/asomiyapratidin/media/media_files/2025/04/11/iw3tSwfy2G5KhvqwBoG6.jpg)
গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ দুটা দশকো সম্পূৰ্ণ হোৱা নাই। অথচ গণতন্ত্ৰৰ প্ৰতি মোহ ভংগ হ'ল নেপালী জনতাৰ। তেওঁলোকক লাগে ৰাজতন্ত্ৰ। ৰাজতন্ত্ৰ বিচাৰি কাঠমাণ্ডুত অব্যাহত আছে প্ৰতিবাদ। নেপালৰ জনতাৰ এই বিপৰীতমুখী চিন্তাৰ কাৰণ কি? কিয় গণতন্ত্ৰক পৰিহাৰ কৰি ৰাজতন্ত্ৰৰ সপক্ষে বলিছে এই বতাহ? এই সকলো বিষয় সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
ৰাজতন্ত্ৰ, একনায়কত্ববাদৰ পৰা পৰিত্ৰাণ বিচাৰি জনতাই সংগ্ৰাম কৰি গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ উদাহৰণ বহু আছে। গণতন্ত্ৰ প্ৰতিষ্ঠা, গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে এতিয়াও বিশ্বৰ বিভিন্ন কোণত সংগ্ৰাম অব্যাহত আছে।
চুবুৰীয়া ম্যানমাৰত গণতান্ত্ৰিক চৰকাৰক উফৰাই সামৰিক শাসক জুণ্টাই চলাই থকা সামৰিক শাসনৰ বিৰুদ্ধে কেইবাটাও সশস্ত্ৰ গোটে একত্ৰিতভাৱে সশস্ত্ৰ সংগ্ৰাম কৰি আছে। দক্ষিণ এছিয়াৰ এই দেশখনত এনে এক সংগ্ৰাম চলি থকাৰ সময়তে আকৌ এই একেটা অঞ্চলতে আন এখন দেশে গণতন্ত্ৰৰ প্ৰতি মোহ হেৰুৱাই পুনৰাই ৰাজতন্ত্ৰৰ দিশেহে ধাৱমান হোৱাৰ চেষ্টা চলাৰ বিষয়টোৱে বিশ্বজুৰি ৰাজনৈতিক বিশেষজ্ঞসকলৰ দৃষ্টি আকৰ্ষণ কৰাই নহয়, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতিও প্ৰশ্নৰ উঠিছে।
গণতন্ত্ৰৰ প্ৰতি মানুহৰ মোহ ভংগ হোৱাৰ এই দৃশ্যই ৰাজনৈতিক বিশেষজ্ঞক নতুন চিন্তাৰ খোৰাক দিছে।ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ, হিমালয়ৰ সুউচ্চ পৰ্বতমালাক সামৰি লোৱা নেপালত পুনৰ ৰাজতন্ত্ৰৰ সপক্ষে তীব্ৰ বতাহ বলিছে।
কিছু বছৰৰ আগতে দেশখনৰ জনতাই নিজেই সংগ্ৰামৰ মাজেৰে বিদায় দিয়া ৰাজতন্ত্ৰক পুনৰ আকৌ ৰাজপথৰ সংগ্ৰামৰ মাজেৰেই আদৰি আনিবলৈ আগ্ৰহী হৈ উঠিছে। দেশখনত ৰাজতন্ত্ৰৰ পুনৰুত্থানৰ বাবে জনতাই ৰাজপথলৈ ওলাই আহিছে।
বাহিৰৰ পৰা শান্ত যেন লাগিলেও দেশখনৰ ৰাজধানী কাঠমাণ্ডুত এতিয়া গণতন্ত্ৰক বিদায় দিয়াৰ অনুশীলন চলিছে। দেশখনৰ জনতাৰ মাজত গণতান্ত্ৰিক চৰকাৰৰ বিৰুদ্ধে ক্ষোভ, হতাশাই ইমান গভীৰলৈ শিপাইছে যে গণতন্ত্ৰক তেওঁলোকে অভিশাপ হিচাপে গণ্য কৰিছে।
ফলত ৰাজতন্ত্ৰৰ সপক্ষে এই লোকসকল ৰাজপথলৈ ওলাই আহিছে। অৱশ্যে গণতন্ত্ৰ প্ৰতি মোহভংগ হলেও, চৰকাৰৰ দুৰ্নীতি, অনিয়মে ক্ষোভৰ সৃষ্টি কৰিলেও অৱশ্যে দেশখনৰ একাংশই ৰাজতন্ত্ৰক পুনৰ প্ৰতিষ্ঠা কৰাৰ পক্ষত নাই।
যোৱা ৮ এপ্ৰিল, মঙলবাৰে দেশখনৰ ৰাজধানী কাঠমাণ্ডুত ৰাজতন্ত্ৰৰ সমৰ্থনত এক বৃহৎ সমাবেশ অনুষ্ঠিত হৈ যায়। এই সমাবেশত হাতত নেপালৰ ৰাষ্ট্ৰীয় পতাকা লৈ আৰু পূৰ্বৰ ৰজা জ্ঞানেন্দ্ৰ শ্বাহৰ ছবি লৈ জনতাই ভিৰ কৰা পৰিলক্ষিত হৈছিল।
ৰাজধানীখনৰ ৰাজপথৰ এফালে এইদৰে ৰাজতন্ত্ৰৰ সপেক্ষে বৃহৎ সমাবেশ হোৱাৰ সময়ত ৰাজপথেৰে স্বাভাৱিক অৱস্থাৰেই চলি আছিল যান-বাহন। গণতন্ত্ৰৰ বিৰুদ্ধে ৰাজতন্ত্ৰৰ সপক্ষে বলা এই বতাহজাকে নেপালৰ জনসাধাৰণক বাৰুকৈয়ে স্পৰ্শ কৰিছে যদিও অৱশ্যে তেওঁলোকৰ স্বাভাৱিক জীৱন-যাপনত কোনো প্ৰভাৱ পেলোৱা নাই।
২০০৮ চনত নেপালৰ পৰা বিলুপ্তি হৈছিল ৰাজতন্ত্ৰ। প্ৰতিষ্ঠা হৈছিল গণতন্ত্ৰ। তাৰোপৰি পৰৱৰ্তী সময়ত নেপালক হিন্দু ৰাষ্ট্ৰৰ পৰিবৰ্তে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰহিচাপেহে প্ৰতিষ্ঠা কৰা হৈছিল। ৰাজতন্ত্ৰক বিদায় দিয়া দুটা দশকো সম্পূৰ্ণ নহওঁতেই পুনৰ নেপালত ৰাজতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম চলিছে। সমান্তৰালকৈ নেপালক পুনৰ হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰো দাবী উত্থাপন হৈছে।
নেপালৰ ইতিহাসত ৰাজতন্ত্ৰ
নেপালৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় দেশখন বেছিভাগ সময়ে আছে ৰাজপৰিয়ালৰ শাসনত।১৮৪৬ৰ পৰা ১৯৫১ চনলৈ ৰাণা পৰিয়ালৰ প্ৰধানমন্ত্ৰীসকলে ক্ষমতাক ধৰি ৰাখিছিল। ৰাজপৰিয়ালৰ ভূমিকা প্ৰতীকী হৈ পৰিছিল।
১৯৫১ চনত নেপালী কংগ্ৰেছৰ গণতন্ত্ৰৰ সমৰ্থকৰ আন্দোলনৰ ফলত ৰজা ত্ৰিভুৱনৰ সহায়ত ৰাণা পৰিয়ালৰ শাসনৰ অৱসান ঘটে। ১৯৫৯ চনত নেপালত প্ৰথম নিৰ্বাচন অনুষ্ঠিত হয় আৰু বিপি কৈৰালা দেশখনৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।
কিন্তু এই গণতন্ত্ৰৰ পৰীক্ষাও বেছিদিন স্থায়ী নহ’ল। ১৯৬০ চনত ৰজা মহেন্দ্ৰ বীৰ বিক্ৰম শ্বাহে পুনৰ ক্ষমতা দখল কৰি সকলো গণতান্ত্ৰিক প্ৰতিষ্ঠান ভংগ কৰে। ১৯৬০ৰ পৰা ১৯৯০ চনলৈ নেপালত ৰজাৰ প্ৰত্যক্ষ শাসন চলে। এই সময়ত অৱশ্যে পঞ্চায়ত ব্যৱস্থা জাৰি কৰা হৈছিল। এই সময়ছোৱাত ৰাজনৈতিক দলক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হয়।
১৯৯০ চনৰ গণ আন্দোলনৰ পিছত দেশখনত ৰাজতন্ত্ৰক সাংবিধানিক ৰূপ দিয়া হয়। তথাপিও গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ প্ৰচেষ্টা অব্যাহত থাকে। ১৯৯০ৰ পৰা ২০০৬ চনলৈ নেপালত মাওবাদী আন্দোলনৰ সময়ছোৱাত গৃহযুদ্ধৰ দৰে এক পৰিস্থিতিৰো সূচনা হয়। এই পৰিস্থিতিত কেইবা হাজাৰ নেপালী লোকে প্ৰাণ হেৰুৱাই।
২০০১ চনৰ জুন মাহত নেপালৰ ৰাজপৰিয়ালৰ বেছিভাগ সদস্যৰ সন্দেহজনক পৰিস্থিতিত মৃত্যু হয়। তেওঁলোকৰ অধিকাংশকে হত্যা কৰা হয়। এই ঘটনাই নেপালৰ ৰাজতন্ত্ৰৰ অৱসানৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰে।
এই হত্যাকাণ্ডত সেই সময়ৰ ৰজা বীৰেন্দ্ৰ বীৰ বিক্ৰম শ্বাহৰো মৃত্যু হয়। ফলত তেওঁৰ স্থানত নেপালৰ ৰজা হয় ভায়েক জ্ঞানেন্দ্ৰ শ্বাহ।
২০০৫ চনত জ্ঞানেন্দ্ৰ শ্বাহে গণতন্ত্ৰৰ অৱসান ঘটাই পুনৰ ক্ষমতা নিজৰ হাতলৈ আনে। ২০০৬ চনত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে নেপালত দ্বিতীয়টো গণ আন্দোলনৰ সূচনা হয়। সেই আন্দোলনৰে পৰিণতিত ২০০৮ চনত ৰজাক ক্ষমতাৰ পৰা আঁতৰাই গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা হয়।
২০১৫ চনৰ ছেপ্টেম্বৰত নেপালে ধৰ্মনিৰপেক্ষ সংবিধান গ্ৰহণ কৰে। ফলত দেশখনৰ হিন্দু ৰাষ্ট্ৰৰ পৰিচয়ৰ অৱসান ঘটে আৰু বৰ্তমানৰ সংঘীয় ব্যৱস্থা কাৰ্যকৰী হয়।
ৰাজনৈতিক অস্থিৰতা আৰু জনতাৰ হতাশা
নেপালত গণতান্ত্ৰিক ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ ১৭ বছৰহে হৈছে। সংবিধান গ্ৰহণ আৰু কাৰ্যকৰী হোৱাৰ ১০ বছৰ পূৰ্ণ হোৱাই নাই। এই সময়ছোৱাত দেশখনত ১৪ বাৰকৈ চৰকাৰ সলনি হৈছে। দেশখনত কোনো নিৰ্বাচিত চৰকাৰেই নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব পৰা নাই।
দেশখনৰ এনে ৰাজনৈতিক অস্থিৰতাই দেশখনক প্ৰভাৱিত কৰাই নহয়, জনতাৰ মাজত ক্ষোভৰো সৃষ্টি কৰি আহিছে। ২০১৫ চনৰ পিছৰ পৰা দেশখনৰ প্ৰধানমন্ত্ৰীৰ পদ নেপাল কমিউনিষ্ট পাৰ্টি (ইউ এম এল)ৰ কেপি শৰ্মা অলি, নেপাল কমিউনিষ্ট পাৰ্টি (মাওবাদী কেন্দ্ৰ)ৰ পুষ্প কমল দাহাল ওৰফে প্ৰচণ্ড আৰু নেপালী কংগ্ৰেছৰ শেৰ বাহাদুৰ দেৱবাৰ মাজতেই তিনিকোণীয়া গতিৰে ঘূৰি ফুৰিছে।
বৰ্তমান দেশখনৰ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলি। যোৱা বছৰৰ জুলাইত তেওঁ ক্ষমতা দখল কৰিছে। তেওঁ নেপালী কংগ্ৰেছৰ সৈতে মিত্ৰতাৰে চৰকাৰ চলাই আছে। নেপালৰ বহু লোকে বিশ্বাস কৰে এনে ৰাজনৈতিক অস্থিৰতাৰ বাবেই দেশৰ উন্নয়নত বাধাৰ সৃষ্টি হৈছে।
বিবিচিৰ এক প্ৰতিবেদনত নেপালী ছাত্ৰ কংগ্ৰেছৰ নেতা দিবাকৰ পায়ে এই সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “নেপালৰ জনতাৰ মাজত হতাশা আছে। লোকতন্ত্ৰ প্ৰতিষ্ঠাৰ সময়ত উন্নয়ন আৰু সংস্কাৰৰ যিবোৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল, সেইবোৰ পূৰণ হোৱা নাই। নেপাল বৰ্তমান অৰ্থনৈতিক সংকটৰ মাজেৰে পাৰ হৈছে। চৰকাৰৰ ওপৰত জনতাৰ আস্থা কমি গৈছে।”
ৰাজতন্ত্ৰৰ সমৰ্থন সীমিত কিন্তু শক্তিশালী
দিবাকৰ পাণ্ডেৰ মতে, দেশখনত ৰাজতন্ত্ৰৰ সমৰ্থনত উত্থান হোৱা আন্দোলনৰ মূল কাৰণ এই হতাশা। তেওঁ কয়, “ৰাজতন্ত্ৰ সমৰ্থকৰ সংখ্যা অতি কম। কিন্তু জনতা হতাশ হৈ পৰিছে, আৰু তাৰ বাবেই প্ৰতিবাদ দেখা গৈছে।” তেওঁ স্পষ্ট কৰি কয়, “চৰকাৰৰ প্ৰতি ক্ষোভৰ অৰ্থ সম্পূৰ্ণকৈ এইটোও নহয় যে জনতা ৰাজতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠাৰ পক্ষত।”
অৱশ্যে এইগৰাকী নেতাৰ এনে মন্তব্যৰ বিপৰীতে দেশখনৰ টেক্সি চালকৰ দৰে সাধাৰণ নাগৰিকেও আকৌ ৰাজতন্ত্ৰৰ পক্ষতহে মত প্ৰকাশ কৰে। তেওঁলোকে কয়, “অনেক মন্ত্ৰীয়ে দেশ লুণ্ঠন কৰাতকৈ এজন ৰজাৰ শাসনেই ভাল।”
ইফালে বহু লোকে আকৌ নেপালক পুনৰ হিন্দু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সপক্ষে মত প্ৰকাশ কৰিছে। অৱশ্যে তেওঁলোকে ৰাজতন্ত্ৰক পুনৰ নিবিচাৰে। নেপালৰ বিখ্যাত পশুপতিনাথ মন্দিৰৰ কাষৰ একাংশ লোকে বি বি চিৰ আগত প্ৰকাশ কৰা মতে “নেপালৰ বেছিভাগ লোকেই হিন্দু ধৰ্মীয়। এই দেশ হিন্দু ৰাষ্ট্ৰ আছিল। আমি বিচাৰো দেশৰ সেই হিন্দু ৰাষ্ট্ৰৰ গৌৰৱ পুনৰ ঘূৰি আহক। কিন্তু বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থাই ঠিক আছে।”
হিন্দু ৰাষ্ট্ৰ আৰু ৰাজতন্ত্ৰৰ দাবী
কাঠমাণ্ডুত অনুষ্ঠিত হোৱা সেই সমাৱেশত হিন্দুত্ববাদী চিন্তাধাৰাৰ বহু লোক উপস্থিত আছিল। এই সমাবেশতে এগৰাকী নেতাই কয়, “ৰজা আৰু হিন্দু ৰাষ্ট্ৰ এটা, আনটোৰ পৰিপূৰক। ৰজা হিন্দু ৰাষ্ট্ৰৰ অভিভাৱক, আমাৰ সংস্কৃতি আৰু ধৰ্মৰ প্ৰতীক।”
আন এজন প্ৰতিবাদকাৰী নেতাই নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ আঁৰত বিদেশী ষড়যন্ত্ৰ নিহিত হৈ থকা দেখা পাইছে।তেওঁ কয়, “পৰম্পৰাগত ৰাজতন্ত্ৰক বিদেশী এজেণ্ডাৰ অধীনত অবৈধভাৱে উৎখাত কৰা হৈছিল। ইয়াৰ জৰিয়তে আমাৰ মূল্যবোধ, পৰম্পৰা আৰু সংস্কৃতি ধ্বংস হৈছে।”
অৰ্থনৈতিক সংকট আৰু যুৱ প্ৰজন্মৰ হতাশা
নেপালৰ অৰ্থনীতিৰ গতি লেহেমীয়া। আই এম এফৰ তথ্য অনুসৰি, ২০২৪ চনত নেপালৰ উন্নয়নৰ হাৰ আছিল মাত্ৰ ৩.১ শতাংশ। দেশৰ জিডিপিৰ প্ৰায় এক চতুৰ্থাংশ বিদেশত বসবাস কৰা নেপালীৰ পৰা আহে।
দেশখনৰ যুৱ প্ৰজন্মই দেশ এৰি যোৱাৰ সুযোগ বিচাৰি ফুৰিছে। কাঠমাণ্ডুত ইংৰাজীৰ উপৰি কোৰিয়ান, জাপানী আৰু চীনা ভাষা শিকোৱা কেন্দ্ৰ স্থাপিত হৈছে। আনুষ্ঠানিক তথ্য অনুসৰি, প্ৰতিদিন ২০০০ ৰো অধিক যুৱকে দেশ ত্যাগ কৰিছে।
যোৱা এবছৰত পাঁচ লাখতকৈ অধিক যুৱক-যুৱতীয়ে নেপাল এৰিছে। কাঠমাণ্ডু বিমানবন্দৰত দেশ ত্যাগ কৰা যুৱক-যুৱতীৰ ভিৰ প্ৰতিদিনেই দেখা যায়।
গণতন্ত্ৰক শক্তিশালী কৰিব লাগিব বৰ্তমানৰ নেতৃত্বই
নেপালত এইদৰে ৰাজতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা আৰু হিন্দু ৰাষ্ট্ৰৰ দাবীয়ে মিশ্ৰিত প্ৰভাৱ পেলাইছে। সমান্তৰালকৈ বাহিৰৰ পৰা প্ৰত্যক্ষ নকৰিলেও ভিতৰি এক উত্তেজনাৰো সৃষ্টি কৰিছে। এই সকলো বোৰৰ মূলতে হৈছে উন্নয়নৰ অভাৱ।
ৰাজনৈতিক অস্থিৰতা, অৰ্থনৈতিক সংকটে সৃষ্টি কৰা সমস্যাৰ মাজত দেশখনৰ যুৱ প্ৰজন্ম হতাশা হৈ পৰিছে। ভৱিষ্যতৰ স্বাৰ্থত, আত্মপ্ৰতিষ্ঠাৰ স্বাৰ্থত তেওঁলোকে দেশ এৰিবলৈ বাধ্য হৈছে। ৰাজতন্ত্ৰৰ সপক্ষে আন্দোলন হৈছে যদিও অৱশ্যে বৰ্তমানৰ সংঘীয় গণতান্ত্ৰিক ব্যৱস্থাৰ উন্নতিৰ প্ৰয়োজনীয়তাহে অধিকাংশ লোকেই বিচাৰিছে।
ৰাজতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠাৰ এই বতাহজাক কিমানদিনলৈ বলে আৰু কিমান প্ৰৱল হৈ উঠে সেয়া অৱশ্যে এতিয়াও স্পষ্টকৈ কোৱাটো কঠিন। কিন্তু এই কথাও নিশ্চিত যে ইমান সহজেই ৰাজতন্ত্ৰ পুনৰ ঘূৰি নাহে।
গণতন্ত্ৰৰ প্ৰতি জনতাক পুনৰ আকৃষ্ট কৰাৰ দায়িত্ব ক্ষমতাত থকা নেতাসকলৰেই। দুৰ্নীতি, অনিয়মক পৰিহাৰ কৰি উন্নয়নত মনোনিবেশ কৰিলে, জনতাৰ সমস্যা সমাধান কৰিলে নিশ্চয়কৈ পুনৰ গণতন্ত্ৰযে শক্তিশালী হৈ উঠিব তাত কোনো সন্দেহ নাই।