মেগা ঝুমইৰঃ চৰকাৰ বাহাদুৰ, সৰুসজাইতে লিপিবদ্ধ হওক নতুন ইতিহাস...

১৮২৩ ত স্কটলেণ্ডৰ পৰা ৰবাৰ্ট ব্ৰুছ ছাহাব আহি চিংফৌ ৰজা বিচাগামৰ পৰা চাহৰ জ্ঞান অন্বেষণ কৰিছিল। তেতিয়া চাহক কেন্দ্ৰ কৰিয়েই এসময়ত এটা জাতি হ'ব বুলি তেওঁ কল্পনা কৰিছিল নে?

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
চৰকাৰ বাহাদুৰ, সৰুসজাইতে লিপিবদ্ধ হওক নতুন ইতিহাস...

২৪ ফেব্ৰুৱাৰীত সৰুসজাইত অসম চৰকাৰৰ পৃষ্ঠপোষকতাত প্ৰদৰ্শিত হ'ব মেগা ঝুমইৰ নৃত্য। বিশ্ব ৰেকৰ্ডৰ চেষ্টা চলিব ঝুমইৰৰ। পিছে ২০০ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ চাহ বাগান আৰু চাহ শ্ৰমিকৰ দুখ, বেদনাৰ অন্ত পৰিবনে? সময়ে কি কয়? সময়ৰ দাবী কি? ইতিহাসত লিপিবদ্ধ হ'বনে এক সোণালী অধ্যায়? এই সকলো দিশ সামৰি তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

 

সেউজীয়া ভাল লাগে। সেয়ে সময় পালেই সেউজীয়াৰ মাজত বিলীন হ’বলৈ গুছি যাওঁ সেউজীয়া উপত্যকালৈ। পিছে চাহ বাগিছাৰ সেই বিশাল সেউজীয়া উপত্যকাৰ গভীৰলৈ যিমানেই সোমাই যাওঁ সিমানেই চোন বুকুৰ কোনোবাখিনিত প্ৰতিবাৰেই এটা বিষ অনুভৱ হয়। এই বিষ চাহ বাগিচাৰ ইতিহাস, চাহ শ্ৰমিকৰ ত্যাগ, শোষণ, অৱদমনৰ বিষয়ে যিসকলে চকুৰ সন্মুখত দেখিছে, অধ্যয়ন কৰিছে তেওঁলোকেও নিশ্চয়কৈ অনুভৱ কৰিছে। 

কেতিয়াবা দূৰত কোনোবা বুধুৱাই চাহ বাগানৰ ওখ ওখ শিৰিষ গছৰ তলত ভাগৰ জুৰাই চিঞঁৰি চিঞঁৰি গোৱা শুনা পাওঁ- ‘’ৰে’ল গাড়ী গ’ চলে ঘনে ঘনে/ দেশ চাড়ে আইলি আছাম/ ভুলালি গ’ দেশেৰ নাম/ আছাম দেশে খুলিলি বাগান/ বামাই দেলি হামৰা/ সোণাৰ আছাম...’’। বেদনাগধূৰ সুৰেৰে ভাঁহি অহা এই গীতে বাৰে বাৰে বুকু ভেদি যায়। এই গীতৰ প্ৰতিটো শব্দতে যে আছে এক ইতিহাস।  

১৮২৩ ত যেতিয়া স্কটলেণ্ডৰ পৰা ৰবাৰ্ট ব্ৰুছ ছাহাব ভাৰতলৈ আহিছিল আৰু চিংফৌ ৰজা বিচাগামৰ পৰা চাহৰ জ্ঞান অন্বেষণ কৰিছিল তেতিয়া বাৰু চাহক কেন্দ্ৰ কৰিয়েই যে এটা জাতি গঠন হ'ব সেয়া কোনোবাই কল্পনা কৰিছিল নে?

তেতিয়াই ৰবাৰ্ট ব্ৰুছ ছাহাবে অসমত চাহ বাগিচাৰ খেতিৰ সম্ভাৱনীয়তা সম্পৰ্কে ভাতৃ আলেকজেণ্ডাৰ ব্ৰুছক জনাইছিল। ১৮২৪ ত ৰবাৰ্ট ব্ৰুছ ছাহাবৰ মৃত্যু হ’ল কিন্তু তেওঁ দেখা চাহ বাগিচাৰ সপোনৰ বীজটো ৰোপণ কৰি থৈ গল।

১৮৩৪ চনত ব্ৰিটিছ চৰকাৰে গঠন কৰিছিল চাহ সমিতি। ব্যৱসায়ীক ভাৱে চাহ খেতিৰ বাবে ঠাই নিৰ্বাচনৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পৰ্যালোচনা কৰি ব্ৰুছ ছাহাবে আৱিষ্কাৰ কৰা অসমকেই চাহ খেতিৰ বাবে উপযুক্ত অঞ্চল হিচাপে বিবেচনা কৰে চাহ সমিতিয়ে।

চাহ সমিতিৰ পৰামৰ্শ মতেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ উদ্যোগত ১৮৩৯ চনত গঠন কৰা হৈছিল ‘আছাম কোম্পানী’, আৰম্ভ হৈছিল অসমত ব্যৱসায়িকভাৱে চাহ-খেতি। অসমত এই চাহ খেতি কৰিবলৈ ১৮৬৩ চনৰ মে’ মাহৰ পৰা উৰিষ্যা, ঝাৰখণ্ড, ছত্তিশগড়, অন্ধ্ৰপ্ৰদেশ, তেংলাগানা, হাজাৰীবাগ, বিহাৰ, মহাৰাষ্ট্ৰৰ বিদৰ্ভ, মধ্যপ্ৰদেশ, পশ্চিমবংগৰ পশ্চিমাঞ্চল, ছোটনাগপুৰ আদি ঠাইৰ পৰা শ্ৰমিক অনা হৈছিল। 

সেই যে শ্ৰমিকসকলক তেতিয়া অসমলৈ অনা হৈছিল তেতিয়াৰে পৰা তেওঁলোকে অসমকে নিজৰ ঘৰ বুলি ভাবি অসমকেই আপোন কৰি ললে। তেতিয়াৰ পৰাই অসমত চাহ জনগোষ্ঠীৰো সৃষ্টি হ'ল। চৰকাৰী তথ্য মতেই ১৮৬৭-৬৮ চনৰ বংগৰ প্ৰশাসনীয় প্ৰতিবেদনৰ মতে, সেই সময়ত অসমৰ চাহ-বাগিছাসমূহত ২২,৮০০ জন আমদানিকৃত শ্ৰমিক আৰু ১১,৬৩৩ জন স্থানীয় শ্ৰমিক কৰ্মৰত আছিল৷  বৰ্তমান অসমত চাহ জনগোষ্ঠীয় লোকৰ সংখ্যা ৬৫ লাখৰো অধিক। 

অসমৰ চাহ বাগান আৰু চাহ জনগোষ্ঠীৰ ২০০ বছৰীয়া ইতিহাসৰ পৃষ্ঠা লুটিয়ালে ইয়াত কেৱল দেখা পোৱা যায় শোষণ, অৱদমন, লুণ্ঠন আৰু মানৱীয়তাৰ স্খলন। নিজৰ ঘৰৰ পৰা, গাঁৱৰ পৰা হাজাৰ কিলোমিটাৰ আঁতৰলৈ আহি ইয়াৰ হাবি, বন, জংঘল মোকলাই চাহ খেতি কৰি সেউজীয়া উপত্যকা সৃষ্টি কৰা এই চাহ শ্ৰমিকসকলক তেওঁলোকৰ দুখ, বেদনা পাহৰাই ৰাখিবলৈ হাতত তুলি দিয়া হৈছিল কানি।

হাৰিয়া খাই তেওঁলোকে পাহৰি পেলাইছিল দুখ, ভাগৰ। তথাপিও কোনোবাখিনিত থকা সেই বেদনাগধূৰ ভাৱখিনিও ৰিণিকি ৰিণিকি তেওঁলোকৰ কণ্ঠত ভাঁহি আহে এইদৰে- ‘’দুনীয়াৰ মোহ মায়া/ ঘেৰি পেলাই মৰ কায়া/ ভাই বন্ধু গ’ কৰে হায় হায়/ মৰিলেও দুখ কে সঙ্গে যায়...’’।

ব্ৰিটিছ কোম্পানীৰ বাবে দেহৰ ঘাম, তেজ পেলাই বিশাল বিশাল সেউজীয়া চাহ বাগান পাতিলে যদিও তেওঁলোকে পালে কি? সময় বাগৰিল। সময়ৰ সৈতে শ্ৰমজীৱি এই মানুহখিনিৰ পৰৱৰ্তী প্ৰজন্মও চাহ বাগিচাৰ বুকুতেই লালিত,পালিত হৈ ডাঙৰ হ’ল। সেই পৰৱৰ্তী প্ৰজন্মৰো জীৱন, জীৱিকা হৈ পৰিলে কেৱল চাহ বাগিচা।

আনহে নালাগে চাহ বাগিচাক কেন্দ্ৰ কৰিয়েই গঠন হোৱা চাহ জনগোষ্ঠীয় মানুহখিনি যদিও মনে, প্ৰাণে অসমীয়া হৈ পৰিল তথাপিও কিন্তু মূল অসমীয়া সমাজখনৰ পৰা আজিও বহু দূৰতেই আছে তেওঁলোক। আজিও তেওঁলোকৰ বাবে নাই নিজা ভূমি, নাই নিজা ঘৰ। বাগানৰ মাটিতেই আছে, বাগানৰ কোৱাৰ্টাৰেই ঘৰ বহুতৰ বাবে।

অসমীয়া ভাষা অধ্যয়ন কৰিছে। অসমীয়া সংস্কৃতিকো আকোৱালি লৈছে। অসমীয়া সংস্কৃতিৰো প্ৰভাৱত গঢ়ি উঠিছে তেওঁলোকৰো চহকী সংস্কৃতি। অসমীয়াই বিহুৰ আৰম্ভণিতে ‘’প্ৰথমে প্ৰণামো/ আই সৰস্বতী/ দ্বিতীয় প্ৰণামো হৰি/ তৃতীয় প্ৰণামো গাঁৱৰ বুঢ়া-মেথা/ ধৰি যাওঁ নামৰে গুৰি…’’ বুলি গোৱাৰ দৰেই তেওঁলোকেও ঝুমুৰৰ আৰম্ভণিতে গাই- ‘’আখৰা বন্দনা কৰি/ সৰস্বতী মাই গ’ বলি/ তবেৰে বন্দনা ব্ৰজ নাৰী/ মদৰে ঝুমুইৰ লাগল ভাৰি…’’। এইদৰেই চাহ জনগোষ্ঠীৰ সংস্কৃতিৰ মাজত আছে বৰ্ণাঢ্য অসমীয়া সংস্কৃতিৰো প্ৰভাৱ। তথাপিও তেওঁলোক আজিও ক’ৰবাত যেন একাষৰীয়া।

কেৱল সেয়াই নহয়, স্বাস্থ্য, শিক্ষাকে ধৰি সংবিধান প্ৰদত্ত মৌলিক অধিকাৰসমূহৰ পৰাও বঞ্চিত তেওঁলোক। আনহে নালাগে প্ৰাপ্য মজুৰীৰ পৰাও বঞ্চিত হয় চাহ শ্ৰমিকসকল। চাহ বাগানৰ কল ঘৰৰ পৰা ওলোৱা কেঁচা কেঁচা গোন্ধত হেৰাই যায় শ্ৰমিকৰ ঘামৰ গোন্ধ। সেউজীয়াৰ সৌন্দৰ্যত ম্লান পৰে শ্ৰমিকৰ ৰুক্ষ, শুকান দেহা আৰু ৰক্তাক্ত শৰীৰ।

চাহ বাগিচাৰ ৰোমাণ্টিকতাৰ মাজতে সেয়ে মাজে মাজে ওলাই পৰে মইনা নায়কৰ দৰে কাহিনী।কেতিয়াবা আকৌ সকলো পাহৰি এই শ্ৰমিকসকল ক’ৰবাত ক’ৰবাত হৈ পৰে উত্তেজিত। বিস্ফোৰিত হয় ক্ষোভৰ স্ফুলিংগ।

শোষণৰ ভৰত কোঙা হৈ পৰা এই মানুহখিনিৰ তথাপিও নাই আক্ষেপ। বাগানৰ মালিক, চৰকাৰৰ উপৰিও এই সহজসৰল শ্ৰমজীৱি মানুহখিনিৰ সৰলতাৰ সুযোগ ল’বলৈ পাহৰা নাই তেওঁলোকৰে নিজৰেই একাংশ ধুৰন্ধৰে। তেওঁলোকক প্ৰতিনিধিত্ব কৰিয়েই বিধায়ক হৈছে, মন্ত্ৰী হৈছে, সাংসদ হৈছে অথচ সমস্যাবোৰ সমস্যা হৈয়ে আছে।

২০০ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ হোৱা এই চাহ জনগোষ্ঠীয় লোকখিনি এই কেইদিন আৱেগৰ জোৱাৰত উটি ভাঁহি আছে। তেওঁলোকৰ প্ৰাণৰ ঝুমইৰ নৃত্যুক বিশ্ববাসীৰ সন্মুখলৈ নিবলৈ চেষ্টা কৰিছে অসম চৰকাৰে।

জিলাই জিলাই যুৱক-যুৱতীক ঝুমুৰৰ প্ৰশিক্ষণ দিয়া হৈছে। প্ৰথমে কলাক্ষেত্ৰ ৩৮০ গৰাকী মাষ্টাৰ ট্ৰেইনাৰক প্ৰশিক্ষণ দিয়াৰ পাছত তেওঁলোকে সমষ্টি ভিত্তিত গৈ শিল্পী বাছনি কৰি ১ ফেব্ৰুৱাৰীৰ পৰা প্ৰশিক্ষণ দিছে।

১৯ ফেব্ৰুৱাৰীত সকলো আহি গুৱাহাটীত একত্ৰিত হোৱাৰ কথা। ২১ ফেব্ৰুৱাৰীৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ সৰুসজাই ষ্টেডিয়ামত হ’ব চূড়ান্ত অনুশীলন। ২৪ ফেব্ৰুৱাৰীত ১৬ মিনিট ৩২ ছেকেণ্ড ধৰি ৮০০ খন চাহ বাগিচাৰ ৮০০০ শিল্পীয়ে একেলগে প্ৰদৰ্শন কৰিব ঝুমইৰ নৃত্য। বিশ্ব অভিলেখ স্থাপনৰ বাবেও চেষ্টা কৰিবলগীয়া এই অনুষ্ঠানৰ সাক্ষী হৈ ৰব স্বয়ং দেশৰ প্ৰধানমন্ত্ৰী।

চাহ জনগোষ্ঠীৰ বাবে নিশ্চয়কৈ এয়া এক আৱেগিক মুহূৰ্ত হ’ব। এই আৱেগ ইমান দূৰলৈ শিপাইছে যে, কোনোবা দেউতাকে নিজৰ দুই কন্যাক উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাকে দিবলৈ নিদিলে। ক’লে- ''পৰীক্ষা অহা বছৰলৈয়ো দিব পাৰিব, কিন্তু আমি এইবাৰ ঝুমইৰ নাচিব লাগিব। ঝুমইৰ আমাৰ তেজত আছে।''

এয়াই এতিয়াৰ পৰিবেশ। অসম চৰকাৰে ঝুমুৰক বিশ্বৰ সন্মুখলৈ নিবলৈ লোৱা এই পদক্ষেপক যোগাত্মক বুলি ধৰিলেও এই কথাও এই সময়তে সোঁৱৰাই দিয়াৰ প্ৰয়োজন কেৱল চাহ শ্ৰমিকসকলৰ সংস্কৃতি, মনোৰঞ্জনৰ মাধ্যম ঝুমইৰক বিশ্ববাসীক দেখুৱালেই নহ’ব।

তেওঁলোকৰ প্ৰাপ্য অধিকাৰো দিব লাগিব। চৰকাৰে পূৰ্বেই দিয়া প্ৰতিশ্ৰুতি মতেই চাহ শ্ৰমিকৰ মজুৰি নূন্যতম দৈনিক ৩৫১ টকা কৰাৰ ব্যৱস্থাও কৰিব লাগিব। চাহ বাগিচাৰ লাইনত স্বাস্থ্য, শিক্ষাকে ধৰি সকলো মৌলিক অধিকাৰ সহজলভ্য কৰিব লাগিব।

২০০ বছৰীয়া এই যাত্ৰাত শ্ৰমজীৱি এই লোকসকলে ১৫০ বছৰ কাল চাহ শ্ৰমিক হিচাপেই পৰিচিয় দি থাকিবলগীয়া হ'ল। যোৱা ৫০ টা বছৰত তেওঁলোকক চাহ জনগোষ্ঠী হিচাপে স্বীকৃতি দিয়া হৈছে। অথচ এইসকল লোকে দেশৰ আন প্ৰান্তত জনজাতি হিচাপে স্বীকৃতি পাইছে। আনহে নালাগে চুবুৰীয়া ত্ৰিপুৰাতো এই লোকসকল জনজাতিৰ মৰ্যাদা লাভ কৰিছে।  

অসমত সুদীৰ্ঘ সময় ধৰি এই লোকসকলে জনজাতিৰ প্ৰাপ্য মৰ্যাদা বিচাৰি ৰাজপথৰ সংগ্ৰাম কৰিছে। ৰাজ্যত যি ছয় জনগোষ্ঠীৰ জনজাতিৰ মৰ্যাদাৰ দাবী উত্থাপন হৈ আহিছে সেই ছয় জনগোষ্ঠীৰ অন্যতম চাহ জনজাতিসকল। এই কথা স্পষ্ট যে, চাহ জনগোষ্ঠীয় লোকসকলৰ প্ৰাপ্য জনজাতিয় মৰ্যাদা দিলেহে সাংবিধানিকভাৱে তেওঁলোক সুৰক্ষিত হ'ব। এই সাংবিধানিক স্বীকৃতিয়েহে তেওঁলোকক ভূমিৰ অধিকাৰৰ দৰে অধিকাৰসমূহ প্ৰদান কৰিব।

তেওঁলোকক কেৱল শোষণ নকৰি মানৱীয় দৃষ্টিৰেও চাব লাগিব। এয়া তেওঁলোকৰ অধিকাৰ। ভাৰতলৈ অৰ্থনীতিলৈ চাহ শ্ৰমিকৰে অৱদান সৰ্বাধিক। অথচ তেওঁলোক আজিও নিস্পেশিত। বিশ্ববাসীয়ে চাহ বাগিচা, চাহ শ্ৰমিকৰ ইতিহাসৰ পৃষ্ঠা যেতিয়াই লুটিয়াব তেতিয়াই এই শোষণৰ আখ্যানবোৰ পঢ়িব। বুজিব ২০০ বছৰীয়া সেই ইতিহাস।

এই ইতিহাসত এতিয়া সোণালী অধ্যায় লিখাৰ সময়। বিশ্বৰ সন্মুখলৈ ঝুমইৰ যোৱাৰ দিনাই লিপিবদ্ধ হওক চাহ শ্ৰমিকৰ বাবে সেই নতুন অধ্যায়। এয়া সময়ৰে দাবী। অন্যথা আকৌ কোনোবা বুধুৱাই চাহ বাগিচাৰ মাজৰ পৰাই ঝুমইৰৰ সুৰতে জুৰিব চৰকাৰ বাহাদুৰৰ শোষণৰ গাঁথা।  

চাহ বাগিচা ঝুমুৰ চাহ শ্ৰমিক