/asomiyapratidin/media/media_files/2025/05/23/wKqybRVoC18r3PaXz96O.jpg)
উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ চেষ্টা ঢাকাৰ। এইবাৰ চিকেন নেকৰ কাষতে ৰংপুৰত চীনৰ এয়াৰ বেছ নিৰ্মাণ কৰাৰ সুযোগ বাংলাদেশলৈ। বাণিজ্যৰ নামত সামৰিক আগ্ৰাসনৰ আঁৰত কি ৰহস্য? কিমান গুৰুত্বপূৰ্ণ ৰংপুৰ বিমান ঘাটি? কিমান গুৰুত্বপূৰ্ণ চিকেন নেক? এই সকলো বিষয় সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন।
ভাৰতৰ সৈতে প্ৰত্যক্ষ সংঘাতত লিপ্ত হোৱাৰ সাহস নাথাকিলেও বিভিন্ন প্ৰকাৰে ভাৰতৰ অনিষ্ট সাধন কৰাৰ চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই বাংলাদেশে। শ্বেইখ হাছিনাৰ পতনৰ পিছত মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰৰ পৃষ্ঠপোষকতাত ভাৰত বিৰোধী শক্তি গা কৰি উঠিছে দেশখনত।
তাৰ মাজতেই এই অন্তৱৰ্তীকালীন চৰকাৰে চীনৰ জৰিয়তে ভাৰতক অশান্ত কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে। পূৰ্বে পাকিস্তানৰ সৈতে সংঘাতৰ সময়তে চীনক ভাৰত আক্ৰমণ কৰি উত্তৰ পূৰ্বাঞ্চল দখল কৰিবলৈ উচতনি দিয়া দেশখনে চীনৰ সহায়ত এইবাৰ বাণিজ্য আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ অচিলাৰে ভাৰতৰ নিৰাপত্তা বিঘ্নিত কৰিবলৈ চেষ্টা চলাইছে।
শিলিগুৰিৰ কাষত বাংলাদেশৰ সহযোগত চীনে নিৰ্মাণ কৰিব এয়াৰবেছ
অতি সন্তৰ্পণে শিলিগুৰি কৰিডৰৰ নিচেই কাষতে চীনৰ সহযোগত এয়াৰ বেছ নিৰ্মাণৰ পৰিকল্পনা হাতত লৈছে ঢাকাই। দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে শিলিগুৰি কৰিডৰৰ নিচেই কাষতে বৰ্তমানৰ বাংলাদেশৰ লালমনিহাটত নিৰ্মাণ কৰা হৈছিল এটা বিমান ঘাটি।
এই বিমান ঘাটি বৰ্তমান সম্পূৰ্ণ ৰূপে নিষ্ক্ৰিয় হৈ আছে। এই ঘাটিটোকে পুনৰ সক্ৰিয় কৰি তোলাৰ পৰিকল্পনা ঢাকাৰ। ১৯৩১ চনতে ব্ৰিটিছ বায়ুসেনাই নিৰ্মাণ কৰা এই বিমানঘাটি দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰাৰ পিছতে বন্ধ হৈ পৰে।
দেশ বিভাজন হোৱাৰ পিছত ১৯৫৮ চনত তেতিয়াৰ পাকিস্তান চৰকাৰে এই বিমান ঘাটি পুনৰ অসামৰিক যাত্ৰী সেৱাৰ বাবে মুকলি কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত ইয়াক সক্ৰিয় কৰি ৰাখিবলৈ সমৰ্থ নোহোৱা পাকিস্তান চৰকাৰে পুনৰ বন্ধ কৰি দিয়ে।
/asomiyapratidin/media/media_files/2025/05/23/2NAtIXqXsNIvaOKl1UJy.jpg)
শ্বেইখ হাছিনাৰ পৰিকল্পনা আছিল বিশ্ববিদ্যালয় স্থাপন কৰাৰ
শ্বেইখ হাছিনাৰ কাৰ্যকালত পৰিত্যক্ত এই বিমানঘাটিত এখন বিশ্ববিদ্যালয়হে নিৰ্মাণৰ কথা ঘোষণা কৰিছিল। য’ত বিমান পৰিবহণ, মহাকাশ প্ৰযুক্তিৰ শিক্ষাৰ ব্যৱস্থাৰ কথা কোৱা হৈছিল।
শ্বেইখ হাছিনাৰ এই সিদ্ধান্ত আছিল বাংলাদেশৰ দৰে এখন দেশৰ ভৱিষ্যত প্ৰজন্মৰ বাবে অতি গুৰুত্বপূৰ্ণ। কিন্তু শ্বেইখ হাছিনাৰ পতনৰ পিছতে মহম্মদ ইউনুছৰ প্ৰশাসনে শ্বেইখ হাছিনাৰ সেই সিদ্ধান্তক বাতিল কৰি ইয়াক পুনৰ কাৰ্যক্ষম কৰাতহে অধিক গুৰুত্ব প্ৰদান কৰিছে।
ভৌগলিক কাৰণত অতি সংবেদনশীল শিলিগুৰি কৰিডৰ
মহম্মদ ইউনুছৰ এনে তৎপৰতাৰ আঁৰত আছে ভাৰত বিৰোধী এক গভীৰ ষড়যন্ত্ৰ। এই বিমানঘাটিৰ ভৌগলিক অৱস্থান কেইবাটাও কাৰণত অতি গুৰুত্বপূৰ্ণ।
উত্তৰ বাংলাদেশৰ ৰংপুৰ সংমণ্ডলৰ জিলা লালমণিৰহাট। বাংলাদেশৰ এই জিলাখন পশ্চিমবংগৰ জলপাইগুৰি আৰু কুচবিহাৰ জিলাৰ সৈতে দীঘলীয়া সীমা আছে। এই সীমান্তৰ পৰা বিমান ঘাটিটোলৈ দূৰত্ব মাত্ৰ ১৫ কিলোমিটাৰ।
শিলিগুৰি কৰিডৰ যাক চিকেন নেক বুলিও কোৱা হয়, তাৰ পৰা লালমনিৰহাট বিমান ঘাটিলৈ দূৰত্ব মাত্ৰ ১৩৫ কিলোমিটাৰ। যিহেতু শিলিগুৰি কৰিড’ৰ ভাৰতৰ উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু মূল ভূখণ্ডৰ মাজত একমাত্ৰ স্থল সংযোগ, সেয়েহে এই কৰিডৰটোক লৈ বিশ্বৰ ভূ-ৰাজনীতি আৰু ভূ-কৌশল বিশেষজ্ঞসকলৰ মাজত বিভিন্ন আলোচনাৰ বিষয় হৈ পৰিছে।
৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিডৰৰ কিছু অংশ মাত্ৰ ২০-২২ কিলোমিটাৰহে বহল। ইয়াৰ দুয়োফালে নিচেই কাষতে দুখন বিদেশ ৰাষ্ট্ৰ। এফালে নেপাল, আনফালে বাংলাদেশ।
অলপ আঁতৰলৈ আহিলে আছে ভূটান। ইয়াৰ পৰা চীন সীমান্তৰ সীমাও ১০০ কিলোমিটাৰতকৈও কম। অৰ্থাৎ চিকেন নেকৰ এই সংকীৰ্ণ ভূমিৰ চাৰিওফালে আৰু চাৰিখন বিদেশ ৰাষ্ট্ৰ।গতিকে ভূ-কৌশলগত দৃষ্টিকোণৰ পৰা শিলিগুৰি কৰিডৰটো অতি ‘সংবেদনশীল’।
/asomiyapratidin/media/media_files/2025/05/23/arJAdN8t3qafFvlg1Ls2.png)
চীনক শিলিগুৰিৰ কাষলৈ আহিবলৈ দিয়াৰ আঁৰত আছে গভীৰ ষড়যন্ত্ৰ
প্ৰত্যক্ষভাৱে ভাৱে ভাৰতৰ সৈতে সংঘাতত লিপ্ত হ’ব নিবিচৰা বাংলাদেশে সেয়ে কৌশলগত ভাৱে অতি সংবেদনশীল এই চিকেন নেকৰ কাষতে চীনৰ সহায়ত বিমানঘাটি সক্ৰিয় কৰি ভাৰতক চাপত ৰাখিব বিচাৰিছে।
ব্যৱসায়ীক কাৰণত এই বিমানঘাটি পুনৰ সক্ৰিয় কৰিবলৈ চেষ্টা কৰাৰ কথা কৈছে যদিও দৰাচলতে ইউনুছে চিকেন নেকৰ কাষলৈ আহিবলৈ চীনক সুযোগ সৃষ্টি কৰি দিছে।
অৰুণাচল, ছিকিমত আগ্ৰাসী হৈ পৰা চীনক শিলিগুৰিৰ কাষলৈ আহিবলৈ সুযোগ কৰি দি বাংলাদেশে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলক অধিক সংবেদেনশীল কৰি তুলিবলৈ বিচাৰিছে।
উত্তৰ-পূব ভাৰতক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰা দুটা ৰাষ্ট্ৰীয় ঘাইপথ আৰু দুটা বহল ৰেলপথ চিকেন নেকৰ এই অঞ্চলৰ মাজেৰে পাৰ হৈ গৈছে। ইয়াৰ জৰিয়তেই প্ৰায়সমূহ সামগ্ৰী পৰিবহণ কৰা হয়।
চুবুৰীয়া কেইবাখনো দেশৰ সৈতে ভাৰতৰ ভূমি বাণিজ্য এই কৰিড’ৰৰ মাজেৰে পাৰ হৈ যায়। ভাৰতীয় সেনা আৰু বায়ুসেনাৰ কেইবাটাও অতি গুৰুত্বপূৰ্ণ ঘাটিও শিলিগুৰি কৰিড’ৰৰ ভিতৰত আৰু ইয়াৰ আশে-পাশে আছে।
১৯৬৭ চনত নাথু লাই আৰু ২০১৭ চনত ডকলামত ভাৰত-চীনৰ প্ৰত্যক্ষ সংঘাত হৈছিল। ডকলামত চীনে একপক্ষীয়ভাৱে ত্ৰিপাক্ষিক সীমান্ত ভাৰত-ভূটান আৰু চীনৰ সংযোগস্থলৰ সমীপত অৱস্থান সলনি কৰিবলৈ চেষ্টা কৰিছিল।
সেই সময়ত ৭৩ দিন ধৰি ভাৰত-চীন সেনাই মুখামুখিকৈ থিয় দিছিল।অৱশ্যে পৰৱৰ্তী সময়ত আলোচনাৰ মাজেৰে দুয়ো দেশেই সেনা প্ৰত্যাহাৰ কৰিছিল।
যোৱা মাৰ্চ মাহত চীন ভ্ৰমণ কৰিছিল মহম্মদ ইউনুছে। তাৰ পিছতে তেওঁ চীনক জলপথৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাৰ প্ৰস্তাৱ দিছিল।
উত্তৰ পূবক ভাৰতৰে বিচ্ছিন্ন কৰাৰ কৌশল
ইউনুছে চীনে বাংলাদেশৰ বন্দৰসমূহ ব্যৱহাৰ কৰি বংগোপসাগৰ আৰু ভাৰত মহাসাগৰত প্ৰভাৱ বৃদ্ধিৰ কথা কৈ এই কথাও উল্লেখ কৰিছিল যে, উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্যৰ সৈতে সাগৰীয় পথৰ প্ৰত্যক্ষ সংযোগ নাই। তেওঁ চীনক বাংলাদেশ ব্যৱহাৰ কৰি ভাৰতৰ উত্তৰ-পূব অঞ্চলত গুৰুত্ব বৃদ্ধি কৰিবলৈ উচতনি দিছিল।
বাংলাদেশৰ বন্দৰ বা পথৰ আন্তঃগাঁথনি নিয়ন্ত্ৰণ কৰি চীনে উত্তৰ-পূব ভাৰতত ব্যৱসায় কৰাৰ প্ৰস্তাৱ দিছিল। তেওঁৰ পৰিকল্পনা আছিল উত্তৰ-পূবৰ পৰা আমদানি আৰু ৰপ্তানি সকলো কাৰ্য চীনৰ নিয়ন্ত্ৰণত থকা বাংলাদেশৰ বন্দৰৰ জৰিয়তে হ’ব লাগে। উত্তৰ-পূব ভাৰতৰ অৰ্থনীতি বহুলাংশ আৰু চীনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰক।
ভাৰতৰ চীনৰ সৈতে আছে সীমা বিবাদ। সেয়ে ইউনুছে বেইজিঙক ভৌগোলিকভাৱে উত্তৰ-পূব ভাৰত দখল কৰিবলৈ উচতনি দিছিল। ইউনুছে নেপাল আৰু ভূটানক উত্তৰ-পূব ভাৰতলৈ লক্ষ্য কৰিবলৈ উচতনি দিয়াত লিপ্ত হৈছে।
১৪ মে’ত নেপাল সংসদৰ উপ অধ্যক্ষ ইন্দিৰা ৰানামগৰ বাংলাদেশ ভ্ৰমণ কৰিছিল। তেওঁৰ সৈতে হোৱা আলোচনাৰ সময়তো ইউনুছে উত্তৰ-পূব ভাৰতৰ বিষয়টোও উত্থাপন কৰে।
বাংলাদেশী একাধিক নেতাই দাবী কৰি আহিছে উত্তৰ-পূব ভাৰতক বিচ্ছিন্ন কৰিব। মহম্মদ ইউনুছে সেই কথা মুকলিকৈ কব নোৱাৰিলেও তেওঁৰ চীন প্ৰীতি আৰু চীনৰ সৈতে হোৱা বুজাবুজিতো তেনে বহু কথাই স্পষ্ট হয়।
লালমণিৰহাটৰ বিমান ঘাটিও মহম্মদ ইউনুছৰ সেই পৰিকল্পনাৰে এক অংশ মাত্ৰ। ইতিমধ্যে বাংলাদেশ কৰ্তৃপক্ষই চীনৰ প্ৰতিনিধিক ৰংপুৰ ভ্ৰমণ কৰোৱাইছে।
শেহতীয়াকৈ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ এটা প্ৰতিনিধি দলো ৰংপুৰলৈ যোৱাৰ খবৰ প্ৰকাশিত হৈছিল। ভাৰত চৰকাৰেও এই কথাবোৰ লক্ষ্য ৰাখিছে।
সামৰিক কাৰণত অতি গুৰুত্বপূৰ্ণ ৰংপুৰ
১৯৭১ চনৰ যুদ্ধৰ সময়ত ৰংপুৰ পাকিস্তানী সেনাৰ ঘাটি আছিল। অৱশ্যে লালমণিৰহাটত থকা সামৰিক বিমান ঘাটি সেই সময়ত কাৰ্যক্ষম নাছিল।
যদিও এই বিমান ঘাটিক ব্যৱসায়ীক কাৰণত পুনৰ মুকলি কৰা কথা কোৱা হৈছে তথাপিও কিন্তু যিকোনো মুহূৰ্ততে ইয়াক সামৰিক ঘাটি হিচাপে ব্যৱহাৰ কৰিব পাৰিব। এতিয়ালৈকে চীনে কেৱল উপগ্ৰহৰ ছবিৰ জৰিয়তেহে শিলিগুৰি কৰিডৰ সম্পৰ্কে তথ্য লাভ কৰি আহিছিল।
যি তথ্য আছিল বহু অস্পষ্ট। কিন্তু বাংলাদেশৰ বিমানবন্দৰ পুনৰুজ্জীৱিত কৰাৰ নামত যদি চীনে লালমণিৰহাটত সক্ৰিয় হোৱাৰ সুযোগ লাভ কৰে তেন্তে শিলিগুৰি কৰিড’ৰত তীক্ষ্ণ দৃষ্টি ৰাখিব পাৰিব। ৰাডাৰ ব্যৱস্থা ব্যৱহাৰ কৰিও বিভিন্ন তথ্য সংগ্ৰহ কৰিব পাৰিব।
এইসকলোবোৰ বিষয়ত নতুন দিল্লীয়ে দৃষ্টি ৰাখিছে। মহম্মদ ইউনুছৰ এনে ভাৰত বিৰোধী কাৰ্যকলাপে দেশখনক কিদৰে লাভাম্বিত কৰে সেয়া পিছৰ কথা। কিন্তু ভাৰতক প্ৰত্যক্ষভাৱে কোনো ক্ষতি কৰিব নোৱাৰি নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগৰ দৰে যি ব্যৱস্থা লৈছে সেই ব্যৱস্থাই দেশখনৰ আজিৰ নেতৃত্ব কিমান অকৃতজ্ঞ হ’ব পাৰে তাৰ প্ৰমাণ স্পষ্টকৈ দাঙি ধৰিছে।