মঞ্চতে শেষ হৈ যাব নেকি গছৰ তলৰ বিহু?

আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালতে প্ৰথমে বিহুৱে ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতা লাভ কৰাৰ পাছত বিহুৱে জাতীয় উৎসৱৰ মৰ্যাদা লাভ কৰিছিল যদিও বিহু মূলতঃ আছিল উজনি অসম কেন্দ্ৰিক।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
মঞ্চতে শেষ হৈ যাব নেকি গছৰ তলৰ বিহু?

ৰাজ্যত অব্যাহত আছে বিহুৰ আনন্দ, উল্লাস। মঞ্চ বিহুৰ অনুষ্ঠান চাবলৈ নিশা দুপৰলৈ ভিৰ কৰিছে ৰাইজে। তাৰ মাজতে সংঘটিত হৈছে কেইবাটাও বিক্ষিপ্ত ঘটনা। পৰম্পৰা ৰক্ষাৰ নামতো হৈছে বিতৰ্ক। মঞ্চতে অপমানিত হৈছে শিল্পী। মঞ্চৰ তলতো দৰ্শকে দেখুৱাইছে বেপেৰুৱা আচৰণ। মঞ্চ বিহুৰ উৎপত্তি, বিবৰ্তন আৰু বিতৰ্কৰ এই গোটেই প্ৰক্ৰিয়াৰ সন্দৰ্ভত তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

 

আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালতে পোনপ্ৰথমে বিহুৱে ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতাতে পৰৱৰ্তী সময়ত বিহুৱে জাতীয় উৎসৱৰ মৰ্যাদা লাভ কৰিছিল যদিও সেই সময়ছোৱাত বিহু মূলতঃ আছিল উজনি অসম কেন্দ্ৰিক। 

‘ৰংপুৰ’ৰ পৰা বহু আঁতৰৰ নামনি অসমত বিহু তেতিয়াও স্পৰ্শ কৰা নাছিল। এই অঞ্চলটোত মূলতঃ কুৰি শতিকাৰ পঞ্চাশৰ দশকৰ পাছতহে বিহুৱে চিনাকী লাভ কৰে। তাৰ মাজতেই বিহুৱে নানান প্ৰত্যাহ্বানৰো সন্মুখীন হ’বলগীয়া হয়।

পথাৰ, গছৰ তল আৰু ৰজাঘৰৰ মাজতে সীমাবদ্ধ হৈ থকা বিহু অসমীয়া সমাজখনৰে এচামৰ বাবে আছিল অস্পৃচ্ছ। তেওঁলোকৰ মাজৰ পৰাই প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বিহুৱে হেলাৰঙে সেই প্ৰত্যাহ্বান উফৰাই পথাৰ, গছৰ তল আৰু ৰজাঘৰৰ পৰা আহি মঞ্চত উঠিল।

কোনো কোনোৰ মতে ১৯১৬ চনত স্থাপন হোৱা ‘অসম ছাত্ৰ সন্মিলনী’ৰ তেজপুৰৰ ‘ঊষা ছাত্ৰ সভা’ই ১৯২১ চনত লোক সংস্কৃতিৰ বিকাশৰ বাবে অসমত প্ৰথম মঞ্চ বিহুৰ সূচনা কৰিছিল। কোনো কোনোৰ মতে আকৌ ১৯৩৪ চনতহে গোলাঘাটত মঞ্চ বিহুৰ প্ৰথম আৰম্ভ হৈছিল।

তাৰ পৰিবৰ্তে আন বহুতেই লতাশিলত ১৯৫২ চনত আৰম্ভ হোৱা মঞ্চ বিহুকেই প্ৰথম মঞ্চ বিহু বুলি দাবী কৰি আহিছে। স্বাধীনতাৰ পাছত অসমীয়া জাতিক বিশ্বত পৰিচয় কৰাৰ মানসিকতাৰে ডাঃ ভূৱনেশ্বৰ বৰুৱা, প্ৰবীণ ফুকন, বিৰিঞ্চি বৰুৱা, অতুল চন্দ্ৰ হাজৰিকা, ৰাধা গোবিন্দ বৰুৱা, লক্ষ্যধৰ চৌধুৰী, সূৰ্য কুমাৰ ভূঞা, যুগল দাস আদিৰ দৰে ব্যক্তিসকলৰ প্ৰচেষ্টাত লতাশিলত মঞ্চ বিহুৰ সূচনা হোৱাৰ কথা উল্লেখ। 

এই মঞ্চবিহুখন অনুষ্ঠিত কৰাৰ বাবে ১৯৫২ত উজানবজাৰত ডাঃ ভূৱনেশ্বৰ বৰুৱাৰ সভাপতিত্বত উজানবজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত সভা অনুষ্ঠিত হৈছিল। লতাশিলৰ এই মঞ্চ বিহুখনৰ পৰাই অসমৰ সৰ্বত্ৰে মঞ্চ বিহুৰ জনপ্ৰিয়তা বৃদ্ধি হোৱোৰ কথাক অৱশ্যে সকলোৱেই স্বীকাৰ কৰি লৈছে। 

পথাৰৰ, গছৰ তলৰ বিহু মঞ্চত উঠাৰ লগে লগেই দৰ্শকৰ ৰুচি অনুসৰিয়েই ইয়াৰ প্ৰকৃত ৰূপটোৰো পৰিবৰ্তন হ’ল। আনকি মঞ্চত উঠাৰ পাছত বিহুৰ লোক-সংস্কৃতিৰ বৈশিষ্ট্যৰ প্ৰতিও ভাবুকি নামি আহিল বুলি দাবী কৰি আহিছে বিশেষজ্ঞসকলে।

পঞ্চাশৰ দশকত আৰম্ভণিতে বিহুক মঞ্চত সৰল ৰূপতে উপস্থাপন কৰা হৈছিল যদিও পাছলৈ ইয়াৰ পৰিবেশনৰ ধৰণ সলনি হ’ল। চহা কৃষকৰ পৰা বিহু বহু দূৰলৈ আঁতৰি আহিল। মঞ্চত উঠাৰ পাছতেই বিহু চহা জীৱনৰ পৰা আঁতৰি আহি ধনীৰ উৎসৱলৈ ৰূপান্তৰ হ’ল।

প্ৰতিযোগিতাই বিহুক পুঁজিবাদী এক ব্যৱস্থাৰ মাজলৈ লৈ গ’ল। প্ৰতিযোগিতাৰ বাবেই বিহুক ব্যাকৰণেৰে বান্ধি বাধ্যতামূলক কৰি পেলোৱা হ’ল মূগাৰ ৰিহা-মেখেলা, গামখাৰু,  ঢোলবিৰি, জোনবিৰি, লোকাপাৰ অথবা ডুগডুগী আদি। ফলত ইচ্ছা থকা স্বত্বেও বহুতৰ বাবে বিহু হৈ পৰিল বিলাসীতা। সাধাৰণ কৃষকৰ কন্যাই বিহু নাচিবলৈ মঞ্চত উঠাৰ হাবিয়াস থাকিলেও অৰ্থনৈতিক অৱস্থাই সেই হাবিয়াসক পূৰ্ণতা দিব নোৱাৰা হ’ল। 

কৃষকৰ বিহু নগৰলৈ আহি মঞ্চত উঠিল ঠিকেই। কিন্তু বিহুৰ এই নতুন ৰূপে বহু বিতৰ্কৰো সূচনা কৰিলে আৰু আজিও সেই বিতৰ্ক নতুন নতুন ৰূপত অব্যাহত আছে। অৱশ্যে পঞ্চাশৰ দশকত বিহুক মঞ্চলৈ উঠাই অনা এই কাৰ্যত আছিল বহু ইতিবাচক দিশ। 

মঞ্চ বিহুৰ বাবেই উজনিৰ পৰা নামনিলৈ বিহু জনপ্ৰিয় হৈ পৰিল। উজনিৰ দৰে নামনিত বিহুৰ সকলো নীতি-নিয়ম অনুৰূপ ধৰণে পালন নকৰিলেও ‘জাতীয় উৎসৱ’ হিচাপে বিহু উদযাপনত হাত উজান দিলে। আৰু আজিৰ তাৰিখত উজনিৰ দৰেই নামনিৰ প্ৰতিখন গাঁৱতে ‘জাতীয় উৎসৱ’ৰ উদযাপন হয়।

এসময়ত গুৱাহাটীত হুছৰি গাবলৈ অহা যুৱকৰ দলক ‘কেলেহুাৱাহঁত’ বুলি কটাক্ষ কৰাসকলেও পাছত মঞ্চ বিহুৰে জাতিয় উৎসৱত বিলীন কৰি দিলে নিজক। সেই গুৱাহাটীৰ মাজমজিয়াতে এতিয়া আকৌ মঞ্চ বিহুত সংস্কৃতি ৰক্ষাৰ নামত পোচাকক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্ক।

বিহুৰ মঞ্চত সুৰা সেৱন কৰি (উত্থাপিত অভিযোগ) সংস্কৃতিৰ তথাকথিত ৰক্ষাকাৰীসকলে অপমান কৰিবলৈ কুণ্ঠাবোধ নকৰিলে অসমৰ আজিৰ তাৰিখৰ অন্যতম ভদ্ৰ, নম্ৰ, প্ৰতিষ্ঠিত, বহু জনপ্ৰিয় কণ্ঠ শিল্পীৰ গুৰু দিগন্ত ভাৰতীৰ দৰে শিল্পীক। অজুহাত তেওঁ পৰিধান কৰা জিন্স।

দৰ্শকৰ শাৰীৰ পৰা ধৰি বান্ধি মঞ্চত উঠাই গামোচা পিন্ধাই গান গাবলৈ খাটনি ধৰাৰ মাজৰেই একাংশই আকৌ তেওঁক ধুতি পৰিধান নকৰাৰ বাবেই মঞ্চৰ পৰা ‘মাইক্ৰ’ফোন অফ’ কৰি নমাই দিলে। পাছত পৰিস্থিতিয়ে ভীষণ ৰূপ ধাৰণ কৰাৰ পূৰ্বেই পলায়ন কৰিলে মঞ্চৰ পৰাই।

মঞ্চ বিহুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক এয়াই প্ৰথম নহয়। এইখন গুৱাহাটীতে কিছু বছৰ পূৰ্বে মঞ্চত হিন্দী গীত পৰিবেশন কৰাক লৈ সৃষ্টি হৈছিল বিতৰ্ক। আধাতে সংগীতানুষ্ঠান সামৰি গুছি গৈছিল জুবিন গাৰ্গ। সেইদৰেই গুৱাহাটীতে আন এখন মঞ্চতো হেনো গীত পৰিবেশন নকৰাকৈ ঘূৰি গৈছিল জুবলি বৰুৱাও। মৌচম গগৈৰ দৰে নম্ৰ গায়ককো মঞ্চতে গীত গাই থকাৰ মাজতে অপমান কৰাৰ উদাহৰণ আছে। 

গৰু বিহুৰ দিনাৰ পৰাই ৰাজ্যত আৰম্ভ হৈছে মঞ্চ বিহুৰ অনুষ্ঠান। যদিও বিহু আখ্যা দিয়া হৈছে মঞ্চ বিহু এতিয়া মূলতঃ গায়ক, গায়িকাৰ সংগীতানুষ্ঠানৰ বাহিৰে একো নহয়। ইয়াত বিহুৰ কোনো লোকাচাৰ নাথাকে। বিহুৰ নামত পতা মঞ্চত চলে বিভিন্ন প্ৰতিযোগিতা। ইয়াত নাথাকে মাটি আৰু কৃষিৰ সম্পৰ্ক।

মঞ্চ বিহুত নামি,দামী গায়ক, গায়িকাক কেইবা লাখ টকাৰ বিনিময়ত গান গাবলৈ মতা হয়। যিসকলৰ ধন কম, বা সৰু সৰু অঞ্চলৰ মঞ্চ বিহুত কম বাজেটৰ গায়ক, গায়িকাক গান গাবলৈ মতা হয়। এনে বহু বিহুৰ মঞ্চৰ কাষত সগৌৰৱে জিলিকি থাকে বিলাসী সুৰা অথবা বহু জাতিক প্ৰতিষ্ঠানৰ বিজ্ঞাপন।

ব’হাগৰ গোটেই মাহৰ উপৰিও জেঠৰ শেষলৈ চলা এই মঞ্চ বিহুত অনুষ্ঠান কৰি ধন ঘটাৰ বাবেই সাধনা, চৰ্চা অবিহনেও গান গাবলৈ ভিৰ কৰিবলৈ আৰম্ভ কৰা হ’ল গায়ক, গায়িকাই। মঞ্চ দখল কৰাৰ স্বাৰ্থতে গীতৰ কোনো মান নোহোৱাকৈ কেৱল সস্তীয়া জনপ্ৰিয়তাই এতিয়া বহুতৰ মূল উদ্দেশ্য হৈ পৰিল।

উৰে ৰাতি আনকি পুৱা বেলি উদয় হোৱালৈকে চলি থকা এনে মঞ্চ বিহুৰ পৰিবেশ এনে এক পৰ্যায়তো উপনীত হৈছেগৈ যে পৰিয়ালৰ সৈতে একেলগে গৈ সেই অনুষ্ঠান চোৱাৰ পৰিবেশেই নোহোৱা হৈ পৰিল। ক’ৰবাত যদি বোকাত বাগৰি কোনোবাই উদ্ভণ্ডালী কৰিছে, আন ক’ৰবাত আকৌ সুৰা বাহিনীৰ সংঘাতত নিৰীহজনহে আহাত হৈছে।

ক’ৰবাত যদি আয়োজকেই সুৰাৰ ৰাগীত মাতাল হৈ গায়ক, গায়িকাক মঞ্চৰ পৰা গতিয়াই নমাই দিছে আন ক’ৰবাত আকৌ বাদ্যযন্ত্ৰীৰ ওপৰত আক্ৰমণ চলিছে। ক’ৰবাত ক’ৰবাত আকৌ মঞ্চত গায়ক, গায়িকাই গান গাই থাকোতেই ধন গোটাবলৈ অসমৰ্থ আয়োজকে পলায়ন কৰিছে।

এখনৰ পিছত এখনকৈ লানি নিছিগাকৈ মঞ্চ ‘বুকিং’ কৰা গায়ক, গায়িকা আকৌ বহু সময়ত দুৰ্ঘটনাত পতিত হোৱাৰ দৰে দুৰ্ভাগ্যজনক ঘটনাৰ অভিজ্ঞতাৰ সন্মুখীন হৈছে। এনে দুৰ্ভাগ্যজনক ঘটনাতে প্ৰাণ হেৰুৱালে বহু প্ৰতিভাই।

কৃষকৰ পথাৰৰ, গছৰ তলৰ বিহুক মঞ্চলৈ তুলি অনাৰ উদ্দেশ্য নিশ্চয়কৈ এয়া নাছিল। বিহুক মঞ্চলৈ তুলি আনিছিল জাতীয় জীৱনৰ সাংস্কৃতিক চেতনাৰ প্ৰতীক হিচাপেহে। বিহুৰ জৰিয়তেই অসমৰ উজনি, নামনিৰ মাজত এক সমন্বয়ৰ ভেঁটি গঢ়ি তোলা হৈছিল।

নামনি অসমো অতিজৰে পৰা ওজাপালি, দৌল, ম’হোহো আদিৰ দৰে চহকী লোক উৎসৱেৰে পৰিপূৰ্ণ। অথচ বিংশ শতিকাৰ পঞ্চাশৰ দশকৰ পাছত আৰম্ভ হোৱা মঞ্চ বিহুৰ বাবেই এই অঞ্চলটোতো বিহু জনপ্ৰিয় হৈ উঠিল আৰু সৰ্বত্ৰে বিহু হৈ পৰিল জাতীয় উৎসৱ।

মঞ্চ বিহুৰ জনপ্ৰিয়তাৰ বাবেই গছৰ তলৰ বিহুৱে ৰাজ্য আৰু দেশৰ পৰিধি অতিক্ৰমী বিদেশলৈ শিপাইছে বুলি কলেও অত্যুক্তি নিশ্চয় নহ’ব। এনে মহান উদ্দেশ্যৰে আৰম্ভ হোৱা মঞ্চ বিহুৰ এই অধপতিত ৰূপ জাতীয় জীৱন, সংস্কৃতি, ঐতিহ্য, পৰম্পৰা আদি সকলো দিশৰ প্ৰতিয়েই ভাবুকি।

সময় থাকোঁতেই মঞ্চ বিহুৰ নামত চলি থকা বজৰুৱামিখিনক একাষৰীয়া কৰাহে উচিত। অন্যথা এনে সময়ো দেখিব লাগিব য’ত বিহুৰ নামত মঞ্চত বিহাৰ, ইউ পিৰ মেলাৰ ‘চিত্ৰহাৰ’ৰ দৰে অনুষ্ঠানত স্বপ্ল বস্ত্ৰ পৰিহিতাই নৃত্য কৰিছে আৰু মঞ্চৰ তলত মুকলিকৈ সুৰাৰ বটল লৈ আয়োজক, দৰ্শকে গোলাপী নিচাৰ ৰাগীত মাতাল হৈ বাগৰি বাগৰি নাচিছে। 

 

মঞ্চ বিহু বিহু ৰঙালী বিহু