/asomiyapratidin/media/media_files/2025/05/15/QmTzifbOq44WO9hnJMOC.png)
বাংলাদেশৰ জাতীয় সংগীত 'আমাৰ সোণাৰ বাংলা'। ৰবীন্দ্ৰনাথ ঠাকুৰৰ এই গীতে যুগে যুগে বাঙালী লোকৰ দেহত সঞ্জীৱনী সুধা ঢালি আহিছে। বাংলাদেশৰ সংস্কৃতি, জাতীয় জীৱন, সংগ্ৰাম, ইতিহাসৰ সৈতে এই গীতৰ আছে তেজৰ সম্পৰ্ক। সেই গীতেই এতিয়া বাংলাদেশী নেতাৰ বাবে হৈ পৰিছে অস্পৃশ্য। কাঢ়ি ল'বলৈ বিচৰা হৈছে জাতীয় সংগীতৰ মৰ্যাদা। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
সলনি হ’ব বাংলাদেশৰ জাতীয় সংগীত! কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত 'আমাৰ সোণাৰ বাংলা'ৰ বিৰুদ্ধে থিয় দিছে ইতিহাসক সহ্য নকৰা, সত্যক চিকাৰ কৰিবলৈ নিবিচৰা একাংশ ধৰ্মান্ধ নেতা।
এসময়ৰ পূৱ পাকিস্তান এতিয়াৰ বাংলাদেশ ভাৰতৰ সহযোগত পশ্চিম পাকিস্তানৰ পৰা স্বাধীন হৈছিল ১৯৭১ চনত। বাংলাদেশৰ স্বাধীনতাত বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ ভূমিকা আৰু অৱদান কল্পনাতিত। সেই মুজিবুৰ ৰহমানৰে এতিয়া স্থান নাই বাংলাদেশত।
দেশখনৰ ইতিহাসৰ পৰা মচি পেলোৱা হৈছে বংগবন্ধুৰ অধ্যায়। ভাঙি পেলোৱা হৈছে তেওঁৰ প্ৰতিমূৰ্তি। পাঠ্যক্ৰমৰ পৰা আঁতৰাই দিয়া হৈছে দেশখনৰ স্বাধীনতা সংগ্ৰামত মুজিবুৰ ৰহমানৰ অৱদানক।
ইতিহাসক এইদৰেই ধ্বংসত হাত উজান দিয়া বাংলাদেশৰ ধৰ্মান্ধ আৰু অসহিষ্ণু নেতাই গ্ৰহণ কৰা আন এক সিদ্ধান্তই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা বাংলাদেশৰ জাতীয় সংগীত 'আমাৰ সোণাৰ বাংলা'ৰ পৰা কাঢ়ি ল'বলৈ বিচৰা হৈছে জাতীয় সংগীতৰ মৰ্যাদা।
উল্লেখ্য যে, ২০২৪ ৰ ৫ আগষ্টত শ্বেইখ হাছিনা ক্ষমতাৰ পৰা আঁতৰাৰ লগে লগে বাংলাদেশত আৰম্ভ হৈছিল ইতিহাস ধ্বংস অভিযান। সেই সময়তে দাবী উত্থাপন হৈছিল 'আমাৰ সোণাৰ বাংলা'ৰ পৰাও জাতীয় সংগীতৰ মৰ্যাদা কাঢ়ি লোৱাৰ।
শেহতীয়াকৈ বাংলাদেশত আৱামী লীগক নিষিদ্ধ কৰাৰ পিছত এতিয়া পুনৰ 'আমাৰ সোণাৰ বাংলা'ৰ প্ৰসংগ আলোচনাৰ মাজলৈ আহিছে। দাবী উত্থাপন হৈছে এই গীতক নিষিদ্ধ কৰাৰ।
আনকি আৱামী লীগক নিষিদ্ধ কৰাৰ বিৰুদ্ধে ঢাকাৰ শ্বাহবাগত ধৰ্ণা দিয়াৰ সময়ত 'আমাৰ সোণাৰ বাংলা' পৰিবেশন কৰাৰ সময়ত একাংশই বাধা প্ৰদান কৰিছে। বাংলাদেশৰ এতিয়াৰ নেতৃত্বই জাতীয় সংগীত পৰিবৰ্তনৰ পক্ষত অৱস্থান কৰি যুক্তি দিছে, ৰবীন্দ্ৰনাথ ঠাকুৰে বাংলাদেশ সৃষ্টিৰ বহু পূৰ্বেই এই গীত ৰচনা কৰিছিল। বাংলাদেশৰ স্বাধীনতা সংগ্ৰামৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।
কবি গুৰুৰ 'আমাৰ সোণাৰ বাংলা' কিদৰে হৈছিল বাংলাদেশৰ জাতীয় সংগীত?
বিভিন্ন প্ৰবন্ধ আদিত উল্লেখ থকা অনুসৰি ১৯০৫ চনত বংগ বিভাজন আন্দোলনৰ প্ৰেক্ষাপটত ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল ‘অমৰ সোণাৰ বাংলা’ গীতটি। অৱশ্যে ইয়াৰ কোনো পাণ্ডুলিপি উদ্ধাৰ নোহোৱাত এই তথ্য কিমান সঠিক তাক লৈ বিতৰ্ক চলি আহিছে।
ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱনী লিখা প্ৰশান্ত কুমাৰ পালে তেওঁৰ ১৯৯০ চনত প্ৰকাশিত গ্ৰন্থ ‘ৰবিজীৱনী’ত উল্লেখ কৰা মতে ১৯০৫ চনৰ ২৫ আগষ্টত কলিকতা টাউন হলত অনুষ্ঠিত হোৱা ৰচনা পাঠ অনুষ্ঠানত এই গীতটো প্ৰথমে গোৱা হৈছিল।
এই সম্পৰ্কীয় এক বিবিচিৰ প্ৰতিবেদনত লেখক,গৱেষক মহিউদ্দিন আহমেদে জনোৱা অনুসৰি ১৯৭১ চনৰ পূৰ্বে পূব পাকিস্তানত এই গীতটো বহু অনুষ্ঠানত ৰবীন্দ্ৰ সংগীত হিচাপে গোৱা হৈছিল। ইয়াক জাতীয় সংগীত হিচাপে গ্ৰহণ কৰাৰ ধাৰণা প্ৰথমবাৰৰ বাবে ১৯৭১ চনৰ মাৰ্চ মাহত প্ৰকাশ হৈছিল।
১৯৭১ চনৰ ১ মাৰ্চত ৰাষ্ট্ৰীয় বিধানসভাৰ অধিৱেশন স্থগিত ৰখাৰ পিছতে আৰম্ভ হৈছিল গণ প্ৰতিবাদ। এই প্ৰতিবাদৰ মাজতে ঢাকাৰ ৰাজপথত জ্বলাই দিয়া হৈছিল পাকিস্তানী পতাকা। ২ মাৰ্চত ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাই স্বাধীনতাৰ বাবে ইস্তাহাৰ প্ৰস্তুতৰ পৰিকল্পনা কৰি সেই ইস্তাহাৰ একেদিনাই সন্ধিয়া ইকবাল হলত লিখিছিল।
সেই ইস্তাহাৰতেই ইয়াহা খানে 'আমাৰ সোণাৰ বাংলা'ক স্বাধীন বংগৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰাৰ বিষয়ে আনুষ্ঠানিকভাৱে উল্লেখ কৰিছিল। পিছ দিনা সেই ইস্তাহাৰ পল্টন ময়দানত ৰাজহুৱা সভাত ছাত্ৰ লীগৰ সাধাৰণ সম্পাদক শ্বাহজাহান ছিৰাজে পাঠ কৰিছিল।
অৱশ্যে সেই সময়ত একাংশৰ প্ৰিয় গীত আছিল 'আমাৰ সোণাৰ বাংলা'ৰ বিপৰীতে দ্বীজেন্দ্ৰলাল ৰায়ৰ ‘আমান দেশী কোঠী তখতা পাবে নাকো তুমি’। কিন্তু এই গীতটোত বাংলা আৰু বাংলাদেশ শব্দ নথকাৰ লগতে এই গীতৰ কোনো ৰেকৰ্ড উপলব্ধ নথকাৰ বাবে এই গীতক জাতীয় সংগীতৰ বাবে বিবেচনা কৰা নহ’ল।
কিন্তু ১৯৭০ চনত ৰবীন্দ্ৰনাথৰ 'আমাৰ সোণাৰ বাংলা' গীতটো 'জীৱন তেহে নেয়া' ছবিত ব্যৱহাৰ কৰা হৈছিল। সেয়ে ইয়াৰ ৰেকৰ্ড উপলব্ধ আছিল। সেয়ে ইয়াক সঠিক ভাৱে ব্যৱহাৰৰ সুযোগ আছিল।
‘আমাৰ সোণাৰ বাংলা’ই বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি পোৱাৰ বহু পূৰ্বৰে পৰা পূব পাকিস্তানত বহু আন্দোলন আৰু প্ৰতিবাদী কাৰ্যসূচীত ব্যৱহৃত হৈছিল। ১৯৫৬ চনতেই আকৌ সংবিধান সভাৰ অধিবেশনত বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেইখ মুজিবুৰ ৰহমানে 'আমাৰ সোণাৰ বাংলা'ক গাবলৈ অনুৰোধ কৰিছিল। এই গীতে যে বাঙালীসকলক আৱেগেৰে আলোড়িত কৰি তুলিব পাৰিব সেয়া তেতিয়াই উপলব্ধি কৰিছিল বংগবন্ধুৱে।
'আমাৰ সোণাৰ বাংলা' বাংলাদেশৰ ৰাজনৈতিক আন্দোলনৰ সৈতেই যে জড়িত আছিল তেনে নহয়। এই গীত দেশখনৰ সাংস্কৃতিক, ভাষিক আন্দোলনৰো অংশ আছিল। এই আন্দোলনত 'আমাৰ সোণাৰ বাংলা' পৰিবেশনে আন্দোলনকাৰীৰ মাজত নতুন প্ৰাণৰ সঞ্চাৰ কৰিছিল।
১৯৬৭ চনত পাকিস্তানে ৰেডিঅ’ আৰু টেলিভিছনত ৰবীন্দ্ৰ সংগীত সম্প্ৰচাৰ নিষিদ্ধ কৰিছিল। তাৰ পিছতেই আৰম্ভ হৈছিল সাংস্কৃতিক আন্দোলনৰ। সেই আন্দোলনত সকলো সভা-সমাৱেশতে বাঙালী লোকসকলে ৰবীন্দ্ৰ সংগীত পৰিবেশন কৰিছিল। তাৰ ভিতৰত বহু প্ৰচলিত আৰু আৱেগেৰে আলোড়িত গীতটোৱেই আছিল ‘আমাৰ সোণাৰ বাংলা’।
এনে এক ইতিহাস সমৃদ্ধ, যুগে যুগে বাঙালী লোকক আৱেগেৰে আলোড়িত কৰি অহা ৰবীন্দ্ৰনাথৰ 'আমাৰ সোণাৰ বাংলা'ক ১৯৭১ চনৰ এপ্ৰিল মাহত স্বাধীন বাংলাদেশৰ প্ৰথমখন চৰকাৰে ৰাষ্ট্ৰীয় সংগীত হিচাপে প্ৰথমবাৰৰ বাবে ঘোষণা কৰে। ১৯৭১ ৰ বাংলাদেশৰ অস্থায়ী চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানতো এদল শিল্পীয়ে এই গীতেই পৰিবেশন কৰিছিল।
অৱশ্যে সাংবিধানিকভাৱে ১৯৭২ চনৰ ১৩ জানুৱাৰীত বাংলাদেশৰ মন্ত্ৰীসভাৰ প্ৰথম আনুষ্ঠানিক বৈঠকত ‘আমাৰ সোণাৰ বাংলা’ৰ প্ৰথম দহটা শাৰীত বাংলাদেশৰ জাতীয় সংগীতৰ মৰ্যাদা দিয়াৰ আনুষ্ঠানিকতা সম্পন্ন কৰা হয়। এনে এক গৌৰৱোজ্জ্বল ইতিহাস সমৃদ্ধ, প্ৰতিটো সংগ্ৰামত বাঙালী লোকৰ দেহত সঞ্জীৱনী সুধা ঢালি দিবলৈ সক্ষম হোৱা, বাঙালী লোকৰ জাতীয় প্ৰেম শক্তিশালী কৰাত মুখ্য ভূমিকা লোৱা 'আমাৰ সোণাৰ বাংলা' এতিয়াৰ বাংলাদেশী নেতৃত্বৰ বাবে হৈ পৰিছে অস্পৃশ্য।
একমাত্ৰ ভাৰত বিৰোধী মানসিকতা আৰু বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ স্মৃতি ধ্বংসৰ বাবেই যে এনে কাৰ্যত লিপ্ত হৈছে সেয়াও স্পষ্ট হৈছে। কিন্তু ইতিহাসৰ পৃষ্ঠাৰ পৰা মচি দিব বিচাৰিলেই যানো জীয়া ইতিহাসক কোনোবাই ধ্বংস কৰিব পাৰে? জন্ম যিহেতু হৈছেই পিতৃ-মাতৃক অস্বীকাৰ কৰিব কেনেকৈ?
ইতিহাসৰ দস্তাবেজৰ পৰা এই পৃষ্ঠাসমূহ ফালি পেলালেও, প্ৰতিমূ্ৰ্তি ধ্বংস কৰিলেও সত্য চিৰ কাললৈ উজ্জ্বল হৈয়ে থাকিব। বাংলাদেশৰ নাম স্মৰণ হলেই আহিব বংগবন্ধুৰ প্ৰসংগ আৰু বাংলাদেশৰ স্বাধীনতাৰ প্ৰসংগ আহিলেই উল্লেখ হ’ব বিশ্ব কবি ৰবীন্দ্ৰনাথৰ 'আমাৰ সোণাৰ বাংলা'।