যি বাটেৰে মামনি ৰয়চম আহিছিল, সেই বাটতেই ফাগুন নামে...

যি বাটেৰে মামনি ৰয়চম আহিছিল, সেই বাটতেই ফাগুন নামে...

মামনি ৰয়চম গোস্বামী পথত অৱস্থিত অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ৰ সন্মুখতেই আছে এজোপা ব'গেনভিলিয়া গছ । প্ৰায় পঞ্চাশ বছৰৰো পুৰণি গছজোপাই বতৰা দিয়ে ফাগুণ অহাৰ, ফাল্গুৎসৱ অহাৰ । ক্ষন্তেক ৰৈ দিলেই যেন অনুভৱ হয় সেই বাতৰি । কিন্তু প্ৰশাসনৰ চকু সেই গছজোপাত । কিমান দিনলৈ পথিকৰ নয়ন জুৰাবলৈ থাকিব ব'গেনভিলিয়া জোপা... এই সন্দৰ্ভতেই জয়দীপ নাৰায়ণ দেবৰ এই বিশেষ প্ৰতিবেদন

ভীমশেখৰ বৰুৱাৰ এটি গল্পত পথৰ ব'গেনভিলিয়া জোপাই গছজোপাৰ তলেৰে পাৰ হৈ যোৱা সৰু ছোৱালী এজনীক মূৰত দুপিয়াই সম্ভাষণ জনাইছিল । ভৰ দুপৰীয়া সৰু ছোৱালী এগৰাকীৰ সৈতে ব'গেনভিলিয়াজোপাৰ কথোপকথনে কি এক নান্দনিক দৃশ্যৰ সৃষ্টি কৰিছিল সেইয়া পঢ়ুৱৈ সকলৰ বাহিৰে আনে অনুধাৱন কৰা অসম্ভৱ আছিল । একেদৰেই প্ৰখ্যাত বঙালী সাহিত্যিক শংকৰৰ মতে, বিশ্ব প্ৰকৃতি, তৰু-লতাই আমালৈ বাৰ্তা কঢ়িয়াই আনে । আমাৰ বাবে কঢ়িয়াই অনা বাৰ্তা জানো আনে পঢ়িব পাৰিব কোনোবা দিনা ? এইয়াটো ডাকঘৰৰ চিঠি নহয় ।

ফাগুনৰ পূৰ্ণিমা তিথিত উদযাপন কৰা ফাকুৱা অথবা ফাল্গুৎসৱৰ সৈতে প্ৰত্যেকজোপা ফুলগছৰেই আছে এক চিৰন্তন সম্পৰ্ক । কাঞ্চন, মদাৰ, পলাশ ফুলৰ ৰঙবোৰেই আবিৰ হৈ দেখা দিয়ে আপোনজনৰ হাতৰ মুঠিত । পূৰ্বতে এই ফুলবোৰৰ পৰাই তৈয়াৰ কৰা হৈছিল ফাল্গুৎসৱৰ আবিৰ ।

মামনি ৰয়চম গোস্বামী পথত থকা অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ৰ ঠিক সন্মুখতেই থকা ব'গেনভিলিয়াজোপাই ফাগুন সোমোৱাৰ সৈতেই কঢ়িয়াই আনে ফাল্গুৎসৱৰ আগজাননী । চৌদিশে ধূলিময় এক উদাস পৰিৱেশৰ মাজত ৰিব ৰিব বতাহত কপি থকা ফুলপাহবোৰে যেন কয় "ফাগুন আহিছে, জীপাল হোৱা । এইয়া উদাস হোৱাৰ সময় নহয়, এইয়া ৰঙৰ মাজেৰে তুমি প্ৰকৃতিক আৰু প্ৰকৃতিয়ে তোমাক আকোৱালি লোৱাৰ সময় ।"

উজ্জ্বল ৰঙা ফুলগছ জোপাই মূৰ দুপিয়াই সম্ভাষণ জনাই তলেৰে পাৰ হৈ যোৱা প্ৰতিগৰাকী পথিকক । ক্ষন্তেক ৰৈ কোনোবাই প্ৰতি সম্ভাষণ জনাই, কোনোবাই সময়ৰ অভাৱৰ বাবে হয়তো মূৰ নদঙাকৈয়ে পাৰ হৈ যায় । প্ৰায় ৫০ বছৰৰো পুৰণি গছজোপাৰ ইয়াৰ বাবে নাই কোনো আক্ষেপ । প্ৰকৃতিয়ে জানো বিনিময়ত কিবা বিচাৰে স্নেহাশীষ মানুহৰ পৰা ?

এই গছজোপাৰ তলেৰেই এটা দশকৰো বহু পূৰ্বে আহিছিল অসমীয়া সমাজৰ এক তৰা । অসমীয়া সাহিত্যতো এজোপা উজ্জ্বল ৰঙৰ ব'গেনভিলিয়াস্ৱৰূপ মামনি ৰয়চম গোস্বামী । মামনি ৰয়চম গোস্বামীৰ সেই বিখ্যাত ৰঙাবুলীয়া শাৰী আৰু শিৰত ডাঙৰ ৰঙা ফোটটোৰে এই বাটেৰেই অহা যোৱা কৰিছিল মামনি ৰয়চম গোস্বামীয়ে । হয়তো ব'গেনভিলিয়াজোপাই এতিয়াৰ দৰেই মূৰ দুপিয়াই সম্ভাষণ জনাইছিল মামনি ৰয়চম গোস্বামীকো । অৱশ্যে মামনি ৰয়চম গোস্বামীৰ সত্ত্বা কেৱল সম্ভাষণ জনায়েই পাহৰি যাব পৰা বিধৰ নাছিল কোনো কালেই । যি মামনি ৰয়চম গোস্বামীক এবাৰলৈ হ'লেও লগ পাইছে তেওঁৰ মনত চিৰস্থায়ী এমোকোৰা হাঁহিৰে সুন্দৰ অথচ একুৰা জীয়া জুই মামনি ৰয়চম গোস্বামী । এই জুই আছিল সমাজৰ বাধাৰ প্ৰাচীৰ ভাঙি নিজৰ নিয়ম নিজে গঢ়াৰ । এই জুই আছিল তেখেতৰ বৌদ্ধিকতাৰ । এই জুই তেখেতৰ পাণ্ডিত্যৰ ।

যিদৰে সমাজৰ সকলো বাধাৰ প্ৰাচীৰ ভাঙি এক নিদৰ্শন হৈ জীয়াই আছিল মামনি ৰয়চম গোস্বামী ঠিক সেইদৰেই ব'গেনভিলিয়াজোপাও এতিয়া কংক্ৰীটৰ দেৱালৰ মাজেৰে আকৌ মুক্ত আকাশলৈ আগুৱাই গৈছে । যিদৰে মামনি ৰয়চম গোস্বামীৰ ক্ষেত্ৰতো বাধা হৈ থিয় দিছিল সমাজ ঠিক একদৰেই ব'গেনভিলিয়া জোপাও সন্মুখীন হৈছিল প্ৰত্যাহ্বানৰ । ব'গেনভিলিয়াজোপাৰ কাষৰ বাসগৃহটো আছিল মুক্তি যুঁজাৰু তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত মহেন্দ্ৰ মোহন চৌধুৰীৰ সুপুত্ৰৰ চৰকাৰী আৱাস । পুত্ৰৰ পাছত সেই কোৱাৰ্টাৰটোত থাকিবলৈ দিয়া হৈছিল চতুৰ্থ বৰ্গৰ এগৰাকী কৰ্মচাৰীক । তাৰ পাছতেই যেন ৰজাঘৰৰ ওচৰত গুৰুত্ব হেৰুৱাই পেলালে গছজোপাই । গছজোপা কাটি দেৱাল দিয়াৰ পৰিকল্পনা চলিল । পঞ্চাশ বছৰৰো অধিক কাল গৌৰৱেৰে মূৰ তুলি থিয় হৈ থকাৰ পাছত যেন কোনোবাই সজোৰে আঘাত কৰিলে সেই গৌৰৱত ।

অৱশ্যে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তৰ নেতৃত্বত গঢ়ি উঠা সজাগতাত সেই বাৰলৈ ৰক্ষা পৰিল গছজোপা । কাটি দিয়াৰ পৰিৱৰ্তে গছজোপাৰ বক্ৰ ড‍ালটোৰ চাৰিওকাষেৰে দেৱাল গঢ়ি উশাহ ল'বলৈ দিয়া হ'ল ব'গেনভিলিয়া জোপাক । কিন্তু এই সকাহ কিমান দিনলৈ ? কোনো চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ আৱাসগৃহ, সন্মুখৰ এজোপা সামান্য গছে জানো গুৰুত্ব লাভ কৰিব ৰজাঘৰৰ সন্মুখত । হেজাৰ বিজাৰ লাইটেৰে পোহৰাই তোলা ৰাজধানীৰ সন্মুখত সৌষ্ঠৱ ৰক্ষা কৰিব পাৰিব নেকি সামান্য ব'গেনভিলিয়াজোপাই ।

কিন্তু ইয়াৰ সৈতে জড়িত স্মৃতি, আৱেগৰ মূল্য পৰিশোধ কৰিব পৰা যাব নে কস্মিনকালে ? যি ঘচজোপাৰ তলেৰেই এসময়ত অসমীয়া সাহিত্যৰ একুৰা জুই স্বৰূপ মামনি ৰয়চম গোস্বামীয়ে সদায় অহা যোৱা কৰিছিল, যি ব'গেনভিলিয়াৰ তলেৰেই অন্তিম বাৰৰ বাবে মামনি ৰয়চম গোস্বামীক বাঁহৰ চাঙীত কান্ধত তুলি নিয়া হৈছিল সেই ব'গেনিভিলিয়া জোপাক কাহানিও কোনোবাই প্ৰশ্ন কৰিব কিবা ?

মামনি ৰয়চম গোস্বামীৰ মৃত্যুৱে এটা দশকৰো অধিক কাল অতিক্ৰম কৰিলে । ২০১১ চনৰ ২৯ নৱেম্বৰত অসমীয়া ৰাইজে চিৰ দিনৰ বাবে হেৰুৱাইছিল মামনি ৰয়চম গোস্বামীক । তাৰ পাছতেই কালৰ সৈতে যেন আমি পাহৰি পেলালো অসমীয়া সাহিত্য সমাজৰ এগৰাকী কাণ্ডাৰীক । মামনি ৰয়চম গোস্বামীৰ বাসগৃহতো গৱেষণাৰ বাবে মুকলি কৰি দিয়া হ'ল যদিও সিও এতিয়া পাহৰণিৰ গৰ্ভত । ধীৰে ধীৰে ধূসৰ হৈ পৰিল ৰঙা ফোট আৰু ৰঙা শাৰীখনেৰে মুখত এমোকোৰা হাঁহিৰে সমাজৰ সকলো বাধা ভাঙি আগুৱাই যোৱা মামনি ৰয়চম গোস্বামীক । যেন পৰিষ্কাৰ দাপোন এখন সময়ত ধূলিয়ৰি হৈ পৰিল ।

যিদৰে আমি মামনি ৰয়চম গোস্বামীক পাহৰি পেলালো অনায়সে, সেই দৰেই এই গছজোপাকো প্ৰশাসনে কোনোবা দিনা পাহৰি যোৱাটো কোনো অসম্ভৱ কথা নহয় । কিন্তু তাৰ পাছত কোনে মূৰ দুপিয়াই সম্ভাষণ জনাব পথটোৰে পাৰ হৈ যোৱা প্ৰতিগৰাকী পথচাৰীক । কোনে ক'ব "যি বাটেৰে মামনি ৰয়চম আহিছিল, সেই বাটেৰেই ফাগুন নামে"

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in