/asomiyapratidin/media/media_files/2025/03/20/Y2jzRCf36WvDcUB0A0LS.png)
অস্থিৰ হৈ আছে ম্যানমাৰ। গৃহ যুদ্ধত জৰ্জৰিত দেশখনত বিদ্ৰোহীয়ে দখল কৰিছে প্ৰায় ৬০ শতাংশ অঞ্চল। তাৰ মাজতেই মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে ম্যানমাৰৰ বিদ্ৰোহী সংগঠনৰ সৈতে বহিছে আলোচনাত। একত্ৰীকৰণত কৰিছে মধ্যস্থতা। ভাৰতৰ বিদেশ নীতিৰ পৰিপন্থী এনে কাম কৰাৰ পিছতো তেওঁৰ স্থিতিক সমৰ্থনক নীতি নিৰ্ধাৰকসকলৰ। কূটনীতিবিদসকলৰো পৃথক মতামত। এই সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
দেশৰ বিদেশ নীতিৰ বিৰুদ্ধে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অৱস্থান কৰিব পাৰেনে? দেশৰ বিদেশ নীতিকে ৰাজ্য প্ৰশাসনৰো অনুসৰণ কৰাটোৱেই নিয়ম। সাধাৰণতে বৈদেশীক বিষয়ত বিদেশ মন্ত্ৰণালয়েই সকলো নীতি নিৰ্ধাৰণ কৰি বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰে যদিও উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যোৱা সময়ছোৱাত বাৰে বাৰে বিদেশ নীতিৰ বিৰুদ্ধে অৱস্থান কৰি আহিছে।
দেশৰ আভ্যন্তৰীণ নিৰাপত্তা, শান্তি-শৃংখলা আৰু সুৰক্ষাজনিত কাৰণত অতি গুৰুত্বপূৰ্ণ কৌশলগত ভৌগলিক অৱস্থানত আছে মিজোৰাম। ৰাজ্যখনে ম্যানমাৰৰ সৈতে ৫১০ কিলোমিটাৰৰ সীমা ভগাই লৈছে। তাৰোপৰি মিজোৰামত ভাৰত-ম্যানমাৰৰ ১৬ কিলোমিটাৰ ফ্ৰী মোভমেণ্ট ৰেগিমী অৰ্থাৎ মুক্ত চলাচল অঞ্চল আছে। এই অঞ্চলত দুয়োখন দেশৰ লোকে ভিছা অবিহনেই মুকলিকৈ চলাফুৰা কৰিব পাৰে।
এনে ব্যৱস্থাৰ আঁৰত আছে ঐতিহাসিক পটভূমি। উল্লেখনীয় যে, ভাৰত আৰু ম্যামাৰত বাস কৰা মিজো, কুকি আৰু চিন সম্প্ৰদায়ৰ লোকসকলৰ মাজত আছে জাতিগত আত্মীয়তা।নিজকে জো বুলি পৰিচয় দিয়া মিজো, কুকি আৰু চিনসকলে মিজোৰাম, মণিপুৰ আৰু ম্যানমাৰৰ কিছু অংশক সামৰি স্বাধীন গৃহ ৰাষ্ট্ৰৰ সপোন দেখি আহিছে।
ম্যানমাৰৰ বৰ্তমানৰ ৰাজনৈতিক অস্থিৰতাত সেয়ে সীমান্ত অঞ্চল হোৱাৰ উপৰিও জাতিগত সম্পৰ্ক থকাৰ বাবেই মিজোৰামো ইয়াৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থকা নাই। ম্যানমাৰৰ বৰ্তমানৰ ৰাজনৈতিক আৰু সামাজিক অৱস্থা অতি সংবেদনশীল।
একপ্ৰকাৰে গৃহ যুদ্ধ সদৃশ পৰিবেশ ম্যানমাৰত। সামৰিক শাসক জুণ্টাৰ বিৰুদ্ধে কেইবাটাও বিদ্ৰোহী সংগঠনে ঐক্যবদ্ধভাৱে যুদ্ধ অব্যাহত ৰাখিছে। দেশখনৰ প্ৰায় ৬০ শতাংশ অঞ্চল দখল কৰিছে বিদ্ৰোহী গোটে।
আনকি অভিযোগ উঠিছে ম্যানমাৰৰ এই বিদ্ৰোহী গোটসমূহক অস্ত্ৰৰ প্ৰশিক্ষণ দিবলৈ আহিছে আমেৰিকা, ৰাছিয়াৰ ভাড়াতীয়া সেনা।তেওঁলোকে অবৈধভাৱে মিজোৰাম হৈ ম্যানমাৰত প্ৰবেশ কৰিছে।
এই অভিযোগ কৰিছিল মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই। সেই লালডুহোমাই আকৌ বাৰে বাৰে দেশৰ বিদেশ নীতিৰ বিৰুদ্ধে অৱস্থান কৰাৰ কেইবাটাও উদাহৰণ আছে। অতি শেহতীয়াকৈ লালডুহোমাই ম্যানমাৰস্থিত দুটা বিদ্ৰোহী সংগঠন চিনলেণ্ড কাউন্সিল আৰু অন্তৱৰ্তীকালীন চিন ৰাষ্ট্ৰীয় পৰামৰ্শদাতা পৰিষদৰ একত্ৰীকৰণৰ সুবিধা প্ৰদান কৰাত মধ্যস্থতাৰ ভূমিকা পালন কৰিছে।
যোৱা ২৭ ফেব্ৰুৱাৰীত আইজলত এই একত্ৰীকৰণ চুক্তি স্বাক্ষৰ হৈছিল। গঠন কৰা হৈছিল চিন নেচনেল কাউন্সিল। এই সময়ত উপস্থিত আছিল চিনলেণ্ড কাউন্সিলৰ সশস্ত্ৰ শাখা চিন নেচনেল আৰ্মী আৰি আই চি এন চি চিৰ চিন ব্ৰাদাৰহুডৰ প্ৰতিনিধি।
মন কৰিবলগীয়া যে এই দুয়োটা বিদ্ৰোহী গোটেও ম্যানমাৰৰ সামৰিক শাসক জুণ্টাৰ বিৰুদ্ধে আৰু গণতন্ত্ৰৰ সমৰ্থনত যুদ্ধ কৰি আহিছে। তেনে সময়তে এই দুয়োটা গোটৰ একত্ৰীকৰণে সামৰিক বাহিনীৰ বিৰুদ্ধে তেওঁলোকৰ যুঁজখনক এক নতুন গতি প্ৰদান কৰাৰ আশা প্ৰকাশ কৰিছে।
মুখ্যমন্ত্ৰী লালডুহোমাই আকৌ এই ক্ষেত্ৰত তেওঁৰ এক নিজা 'মিছন' আছে বুলি উল্লেখ কৰিছে। তাৎপৰ্যপূৰ্ণ দিশটো হ’ল ম্যানমাৰৰ বিদ্ৰোহী গোটে এইদৰে মুকলিকৈ ভাৰতত প্ৰবেশ কৰি মুখ্যমন্ত্ৰীৰ দৰে সাংবিধানিক পদবীত থকা ব্যক্তিৰ উপস্থিতিত তেওঁলোকৰ সন্মুখত এনে চুক্তি কৰাৰ ক্ষেত্ৰত নিশ্চয়কৈ প্ৰয়োজন হয় কেন্দ্ৰৰ অনুমতিৰ।
লালডুহোমাই তেনে অনুমতি লৈছিল নে নাই সেয়া স্পষ্ট নহয়। কিন্তু তেওঁৰ বিদেশ নীতিৰ বিৰুদ্ধে কৰা অৱস্থাতনত যে বিদেশ আৰু গৃহ মন্ত্ৰণালয় সন্তুষ্ট নহয় সেয়া স্পষ্ট হৈছে।দিল্লীয়ে ম্যানমাৰৰ সামৰিক শাসক জুণ্টাৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰা নাই। বৰঞ্চ কূটনৈতিক কাৰণতে তেওঁৰ সৈতে সংযোগ বৰ্তাই ৰাখিছে।
একেদৰে গণতন্ত্ৰৰ সমৰ্থনত চলি থকা যুঁজখনকো নস্যাৎ কৰা নাই। এই যুঁজখনৰ সৈতে জড়িতসকলৰ প্ৰতিও সীমাবদ্ধতাৰ মাজেৰে সমৰ্থন আগবঢ়াইছে। নতুন দিল্লীৰ এনে নীতিৰ পৰিবৰ্তে মিজোৰামে এঢাপ আগুৱাই গৈ প্ৰত্যক্ষভাৱে এই যুঁজত জড়িত হৈ পৰিছে।
মিজোৰামৰ ৰাজ্যিক নেতৃত্বই ম্যানমাৰৰ অস্থিৰতাৰ বাবেই মিজোৰামত আইন শৃংখলা ব্যৱস্থাত প্ৰত্যক্ষ প্ৰভাৱ পৰিছে। ম্যানমাৰৰ গৃহ যুদ্ধৰ বাবেই সীমান্ত অতিক্ৰম কৰি বিদ্ৰোহী, অস্ত্ৰ সৰবৰাহ, শৰনাৰ্থী আদিৰ আগমণে মিজোৰামক চিন্তিত কৰি ৰাখিছে।
২০২১ চনত ম্যানমাৰৰ গণতান্ত্ৰিক চৰকাৰৰ পতন আৰু সামৰিক জুণ্টাৰ উত্থানৰ সময়ত সেই সময়ৰ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাংথাংগাই ম্যনমাৰৰ বিদ্ৰোহীসকলৰ সৈতে সম্পৰ্ক বজাই আহিছিল। দেশখনৰ পৰা সেই সময়ত মিজোৰামত আশ্ৰয় বিচাৰিছিল চৰকাৰৰ সদস্য, সাংসদ, আৰক্ষী, চিন শৰনাৰ্থী আদিয়ে।
সেই সময়ত কেন্দ্ৰই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সীমান্ত নিৰাপত্তা কটকটীয়া কৰাৰ নিৰ্দেশ দিছিল যদিও মিজোৰামে এইসকল লোকৰ সমৰ্থনত থাকি আশ্ৰয় দিছিল। আৰু এঢাপ আগুৱাই গৈ জোৰামংথাগাই ম্যানমাৰৰ গণতন্ত্ৰৰ সমৰ্থনত বিদ্ৰোহকৰা লোকসকলৰ প্ৰতি সমৰ্থন আগবঢ়াই, ম্যানমাৰৰ ৰাষ্ট্ৰীয় ঐক্য চৰকাৰক মানৱীয় সাহায্য আৰু কূটনৈতিক স্বীকৃতিৰো পোষকতা কৰিছিল।
তেওঁ মুকলিকৈ কেন্দ্ৰৰ নিৰ্দেশ অৱমাননা কৰি ম্যানমাৰৰ মিজো সম্প্ৰদায়ৰ সৈতে থকা জাতিগত ঐতিহাসিক সম্পৰ্কৰ কথা উল্লেখ কৰি তেওঁলোকক ঘূৰাই পঠিয়াবলৈ অস্বীকাৰ কৰিছিল। একালৰ বিদ্ৰোহী আৰু পাছত মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱা জোৰামথাংগাই যি পথ অনুসৰণ কৰিছিল সেই পথেই অনুসৰণ কৰিলে ২০২৩ ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা একালৰ আই পি এছ বিষয়া লালডুহোমাই।
২০২৪ চনত ভাৰত চৰকাৰৰ গৃহমন্ত্ৰণালয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা, অবৈধ অনুপ্ৰৱেশ আৰু বিদ্ৰোহীৰ ভাবুকিৰ উদ্বেগৰ বাবে ১৬ কিলোমিটাৰৰ মুক্ত চলাচল অঞ্চল বিলুপ্ত কৰাৰ দিশে আগবাঢ়িছিল। কিন্তু কেন্দ্ৰৰ এই সিদ্ধান্তৰ মুকলি বিৰোধিতা কৰে লালডোহোমাই।
তেওঁ যুক্তি দিয়ে, এই সীমান্ত ব্ৰিটিছ ঔপনিৱেশিক কৰ্তৃপক্ষই কৃত্ৰিমভাৱে জাপি দিয়া। এই সীমান্তই মিজো আৰু চিন জনগোষ্ঠীক বিভাজিত কৰিলে। তেওঁ কেন্দ্ৰক স্পষ্টকৈ জনাই, ৰাষ্ট্ৰীয় নীতি যিয়েই নহওঁক কিয়, সীমান্তৰ সিপাৰে থকা জনসাধাৰণৰ সৈতে জাতিগত আৰু সাংস্কৃতিক সম্পৰ্ক বজাই ৰখাৰ অধিকাৰ মিজোৰামৰ আছে।
সেইগৰাকী লালডুহোমাই শেহতীয়াকৈ আইজলত ম্যানমাৰৰ দুটাকৈ বিদ্ৰোহী গোটক একত্ৰীকৰণত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিলে। লালডুহোমাৰ এনে সিদ্ধান্ত অৱশ্যে মিজোৰামৰ সুৰক্ষা, আভ্যন্তৰীণ শান্তি আৰু ভৱিষ্যত সন্দৰ্ভত এক দূৰদৃষ্টি সম্পন্ন বুলিয়েই বহুতে দাবী কৰিব বিচাৰে।
তেওঁলোকৰ মতে লালডুহোমাৰ এনে মধ্যস্থতাই মিজোৰাম-ম্যানমাৰ সীমান্তৰ স্থিতিশীলতা বজাই ৰখাৰ উপৰিও হিংসা, অস্ত্ৰ সৰবৰাহ আৰু শৰনাৰ্থীৰ সমস্যাক হ্ৰাস কৰিব। মিজোৰামৰ নীতি নিৰ্ধাৰকসকলৰো একেই দাবী।
তেওঁলোকৰ মতে ম্যানমাৰত দুৰ্বল হৈ পৰা সামৰিক শাসক জুণ্টা আৰু শক্তিশালী হৈ উঠা স্বঘোষিত চিন প্ৰশাসনে অঞ্চলটোৰ অস্থিৰতা হ্ৰাস কৰাত সহায় কৰিব। সেয়ে লালডুহোমাৰ এই পদক্ষেপ কেৱল মিজোৰামৰ বাবেই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ বাবেও গুৰুত্বপূৰ্ণ।
কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল ম্যানমাৰৰ ৰাজনৈতিক সংঘাতত মিজোৰাম এইদৰে প্ৰত্যক্ষভাৱে জড়িত হৈ পৰা বিষয়টোৱে ভাৰতৰ কূটনৈতিক স্থিতিৰ বিৰুদ্ধাচাৰণ কৰিছে। ভাৰত চৰকাৰে ম্যানমাৰৰ বিদ্ৰোহী সংগঠনৰ সশস্ত্ৰ যুঁজখনক আনুষ্ঠানিকভাৱে সমৰ্থন জনোৱা নাই।
তেনে পৰিস্থিতিত মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে আইজলত মুকলিকৈ বিদ্ৰোহী গোটৰ মাজত মধ্যস্থতা কৰা বিষয়টো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। তাৰোপৰি ম্যানমাৰৰ সৈতে ভাৰতে কালাদান মাল্টি মডেল ট্ৰেনজিট পৰিবহণ প্ৰকল্পৰ কামো কৰি আছে।
এনে সময়তে মিজোৰামৰ এনে স্থিতিয়ে এই প্ৰকল্পলৈ ভাবুকি কঢ়িয়াই আনিব নেকি? সেয়াও এক প্ৰশ্নৰ বিষয় হৈ পৰিছে। সমান্তৰালকৈ উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ গুৰুত্ব আৰু কূটৈনিত স্থিতিও নতুনকৈ আলোচনাৰ এক বিষয় হৈ পৰিছে।
যিসময়ত মণিপুৰ সম্পূৰ্ণৰূপে জ্বলি আছিল সেই সময়ত গৃহ মন্ত্ৰণালয় সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল। প্ৰায় দুবছৰ ধৰি কেন্দ্ৰৰ বাবে গুৰুত্বহীন হৈ থকা মণিপুৰত তেওঁলোকৰ চৰকাৰ পতনৰ দিশে আগবঢ়াৰ লগে লগেই তাত জাপি দিলে ৰাষ্ট্ৰপতিৰ শাসন।
অথচ এই মণিপুৰৰ শান্তিৰ বাবেই মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই এন বীৰেন সিঙৰ পদত্যাগ দাবী কৰি আহিছিল। কুকি- জো আৰু মেইটেইসকলৰ সংঘাতত মণিপুৰ জ্বলিবলৈ আৰম্ভ কৰাৰ সময়তে ২০২৩ চনৰ ভাৰত, ম্যানমাৰ আৰু বাংলাদেশৰ চট্টগং পাহাৰীয়া অঞ্চলত বাসকৰা জো জনগোষ্ঠী আৰু নগাসকলৰ দীৰ্ঘদিনীয়া পুনৰ একত্ৰীকৰণৰ দাবীক অধিক শক্তিশালী কৰি তুলিছিল।
মেইটেইসকলে দাবী কৰি আহিছে ম্যানমাৰৰ পৰা অহা অবৈধ চিন-কুকি প্ৰবজনকাৰী সকলে ৰাজ্যখনৰ জনগাঁথনিত আক্ৰমণ কৰাৰ বাবেই এই সংঘাত হৈছে। ইয়াৰ বিপৰীতে লালডুহোমাই কুকিসকলকহে সমৰ্থন কৰি আহিছে।
তেওঁ মণিপুৰৰ ১২ হাজাৰৰো অধিক কুকি সম্প্ৰদায়ৰ লোকক আশ্ৰয় প্ৰদান কৰিছে। বাংলাদেশৰ পৰাও পলায়ন কৰা ১০০০ ৰো অধিক চিন নাগৰিককো আশ্ৰয় দিছে মিজোৰামে।
ম্যানমাৰৰ অস্থিৰ পৰিস্থিতিত ভাৰত চৰকাৰে যি স্থিতি গ্ৰহণ কৰিছে সেই স্থিতি দিল্লীয়ে নিৰ্ধাৰণ কৰা। কিন্তু সীমান্তৰ ৰাজ্য হোৱাৰ লগতে জাতিগত এক সম্পৰ্ক ৰক্ষা কৰি অহাৰ বাবেই এই সময়খিনি মিজোৰামৰ বাবে অতি সংবেদেনশীল।
এই সংবেদনশীল বিষয়টোত ভাৰত চৰকাৰে মিজোৰামৰ স্বাৰ্থক যিদৰে গুৰুত্ব দিব লাগিছিল সেই গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। ভাৰত চৰকাৰে কেৱল ম্যানমাৰৰ আভ্যন্তৰীণ বিষয় বুলিয়েই নিজা এক স্থিতি লৈছে যদিও মিজোৰামৰ এই যুঁজখনৰ সৈতে আছে জাতিগত সম্পৰ্ক।
সেয়ে লালডুহোমাৰ এই স্থিতি এতিয়া কেইবাটাও কাৰণত গুৰুত্বপূৰ্ণ হৈ উঠিছে। কিন্তু লক্ষ্যণীয় হ’ব তেওঁৰ এই স্থিতিয়ে মিজোৰাম তথা উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ শান্তি, অবৈধ অস্ত্ৰ সৰবৰাহ আৰু শৰনাৰ্থীৰ দৰে সমস্যাক কিদৰে নিয়ন্ত্ৰণ কৰিব।