
মেঘালয় আৰু নাগালেণ্ডত ২৭ ফেব্ৰুৱাৰীত আৰম্ভ হৈছে বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া । এই ভোটদান প্ৰক্ৰিয়াৰ আৰম্ভণিৰ সৈতেই যেন নিৰ্ধাৰণ হৈ গ'ল ৰাজ্য দুখনৰ ভাগ্য । কিয়নো অত দিন ধৰি চলা প্ৰচাৰৰ অন্তত সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজে । মাজত মাথো নিৰ্বাচনী ফলাফললৈ থকা সময়ছোৱা । কোনো ধৰণৰ বেআইনী, বিক্ষিপ্ত ঘটনা সংঘটিত নহ'লে ৰাইজে আশা কৰা ধৰণেই ফল লাভ কৰিব । কোনো এটা দল জয়ী হ'ব, আন কোনো এটাৰ পৰাজয় । ৰাজনীতিত এনে উত্থান-পতন সাধাৰণ কথা, কিন্তু ৰাজ্য এখনৰ উত্থান-পতন নিশ্চয়কৈ সাধাৰণ নহয় কাৰোবাবেই । সেই সন্দৰ্ভতেই অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই প্ৰতিবেদন-
স্বাধীনোত্তৰ কালৰে পৰাই বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত উত্তৰ-পূৰ্বাঞ্চল । একেই অৱস্থা দেশৰ আনটো প্ৰান্তৰ ৰাজ্য কাশ্মীৰতো । সাৰ্বভৌম ৰাষ্ট্ৰৰ দাবীৰে উত্তাল সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল। অসমত আলফা, নাগালেণ্ডত এন এচ চি এন তথা মেঘালয়ত পি এল এফ এম । সশস্ত্ৰ সংগ্ৰাম নহ'লেও একেই অৱস্থা উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহতো । যাৰ ফলতেই অশান্ত অঞ্চল ৰূপে ঘোষণা কৰিব লগীয়া হৈছিল উত্তৰ-পূৰ্বাঞ্চলৰ গৰিষ্ঠ সংখ্যক ৰাজ্যক । ত্ৰিপুৰাত বিগত ২২ বছৰত খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থত গৃহীত হৈছিল কেৱল এখন বিল । সকলো ফালেই সাৰ্বভৌমতা আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ ।
তাৰেই মাজতে ২০১৪ বৰ্ষত কেন্দ্ৰত শাসনৰ বাঘজৰী লাভ কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে । একেবাৰে ত্ৰিণমূল পৰ্যায়ৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলোৱা দলটিয়ে অতি সহজেই বছৰ বছৰ ধৰি শাসন কৰি অহা ভাৰতীয় জাতীয় কংগ্ৰেছক উফৰাই পেলালে । তাৰ পাছতেই আৰম্ভ হ'ল ৰাজ্যসমূহত চৰকাৰ ভঙা-গঢ়াৰ খেল । ভাৰতৰ অধিকাংশ ৰাজ্যতেই অনায়সে ক্ষমতা লাভ কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে । কোনো নতুন নেতাৰ সহায়ত নহয়, বৰং অন্য দলসমূহৰ শীৰ্ষ নেতাসকলেহে গমন কৰিলে ভাৰতীয় জনতা পাৰ্টীলৈ । অতি সহজেই উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল, অসম, মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাত অকলেই অথবা মিত্ৰজোঁটৰ সহায়ত গঠন কৰিলে চৰকাৰ ।
কিন্তু স্বাধীনতাৰ কালৰ পৰাই একে অৱস্থাতেই ৰ'ল বহু সমস্যা । আনহাতে শান্তি আলোচনাৰ দিশে আংশিকভাৱে আগুৱাই গ'ল ৰাজ্যসমূহ । এসময়ৰ নাগালেণ্ডৰ প্ৰৱল প্ৰতাপী এন এচ চি এনৰ মুইভাৰ সৈতে জাৰী আছে শান্তি আলোচনাৰ বাবে প্ৰয়োজনীয় মধ্যস্থতা । অসমতো ইতিমধ্যে মূলসুঁতিলৈ উভতি আহিছে বহু কেইটা সশস্ত্ৰ সংগঠন ।
কেৱল এয়াই নহয় বৰং আন বহু কাৰকৰ বাবে গুৰুত্বপূৰ্ণ এই নিৰ্বাচন । এই নিৰ্বাচনেই নিৰ্ধাৰণ কৰিব আগন্তুক সময়ছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ ভৱিষ্যত । কিয়নো আঞ্চলিক দলসমূহৰ উত্থানৰ এয়াই সোণালী সুযোগ, আনহাতে ৰাষ্ট্ৰীয় কোনো দলেও আধিপত্য স্থাপন কৰিবলৈ হ'লেও আগন্তুক সময়ত ইয়াতকৈ ভাল সুযোগ লাভ নকৰে । তেনেস্থলত এই সুযোগৰ সদ্ ব্যৱহাৰ কৰিবলৈ নিশ্চয়কৈ সকলোৱেই চেষ্টা কৰিব ।
কিন্তু তাৰ মাজতেই যিটো দলে আঞ্চলিক সমস্যা সমূহৰ প্ৰতি অধিক সহানুভুতিশীল হ'ব সিয়েই বিজয়ী হোৱাৰ সম্ভাৱনা অধিক । আনহাতে, একে সময়তেই ওচৰ-চুবুৰীয়া ৰাজ্যসমূহৰ পৰাও শিক্ষা লাভ কৰা উচিত মেঘালয় আৰু নাগালেণ্ডে । নিকটৱৰ্তী ৰাজ্যসমূহত ৰাষ্ট্ৰীয় দলসমূহে কৰা প্ৰতিজ্ঞা আৰু সেই প্ৰতিজ্ঞা কিমান দূৰ ফলপ্ৰস হৈছে সেইয়া লক্ষ্য কৰিলেই ওলাই পৰিব সকলো কথা...
যিদৰে নাগালেণ্ড বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ঠিক একেদৰেই ভাৰাক্ৰান্ত মেঘালয়ো । ড্ৰাগছ, অশান্ত ৰাজনৈতিক অৱস্থা, সীমা বিবাদত জৰ্জৰিত ৰাজ্য দুখন । এতিয়া প্ৰশ্ন হয় এই সমূহ সমস্যাৰ পৰা মুক্ত কৰাৰ সৈতেই খিলঞ্জীয়া জাতিসত্বাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবনে কোনোবাই ?
অতীজৰে পৰাই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ সকলো দিশৰ পৰাই চহকী । সংস্কৃতি, প্ৰাকৃতিক সম্পদ আদি দিশ সমূহৰ প্ৰতি লক্ষ্য ৰোপন কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে এক স্থাৱৰ আৰু শক্তিশালী অৰ্থনীতি তৈয়াৰ কৰিব পাৰিলেহে উন্নতিৰ দিশে আগবাঢ়িব পাৰি উত্তৰ-পূৰ্বাঞ্চল । কিন্তু সেইয়া কোনটো দলৰ সৈতে সম্ভৱ সেইয়া নিৰ্ধাৰণ কৰিব ৰাইজেহে । ইতিমধ্যেই দুয়োখন ৰাজ্যতেই ইতিহাস সৃষ্টি হৈছে বৰ্তমানলৈ সৰ্বাধিক ভোটাৰৰ উপস্থিতিৰ জৰিয়তে । তেনেস্থলত সজাগ হৈছে নাগৰিকসকল । এই সজাগতাই আনক পৰিৱৰ্তন, পৰিৱৰ্তনে আনক উন্নতি । যি উন্নতি সকলোৰে কাম্য ।