বাসৱৰাজুঃ অভিযন্তাৰ পৰা মাওবাদীৰ নেতৃত্বলৈ...

স্বয়ং কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বাসৱৰাজুক নক্সাল আন্দোলনৰ মেৰুদণ্ড বুলি অভিহিত কৰিছে। নম্বলা কেশৱ ৰাও আছিল চি পি আই-মাওবাদীৰ সাধাৰণ সম্পাদক।

author-image
Tushar Pratim
New Update
বাসৱৰাজুঃ অভিযন্তাৰ পৰা মাওবাদীৰ নেতৃত্বলৈ...

বুধবাৰে সুৰক্ষা বাহিনীৰ অভিযানত ২৭ গৰাকী মাওবাদীৰ সৈতে মৃত্যু হোৱা বুলি দাবী কৰা হৈছে মাওবাদীৰ  নেতা বাসৱৰাজুৰ। তেওঁৰ মৃত্যুৰ খবৰে ভাৰতত মাওবাদী সশস্ত্ৰ সংগ্ৰামৰ অন্তৰ দিশে গতি কৰিছে বুলি দাবী কৰা হৈছে। অভিযন্তাৰ পৰা কিদৰে মাওবাদীৰ নেতৃত্ব গ্ৰহণ কৰিছিল বাসৱৰাজুৱে সেই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

 

বুধবাৰে ছত্তীশগড়ৰ নাৰায়ণপুৰত সুৰক্ষাবাহিনীৰ হাতত ২৭ গৰাকী মাওবাদীৰ সৈতে নম্বলা কেশৱ ৰাও ওৰফে বাসৱৰাজুৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে। বাসৱৰাজুৰ মৃত্যুৰ খবৰে সমগ্ৰ দেশত মাওবাদী সশস্ত্ৰ সংগ্ৰামৰ অন্তৰ আৰম্ভণি বুলিও দাবী কৰা হৈছে। 

স্বয়ং কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বাসৱৰাজুক নক্সাল আন্দোলনৰ মেৰুদণ্ড বুলি অভিহিত কৰিছে। নম্বলা কেশৱ ৰাও আছিল চি পি আই-মাওবাদীৰ সাধাৰণ সম্পাদক। সেয়ে স্বাভাৱিকতে এয়া সুৰক্ষা বাহিনীৰ বাবে এক বৃহৎ সফলতা। 

আৰক্ষীয়ে প্ৰথমবাৰৰ বাবে মাওবাদীৰ পুলিটব্যুৰো (Politburo) আৰু সাধাৰণ সম্পাদক পৰ্যায়ৰ নেতা নিহত হোৱা বুলি স্বীকাৰ কৰি ইয়াক বৃহৎ সফলতা আখ্যা দিছে। সেয়ে এতিয়া চৰ্চালৈ আহি নম্বলা কেশৱ ৰাও ওৰফে বাসৱৰাজুৰ প্ৰসংগ। 

অভিযন্তা বাসৱৰাজু কিদৰে মাওবাদীৰ শীৰ্ষ নেতা হৈ পৰিল সেই কাহিনীক জানিবলৈয়ো আগ্ৰী হৈ পৰিছে বহুজন।

 

অভিযন্তাৰ পৰা মাওবাদীলৈ বাসৱৰাজুৰ যাত্ৰাৰ কাহিনী


অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হায়দৰাবাদৰ পৰা প্ৰায় ৭২০ কিলোমিটাৰ নিলগৰ এখন গাওঁ জিয়ান্নাপেট। জিলা সদৰ শ্ৰীকাকুলামৰ পৰাও ৫০ কিলোমিটাৰ দূৰত অৱস্থিত এই গাওঁখনত শিক্ষক হিচাপে পৰিচিত আছিল বাসুদেৱ ৰাও। গাওঁখনৰ সকলোৰে সন্মানৰ ব্যক্তি আছিল বাসুদেৱ।

তেওঁৰ আছিল দুজন পুত্ৰ আৰু তিনিগৰাকী ছাত্ৰী। আটাইকেইটা সন্তানকে শিক্ষিত কৰি তোলাৰ আগ্ৰহ আছিল তেওঁৰ। দুই পুত্ৰ ধিলেশ্বৰ ৰাও আৰু কেশৱ ৰাও আছিল পঢ়া-শুনাত যথেষ্ট ভাল। 
কেশৱ ৰাওৱে তালাগামৰ পৰা হাইস্কুলৰ শিক্ষা সমাপ্ত কৰাৰ পিছতে পিতৃৰ আগ্ৰহতে টেককালি জুনিয়ৰ কলেজৰ পৰা ইণ্টাৰমিডিয়েট শিক্ষা সমাপ্ত কৰি ৱাৰংগলৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়ন কৰে। 

বিটেক অধ্যয়ন কৰি থকাৰ সময়তে কেশৱ ৰাও আহে ৰেডিকেল ষ্টুডেণ্টছ ইউনিয়নৰ সংস্পৰ্শলৈ। এই সংগঠনৰ সংস্পৰ্শতে তেওঁ সামাজিক আন্দোলনৰ সৈতে জড়িত হৈ পৰে। এই খবৰ তেওঁৰ গাঁৱৰ ঘৰৰ পিতৃয়েও লাভ কৰে। 

এই আন্দোলনৰ সৈতে জড়িত হৈ পৰাৰ বাবেই কেশৱ ৰাওৰ বিৰুদ্ধে আৰক্ষী থানাতো ৰুজু হয় গোচৰ। বিটেক অধ্যয়নৰ নামত তেওঁ মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল ঠিকেই কিন্তু অধিক সময় ৰাজনৈতিক কাম-কাজৰ সৈতেই জড়িত হৈ পৰিছিল। 


সেই সময়তে তেওঁ লাহে লাহে চি পি আই লিবাৰেচনৰ সৈতেও জড়িত হৈ আণ্ডাৰগ্ৰাউণ্ডৰ কাম-কাজ আৰম্ভ কৰে। তাৰ মাজতে তেওঁ সম্পূৰ্ণ কৰে বিটেক পাঠ্যক্ৰম। এমটেক অধ্যয়নৰ সময়ত তেওঁ জড়িত হৈ পৰে নক্সালবাদী সংগঠন চি পি আই পিপলছ ৱাৰ গ্ৰুপৰ সৈতে। 

প্ৰথমে ইয়াত সাধাৰণ কৰ্মী হিচাপে থাকি পিছলৈ সংগঠনটোৰ ইটোৰ পিছত সিটো দায়িত্ব লাভ কৰিবলৈ আৰম্ভ কৰে। নেতৃত্বৰো তেওঁ হৈ পৰে অতি প্ৰিয়। নেতৃত্বই দিয়া প্ৰতিটো দায়িত্বতকে অতি সুচাৰুৰূপে পালন কৰি সংগঠনৰ ভিতৰত সকলোৰে প্ৰিয় হৈ পৰা কেশৱ ৰাওৰ নামো সলনি হৈ থাকিল। 

কেশৱ ৰাওৰ পৰা সংগঠনত তেওঁৰ নাম ক্ৰমে গগন্না, প্ৰকাশ, কৃষ্ণ, বিজয়, কেশৱ, বি আৰ, দৰ্পা নৰসিংহ ৰেড্ডী, আকাশ, নৰসিংহ, বাসৱৰাজ আৰু বাসৱৰাজু হয়। পিছত বাসৱৰাজু হিচাপেই তেওঁ হৈ পৰে সংগঠনটোৰ নেতা।


সংগঠন নিষিদ্ধ হোৱাৰ সময়ত লাভ কৰিছিল গধূৰ দায়িত্ব

 

১৯৯২ চনৰ মে’ মাহত সৰ্ববৃহৎ মাওবাদী সংগঠন চি পি আই (এম এল) পিপলছ ৱাৰ গ্ৰুপ বিতৰ্কৰে উত্তপ্ত হৈ পৰিছিল। অন্ধ্ৰপ্ৰদেশত সংগঠনটো হৈছিল নিষিদ্ধ। সংগঠনটো নিষিদ্ধ হোৱাৰ এটা সপ্তাহৰ পিছতে তেতিয়াৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক কোণ্ডাপল্লী সীতাৰময়াই সহযোগীসকলৰ সৈতে সুকীয়া এটা সংগঠনৰ পাতনি মেলে। 

এইগৰাকী সীতাৰময়াৰ সৈতে থকাৰ পৰিবৰ্তে ৱাৰংগল বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা কেশৱ ৰাওৱে নিষিদ্ধ হোৱা পিপলছ ৱাৰ গ্ৰুপতে থকাৰ সিদ্ধান্ত লয়। সংগঠনটো নিষিদ্ধ হোৱাৰ সময়তে ইয়াৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হয় মুপল্লা লক্ষ্মণ ৰাও ওৰফে গণপতিক।

তেওঁৰ ঘনিষ্ঠ সহযোগী হৈ পৰে অভিযান্ত্ৰিক ছাত্ৰ কেশৱ ৰাও। তেওঁৰ সৈতে ঘনিষ্ঠতা আৰু সংগঠনৰ প্ৰতি থকা নিষ্ঠাৰ বাবে শীঘ্ৰেই কেশৱ ৰাওক দলৰ কেন্দ্ৰীয় সমিতিত স্থান দিয়া হয়। সেই কেশৱ ৰাজেই এতিয়া ৭০ বছৰ বয়সত সংগঠনৰ মূল দায়িত্ব লৈ থকাৰ সময়তে সুৰক্ষা বাহিনীৰ হাতত মৃত্যু হোৱাৰ খবৰ।

কিদৰে হৈছিল পলিটব্যুৰো?

১৯৯২ চনত পিপলছ ৱাৰ গ্ৰুপৰ কেন্দ্ৰীয় সমিতিৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পিছত কেশৱ ৰাওৱে দীৰ্ঘদিন ধৰি মাওবাদী সংগঠনত বিশেষ গেৰিলা স্কোৱাডৰ নেতৃত্ব লৈছিল।

অস্ত্ৰ-শস্ত্ৰৰ পৰা আৰম্ভ কৰি প্ৰশিক্ষণলৈকে সকলো কামৰ দায়িত্বত থকা কেশৱ ৰাওক অবিভক্ত অন্ধ্ৰপ্ৰদেশ,  মহাৰাষ্ট্ৰ আৰু অবিভক্ত মধ্যপ্ৰদেশত সংগঠনটোৰ সম্প্ৰসাৰণৰো দায়িত্ব দিয়া হৈছিল।

১৯৯৪-৯৫ চনত সংগঠনটোত গেৰিলা স্কোৱাড আৰম্ভ হৈছিল। ১৯৯৯ চনৰ মে’ মাহৰ আশে-পাশে কেন্দ্ৰীয় গেৰিলা স্কোৱাড ভংগ কৰি প্লাটুন,  স্থানীয় গেৰিলা স্কোৱাড আৰু বিশেষ গেৰিলা স্কোৱাড আৰম্ভ কৰা হৈছিল।

এই সময়ছোৱাত প্ৰথমবাৰৰ বাবে সামৰিক আৰু সাংগঠনিক কামৰ বাবে পৃথক পৃথক দল গঠন কৰা হয়। এই সময়ছোৱাতে কেশৱ ৰাওৱে কেন্দ্ৰীয় সামৰিক আয়োগৰ প্ৰভাৰী হিচাপে দায়িত্ব পালন কৰিছিল।

২০০০ চনত এই মাওবাদী সংগঠনটোৱে পিপলছ লিবাৰেচন গেৰিলা আৰ্মী গঠন কৰে। আৰু এই সময়ছোৱাত কেশৱ ৰাওৱে সংগঠনটোৰ সৰ্বোচ্চ কমিটী অৰ্থাৎ পুলিটব্যুৰোত স্থান লাভ কৰে।

তাৰ পিছতে কেশৱ ৰাওৰ নাম দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হিংসাত্মক মাওবাদী কাৰ্যকলাপৰ সৈতে জড়িত হ’বলৈ আৰম্ভ কৰে। দুধৰ্ষ এই মাওবাদী নেতাগৰাকীৰ মূৰৰ মূল্যও বিভিন্ন ৰাজ্যিক আৰু কেন্দ্ৰীয় সংগঠনে বৃদ্ধি কৰি গৈ থাকে। 

যোৱা মাহত ছত্তীশগড় চৰকাৰে মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আৰু পুলিটব্যুৰোৰ সদস্যসকলৰ মূল্য এক কোটি টকাকৈ ঘোষণা কৰিছিল। এন আই এ, চি বি আই আৰু বিভিন্ন ৰাজ্য চৰকাৰে কেশৱ ৰাওৰ ওপৰত ঘোষণা কৰা মূল্যকে ধৰি তেওঁৰ মূৰৰ মূল্যৰ মুঠ পৰিমাণ ডেৰ কোটি টকাতকৈয়ো অধিক। 

সংগঠনত কেনেকৈ শীৰ্ষত উপনীত হ’ল বাসৱৰাজু?


২০০৯ চনত কোবাদ গাণ্ডী আৰু ২০১০ চনত পুলিটব্যুৰোৰ অন্যতম সদস্য বিজয় দা ওৰফে নবীন প্ৰসাদ ওৰফে নাৰায়ণ সন্যালক গ্ৰেপ্তাৰ কৰা ঘটনাই সংগঠনটোৰ বাবে বহু সংকটৰ সৃষ্টি কৰিছিল।

২০১০ চনৰ জুলাই মাহত চি পি আইৰ মাওবাদী মুখপাত্ৰ চেৰুকুৰি ৰাজকুমাৰ ওৰফে আজাদ আৰু ২০১১ চনৰ নৱেম্বৰ মাহত কোটেশ্বৰা ৰাও ওৰফে কিষাঞ্জীক হত্যা কৰাৰ পিছত মাওবাদী সংগঠনত কেশৱ ৰাওৰ গুৰুত্ব সৰ্বাধিক হৈ পৰে।

ইফালে চিপিআই (মাওবাদী)ৰ অসুস্থ আৰু পুৰণি সাধাৰণ সম্পাদক মুপল্লা লক্ষ্মণ ৰাও ওৰফে গণপতিয়ে সংগঠনটোৰ পদৰ পৰা অব্যাহতিৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। সেয়ে স্বাভাৱিকতে কেশৱ ৰাও চিপিআই (মাওবাদী)ৰ নেতৃত্ব লোৱাৰ আগশাৰীৰ প্ৰতিদ্বন্দি হৈ পৰে।

সেই মতেই ২০১৮ চনত নামবল্লা কেশৱ ৰাও ওৰফে বাসৱৰাজুক দলৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হয়। বেছিভাগ মাৰ্ক্সবাদী আৰু মাওবাদী সংগঠনৰ বাবে সাধাৰণ সম্পাদক পদেই হৈছে সংগঠনটোৰ সৰ্বোচ্চ পদ।

কি কয় সুৰক্ষা বাহিনী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে? 

বাষ্টাৰ আৰক্ষীৰ আই জি সুন্দৰৰাজ পিয়ে বুধবাৰৰ অভিযানৰ সন্দৰ্ভত কয়, ২০২৪ চনত নিৰাপত্তা বাহিনীয়ে নক্সালবাদীৰ বিৰুদ্ধে যিদৰে নিৰ্ণায়ক আৰু ফলপ্ৰসূ অভিযান চলাইছিল, আমি ২০২৫ চনতো ইয়াক অবিৰতভাৱে আগুৱাই লৈ গৈ আছো। ইয়াৰ ফলস্বৰূপে মাওবাদী সংগঠনটোৰ সাধাৰণ সম্পাদক, চি পি আই মাওবাদীৰ পুলিটব্যুৰো সদস্যও নিহত হয়। প্ৰথমবাৰৰ বাবে ছত্তীগড়ত মাওবাদীৰ পুলিটব্যুৰো আৰু সাধাৰণ সম্পাদক পৰ্যায়ত নেতাৰ মৃত্যু হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইটাৰত পোষ্ট কৰি কয়, "নক্সালবাদ নিৰ্মূলৰ যুঁজত এক ঐতিহাসিক কৃতিত্ব। আজি ছত্তীশগড়ৰ নাৰায়ণপুৰত এক অভিযানত আমাৰ নিৰাপত্তা বাহিনীয়ে চিপিআই-মাওবাদী সাধাৰণ সম্পাদক, শীৰ্ষ নেতা তথা নক্সাল আন্দোলনৰ মেৰুদণ্ড নম্বলা কেশৱ ৰাও ওৰফে বাসৱৰাজুকে ধৰি ২৭ জন দুধৰ্ষ মাওবাদীক হত্যা কৰিছে।"

গৃহমন্ত্ৰী অমিত শ্বাহ ছত্তীশগড় মাওবাদী