/asomiyapratidin/media/media_files/2025/01/31/fpmbMCMznXAhWNOHCJBo.jpg)
১ ফেব্ৰুৱাৰীত সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব কেন্দ্ৰীয় বাজেট। ইয়াৰ পূৰ্বে আজি কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে প্ৰকাশ কৰিলে অৰ্থনৈতিক সমীক্ষা। এই সমীক্ষাই দেশৰ অৰ্থনীতিৰ লগতে কেন্দ্ৰীয় বাজেট সন্দৰ্ভতো বহু ইংগিত প্ৰদান কৰিছে। এই সমীক্ষাৰ সবিশেষ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰী, শনিবাৰে সংসদত দাখিল কৰিব ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট। এই বাজেট দাখিলৰ পূৰ্বে আজি মন্ত্ৰীগৰাকীয়ে দাখিল কৰিলে অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন।
এই প্ৰতিবেদনত ২০২৫-১৬ বিত্তীয় বৰ্ষত দেশৰ জিডিপিৰ হাৰ নিম্নমুখী হোৱাৰ ইংগিত পোৱা গৈছে। অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে ২০২৫-২৬ বিত্তীয় বৰ্ষত দেশৰ জিডিপি ৬.৩ শতাংশৰ পৰা ৬.৮ শতাংশৰ মাজত থাকিব।
তাৰোপৰি অৰ্থনৈতিক বিকাশৰ হাৰ আগন্তুক বৰ্ষতো ধীৰ গতিতে থাকিব। সমান্তৰালকৈ নিৰ্মাণ খণ্ডত দুৰ্বল চাহিদা আৰু ঘৰুৱা ঋতুগত পৰিস্থিতিৰ বাবে চাপ অব্যাহত থাকিব বুলিও প্ৰকাশ কৰিছে।
অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন অনুসৰি দেশৰ অৰ্থনীতিৰ মৌলিক ভিত্তিসমূহ যথেষ্ট শক্তিশালী হৈ আছে। বিদেশী মুদ্ৰাৰ ভাণ্ডাৰো যথেষ্ট শক্তিশালী। কিন্তু উদ্যোগ ক্ষেত্ৰত উৎপাদন হ্ৰাস পাইছে। ইয়াৰ বাবে সমীক্ষাত উল্লেখ কৰিছে বিশ্বজুৰি সৃষ্টি হোৱা দুৰ্বল চাহিদা আৰু জলবায়ুৰ পৰিবৰ্তনকে দায়ী কৰা হৈছে।
অৰ্থনৈতিক সমীক্ষা অনুসৰি স্থিৰ ঘৰুৱা চাহিদাৰ বাবে ব্যক্তিগত ব্যয় বিশেষ বৃদ্ধি হোৱা নাই। কিন্তু আন্তৰ্জাতিক খণ্ডত চাহিদা হ্ৰাস হোৱাৰ বাবে উৎপাদনৰ সূচক হ্ৰাস পাইছে।
এই সমীক্ষাত খাদ্যৰ মুদ্ৰাস্ফীতি যথেষ্ট উদ্বেগজনক বুলিও স্বীকাৰ কৰিছে। ২০২৫ বৰ্ষৰ শেষৰ তিনিমাহত অৱশ্যে খাদ্যৰ মুদ্ৰাস্ফীতি হ্ৰাস পাব বুলিও ধাৰণা কৰা হৈছে। বিশেষজ্ঞৰ মতে খৰিফ শস্য বজাৰলৈ আহিলে শাক-পাচলিৰ মূল্য হ্ৰাস পাব।
তাৰোপৰি সমীক্ষাত ২০২৬ বিত্তীয় বৰ্ষৰ প্ৰথম অৱস্থাত ৰবি শস্যৰ উৎপাদন যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে। সেয়ে খাদ্যৰ মুদ্ৰাস্ফীতি হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে। বিনিয়োগৰ ক্ষেত্ৰত মন্থৰতা আহিব বুলি প্ৰতিবেদনত উল্লেখ আছে। অৱশ্যে বিনিয়োগৰ ক্ষেত্ৰত এই মন্থৰতা হ’ব অস্থায়ী।
অৰ্থনৈতিক সমীক্ষাৰ মূল পইণ্টসমূহ
- চলিত বিত্তীয় বৰ্ষৰ চতুৰ্থ তিনিমাহত ঋতুকালীন শাক-পাচলিৰ মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনা
- খৰিফ শস্যৰ আগমনৰ বাবে খাদ্য মুদ্ৰাস্ফীতিও হ্ৰাস হোৱাৰ সম্ভাৱনা।
- পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ অৰ্থনৈতিক সম্ভাৱনা সন্তুলিত।
- সমীক্ষা অনুসৰি ভাৰতৰ বিশ্বব্যাপী প্ৰতিযোগিতা উন্নত কৰিব লাগিব।
- ইয়াৰ বাবে তৃণমূল পৰ্যায়ত গাঁথনিগত সংস্কাৰৰ পদক্ষেপৰ গ্ৰহণ কৰিব লাগিব।
- আগন্তুক বিত্তীয় বৰ্ষত আছে মুদ্ৰাস্ফীতিৰ বিপদাশংকা। অস্থিৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ বাবেই এই আশংকা।
- কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে অধিক শক্তিশালী প্ৰযুক্তিগত আন্তঃগাঁথনিৰ প্ৰয়োজন। অন্যথা, প্ৰযুক্তিৰ অপব্যৱহাৰ আশংকা।
- ২০২৪ চনত ভাৰতীয় মুদ্ৰাৰ মূল্য হ্ৰাস হোৱাৰ কাৰণ মুখ্যতঃ ভূ-ৰাজনৈতিক উত্তেজনা।
- বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনৰ বাবে আমেৰিকান ডলাৰ শক্তিশালী উত্থানৰ বাবে ভাৰতীয় মুদ্ৰাৰ মূল্য হ্ৰাস।
অৰ্থনৈতিক সমীক্ষাৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়
অৰ্থনৈতিক সমীক্ষা ২০২৪-২৫ অনুসৰি দেশৰ ৰে'ল নেটৱৰ্কৰ সম্প্ৰসাৰণ প্ৰায় ১০ শতাংশ হ্ৰাস পাইছে। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ এপ্ৰিল-নৱেম্বৰৰ সময়ৰ তুলনাত ২০২৫ বিত্তীয় বৰ্ষত ৱাগন, লোকোমোটিভৰ দৰে ৰোলিং ষ্টকৰ উৎপাদন বৃদ্ধি পাইছে। ২০২৪ বিত্তীয় বৰ্ষত মুঠ ২,২৮২ কিলোমিটাৰ ৰে'ল নেটৱৰ্ক আৰম্ভ কৰা হৈছিল। বিত্তীয় বৰ্ষ ২০২৫ ত ই ২,০৩১ কিলোমিটাৰলৈ হ্ৰাস পাইছে।
সমীক্ষা অনুসৰি কেন্দ্ৰীয় চৰকাৰে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ জীৱনৰ মান উন্নয়নত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰিছে। ইয়াৰ বাবে আৱাসগৃহ, বিশুদ্ধ পানী, স্বাস্থ্যকৰ ৰন্ধন ব্যৱস্থা, সামাজিক সুৰক্ষা আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া হৈছে বুলি সমীক্ষাত উল্লেখ।
২০২৫-২৬ বিত্তীয় বৰ্ষত যদিও জিডিপি কিছু হ্ৰাস হোৱাৰ পূৰ্বানুমান কৰা হৈছে সেয়ে বৃহৎ প্ৰতিষ্ঠানসমূহে নতুন বিনিয়োগতো কিছু দ্বিধাগ্ৰস্ত হ'ব। কিন্তু উপভোক্তাৰ ব্যয় বৃদ্ধিয়ে আৰু বিনিয়োগ অৰ্থনীতিক সন্তুলিত কৰি ৰাখিব বুলি কোৱা হৈছে। তাৰোপৰি বিনিয়োগৰ বাবে এক অনুকুল পৰিবেশ গঢ়িবলৈ চৰকাৰী নিয়মসমূহ শিথিল কৰাৰো পৰামৰ্শ দিয়া হৈছে এই সমীক্ষাত।
ইফালে বিশ্ববেংকৰ পূৰ্বানুমান অনুসৰি ২০২৫ ত সোণৰ মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বিপৰীতে ৰূপৰ মূল্য বৃদ্ধি পাব। অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদনতো সোণৰ মূল্য হ্ৰাস পোৱাৰ পূৰ্বানুমান আছে। তাৰোপৰি সমীক্ষাত বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত কৰ হ্ৰাস কৰাৰ পৰামৰ্শ দিয়া হৈছে।
কৃষি খণ্ডৰ সন্দৰ্ভতো সমীক্ষাত বহু গুৰুত্বপূৰ্ণ তথ্য উন্মোচিত হৈছে। সমীক্ষাই কৈছে, কৃষকসকলে অধিক পানীৰ প্ৰয়োজন হোৱা আৰু বিদ্যুৎ নিৰ্ভৰশীল শস্যৰ উৎপাদনৰ পৰা আঁতৰি থাকিব লাগিব। বজাৰ ব্যৱস্থাক এনেদৰে বিকাশ কৰিব লাগিব যাতে কৃষকসকলে সঠিক মূল্য লাভ কৰে আৰু দৰিদ্ৰ পৰিয়ালবোৰো মূল্যবৃদ্ধিৰ প্ৰভাৱৰ পৰা সুৰক্ষিত হৈ থাকে। ইয়াৰ উপৰিও, বহনক্ষম কৃষি আৰু কৃষিৰ প্ৰযুক্তিগত উন্নতিৰ জৰিয়তে উৎপাদনশীলতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে।
অৰ্থনীতিবিদৰ প্ৰতিক্ৰিয়া
অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে EY ইণ্ডিয়াৰ মুখ্য নীতি উপদেষ্টা ডি কে শ্ৰীবাস্তৱে তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয়, অর্থনৈতিক সমীক্ষা ২০২৪-২৫ অনুসৰি, ২০২৫-২৬ বিত্তীয় বৰ্ষত GDP বৃদ্ধিৰ হাৰ ৬.৩ শতাংশৰ পৰা ৬.৮ শতাংশৰ মাজত থাকিব বুলি অনুমান কৰা হৈছে। যদি এই সীমাৰ মধ্যবিন্দু ৬.৫৫ শতাংশত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ জিডিপিৰ মধ্যবিন্দু ৬.৭৫ শতাংশৰ সৈতে তুলনা কৰা হয়, তেন্তে সমীক্ষাই সামান্য হ্ৰাসৰ সংকেত দিয়ে।
তেওঁ ভাৰতে আগন্তুক সময়ত মেনুফেকচাৰিঙৰ ক্ষেত্ৰতখনত নিজৰ অংশীদাৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান থাকিব বুলিও কয়। বৰ্তমান বিশ্বজুৰি উৎপাদনৰ অংশ মাত্ৰ ২.৮ শতাংশ। ইয়াৰ বিপৰীতে চীনৰ ২৮.৮ শতাংশ। সেয়ে উৎপাদন বৃদ্ধিৰ বাবে ভাৰতে ক্ষেত্ৰসমূহ নিৰ্ধাৰণৰ ক্ষেত্ৰত নীতিসমূহ নতুনকৈ নিৰ্ধাৰণ কৰিব লাগিব বুলিও কয়।
তেওঁ ডিজিটেল অৰ্থনীতি আৰু মানৱ সম্পদৰ ব্যৱহাৰেৰে বিকাশশীল এ আই আৰু অন্যান্য প্ৰযুক্তিগত অগ্ৰগতিৰ সুবিধা লোৱাৰ সুযোগ গ্ৰহণ কৰাৰ আহ্বান জনাইছে।
তেওঁ কয়, "বিকশিত ৰাষ্ট্ৰ"ৰ মর্যাদা অৰ্জন কৰিবলৈ ২০৪৬-৪৭ বিত্তীয় বৰ্ষলৈ ৮ শতাংশ বাস্তৱিক GDP বৃদ্ধিৰ হাৰ বজাই ৰাখিব লাগিব বুলি জোৰ দিয়ে। তাৰ বাবে, বৰ্তমান বিনিয়োগৰ হাৰ প্ৰায় ৩১ শতাংশৰ পৰা ৩৫ শতাংশলৈ বৃদ্ধি কৰিব লাগিব। লগতে, AI, ৰোব’টিক্স আৰু বায়’টেকন’ল’জীসহ উদীয়মান প্ৰযুক্তিসমূহত বিনিয়োগ কৰা, ২০৩০ৰ ভিতৰত বছৰি ৭.৮৫ মিলিয়ন নতুন অনাকৃষি খণ্ডত চাকৰি সৃষ্টি কৰা আৰু ১০০ শতাংশ সাক্ষৰতা অর্জন কৰাৰ প্রয়োজনীয়তাৰ কথা দোহাৰে।