চানমাৰি, গণেশগুৰি, 'মৌ বিহু' ইত্যাদি

তাহানি চ'তৰ বিহু, ব’হাগৰ বিহু বুলি দুটা সুকীয়া বিহুক বুজাইছিল। গোটেই চ'তৰ মাহ ডেকা গাভৰুৱে বিহু পাতিছিল। যৌন শক্তিপূর্ণ গীত গাই ডেকা-গাভৰুৱে মনৰ ভাৱ বিনিময়ো আচৰিত নাছিল।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
চানমাৰি, গণেশগুৰি, 'মৌ বিহু'  ইত্যাদি

জাতিৰ প্ৰাণস্পন্দন বিহু আৰু বিতৰ্কৰ মাজত যেন এক এৰিব নোৱাৰ সম্পৰ্ক। সমন্বয়ৰ প্ৰতীক বিহুক বাৰে বাৰে বিতৰ্কলৈ আনে কোনে? কিয় বিহুক উপলক্ষ কৰি হয় বিতৰ্ক? বিহুৰ মঞ্চখনতো কিয় সামাজিক ব্যাধি স্বৰূপ একাংশ হৈ পৰিছে বিশিষ্ট? চূড়ান্ত বিকৃত যৌনচাৰকো কিয় বিহুৰ নাম দিয়া হৈছে? কৃষি ভিত্তিক বিহুৰ সৈতে কি সম্পৰ্ক 'মৌ বিহু'ৰ? এই সকলো বিষয় সামৰি তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

Advertisment

 

সাংস্কৃতিক চেতনাৰে অসমীয়া মানুহখিনিক চিনিবলৈ বিহুৱেই যথেষ্ট। ইতিহাসে ঢুকি নোপোৱা সময়ৰে পৰা অসম নামৰ এই ভূ-খণ্ডত নৃগোষ্ঠীয় লোকসকলে অতিজৰে পৰা বিভিন্ন উৎসৱ পালন কৰি আহিলেও জাতীয় উৎসৱ হিচাপে বিহুকেই আদৰি লৈছে। 

বিহুৱেই অসমীয়াৰ সাংস্কৃতিক পৰিচয়। অতীতৰ গছৰ তলৰ, নৈৰ পাৰৰ বিহু এতিয়া নাই যদিও পৰিবৰ্তিত সময়ৰ পাকচক্ৰত পৰি বিহুৱে বিৱৰ্তনৰ মাজেৰে আহি আজিৰ ৰূপ লৈছে আৰু জগতসভালৈ ৰাওনা হৈছে। এসময়ত চহকী, উচ্চ শিক্ষিত অসমীয়াৰ পাকচক্ৰত পৰি নিষিদ্ধ হ’বলৈ ধৰা বিহুক এতিয়া প্ৰৱাসী অসমীয়াই বিদেশতো চিনাকী কৰাই দিয়াত ইতস্ততঃ কৰা নাই।

বিহু সমন্বয়ৰ প্ৰতীক। অথচ এই বিহুক উপলক্ষ কৰিয়েই বাৰে বাৰে আজিও সৃষ্টি হয় বিতৰ্ক। বিহুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক কোনো নতুন কথা নহয় যদিও এইবাৰ অৱশ্যে বিহুৰ বতৰত যিবোৰ বিতৰ্কৰ সূচনা হৈছে সেয়া একাংশ ব্যক্তি বিশেষৰ আত্মপ্ৰচাৰ, বিপৰীতমুখী মানসিকতা অথবা অধপতিত সামাজিক, পাৰিবাৰিক ব্যৱস্থাৰেই প্ৰতিফলন। 

চানমাৰি অভিযান্ত্ৰিক খেল পথাৰত পূৱ গুৱাহাটী বিহু সন্মিলনিৰ একাংশ বিষয়ববীয়াই সংস্কৃতি ৰক্ষাৰ নামত তেওঁলোকৰ মনত শিপাই থকা যি অপ-সংস্কৃতিৰ বৰ্হি প্ৰকাশ ঘটালে তাৰ বিতৰ্ক অথবা ক্ৰিয়া, প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে। এই বিতৰ্কক যিদৰে সুস্থ সংস্কৃতিৰ চেতনাৰে সমৃদ্ধসকলে গ্ৰহণ কৰিব পৰা নাই, ঠিক সেইদৰেই আকৌ এই একেখিনি মানুহেই নিমাত বিহুৰ মঞ্চত মানসিক বিকাৰগ্ৰস্ত, সুৰাপায়ী তথাকথিত ‘ইনফ্লুৱেঞ্চাৰ’ কিছুমানক আদৰি আনি বিহুৱান পিন্ধোৱাৰ বিষয়টোত।
 
সামাজিক মাধ্যমত চূড়ান্ত অশ্লীলতাৰ সীমা অতিক্ৰম কৰি শুনিব, চাব নোৱাৰা কথা, কামেৰে চৰ্চাত থাকিব বিচৰা এনে মানসিক বিকাৰগ্ৰস্তক জনপ্ৰিয় কোনোবাৰ ভক্ত হোৱাৰ সোৱাদতেই তেওঁলোকো আজি বিশিষ্টলৈ পৰিণত হৈছে। বিহুৰ মঞ্চত তেওঁলোকৰ স্থান নিশ্চিত হৈছে। নাম থকা গুৱাহাটী মহানগৰীৰ এইসকল উদ্যোক্তাৰ মানসিকতা সাংস্কৃতিকভাৱে কিমান উচ্চ সেয়াও স্পষ্ট হৈছে। 

বিহুত অশ্লীতা আছিল। তাহানি চ'তৰ বিহু আৰু ব’হাগৰ বিহু বুলিলে দুটা সুকীয়া বিহুক বুজাইছিল। গোটেই চ'তৰ মাহটো ডেকা গাভৰুৱে বিহু পাতিছিল। এই বিহুত যৌন শক্তিপূর্ণ গীত গাই ডেকা-গাভৰুৱে মনৰ ভাৱ বিনিময় কৰাটো একো আচৰিত নাছিল।

কিন্তু সাধাৰণতে ডেকাই ডেকাৰ ভাগে, গাভৰুৱে গাভৰু ভাগে সুকীয়াকৈ বিহু পাতিছিল। ডেকাৰ বিহুৰ সমল আছিল ঢোল, পেঁপা, গগনা আৰু তাল। গাভৰুসকলৰ বাদ্য আছিল টকা আৰু গগনা। এই বিহু এমাহ জুৰি চলিছিল। গাভৰুৰ ৰাতি বিহু কিছু বছৰমানৰ আগলৈকে উজনিৰ একাধিক অঞ্চলত চলি আছিল। এনেকুৱা ৰাতি বিহুত গোৱা নামবোৰত কোনো আঁৰবেৰ নাছিল। 

অসমীয়া কৃষিজীৱী সমাজৰ লোক বিশ্বাস সংগীতৰ প্ৰভাৱত ধান-খেতিৰ উৎপাদন বৃদ্ধি হয়। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি বিশ্বাস। ডেকা গাভৰুৰ নাচোনৰ গিৰিপনিত পৃথিৱী কাম্য সম্ভৱা হৈ সোণ জিলিকাদি জিলিকি উঠিছিল। 

খেতিয়কৰ ধাৰণা আছিল যৌন উদ্দীপক গীত গালে পৃথিৱীৰ গাত যৌন উত্তেজনাই দেখা দিব আৰু শস্য সম্ভৱা হৈ উঠিব, সেয়েহে ৰাতি বিহু গীতবোৰ স্বাভাৱিকতে যৌন উদ্দীপক। বিহু গীত, নৃত্যৰ সৈতে যৌনতাৰ সম্পৰ্ক এইদৰেই আছে যদিও তাত ‘Nyphomaniac’ ৰ দৰে বিকৃত যৌন মানসিকতা নাই।

পুৰুষ, মহিলা দেখিলেই যৌনাচাৰৰ কামনা জাগ্ৰত হোৱাৰ হাবিয়াস দৰাচলতে এক মানসিক বিকাৰহে। বিহু তেনে পৰ্যায়ৰ কেতিয়াও নাছিল বা বিহুত সেই পৰ্যায়ৰ যৌনতাৰ উপস্থিতি নাছিল। কিন্তু এইবাৰ বিহুত ‘’মৌ বিহু’’ নাম দি যি বিকৃত যৌনাচাৰৰ চিন্তাক মান্যতা প্ৰদানৰ চেষ্টা চলিল সেয়া অসমীয়া সমাজখনৰ বাবেই চিন্তাৰ বিষয় হৈ পৰিছে। 

প্ৰগতিশীল মানে নতুন চিন্তা, দৰ্শনৰ সৈতে আগবাঢ়ি যোৱা। কিন্তু মুকলিকৈ একাধিক পুৰুষৰ সৈতে বয়সৰ সৰু, ডাঙৰ নিৰ্বিশেষ যৌনাচাৰৰ কামনা জাগ্ৰত হোৱাৰ যি দৃশ্যায়ন সেয়া জানো প্ৰগতিশীল চিন্তা? এনে চিন্তাৰ বাহকসকলৰ চেতনাত বিকৃত যৌনাচাৰৰ কিমান বেছি কীট সোমাই আছে সেয়াও আশ্চৰ্যকৰ বিষয়। 

সেই বিশেষ গীতটোক ‘মৌ বিহু’ নাম দি তাৰ দ্বাৰা যি বাৰ্তা দিলে সেই বাৰ্তাই কি সূচাইছে? ‘মৌ বিহু’ৰ সৃষ্টিৰ আঁৰত থকা সৃজনী ভাস্ব মহন্ত এনে এটা পৰিয়ালৰ প্ৰতিনিধি যাৰ শিপা সত্ৰীয়া সংস্কৃতিৰ সৈতে সম্পৃক্ত। সত্ৰীয়া নৃত্য, মহাপুৰুষীয়া সংস্কৃতিৰ চৰ্চাৰ মাজেৰে আহি সাংস্কৃতিক জগতখনত ভৰি দিয়া সৃজনী ভাস্ব মহন্তৰ প্ৰতিভাৰ তুলনা নাই। 

তেওঁৰ নৃত্য, গীত, অভিনয়, কণ্ঠ সকলোতে যে দক্ষতা আছে সেয়া শতৰুৱেও স্বীকাৰ কৰিবলৈ বাধ্য। তেওঁ যিটো প্ৰজন্মক প্ৰতিনিধিত্ব কৰে সেই প্ৰজন্মৰ তেওঁ এগৰাকী প্ৰগতিশীল যুৱতী বুলিয়েই পৰিচিত যদিও তেওঁৰ কাম-কাজত কেৱল বিপৰীতমুখী চিন্তাৰহে প্ৰতিফলন দেখা যায়।
 
কিছু দিনৰ পূৰ্বে মুকলিকৈ প্ৰতীকি যৌনাংগ প্ৰদৰ্শনেৰে এইগৰাকী সৃজনীয়েই বিতৰ্কৰ সৃষ্টি কৰা নাছিলনে? এনেবোৰ বিতৰ্কৰ পাছতো কিন্তু তেওঁৰ কোনো আত্ম উপলব্ধি নাই। অসমৰ অন্যতম এটা অভিজাত পৰিয়ালৰ সন্তান সৃজনী ভাস্ব মহন্ত। 

তেওঁৰ পৰিয়ালৰ পৰাই সময়ে সময়ে অসমীয়া সংস্কৃতিৰ ৰক্ষা, প্ৰচাৰ, প্ৰসাৰৰ বাৰ্তা আহে। অথচ সেই পৰিয়ালো এতিয়া ‘মৌ বিহুক’ লৈ নিমাত। নিমাত হকে বিহকে সকলোতে অসমীয়া সমাজ, সংস্কৃতিকে ধৰি সামগ্ৰীকভাৱে অসমীয়াত্বৰ কথা কোৱা লেখক, চিন্তাবিদ, বুদ্ধিজীৱি সকলো। 

‘ৰঙালী’ আয়োজনেৰে অসমীয়া সংস্কৃতি আৰু উদ্যমিতাৰ কথা কোৱা শ্যামকানু মহন্তয়ো ‘দস্যু ৰত্নাকৰ’ৰ কাহিনীৰে আনৰ পাপৰ ভাগ তেওঁলোকে ল’ব নোৱাৰে বুলি স্পষ্ট কৰিছে। কিন্তু সৃজনী নহৈ যদি আন কোনোবাই এই কাম কৰিলে হয় তেন্তে তেওঁ সৃজনীৰ দৰে আজি এইদৰে মৌন হৈ সকলো চাই আত্মসন্তুষ্টি লভি থাকিব পাৰিলে হয় নে? এই প্ৰশ্নৰ উত্তৰ এইসকলেই  নিশ্চয় কেতিয়াবা দিব।

এতিয়া কেৱল চৌদিশে ঋণাত্মক কথা-বতৰা, চিন্তা-চৰ্চাৰহে গুৰুত্ব অধিক। সামাজিক মাধ্যমৰ আশীৰ্বাদত এতিয়া সকলোৱেই সকলো জানে। কেমেৰাৰ সন্মুখত থিয় হৈ অশ্লীল গালি, গালাজেৰে কাৰোবাক ব্যক্তিগত আক্ৰমণ কৰিব পৰা যনেই এতিয়া সকলোৰে আদৰ্শ, নায়কৰ শাৰীলৈ উন্নীত হৈছে।


কলাৰ নামতো অশ্লীলতা, গালি, গালাজৰ পোহাৰ মেলিছে। ইনষ্টাগ্ৰামত আজিৰ কিশোৰী, যুৱতী, বোৱাৰীৰ দিনে দিনে এপদ এপদকৈ দেহৰ পোচাক খুলি পৰিছে। ৱেব ছিৰিজৰ নামত কি হৈ আছে সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজনো নাই। যৌনতা আৰু অশ্লীলতা অবিহনে যেন এতিয়া গীত, নৃত্য, চিনেমা আদিৰ সৃষ্টিও অসম্ভৱ।

কোনোবাই এনে চিন্তাক প্ৰগতিশীল আখ্যা দিলেও, আমাৰ চিন্তাই ইয়াক প্ৰগতিশীল ধ্যান ধাৰণা বুলি মানি ল’ব পৰাকৈ সাজু নহয়। আমাৰ বাবে এয়া বিপৰীতমুখীতা আৰু সামাজিক অৱক্ষয়ৰ হে এক প্ৰতিচ্ছবি। এই অৱক্ষয়ক আজি কোনোবাই বিভিন্ন যুক্তিৰে মানি নল’লেও, দুদিন পিছত যে এনে সামাজিক অৱক্ষয়ক লৈ মূৰে কপালে হাত দিবলৈ বাধ্য হ’ব সেয়া কিন্তু নিশ্চিত। 

 

ৰঙালী বিহু বিহু