আজিকালি বহু সংখ্যক লোকৰে হাতত সময়ৰ অভাৱ। কামৰ বোজা। সময়ৰ অভাৱৰ হেতু বাঢ়ি গৈছে সম্পৰ্কৰ দুৰত্ব। কৰ্ম ব্যস্ততা আৰু সময়ৰ অভাৱ এতিয়া এটা মুদ্ৰাৰে ইপিঠি- সিপিঠি। মাজত মাত্ৰ মানৱজীৱন এদাল অভেদ্য ছেদক। কামৰ বোজাতে ধেনুভেৰীয়া হৈছে ৰাজহাড়। চাপ সহিব নোৱাৰি কোনোৱে পৰিছে মৃত্যুৰমুখত। এই সন্দৰ্ভতে ভাস্কৰ শৰ্মাৰ এক প্ৰতিবেদন-
সময় নাই। আজিকালি কাৰোৰে হাতত সময় নাই। পৰিয়াল কিম্বা আত্মীয়সকলৰ খা-খবৰ ল’বলৈও বহু লোকৰ সময়ৰ অভাৱ।
কৰ্মসূত্ৰে ঘৰৰ পৰা বাহিৰত থকা জনৰো মাক- দেউতাকৰ সৈতে এসাঁজ খাবলৈ সময় নাই। দুহাতত ধৰি মনৰ কথা পাতিবলৈও এতিয়া বহু লোকৰ সময়ৰ নাটনি। যাৰ পৰিপ্ৰেক্ষিতত সম্পৰ্কত আহি পৰিছে দূৰত্ব ! থাকিও যেন কিবা নাই নাই অনুভৱত অভ্যস্ত তেঁওলোক। সান্তনাই এতিয়া তেঁওলোকৰ অন্যতম প্ৰাপ্তি হৈ পৰিছে।
মাহ অথবা বছৰৰ মূৰত এদিন গৈ পৰিয়ালৰ সৈতে এসাঁজ খাই অথবা দুষাৰ কথা পাতিয়েই লাভ কৰে অপূৰ্ণ সন্তুষ্টি। শোকে-তাপে ম্ৰিয়মান মাতৃয়েও চাদৰৰ আচলত দুখ ঢাকি গায় সুখৰ গান। মোৰ সন্তানৰ সময় নাই, ডাঙৰ কাম কৰে... এই সন্তুষ্টিৰে আত্মতুষ্ট কৰে পিতৃ- মাতৃয়ে।
অৱশ্যে আজিকালি এই সময়ছোৱাত সময় নাই বুলি কোৱাতো এক চখতো পৰিণত হৈছে। সময় নোহোতো ষ্টেণ্ডাৰ জীৱনশৈলীৰ এক অন্যতম উপাদন হিচাপে বিবেচনা কৰে একাংশই। এওঁলোকে সময় থাকিও সময় নোহোৱাৰ অভিনয় কৰি লাভ কৰে অনাবিল আনন্দ। কিয়নো সাম্প্ৰতিক সময়ত যাৰ হাতত সময় আছে, তাৰ নাই ধন- এই ভাবনাৰে ভাবুক একাংশ ছদ্মবেশী ব্যস্ত লোক।
মুঠৰ ওপৰত কৰ্ম ব্যস্ততাৰ বাবেই বহুতৰে সময়ৰ নাটনি হোৱা পৰিলক্ষিত হৈছে। অৱশ্যে সময় নোহোৱা কথাষাৰ আজিকালিৰ প্ৰেক্ষাপটত একেবাৰে নুই কৰিব নোৱাৰি। আজিকালি কেৱল কাম আৰু কাম।
কিয়নো প্ৰায়বোৰ কৰ্মক্ষেত্ৰতে প্ৰতিযোগিতামূলক চিন্তাই গা কৰি উঠিছে। কি কৰ্প’ৰেট গোষ্ঠী, কি ব্যক্তিখণ্ডৰ প্ৰতিষ্ঠান অথবা মাল্টি নেচনেল কোম্পানী সকলোতে এতিয়া প্ৰতিযোগিতা। এই দুনীয়াত হেৰাই গৈছে জীৱনৰ বহু আনন্দৰ ৰং। টাৰ্গেটৰ পিছত দৌৰা এই প্ৰতিযোগিতাত সকলো যেন একো একোজন ৰণুৱা ঘোঁৰা।
এই প্ৰতিযোগিতাৰ ফলত ব্যক্তিগতখণ্ডৰ কৰ্মচাৰীৰসকলৰ মন-মগজুত ব্যাপক হাৰত বৃদ্ধি পাইছে কামৰ চাপ। ভিৰৰ মাজত জিলিকি থকাৰ বাসনাই চাৰিওফালে গা কৰি উঠিছে প্ৰতিযোগিতা আৰু প্ৰতিযোগিতা। যি প্ৰতিযোগিতাত একো একোজন কৰ্মচাৰী প্ৰতিযোগী হৈ অৱতীৰ্ণ হ’ব লগা হৈছে।
এইসকল লোকৰ হাতৰ পৰা নাইকিয়া হৈছে সময়। সংসাৰ, পৰিয়াল, আত্মীয়- কুটুম্বৰ উপৰি নিজৰ বাবেও এতিয়া সময়ৰ অভাৱ। অনবৰতে টাৰ্গেট পূৰণৰ এখন অঘোষিত যুঁজৰ সেনানী সকলো কৰ্মচাৰী।
এই কামৰ হেঁচাৰ বাবে হেনো হঠাতে ঢলি পৰে এগৰাকী বেংক কৰ্মচাৰী। অত্যধিক কামৰ হেঁচা সহিব নোৱাৰি মহিলা কৰ্মচাৰীগৰাকী অকস্মাতে মাটিত বাগৰি পৰে। লগে লগে প্ৰতিষ্ঠানটোত আন কৰ্মচাৰীসকলৰ মাজত হুৱা-দুৱা লাগে।
কিছু সময়ৰ পাছতে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে। কাৰ্যতঃ কামেই যেন মহিলাগৰাকীৰ বাবে হৈ পৰিল কাল। অতি শেহহতীয়াকৈ এই ঘটনা সংঘটিত হৈছে লক্ষ্ণৌত। চাদাফ ফাতিমা নামৰ বেংকৰ কৰ্মচাৰীগৰাকীয়ে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব লওতেই এই ঘটনা সংঘটিত হয়। ৪৫ বছৰীয়া মহিলাগৰাকীৰ অত্যধিক কামৰ হেঁচাৰ বাবেই মৃত্যু ঘটা বুলি জানিব পৰা গৈছে।
ইয়াৰ পূৰ্বে পুণেত সংঘটিত হৈছিল অনুৰূপ ঘটনা। কামৰ প্ৰচণ্ড হেঁচা আৰু বোজাৰ বাবে অসুস্থ হৈ পুনেত কৰ্মৰত এগৰাকী মহিলা কৰ্মচাৰীৰ মৃত্যু হৈছিল। আৰ্নেষ্ট এণ্ড ইয়ং ইণ্ডিয়া নামৰ কোম্পানীটোত কৰ্মৰত আছিল মহিলাগৰাকী। তেঁওৰ এই মৃত্যুক কেন্দ্ৰ কৰি দেশজুৰি ব্যাপক চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
মহিলাগৰাকীৰ নাম আছিল আন্না চেবাষ্টিয়ান পেৰায়িল। মৃত্যুৰ সময়ত তেঁওৰ বয়স হৈছিল মাত্ৰ ২৬বছৰ। উক্ত কোম্পানীটোত তেঁও এগৰাকী চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে কাম কৰিছিল।
উল্লেখিত দুয়োটা ঘটনাপ্ৰবাহলৈ চকু ফুৰালে অনুমান কৰিব পৰা যায় যে কিটো পৰ্যায়ত মানুহৰ কৰ্ম জীৱনে গতি কৰিছে। সকলো ক্ষেত্ৰতে অত্যধিক কামৰ বোজা আৰু সময়ৰ নাটনিয়ে সৃষ্টি কৰিছে এনে অনাকাঙ্খিত পৰিৱেশৰ।
ৰাজহাড় বেকা কৰি দিন-ৰাতি একাকাৰ কৰি কামৰ কৰা আৰু মগজুত হেঁচা লৈ টাৰ্গেট পূৰণৰ বাসনাই এতিয়া মানুহক লৈ গৈছে অন্য এখন পৃথিৱীলৈ। য’ত অহৰহ বৈ আছে কাম আৰু কাম। নাই সময়, নাই আহৰি। সম্পৰ্ক পাহৰি অপূৰ্ণ প্ৰাপ্তিৰে ভৰা এখন ৰঙীণ পৃথিৱী। যি পৃথিৱীত হাঁহি আৰু প্ৰাপ্তিৰ নামত আছে- শুকান জেওৰা চেপি উলিওৱা ৰস।