/asomiyapratidin/media/media_files/2025/02/06/gYPWWvBxdYhcLOYQAbiu.jpg)
ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিধ্বস্ত ৰূপটো ইতিমধ্যে অসমীয়া প্ৰতিদিন ডিজিটেলৰে কেইবাখনো প্ৰতিবেদনত উন্মোচিত হৈছে। তাৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে ৰাজ্যসভাত দাখিল কৰা চৰকাৰী তথ্যত উন্মোচন হ'ল এইমছৰ হতাশজনক ৰূপটো। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিধ্বস্ত ৰূপটো ইতিমধ্যে অসমীয়া প্ৰতিদিনৰ কেইবাখনো প্ৰতিবেদনত প্ৰকাশ পাইছে। ৰাজ্যত ৰোগীৰ বিপৰীতে পৰ্যাপ্ত বিচনা নথকাৰ পৰা আৰম্ভ কৰি হাস্পতালসমূহৰ বিল্ডিঙৰ বিপৰীতে কিদৰে আভ্যন্তৰীণ আন্তঃগাঁথনি বিধ্বস্ত সেয়া প্ৰকাশ পাইছে। ৰাজ্যৰ চিকিৎসা খণ্ডৰ এনে বিধ্বস্ত ৰূপটো পুনৰ এবাৰ পোহৰলৈ আহিল সংসদৰ মজিয়াতে।
এক বিতৰ্কিত পৰিবেশৰ মাজত গুৱাহাটীৰ জালুকবাৰী সমষ্টিত নিৰ্মাণ কৰা হৈছিল All India Institute of Medical Sciences চমুকৈ এইমছ। গুৱাহাটীত এইমছ স্থাপনে ৰাজ্যৰ চিকিৎসা খণ্ডলৈ অভূতপূৰ্ব পৰিবৰ্তন আনিব বুলি আশা কৰা হৈছিল যদিও বৰ্তমানলৈকে অৱশ্যে সেই পৰিবৰ্তন প্ৰাপ্তি হোৱা নাই ৰাজ্যবাসীৰ।
ৰাজ্যৰ আন চিকিৎসা প্ৰতিষ্ঠানতকৈ অধিক উন্নত আৰু সুবিধাজনক চিকিৎসা লাভৰ আশাত আংশিকভাৱে কাৰ্যক্ষম হোৱা এইমছলৈ দৈনিক হাজাৰ হাজাৰ ৰোগী যায় যদিও তাৰ পৰা আকৌ বহুতকে জি এম চি এইছলৈহে প্ৰেৰণ কৰাৰ উদাহৰণ আছে। ফলত উন্নত চিকিৎসাৰ প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ আছে ৰাজ্যৰ হাজাৰ হাজাৰ ৰোগী।
নামত এইমছ হ’লেও জালুকাবাৰী সমষ্টিৰ জলাশয় পুতি নিৰ্মাণ কৰা এই চিকিৎসা প্ৰতিষ্ঠানখনত এতিয়া পৰ্যাপ্ত চিকিৎসক, চিকিৎসা কৰ্মীৰ অনুপস্থিতিয়ে ৰোগীক আশাহত কৰাই নহয়, জনস্বাস্থ্যক লৈ চৰকাৰে খেলা ল’ৰা ধেমালি স্পষ্ট হৈছে। ৰাজ্যসভাৰ মজিয়াত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নড্ডাই দিয়া তথ্য অনুসৰি গুৱাহাটী এইমছত খালী হৈ আছে অধ্যাপকৰ ৪৩ শতাংশ পদ। আনহাতে ১৪১০ টা অনা শৈক্ষিক পদৰ ভিতৰত ৭৬৯ টা পদেই খালী হৈ আছে।
উল্লেখ্য যে, ২০২৩ ৰ ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা এইমছত ১০০ খন এম বি বি এছৰ আসন আছে। এই আসনসমূহত পাঠদানো চলি আছে। তাৰোপৰি এইমছত বৰ্হি বিভাগ, আন্তঃবিভাগ চলি আছে। এনে পৰিস্থিতিত অধ্যাপক আৰু স্বাস্থ্য কৰ্মীৰ প্ৰয়োজনীয়তা নতুনকৈ ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই।
কিন্তু তাৰ পাছতো এইমছত খালী হৈ আছে বৃহৎ সংখ্যক অধ্যাপককে ধৰি অনা শৈক্ষিক পদ। ৰাজ্যসভাত জে পি নড্ডাই দিয়া তথ্য অনুসৰি গুৱাহাটী এইমছৰ বাবে অনুমোদিত অধ্যাপকৰ পদৰ সংখ্যা ১৮৩ টা । ইয়াৰ ভিতৰত এতিয়ালৈকে ১০৫ টা পদতহে নিযুক্তি দিয়া হৈছে। অৰ্থাৎ এতিয়াও খালী হৈ আছে অধ্যাপকৰ ৪৩ শতাংশ পদ।
সেইদৰে অনা শৈক্ষিক পদৰ ক্ষেত্ৰৰ বাবে ১৪১০ টা পদত অনুমোদন জনোৱা হৈছিল। ইয়াৰ ভিতৰত এতিয়ালৈকে ৬৪১ টা পদহে পূৰণ কৰা হৈছে। এতিয়াও ৭৬৯ টা পদ খালী হৈ আছে। গুৱাহাটীত এইমছ স্থাপনৰ নামত চৰকাৰী ভাৱে এইদৰেই এতিয়া প্ৰৱঞ্চনা কৰা হৈছে ৰাজ্যবাসীক। বহু আশা লৈ এইমছলৈ চিকিৎসা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ৰোগী আহে যদিও তেওঁলোকে এইমছৰ পৰা আকৌ জি এম চি এইছলৈ আহি চিকিৎসাৰ বাবে শাৰী পাতিবলগীয়া হয়।
উল্লেখ্য যে, কেৱল গুৱাহাটী এইমছতে যে চিকিৎসক, অধ্যাপকৰ পদ খালী হৈ আছে তেনে নহয়। ৰাজ্যৰ আন আন মেডিকেল কলেজ সমূহো পৰ্যাপ্ত অধ্যাপক অবিহনেই চলি আছে। সময়ে সময়ে এই বিষয়ে সবিস্তাৰে অসমীয়া প্ৰতিদিন ডিজিটেলতে বাতৰি প্ৰকাশ হৈ আহিছে।
উল্লেখ্য যে, জেপি নড্ডাই দিয়া তথ্য অনুসৰি কেৱল গুৱাহাটী এইমছতে নহয়, দেশৰ আন আন প্ৰান্ততো নিৰ্মাণ কৰা এইমছতো খালী হৈ আছে বহু পদ। নতুন দিল্লীস্থিত এইমছৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰীৰ স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত দেশৰ মুঠ ২২ টা স্থানত এইমছ নিৰ্মাণ কৰিছিল। এইসমূহ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে পৰিচালনা কৰি আহিছে।
এইসমূহৰ ভিতৰত মধ্যপ্ৰদেশৰ ভূপাল, উৰিষ্যাৰ ভূৱনেশ্বৰ, ৰাজস্থানৰ জোধপুৰ, ছত্তিশগড়ৰ ৰাইপুৰ আৰু বিহাৰৰ পাটনাৰ এইমছ সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈছে। অন্ধ্ৰপ্ৰদেশৰ মংগলগিৰি, মহাৰাষ্ট্ৰৰ নাগপুৰ, পশ্চিমবংগৰ কল্যাণী, উত্তৰ প্ৰদেশৰ গৌৰখপুৰ, পঞ্জাৱৰ বাথিন্দা, হিমাচল প্ৰদেশৰ বিলাসপুৰ, অসমৰ গুৱাহাটী, ঝাৰখণ্ডৰ দেওঘৰ, তেলেংগানাৰ বিবিনাগৰ, উত্তৰ প্ৰদেশৰ ৰাইবেৰলী, গুজৰাটৰ ৰাজকোট, জম্মু কাশ্মীৰৰ জম্মু এইমছত এম বি বি এছৰ পাঠদান আৰম্ভ হোৱাৰ লগতে অ’ পি ডি, আই পি ডি সেৱা আৰম্ভ হৈছে। তাৰোপৰি তামিলনাডু, কাশ্মীৰ, হাৰিয়ানা আৰু বিহাৰত আন ৪ খন এইমছ নিৰ্মাণ কৰি থকা হৈছে।
এই আটাইবোৰ এইমছতে অনুমোদন জনোৱাৰ বিপৰীতে অধ্যাপক আৰু অনা শৈক্ষিক পদৰ বহু পদেই খালী হৈ আছে। অৱশ্যে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে ২০১৪ ৰ পৰা বৰ্তমানলৈকে দেশত এম বি বি এছৰ আসনৰ সংখ্যা ১০২ শতাংশ বৃদ্ধি পাইছে। ২০১৪ ত দেশত মুঠ এম বি বি এছৰ আসনৰ সংখ্যা আছিল ৫১,৩৪৮ খন। কিন্তু ২০২৪ ত এই সংখ্যা ১,১৮,১৩৭ খনলৈ বৃদ্ধি পাইছে। সেইদৰে মেডিকেল কলেজৰ সংখ্যা ২০১৪ চনৰ ৩৮৭ খনৰ পৰা আজিৰ তাৰিখত ৭৮০ খনলৈ বৃদ্ধি পাইছে।
উল্লেখ্য যে, সাংসদ গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে দিয়া এই তথ্য বিতংভাৱে শ্বেয়াৰ কৰিছে। লগতে তেওঁ এইমছৰ বিষয়টোক লৈ উদ্বেগো প্ৰকাশ কৰিছে।
এইদৰে এম বি বি এছৰ আসনৰ সংখ্যা আৰু মেডিকেল কলেজৰ সংখ্যা বৃদ্ধি পালেও যি বৃহৎ সংখ্যক অধ্যাপক আৰু অনা শৈক্ষিক পদ খালী হৈ আছে সেই বিষয়টো কিন্তু যথেষ্ট উদ্বেগজনক। ৰাজ্যৰ মেডিকেল কলেজসমূহৰ দৰেই যদি এইমছৰো অৱস্থা হয় তেন্তে সাধাৰণ ৰাইজৰ উন্নত চিকিৎসাৰ আশা আশা হৈয়ে থাকিব।