/asomiyapratidin/media/media_files/2025/05/13/RvMeXqP2xJntYzEbSzHX.jpg)
চুবুৰীয়া চীনে তিব্বতত নিৰ্মাণ সম্পূৰ্ণ কৰিছে আন এটা বৃহৎ জলবিদ্যুৎ প্ৰকল্প। এই প্ৰকল্পৰ উচ্চতা কুতুব মিনাৰতকৈ চাৰি গুণ অধিক। চীনে ক'ত, কেতিয়াৰ পৰা নিৰ্মাণ কৰিছিল এই জলবিদ্যুৎ প্ৰকল্প? ইয়াক নিৰ্মাণৰ উদ্দেশ্য কি? ইয়াৰ বিদ্যুৎ উৎপাদন ক্ষমতা কিমান? এই সকলো দিশ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প সাজু হৈছে বিদ্যুৎ উৎপাদনৰ বাবে। এই জলবিদ্যুৎ প্ৰকল্পৰ উচ্চতা ইমানেই বেছি যে, দিল্লীত থকা কুতুব মিনাৰতকৈ ৪ গুণতকৈ অধিক। প্ৰায় এটা দশক ধৰি চলা নিৰ্মাণ কাৰ্যৰ অন্তত সাজু হৈ উঠা এই জলবিদ্যুৎ প্ৰকল্পই বিদ্যুৎ উৎপাদনৰ বাবে সাজু হোৱাৰ কথা প্ৰকাশ পোৱাৰ পিছতে এতিয়া বিশ্বজুকি কৌতুহলৰ সমান্তৰালকৈ প্ৰতিক্ৰিয়াও সৃষ্টি হৈছে।
ভাৰতৰ চুবুৰীয়া চীনে নিৰ্মাণ কৰি উলিয়াইছে এই বৃহৎ জলবিদ্যুৎ প্ৰকল্প। চীনে নিৰ্মাণ কৰা শ্বুয়াংজয়াংকৌ জলবিদ্যুৎ প্ৰকল্পত আৰম্ভ হৈছে পানী সংৰক্ষণৰ কাম। তিব্বতত নিৰ্মাণ কৰা এই বান্ধটোৱেই এই মুহূৰ্তত বিশ্বৰ আটাইতকৈ ডাঙৰ জলবিদ্যুৎ প্ৰকল্প বুলি।
তিব্বতত ছিচুয়ান প্ৰদেশত নিৰ্মাণ কৰা এই জলবিদ্যুৎ প্ৰকল্পৰ লক্ষ্য হৈছে বিদ্যুৎ উৎপাদন আৰু বান নিয়ন্ত্ৰণ। ছাউথ চাইনা মৰ্নিং পোষ্টৰ খবৰ অনুসৰি এই জলবিদ্যুৎ প্ৰকল্পৰ উচ্চতা ৩১৫ মিটাৰ। মন কৰিবলগীয়া যে দিল্লী কুতুব মিনাৰৰ উচ্চতা হৈছে ৭২ মিটাৰ। অৰ্থাৎ কুটুব মিনাৰৰ চাৰি গুণতকৈ অধিক উচ্চতাৰ এই জলবিদ্যুৎ প্ৰকল্প।
এই বান্ধটোৰ পূৰ্বে বিশ্বৰ আটাইতকৈ ওখ বান্ধ হিচাপে পৰিগণিত হৈ আহিছিল জিনপিং-আই বান্ধটো। কিন্তু শ্বুয়াংজয়াংকৌ বান্ধ জিনপিং-আই বান্ধতকৈ ১০ মিটাৰ অধিক উচ্চ। এই বান্ধ নিৰ্মাণৰ বাবে ব্যয় কৰা হৈছে ৪.৯ বিলিয়ন মাৰ্কিন ডলাৰ। যাৰ ভাৰতীয় মূল্য ৪১৮,৫২২,৯৬৫,০০০ টকা।
প্ৰায় ১০ বছৰ পূৰ্বে নিৰ্মাণ আৰম্ভ হোৱা এই বান্ধৰ বিদ্যুৎ উৎপাদন ক্ষমতা ২০০০ মেগাৱাট। এই বান্ধটোৰ দ্বাৰা প্ৰতি বছৰে ৭ বিলিয়ন কিলোৱাট-ঘণ্টাৰো অধিক বিদ্যুৎ উৎপাদন কৰা হ’ব। ফলত ৩০ লাখ পৰিয়ালৰ বিদ্যুতৰ প্ৰয়োজনীতা পূৰণ হ’ব। ফলত কয়লাৰ ব্যৱহাৰ ২৯.৬ লাখ টন হ্ৰাস পাব।
উল্লেখ্য যে, যোৱা দশক ধৰি চীনে কয়লাৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণ কৰি আহিছে। চীন কৰ্তৃপক্ষই দাবী কৰিছে যে শ্বুয়াংজিয়াংকৌ বান্ধটোৱে বিদ্যুৎ উৎপাদন আৰম্ভ কৰাৰ লগে লগে বছৰি প্ৰায় ৩০ লাখ টন কয়লাৰ ব্যৱহাৰ হ্ৰাস পাব। কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমনো ৭০ লাখ টনতকৈও অধিক হ্ৰাস পাব।দেশখনৰ মূল আন্তঃগাঁথনিৰ আন বহু অংশৰ দৰেই এই বান্ধটোও চৰকাৰী মালিকানাধীন হ’ব। এই বান্ধ চীনৰ শক্তি নিৰ্মাণ নিগমে পৰিচালনা কৰিব, যাক পাৱাৰচাইনা বুলিও কোৱা হয়।
২০১৫ চনত নিৰ্মাণ আৰম্ভ হোৱা শ্বুয়াংজিয়াংকৌ প্ৰকল্পটো তিব্বতৰ মালভূমিৰ পৰা ছিচুয়ান অৱবাহিকালৈ বৈ যোৱা দাডু নদীৰ ওপৰৰ অংশৰ কাষত অৱস্থিত। পাৱাৰচাইনাই দাবী কৰিছে যে বছৰি ৭ বিলিয়ন কিলোৱাট ঘন্টাতকৈ অধিক বিদ্যুৎ উৎপাদন কৰাৰ ক্ষমতা থকা এই বান্ধ নিৰ্মাণৰ বাবে এতিয়ালৈকে ৩৬ বিলিয়ন য়েন খৰচ হৈছে। যি প্ৰায় ৫ বিলিয়ন ডলাৰৰ সমতুল্য।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প হিচাপে পৰিগণিত হোৱা এই জলবিদ্যুৎ প্ৰকল্কটো আছে সমুদ্ৰপৃষ্ঠৰ পৰা ২৪০০ মিটাৰতকৈও অধিক উচ্চতাত। যি স্থানত ইয়াক নিৰ্মাণ কৰা হৈছে সেই স্থান ভূমিকম্প প্ৰবণ অঞ্চলৰ অংশ। বান্ধটো নিৰ্মাণৰ সময়ত বাৰে বাৰে ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ বাবে বাধাৰ সন্মুখীন হৈ আহিছিল।
সেয়ে নিৰ্মাণ অতি লেহেমীয়া গতিৰে আগবাঢ়িছিল। এতিয়া ইয়াত পানী সংৰক্ষণৰ কাম আৰম্ভ হোৱাৰ লগে লগে প্ৰাৰম্ভিক পানী সংৰক্ষণ পৰ্যায়ত পানীৰ স্তৰ ২,৩৪৪ মিটাৰলৈ বৃদ্ধি কৰা হৈছে। যি মূল নদীৰ উচ্চতাৰ পৰা প্ৰায় ৮০ মিটাৰ ওপৰত। যদিও ভূমিকম্পই ক্ষতি কৰিব নোৱাৰাকৈ এই বান্ধ নিৰ্মাণৰ কথা কোৱা হৈছে তথাপিও এই বান্ধ যদি দুৰ্ভাগ্যবশতঃ ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হয় তেন্তে ইয়াৰ নামনি অংশত যে প্ৰলয়ৰ সৃষ্টি হ’ব সেয়া নিশ্চিত।
উল্লেখ্য যে, এই মুহূৰ্তত বিশ্বৰ শীৰ্ষ ৫ টা বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ ৪ টাই নিৰ্মাণ কৰিছে চীনে।
শ্বুয়াংজিয়ংকৌ বান্ধ বিশ্বৰ সৰ্ববৃহৎ বান্ধ হিচাপে পৰিগণিত হোৱাৰ লগে লগে চীনে তিব্বততে নিৰ্মাণ কৰা জিনপিং-আই বান্ধ দ্বিতীয় বৃহৎ বান্ধলৈ পৰিণত হৈছে। ইয়াৰ উচ্চতা ৩০৫ মিটাৰ। ইয়াৰ পিছত তৃতীয় বৃহৎ বান্ধটো আছে তাজিকিস্তানত। এই বান্ধটোৰ নাম নুৰেক। চতু্ৰ্থ আৰু পঞ্চম বৃহৎ বান্ধো নিৰ্মাণ কৰিছে চীনেই।
পাৱাৰচাইনাই প্ৰকাশ কৰা মতে ২০২৫ ৰ শেষৰফালে এই শ্বুয়াংজিয়াংকৌ বান্ধৰ বিদ্যুৎ উৎপাদন আৰম্ভ হ’ব। ই কাৰ্যক্ষম হোৱাৰ লগে লগে ২০০০ মেগাৱাট উৎপাদন ছিচুয়ান অঞ্চলৰ বাকী জলবিদ্যুৎ গ্ৰীডৰ সৈতে সংযোগ হ’ব।