিক নীতিক পুনৰ শক্তিশালী কৰিবলৈ ভাৰতে পাৰ্যমানে চেষ্টা অব্যাহত ৰাখিছে।
সেই চেষ্টাৰ ফলতে কেইটামান বছৰৰ পূৰ্বে একপ্ৰকাৰে মিত্ৰতা ভংগ কৰি ভাৰত বিৰোধী একাধিক মন্তব্য কৰা মালদ্বীপ এতিয়া পুনৰ নতুন দিল্লীৰ ঘনিষ্ঠ হোৱাই নহয়, ভাৰতেই যে বিপদৰ বন্ধু সেই কথাও স্পষ্টকৈ ঘোষণা কৰিছে। পৰ্যটন উদ্যোগেই অৰ্থনীতিৰ মূল ভেঁটি এই দেশখনক ভাৰতেই বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াই পুনৰ আন্তৰিকতাপূৰ্ণ সম্পৰ্ক শক্তিশালী কৰি তুলিছে।
সেয়ে থাইলেণ্ডত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছক সাক্ষাৎ কৰাৰ পাছতে শ্ৰীলংকা ভ্ৰমণলৈ যোৱা আৰু শ্ৰীলংকাত তেওঁক যিদৰে ৰাজকীয় আদৰণি জনাইছে সেই দৃশ্যই দক্ষিণ এছিয়াৰ পৰিবেশ পুনৰ সলনি হোৱাৰ এক ইংগিত দিছে। যদি সেয়াই হয় তেন্তে গ্ল’বেল ছাউথত যে ভাৰতৰ শক্তি কিছু বৃদ্ধি পাব সেয়াও স্পষ্ট।
শ্ৰীলংকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
শনিবাৰে শ্ৰীলংকাৰ ৰাজধানীৰ মাজমজিয়াত অৱস্থিত ঐতিহাসিক স্বাধীনতা চৌহদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৰাজকীয় আদৰণি জনাই ৰাষ্ট্ৰপতি অনুৰা দিছানায়কে। মোডীক জনোৱা এই আদৰণিৰ দৃশ্য প্ৰত্যক্ষ কৰি একাধিক আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দাবী কৰিছে শ্ৰীলংকাত বিদেশী ৰাষ্ট্ৰনেতাক আদৰাৰ এয়াই হয়তো আটাইতকৈ বৃহৎ আয়োজন।
A special welcome at 🇱🇰’s majestic Independence Square!
— Randhir Jaiswal (@MEAIndia) April 5, 2025
PM @narendramodi was welcomed by President @anuradisanayake with a ceremonial reception at the Independence Square in Colombo.
Bilateral discussions to foster a partnership for a shared future & mutual prosperity of our… pic.twitter.com/CmeqZwsQ3w
মন কৰিবলগীয়া যে, বেংককৰ পৰা শুকুৰবাৰে আহি চিধাই কলম্বোত অৱতৰণ কৰিছিল প্ৰধানমন্ত্ৰী মোডীয়ে। মোডীৰ এই শ্ৰীলংকা ভ্ৰমণৰ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে জনোৱা অনুসৰি কলম্বোত দ্বিপাক্ষীক বৈঠকত মিলিত হ’ব দুয়ো দেশৰ ৰাষ্ট্ৰনেতা। এই বৈঠকতে দুয়োখন দেশৰ জনসাধাৰণৰ ভৱিষ্যত আৰু পাৰস্পৰিক সমৃদ্ধিৰ বাবে অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে আলোচনা হ’ব।
এই আলোচনা সন্দৰ্ভত প্ৰকাশিত খবৰ অনুসৰি দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সহযোগিতা চুক্তি আৰু শক্তি খণ্ডৰে গভীৰভাৱে জড়িত আন্তঃগাঁথনিকে ধৰি ধৰি প্ৰায় ১০টা অভিলাষী প্ৰকল্পৰ পাৰস্পৰিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে।
Glimpses from the ceremonial welcome in Colombo this morning.@anuradisanayake pic.twitter.com/88k2T1NN20
— Narendra Modi (@narendramodi) April 5, 2025
যদিহে সেয়াই হয় তেন্তে প্ৰতিৰক্ষা সহযোগিতাৰ বুজাবুজিৰ চুক্তিখন ভাৰত-শ্ৰীলংকাৰ প্ৰতিৰক্ষাত এক বৃহৎ উৰ্ধমুখী ট্ৰেজেক্টৰীৰ সংকেত দিব বুলি বিশেষজ্ঞসকলে দাবী কৰিছে। এই চুক্তি স্বাক্ষৰিত হ’লে ভাৰতে প্ৰায় ৩৫ বছৰ পূৰ্বে দ্বীপ ৰাষ্ট্ৰখনৰ পৰা ভাৰতীয় শান্তি ৰক্ষা বাহিনী আঁতৰাই পেলোৱাৰ সৈতে জড়িত তিক্ত অধ্যায়টোৰো অৱসান ঘটিব।
আনহাতে মোডীৰ শ্ৰীলংকাৰ ভ্ৰমণে দ্বীপ ৰাষ্ট্ৰখনক অৰ্থনৈতিক চাপৰ পৰাও উদ্ধাৰৰ সম্ভাৱনা আছে। যোৱা ৩ বছৰ ধৰি শ্ৰীলংকা এক বৃহৎ অৰ্থনৈতিক সংকটৰ মাজেৰে আগবাঢ়িছে। এনে সংকটৰ মাজতে ভাৰতে ৪.৫ বিলিয়ন মাৰ্কিন ডলাৰৰ আৰ্থিক সাহায্যও প্ৰদান কৰিছিল।
মোডী আৰু দিছানায়াকেৰ মাজত হোৱা আলোচনাৰ পাছত ভাৰতে আৰু অধিক সাহায্য প্ৰদান কৰাৰ সম্ভাৱনা প্ৰৱল। মন কৰিবলগীয়া যে, কলম্বোৰ ভাৰতীয় উচ্চায়ুক্ত সন্তোষ ঝাই শুকুৰবাৰে উল্লেখ কৰা অনুসৰি বিশ্বৰ যিকোনো দেশক ভাৰতে দিয়া সাহায্যৰ ক্ষেত্ৰত দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকালৈ নতুন দিল্লীয়ে আগবঢ়োৱা সাহায্য অভূতপূৰ্ব।
মোডীৰ এই ভ্ৰমণৰ সময়তে কলম্বোত ভাৰতৰ সহায়ত নিৰ্মাণ হৈ থকা কেইবাটাও প্ৰকল্পৰো ভাৰ্ছুৱেলী শুভ উদ্বোধন কৰিব মোডী আৰু দিছানায়াকে।
Addressing the press meet with President @anuradisanayake. https://t.co/yX4QG8WI4E
— Narendra Modi (@narendramodi) April 5, 2025
থাইলেণ্ডত মহম্মদ ইউনিছৰে মোডীৰ সাক্ষাৎ
থাইলেণ্ডৰ ৰাজধানী বেংককত প্ৰধানমন্ত্ৰী মোডী আৰু মহম্মদ ইউনুছৰ মাজত হোৱা বৈঠকত বাংলাদেশত হিন্দু তথা সংখ্যালঘুৰ সুৰক্ষা, শ্বেইখ হাছিনাৰ প্ৰত্যৰ্পণৰ বিষয়টোৰ সন্দৰ্ভত আলোচনা হয়। বৈঠকত দুয়োখন দেশৰ ৰাষ্ট্ৰনেতাই যোৱা দিন কেইটাৰ তিক্ততাপূৰ্ণ সম্পৰ্কৰ কথা পাহৰি দুয়োখন দেশৰ সম্পৰ্কক পুনৰ সঠিক ট্ৰেকলৈ অনাৰ লগতে ভৱিষ্যতে সুদৃঢ় কৰাৰ সন্দৰ্ভত আলোচনাৰ দুৱাৰ মুকলি কৰিলে।
Chief Adviser Professor Muhammad Yunus and Indian Prime Minister @narendramodi join a bilateral meeting on the sidelines of sixth BIMSTEC Summit in Bangkok, Thailand on Friday. pic.twitter.com/Ig7OPcSYN0
— Chief Adviser of the Government of Bangladesh (@ChiefAdviserGoB) April 4, 2025
বৈঠকত মহম্মদ ইউনুছে মোডীক তেওঁলোকৰ ১০ বছৰ পুৰণি এখন ফটো উপহাৰ হিচাপে দিয়ে। বাংলাদেশৰ বৈদেশিক মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়াই প্ৰকাশ কৰা মতে দুয়োগৰাকী নেতাৰ মাজত প্ৰায় ৪০ মিনিট ধৰি আলোচনা হৈছিল।
Profsssor Muhammad Yunus is presenting a photo to Prime Minister Narendra Modi during their bilateral meeting in Bangkok on Friday. The photo is about Prime Minister Narendra Modi presenting a gold medal to Professor Yunus at the 102nd Indian Science Congress on January 3, 2015 pic.twitter.com/lsikvMOWT4
— Chief Adviser of the Government of Bangladesh (@ChiefAdviserGoB) April 4, 2025
এই দ্বিপাক্ষিক বৈঠকত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হুছেইন, মুখ্য উপদেষ্টাৰ প্ৰতিনিধি ড° খলিলুৰ ৰহমান, ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল উপস্থিত থাকে।
উল্লেখ্য যে, যোৱা কেইটামান মাহত ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক যথেষ্ট অৱনতি হৈছে।পাকিস্তান আৰু চীনৰ সৈতে বাংলাদেশৰ ঘনিষ্ঠতা বৃদ্ধিৰ সমান্তৰালকৈ ভাৰত বিৰোধী শক্তিক উচতনি দিয়াৰ দৰে কাৰ্যতো লিপ্ত হৈছে বাংলাদেশ। সেয়ে এনে পৰিস্থিতিত দুয়োগৰাকী শীৰ্ষ নেতাৰ এই বৈঠকক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
বেংককৰ এই আলোচনা সন্দৰ্ভত নতুন দিল্লীয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে , "বিমষ্টেকৰ কাঠামোৰ অধীনত আঞ্চলিক সমন্বয়ক আগুৱাই নিয়াৰ বাবে দুয়োজন নেতাই পৰামৰ্শ আৰু সহযোগিতা বৃদ্ধি কৰিবলৈ সন্মত হয়।" এই বৈঠকৰ ছবি সামাজিক মাধ্যমত শ্বেয়াৰ কৰি নৰেন্দ্ৰ মোডীয়ে লিখিছে, "ভাৰত বাংলাদেশৰ সৈতে গঠনমূলক আৰু জনকেন্দ্ৰিক সম্পৰ্ক গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।"
তেওঁ লিখিছে, "মই বাংলাদেশত শান্তি, স্থিতিশীলতা, সৰ্বাংগীনতা আৰু গণতন্ত্ৰৰ প্ৰতি ভাৰতৰ সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰিলোঁ। সীমান্তৰে অবৈধভাৱে পাৰ হোৱাৰ কাণ্ড ৰোধ কৰাৰ ব্যৱস্থাৰ বিষয়েও আলোচনা কৰিলোঁ আৰু হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ সুৰক্ষা আৰু মংগলৰ প্ৰতি মোৰ গভীৰ উদ্বেগ প্ৰকাশ কৰিলোঁ।"
লক্ষ্যণীয়ভাৱে এই বৈঠকৰ সন্দৰ্ভত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে পৰিৱেশ বিনষ্ট কৰিব পৰা যিকোনো ধৰণৰ বাক্যবাণ পৰিহাৰ কৰিবলৈয়ো আহ্বান জনাইছে।
ঢাকাই জাৰি কৰা এক বিবৃতি অনুসৰি মহম্মদ ইউনুছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ প্ৰত্যৰ্পণৰ বিষয়টো প্ৰধানমন্ত্ৰী মোডীৰ আগত উত্থাপন কৰিছে। ইফালে এই আলোচনাৰ পাছত অধ্যাপক ইউনুছে কয়, "আমাৰ দুয়োখন দেশৰ মাজৰ বন্ধুত্ব ইতিহাস, ভৌগোলিক সান্নিধ্য আৰু সাংস্কৃতিক আত্মীয়তাৰ মাজত গভীৰভাৱে শিপাই আছে। ১৯৭১ চনৰ আটাইতকৈ প্ৰত্যাহ্বানজনক সময়ত ভাৰতৰ জনসাধাৰণ আৰু চৰকাৰৰ সমৰ্থনৰ বাবে আমি কৃতজ্ঞ হৈ আছো।"
ইউনুছৰ নামত প্ৰকাশিত বাংলাদেশৰ এক বিবৃতিত তেওঁ অভিযোগ কৰি কয়, ‘প্ৰাক্তন প্ৰধানমন্ত্ৰী(শ্বেইখ হাছিনা)য়ে বিভিন্ন সংবাদ মাধ্যমত উত্তেজক বক্তব্য দি বাংলাদেশৰ পৰিস্থিতি অস্থিৰ কৰাৰ চেষ্টা কৰিছে। যি ভাৰতে আগবঢ়োৱা আতিথ্যৰ অপব্যৱহাৰ। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ বিৰুদ্ধে তেওঁ অহৰহ মিছা আৰু প্ৰৰোচনামূলক অভিযোগ উত্থাপন কৰি আছে। আমি ভাৰত চৰকাৰক আহ্বান জনাইছো যে তেওঁ আপোনাৰ দেশত থকাৰ সময়ত এনে প্ৰৰোচনামূলক বক্তব্য দিয়াটো বন্ধ কৰক।"