/asomiyapratidin/media/media_files/2025/02/13/BRte9cs9BCqcnmzJtiMV.png)
অৱশেষত আশা কৰা ধৰণেই মণিপুৰত জাৰি কৰা হ'ল ৰাষ্ট্ৰপতিৰ শাসন। ৰাজ্যখনৰ শেহতীয়া ৰাজনৈতিক পৰিবেশে ৰাষ্ট্ৰপতিৰ শাসন প্ৰায় নিশ্চিত কৰি তুলিছিল। ৰাজ্যখনত এইদৰে ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ আঁৰৰ কাৰণ কি? কি কাৰণত বিজেপিয়ে চেষ্টা কৰিও ৰক্ষা কৰিব নোৱাৰিলে মণিপুৰ? এই সকলো দিশ সামৰি তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
বৃহস্পতিবাৰে অশান্ত মণিপুৰত জাৰি কৰা হয় ৰাষ্ট্ৰপতিৰ শাসন। ২০২৩ চনৰ মে’ ৰ পৰা অশান্ত হৈ থকা মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰাণালয়ে এক নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ পূৰ্বে যোৱা ৯ ফেব্ৰুৱাৰীত মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল এন বীৰেন সিঙে।
কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে জাৰি কৰা এক অধিসূচনাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষ্যত কোৱা হৈছে যে, ‘’মণিপুৰৰ ৰাজ্যপালৰ প্ৰতিবেদন মই লাভ কৰিছো। সেই প্ৰতিবেদন পৰীক্ষা কৰি আৰু অন্যান্য তথ্যৰ ভিত্তিত মই পতিয়ন গৈছো, সংবিধান অনুসৰি তাত চৰকাৰ চলোৱা সম্ভৱ হৈ থকা নাই।‘’
অধিসূচনাত ৰাষ্ট্ৰপতিগৰাকীৰ ভাষ্যত আৰু কোৱা হৈছে যে, সংবিধানৰ ৩৫৬ নং অনুচ্ছেদে প্ৰদান কৰা ক্ষমতাৰ প্ৰয়োগ কৰি ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে মণিপুৰ ৰাজ্য চৰকাৰৰ সকলো কাম আৰু সেই ৰাজ্যৰ ৰাজ্যপালৰ হাতত নিহিত বা প্ৰয়োগ কৰিব পৰা সকলো ক্ষমতা নিজে গ্ৰহণ কৰিম।
২০২৩ ৰ মে’ত আৰম্ভ হৈছিল মণিপুৰৰ সংঘাত
২০২৩ ৰ মে’ত মণিপুৰত হৈছিল হিংসাত্মক পৰিবেশৰ সূচনা। তেতিয়াই আৰম্ভ হোৱা মণিপুৰৰ হিংসাত্মক পৰিস্থিতিয়ে ১ বছৰ ৮ মাহ ২১ দিন অতিক্ৰম কৰিলে।
এই সুদীৰ্ঘ সময়ত চৰকাৰী তথ্য অনুসৰিয়েই মৃত্যু হ’ল ২২১ গৰাকী নিৰীহ জনতাৰ। গৃহহীন হ’ল ৬০ হাজাৰৰো অধিক লোক। জ্বলি ছায় হ’ল ৪৭৮৬ টা বাসগৃহ আৰু ৩৮৬ টা ধৰ্মীয় উপাসনা গৃহ। ধৰ্ষিতা, লাঞ্চিতা হ’ল অনেক। তাৰ পাছতো সলনি নহ’ল পৰিবেশ। চলি থাকিল ৰাজনীতি আৰু হিংসা।
কিন্তু ৯ ফেব্ৰুৱাৰীত হঠাৎ সলনি হ’ল দৃশ্যপট। কোনো আগজাননী নিদিয়াকৈ পদত্যাগ কৰিলে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে।
মণিপুৰত কিয় জাৰি কৰা হ’ল ৰাষ্ট্ৰপতি শাসন?
মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ আঁৰত আছে বিজেপিৰ ৰাজনীতি। ৰাজ্যখনত এনে এক সময়ত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰিছিল যি সময়ত বিজেপি চৰকাৰ ভংগ হোৱাটো নিশ্চিত হৈ পৰিছিল।
১১ ফেব্ৰুৱাৰী, সোমবাৰৰ পৰা আছিল মণিপুৰ বিধানসভাৰ অধিবেশন। এই অধিবেশনৰ পূৰ্বে ৯ ফেব্ৰুৱাৰী, শনিবাৰে নিশা দিল্লীৰ পৰা উভতি আহি এন বীৰেন সিঙে সম্বিত পাত্ৰ আৰু আন কেইবাজনো বিজেপি বিধায়কৰ উপস্থিতিত ইম্ফলত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভল্লাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছিল।
এই পদত্যাগ পত্ৰত তেওঁ লিখিছিল, মণিপুৰৰ জনসাধাৰণক এতিয়ালৈকে সেৱা আগবঢ়োৱাটো এক গৌৰৱৰ বিষয়। মণিপুৰৰ স্বাৰ্থ ৰক্ষাৰ বাবে সময়মতে কেন্দ্ৰীয় চৰকাৰে লোৱা পদক্ষেপ, হস্তক্ষেপ, উন্নয়নমূলক কাম আৰু বিভিন্ন প্ৰকল্প ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি মই অত্যন্ত কৃতজ্ঞ।’
মন কৰিবলগীয়া যে এন বীৰেন সিঙৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘৰ্ষত সাৰপানী যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছিল।এনে এক গোচৰতে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় ফৰেনছিক লেবলৈ অভিযোগ সম্বলিত এটা অ’ডিঅ বাৰ্টা পৰীক্ষাৰ বাবে প্ৰেৰণৰ নিৰ্দেশ দিছিল। য’ত এন বীৰেন সিঙৰ মাত নিশ্চিত কৰিবলৈ কোৱা হৈছিল।
এন বীৰেন সিঙে পদত্যাগ কৰাৰ পাছত কেন্দ্ৰীয় নেতৃত্বই মণিপুৰক নেতৃত্ব দিব পৰা এজন বিজেপি নেতাৰ সন্ধানত আছিল যদিও তেনে কোনো নেতা নিৰ্বাচিত কৰিব নোৱাৰিলে। চলিত সপ্তাহতে উত্তৰ পূৰ্বাঞ্চলৰ সম্বনয়ক সম্বিত পাত্ৰই বিজেপি সাংসদসকলৰ সৈতে কেইবাখনো বৈঠকত বহিছিল।
মঙলবাৰে মণিপুৰৰ বিজেপিৰ মুৰব্বী শৰ্দা দেৱী আৰু তিনি সাংসদৰ সৈতে ৰাজভৱনত ৰাজ্যপাল অজয় ভল্লাকো সাক্ষাৎ কৰিছিল। তাৰ মাজতে মণিপুৰৰ কেইবাজনো বিজেপি বিধায়কৰ নাম পৰৱৰ্তী মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হিচাপে চৰ্চালৈ আহিছিল যদিও অৱশেষত আজি ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হয়।
মন কৰিবলগীয়া যে, এন বীৰেন সিঙে মণিপুৰ বিধানসভাৰ অধিবেশন বাতিল কৰি পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচিত নোহোৱালৈকে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে এন বীৰেন সিঙকে দায়িত্ব পালন কৰিবলৈয়ো অনুমতি প্ৰদান কৰিছিল।
ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে বিজেপিয়ে কিছু তৎপৰতা দেখুৱাইছিল যদিও সেয়া সম্ভৱ কহৈ নুঠিল। সেয়ে সম্বিত পাত্ৰই ৰাজ্যিক বিজেপিৰ সভাপতিকে ধৰি একাধিক নেতাক লৈ ৰাজ্যপাল অজয় ভাল্লাক সেই কথা অৱগত কৰে।
ইফালে গোটেই বিষয়টো অধিক জটিল কৰি পেলাই সংবিধানৰ ১৭৪ (১) অনুচ্ছেদে। অনুচ্ছেদ ১৭৪ (১)-এ বিধানসভাৰ অধিবেশন, স্থগিতকৰণ, বিলুপ্তিৰ অধিকাৰ প্ৰদান কৰিছে। তাৰোপৰি এই অনুচ্ছেদ অনুসৰিয়েই বিধানসভাসমূহে বছৰত অতি কমেও দুবাৰ অধিবেশন অনুষ্ঠিত কৰিব লাগিব। আৰু এখন অধিবেশনৰ পৰা দ্বিতীয়খন অধিবেশনৰ নিৰ্ধাৰিত তাৰিখৰ মাজত ছয় মাহৰ বেছি হ’ব নোৱাৰিব।
মণিপুৰ বিধানসভাৰ অন্তিমখন অধিবেশন বহিছিল ২০২৪ ৰ ১২ আগষ্টত। সংবিধানৰ নিয়ম অনুসৰি ২০২৫ ৰ ১২ ফেব্ৰুৱাৰীৰ ভিতৰত দ্বিতীয়খন অধিবেশন হ’ব লাগিছিল। কিন্তু তেনে নোহোৱাত এতিয়া বিধানসভা সম্পূৰ্ণৰূপে ভংগ কৰিবলৈ বাধ্য হৈছে।
এনে পৰিস্থিতিতে বিজেপিয়ে মণিপুৰ নিজৰ লগত ৰাখিব নোৱাৰিলে। জাপি দিলে ৰাষ্ট্ৰপতিৰ শাসন। অৱশ্যে অশান্তি মণিপুৰক শান্তিৰ পথলৈ আনিবলৈ হয়তো কোনোবাখিনিত প্ৰয়োজন আছিল ৰাষ্ট্ৰপতিৰ শাসনৰ। তথাপিও এই ক্ষুদ্ৰ ৰাজ্যখনক ৰাজনীতিৰ স্বাৰ্থত যিদৰে ব্যৱহাৰ কৰা হ’ল সেয়া কাললৈ খোদিত হৈ থাকিব ৰাজনৈতিক ইতিহাসত।