/asomiyapratidin/media/media_files/2025/05/13/Ou1trSsob1ysGDXGdQDS.jpg)
২০২০ ৰ পঞ্চায়ত নিৰ্বাচনত যোৰহাটত ১২ খন জিলা পৰিষদ, ৭৮ খন গাওঁ পঞ্চায়ত আৰু ৭৪ খন আঞ্চলিক পঞ্চায়তৰ আসন দখল কৰিছিল কংগ্ৰেছে। ২০২৫ ত জিলা পৰিষদত শূন্য হ'ল কংগ্ৰেছ। আঞ্চলিক পঞ্চায়ত পালে মাত্ৰ ২ খন। অথচ এইবাৰ যোৰহাটত আছিল গৌৰৱ গগৈ। তেওঁৰ উপস্থিতিৰ পিছতো কিয় এই পতন? এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ বাবেই ৰাজ্যত একত্ৰিত হ’ব পৰা নাই বিৰোধী। এই অভিযোগ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কেইবাবাৰু মুকলিকৈ উত্থাপন কৰি আহিছে। কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ ইচ্ছা, আগ্ৰহ আৰু চেষ্টাৰ পাছতো গৌৰৱ গগৈৰ বাবেই বিৰোধী ঐক্যবদ্ধ হ’ব পৰা নাই বুলিয়েই কিছুদিনৰ পূৰ্বে মুকলি অভিযোগ কৰিছিল অখিল গগৈয়ে।
উপ-নিৰ্বাচনত বিহালী সমষ্টিক লৈ সৃষ্টি হোৱা পৰিস্থিতিয়ে অৱশ্যে সেই অভিযোগৰ সত্যতাৰ কিছু আভাস দিছিল। উপ-নিৰ্বাচনত বিহালী সমষ্টিক কেন্দ্ৰ কৰি ঐক্যবদ্ধ বিৰোধী ভাঙি টুকুৰা টুকুৰ হোৱাৰ পিছতো পঞ্চায়ত নিৰ্বাচনত পুনৰ বিৰোধী ঐক্যবদ্ধৰ প্ৰসংগ আলোচনাৰ মেজলৈ আহিছিল।
আনকি বিৰোধী ৰাজনৈতিক দল আৰু নেতাক ঐক্যবদ্ধ কৰিবলৈ হীৰেন গোঁহাইৰ দৰে চিন্তাবিদ, বুদ্ধিজীৱিৰ নেতৃত্বীত একাংশই প্ৰচেষ্টা চলাইছিল। সেই প্ৰচেষ্টাও ইতিমধ্য ব্যৰ্থ হৈছে। মিত্ৰতাৰ প্ৰসংগৰ অভিযোগ প্ৰতি অভিযোগ আৰু বাক-বিতণ্ডা অব্যাহত ৰাখি বিৰোধীয়ে নিজৰ মাজতে যুঁজি পঞ্চায়ত নিৰ্বাচন পাৰ কৰিলে। ঘোষণা হ’ল ফলাফল। সেই ফলাফলত স্পষ্ট হ’ল বহু কথা।
যোৰহাট লোকসভা সমষ্টিৰ পৰা শাসকীয় বিজেপিৰ সকলো প্ৰত্যাহ্বান উফৰাই যোৱা লোকসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে বিজয় সাব্যস্ত কৰাৰ পাছতে গৌৰৱ গগৈ ৰাজ্যৰ শক্তিশালী বিৰোধী নেতা হিচাপে প্ৰতিষ্ঠা হৈছিল। যোৰহাটত গৌৰৱ গগৈৰ বিজয়ে উজনীত বিৰোধীকো শক্তিশালী কৰিব বুলিও দাবী কৰিছিল ৰাজনৈতিক মহলে।
আন একাংশ তাতকৈ ওপৰলৈ গৈ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প নেতা হিচাপে অৰ্থাৎ বিৰোধীয়ে মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী হিচাপেই প্ৰক্ষেপ কৰি প্ৰচাৰ আৰম্ভ কৰিছিল। লোকসভাৰো বিৰোধী উপ-দলপতিৰ দায়িত্বত থকা গৌৰৱ গগৈৰ বাক চাতুৰ্যই তেওঁক জনপ্ৰিয় হোৱাতো সহায় কৰিছে।
লোকসভাত কংগ্ৰেছৰ অতি বাকপটু নেতা গৌৰৱ গগৈয়ে প্ৰতিটো ৰাষ্ট্ৰীয় বিষয়ত তেওঁৰ তত্বগধধূৰ ভাষণ ৰাখি নিজৰ বাকপটুতাৰ প্ৰমাণ দিছে। কিন্তু এইগৰাকী নেতাৰ ৰাজনৈতিক বিচক্ষণতা কিমান, তৃণমূলৰ সৈতে সম্পৰ্ক কিমান গাঢ় সেয়া এতিয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে।
তৃণমূলত বিশেষ কোনো সক্ৰিয়তা নথকা গৌৰৱ গগৈয়ে ৰাজ্যৰ বিৰোধী শিবিৰক শক্তিশালী কৰাৰ ক্ষেত্ৰতো কিমান আগ্ৰহী সেয়াও আলোচনাৰ বিষয়। এই কথা স্পষ্ট হৈছে ৰাজ্যত বিৰোধী ঐক্যবদ্ধ হোৱাৰ ক্ষেত্ৰত গৌৰৱ গগৈ হেঙাৰ হৈ থিয় দিছে।
ঐক্যবদ্ধ বিৰোধীক প্ৰাধান্য নিদিয়া গৌৰৱ গগৈয়ে অকলেই নিৰ্বাচনী ৰণ জয় কৰিবলৈ নিৰ্বাচনী ৰণক্ষেত্ৰত নামিছিল যদিও তৃণমূল পৰ্যায়ত তাৰ বাবে দলীয় কৰ্মীক সাজু কৰি তোলা পৰিলক্ষিত নহ’ল। তেওঁ ঐক্যবদ্ধ বিৰোধী অবিহনে তৃণমূলত দলক কিদৰে শক্তিশালী কৰিছে তাৰ স্বৰূপ উন্মোচিত হৈছে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত।
উজনি অসমৰ দক্ষিণ পাৰৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট এই ছয়খন জিলাৰ মুঠ জিলা পৰিষদৰ সংখ্যা হৈছে ১০০ খন। মাজুলীত আছে ৪ খন জিলা পৰিষদ। উজনিৰ দক্ষিণ পাৰৰ ৬ খন জিলাৰ ১০০ খন আসনৰ ১০০ খনতেই জয়ী হৈছে বিজেপি তথা মিত্ৰজোঁট। মাজুলীৰ ৪ জিলা পৰিষদৰ আসনো বিজেপি আৰু মিত্ৰজোঁটৰ দখলত।
এই ৭ খন জিলাৰ ভিতৰত যোৰহাট, শিৱসাগৰ, চৰাউদেউ, মাজুলী আৰু গোলাঘাটৰ এটা অংশ গৌৰৱ গগৈয়ে প্ৰতিনিধিত্ব কৰা যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত। যোৰহাট জিলাত আছে মুঠ ১৬ খন জিলা পৰিষদৰ আসন। এই ১৬ খন জিলা পৰিষদেই দখল কৰিছে বিজেপি মিত্ৰজোঁটে। ইয়াৰে ১৫ খন বিজেপিয়ে আৰু এখন এজিপিৰ হাতলৈ গৈছে।
জিলাখনত আঞ্চলিক পঞ্চায়তৰ ৮৬ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। তাৰে ৭৩ খন বিজেপি আৰু ১০ খন অগপই দখল কৰিছে। মাত্ৰ দুখন আসন লাভ কৰিছে কংগ্ৰেছে। এখন আসনত নিৰ্বাচিত হৈছে নিৰ্দলীয়।
জিলাখনৰ ৮৬ খন গাওঁ পঞ্চায়তৰ ৮৬০ টা ৱাৰ্ডৰ ভিতৰত ৯৫ শতাংশই দখল কৰিছে বিজেপি মিত্ৰজোঁটে। লক্ষ্যণীয় ভাৱে ইয়াৰ পূৰ্বৰ পঞ্চায়ত নিৰ্বাচনত যোৰহাট জিলাখনত কংগ্ৰেছে ১২ খন জিলা পৰিষদ ৭৮ খন গাওঁ পঞ্চায়ত আৰু ৭৪ খন আঞ্চলিক পঞ্চায়ত পঞ্চায়ত কংগ্ৰেছে লাভ কৰিছিল।
তেতিয়া অৱশ্যে তাত নাছিল গৌৰৱ গগৈ। ২০২০ ত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়ত গৌৰৱ গগৈ আছিল অধুনালুপ্ত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ। কিন্তু এইবাৰ যোৰহাটত গৌৰৱ গগৈ সাংসদ হিচাপে থকাৰ পিছতো, উজনিত তেওঁ এক শক্তিশালী ভেঁটি গঢ়িবলৈ সক্ষম হৈছে বুলি তেওঁৰ সপক্ষে দাবী উত্থাপন হোৱাৰ সময়তে যোৰহাটত শূন্য হ’ল কংগ্ৰেছ।
এই ফলাফলে গৌৰৱ গগৈৰ তৃণমূল পৰ্যায়ত জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতাক লৈ বহু প্ৰশ্নৰ সৃষ্টি কৰিছে। অৱশ্যে বিৰোধীয়ে ঐক্যবদ্ধভাৱে এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা হ’লে নিৰ্বাচনৰ ফলাফলৰ পৰিসংখ্যা বহুখিনি সলনি যে হ’ল হয় সেয়াও সত্য।
২০২৬ ত ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ইতিমধ্যে জন সন্মুহিনী বিভিন্ন আঁচনিৰে শাসক পক্ষই সাধাৰণ ভোটাৰৰ মাজত সোমাই ২০২৬ ক লক্ষ্য কৰিয়েই কাম-কাজ আৰম্ভ কৰিছে। পঞ্চায়ত নিৰ্বাচনত গঢ়ি তোলা জন সম্পৰ্কই শাসক পক্ষক ২০২৬ ৰ নিৰ্বাচনৰ বাবে সাজু কৰি তুলিছে।
কিন্তু বিৰোধীয়ে ২০২৬ ত কিদৰে ৰাইজৰ মাজলৈ যাব, কেনেকৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব, তেওঁলোকৰ নেতা কোন হ’ব সেয়া এতিয়াও স্পষ্ট নহয়। বিৰোধী ঐক্যবদ্ধ হোৱাৰ নামত পুনৰ হয়তো আলোচনাৰ পিছত ভূপেন, অখিল, লুৰীণৰ হোটেল, ৰিজ’ৰ্ট আদিত বৈঠক হ’ব। তাৰ পিছৰ পৰিস্থিতি যে পুনৰ যোৱা উপ-নিৰ্বাচনৰ দৰেই পুনৰাবৃত্তি নহ’ব সেই কথা স্পষ্টকৈ ক’ব পাৰিবনে?
মাজত তাকৰ। এতিয়াও গৌৰৱ গগৈৰ দৰে নেতাই কথাবোৰ উপলব্ধি নকৰিলে, দিল্লী এৰি তৃণমূলত বিলীন নহ’লে, সঠিক ৰণনীতি প্ৰস্তুত নকৰিলে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখা দূৰৰে কথা হয়তো বিধানসভাত বিৰোধীৰ মৰ্যাদাও হেৰুৱাব।
ৰাইজৰ দল, অসম জাতীয় পৰিষদৰ দৰে আঞ্চলিক দল কেইটাক সন্মান সহকাৰে নিজৰ লগত ৰাখি ভোট বিভাজনৰ সকলো সম্ভাৱনাক দূৰ কৰি এক সঠিক ৰণনীতি তৈয়াৰ কৰাৰ এয়াই শেষ সময়। অন্যথা পুনৰ এবাৰ গেৰুৱা ছুনামিত বিধ্বস্ত হ’বলৈ সাজু থাকক গৌৰৱ গগৈ এণ্ড কোম্পানী।