সাম্প্ৰতিক সময়ত দেখা দিয়া অন্যতম জলন্ত সমস্যা হৈছে জলবায়ু পৰিৱৰ্তন। অভাৱনীয় হাৰত পৰিৱৰ্তন হৈছে জলবায়ু। ছেপ্তেম্বৰ মাহতো প্ৰখৰ ৰ’দে দহিছে জীৱকূলক। এই সময়ছোৱাত উত্তাপৰ পাৰাস্তম্ভই চুইছেগৈ ৩২ৰ পৰা ৩৬ ডিগ্ৰীপৰ্যন্ত চেলছিয়াছ। দেশৰ প্ৰায়বোৰ ৰাজ্যৰ লগতে অসমতো দ্ৰুতগতিত পৰিৱৰ্তন হৈছে জলবায়ু। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি অনাগত ৪/৫ দিনত উষ্ণতা ৪০ ডিগ্ৰী হোৱাৰো আছে সম্ভাৱনা। এই সন্দৰ্ভত ভাস্কৰ শৰ্মাৰ এক প্ৰতিবেদন-
সাময়িক সুখ বিচাৰি প্ৰকৃতিৰ বিপৰীতে গতি কৰিলে বিপদ অনিবাৰ্য। হয়তো তাৰ পৰিণাম কেইবাবছৰ পাছত ভোগ কৰিব লগা হয় মানুহে। আজিকালি মানুহবোৰ বৰ আৰমপ্ৰিয়। কষ্ট কৰিবলৈ অপৰাগ আজিকালিৰ মানুহবোৰ।
হাতৰমুঠিতে পাব বিচাৰে সকলো সা-সুবিধা। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কৃপাত পোৱা প্ৰতিটো সা-সুবিধাই গ্ৰহণ কৰিছে মানুহে। প্ৰয়োজনত অতিৰিক্ত ধন ব্যয় কৰি হ’লেও সুখানুভূতিৰ বাবে উপভোগ কৰিছে ইটোৰ পাছত সিটো সুবিধা। হয়তো সকলোৱে এইটো কথা জানে যে প্ৰতিটো বস্তুৰে থাকে সুফল আৰু কুফল। এই কথা জানি বুজিও নজনাৰ ভাওজুৰি কৰিছে ভুলবোৰ।
পৰিৱেশ সংৰক্ষণ, গছপুলি ৰোপণ তথা প্ৰকৃতি সংৰক্ষণ সন্দৰ্ভত বছৰ বছৰ ধৰি অনুষ্ঠিত হৈ আহিছে কেতবোৰ সজাগতা সভা। মেলে-মিটিঙেও সমল ব্যক্তিৰ দ্বাৰা পৰিৱেশ সংৰক্ষণ আৰু সজাগতা সন্দৰ্ভত জ্ঞান দিয়া হয়।
ইয়াৰোপৰি চৰকাৰৰ শিক্ষা বিভাগে বহু বছৰ আগৰে পৰা পৰিৱেশ সংৰক্ষণৰ বাবে পাঠ্যক্ৰম যুগুত কৰিছে। প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চ শ্ৰেণীলৈকে শিক্ষা বিভাগে পৰিৱেশ বিজ্ঞান বাধ্যতামূলক কৰিছিল। যাতে শিশুৱে সৰুৰে পৰা পৰিৱেশ সন্দৰ্ভত কিছু জ্ঞান আৰু তথ্য লাভ কৰে।
কিন্তু সাম্প্ৰতিক সময়ৰ পৰিৱেশ পট দেখি ভাব হয়- এইবোৰ পদক্ষেপে ছাত্ৰ-ছাত্ৰী কিম্বা ৰাইজক কোনো কামত দিয়া নাই। ইয়াৰ লক্ষ্য আৰু উদ্দেশ্যে পূৰণত আমি সকলোৱে কোনোবাখিত ব্যৰ্থ হৈছো।
প্ৰাকৃতিক সম্পদ ধ্বংস, অবাবত ইন্ধন ব্যৱহাৰ নাইবা অপ্ৰয়োজনত গছ কটা ইত্যাদি কাৰ্যৰ ফলত হ'ব পৰা ক্ষয়-ক্ষতিৰ বিষয়ে বহু কথাই উল্লেখ কৰা হৈছিল পৰিৱেশ বিজ্ঞান অথবা সজাগতামূলক সভাসমূহত। তাৰোপৰি বনানীকৰণ, গছপুলি ৰোপণ, প্ৰদূষণমুক্ত ইত্যাদিৰ জৰিয়তে লাভ কৰিব পৰা সুফলসমূহৰ বিষয়েও উল্লেখ কৰা হৈছিল।
এতিয়াৰ পৰিৱেশ দেখি এনে লাগে, যদি কথা মতে সকলো কাম কৰা হ’লহেঁতেন, তেন্তে আজিৰ এই দুৰ্বিষহ অৱস্থা মানৱজাতিয়ে ভোগ কৰিব নালাগিলহেঁতেন। কল-কাৰখানা, জধে-মধে গঢ়ি তোলা অট্টালিকা, উৰণ সেতু, প্ৰদূষণ, কোঠাই কোঠাই শীত-তাপ নিয়ন্ত্ৰিত ব্যৱস্থা, জনেপতি যান-বাহন, মাত্ৰাধিক ইন্ধন ব্যয়, খেতিপথাৰসমূহত ৰাসায়নিক সাৰৰ ব্যৱহাৰ আদি নানা কাৰণৰ ফলত জলবায়ুৰ প্ৰতি ভাবুকি আহি পৰিছে।
তাৰোপৰি জলবায়ু পৰিৱৰ্তনৰ অন্যতম কাৰক হৈছে অ’জন স্তৰৰ হ্ৰাস। প্ৰদূষণকে ধৰি আন কেতবোৰ কাৰণত অ’জন স্তৰ হ্ৰাস পোৱাৰ উপৰি তাত সৃষ্টি হোৱা বিন্ধাই ধৰাৰ বুকুলৈ নমাই আনিছে অশনি সংকেত। মানৱজাতিৰ কাণ্ডজ্ঞানহীন কৰ্মকাণ্ডৰ বাবেই জলবায়ুৰ অধিক তাৰতম্য ঘটা বুলিলেও বঢ়াই কোৱা নহ’ব।
এইসকলোবোৰৰ উপৰি জনসংখ্যা বৃদ্ধিও জলবায়ু পৰিৱৰ্তনৰ ঘাই কাৰক। জনসংখ্যা বৃদ্ধিৰ ফলত মানুহৰ খেতিপথাৰ তথা মুকলি মাটি পুতি অথবা ধ্বংস কৰি ঘৰ সাজিবলৈ লৈছে। যাৰ ফলত খেতিমাটি কমি গৈছে, গছ-গছনিৰে ভৰা মুকলি ঠাইবোৰতো ঘৰ নাইবা কল-কাৰখানা আদি নিৰ্মাণ কৰাৰ ফলত বনাঞ্চল ধ্বংস কৰিবলৈ বাধ্য হৈছে। যাৰ ফলত বৰষুণৰ পৰিমাণ কমি গৈছে।
মুঠৰ ওপৰত প্ৰাকৃতিৰ বুকুত পোৱা প্ৰতিটো উপাদানেই ইটো আনটোৰ সৈতে কোনোবা নহয় কোনোবাখিনিত সংপৃক্ত। পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। মাজত মাত্ৰ মানৱজাতি এডাল ছেদকৰূপে থিয় দিছে।
কিয়নো মানৱজাতিটোৱে সকলো বস্তু সহজতে নিজৰ আয়ত্বলৈ আনিব বিচাৰে, যাৰ বাবে প্ৰকৃতিৰ ক্ষতি হোৱা কৰ্মত লিপ্ত হ’ব লগা হয়। প্ৰকৃতিৰ কোনো এটা উপাদনৰ যদি ভাৰসাম্যৰ তাৰতম্য ঘটে তেন্তে প্ৰতিটো উপাদনৰ ক্ষেত্ৰতে সাল-সলনি হোৱাৰ সম্ভাৱনা থাকে। যিটো সাম্প্ৰতিক জলবায়ু পৰিৱৰ্তনত জলজল-পটপটকৈ ধৰা দিছে।