Advertisment

ৰাজ্যৰ স্বাস্থ্য বিভাগত এম আৰ আই মেচিন ক্ৰয়ৰ নামত কোটি কোটি টকাৰ অনিয়ম

ৰাজ্যৰ স্বাস্থ্য বিভাগত সংঘটিত হৈছে ব্যাপক অনিয়ম। এম আৰ আই মেচিন ক্ৰয়ৰ নামত কি কৰিছে আসাম মেডিকেল চাৰ্ভিছ লিমিটেডৰ শীৰ্ষ বিষয়াই। প্ৰধানমন্ত্ৰী- মুখ্যমন্ত্ৰীৰ হাতত পৰিছেগৈ অভিযোগ পত্ৰ

author-image
Asomiya Pratidin
New Update
স্বাস্থ্য বিভাগ

ৰাজ্যৰ স্বাস্থ্য বিভাগত সংঘটিত হৈছে ব্যাপক অনিয়ম। এম আৰ আই মেচিন ক্ৰয়ৰ নামত কি কৰিছে আসাম মেডিকেল চাৰ্ভিছ লিমিটেডৰ শীৰ্ষ বিষয়াই। প্ৰধানমন্ত্ৰী- মুখ্যমন্ত্ৰীৰ হাতত পৰিছেগৈ অভিযোগ পত্ৰ। ৪৫০ কোটিটকীয়া এম আৰ আই মেচিন ক্ৰয়ৰ নামত চলা অনিয়মৰ দস্তাবেজ অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন...

Advertisment

ৰাজ্যৰ স্বাস্থ্য বিভাগত সংঘটিত হৈ আছে কোটি কোটিটকীয়া অনিয়ম আৰু কেলেংকাৰী। শেহতীয়াকৈ পোহৰলৈ আহিছে এম আৰ আই মেচিন ক্ৰয়ৰ নামত স্বাস্থ্য বিভাগত সংঘটিত ব্যাপক অনিয়মৰ কাহিনী। স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগে ক্ৰয় কৰিব লগা ৩টা এম আৰ আই মেচিন যোগান আৰু সংস্থাপনৰ বাবে ৭ অক্টোবৰ ২০২৪ত এক নিবিদাৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল।

অসম মেডিকেল চাৰ্ভিছ কৰ্পাৰেশ্যন লিমিটেডৰ নামত দিয়া এই নিবিদাৰ নম্বৰ আছিল- জি ই এম/ ২০২৪/ বি/ ৫৪৭৮৩৭২। অনলাইনযোগে এই নিবিদাৰ আহ্বান কৰা হৈছিল। ২৮ অক্টোবৰ ২০২৪ৰ আবেলি ৩-০০ বজাত বন্ধ হোৱা এই নিবিদাত ৩টা ১.৫ টি এম আৰ আই মেচিন( কিউ ২) যোগানৰ বাবে ধাৰ্য কৰা ধনৰ পৰিমাণ আছিল ৪৫ কোটি টকা।

এম আৰ আই যোগানৰ এই ঠিকা লাভৰ বাবে ৩টা কোম্পানীয়ে নিবিদা দাখিল কৰিছিল। সেই ৩টা কোম্পানী আছিল-  অন্ধ্ৰপ্ৰদেশ মেটট্ৰেক জ’ন লিমিটেড, চিমেনছ হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড আৰু উইপ্ৰ’ জি ই হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড।

ই-টেণ্ডাৰযোগে নিবিদা পোৱাৰ পাছত আসাম মেডিকেল চাৰ্ভিছ কোপাৰেট লিমিটেডৰ পৰিচালন সঞ্চালককে ধৰি এচাম উচ্চপদস্থ বিষয়াই মিলি এই এম আৰ আই মেচিন যোগানৰ ঠিকা এটা নিৰ্দিষ্ট কোম্পানীক দিয়াৰ ব্লু-প্ৰিণ্ট ৰচনা কৰিছিল। সেই অনুসৰি কিছু অনীতিগত চৰ্ত নিৰ্ধাৰণ কৰি ১১ নৱেম্বৰ ২০২৪ত এই নিবিদা মুকলি কৰি দুটা কোম্পানীক কাৰিকৰী আঁসোৱাহ দেখুৱাই টেকনিকেল ইভালুশ্যনতে অযোগ্য ঘোষণা কৰে।

তাৰ পাছত এই ঠিকা চিমেনছ হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেডক অৰ্পণ কৰিবলৈ তেওঁলোকে ৰচা এই ষড়যন্ত্ৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে টাইম মেডিকেল চিষ্টেমছ নামৰ কোম্পানীটো। এই মাতৃ কোম্পানীৰ অধীনত থকা অন্ধ্ৰপ্ৰদেশ মেটট্ৰেক জ’ন লিমিটেডক কিয় অযোগ্য ঘোষণা কৰা হ’ল, তাৰ কাৰণ জানিব বিচাৰি আসাম মেডিকেল চাৰ্ভিছ কৰ্পাৰেশ্যন সঞ্চালকলৈ তেওঁলোকে এক পত্ৰ প্ৰেৰণ কৰে।

হাস্যকৰভাৱে এই কোম্পানীটোৱে নিজাকৈ এম আৰ আই মেচিন নিৰ্মাণ কৰা আৰু বিশ্বজুৰি এইবোৰ যোগান ধৰাৰ অভিজ্ঞতা থকাৰ পাছতো ভাৰতত তেনে যোগান ঠিকা লাভ কৰাৰ অভিজ্ঞতা নাই বুলি তেঁওলোকক এই নিবিদাত অযোগ্য ঘোষণা কৰা হৈছিল।

মন কৰিব লগা যে মূলতঃ আমেৰিকাৰ এই প্ৰতিষ্ঠানটোৱে মেক ইন ইণ্ডিয়াৰ অধীনত ভাৰতত এই প্ৰকল্প স্থাপন কৰিছিল। বিশ্বজুৰি টাইম মেডিকেল লিমিটেডে বিভিন্ন দেশত এম আৰ আই মেচিন বিক্ৰী কৰাৰ অভিজ্ঞতা আছে। তাৰ পাছতো এটা নিৰ্দিষ্ট কোম্পানীক এই ঠিকা প্ৰদানৰ বাবে আসাম মেডিকেল চাৰ্ভিছ কৰ্পাৰেশ্যন লিমিটেডে এনে চৰ্ত বান্ধি দিছিল।

ইতিমধ্যে টাইম মেডিকেল চিষ্টেমে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এই অনিয়মৰ বিৰুদ্ধে সবিশেষ লিখি এক পত্ৰ প্ৰেৰণ কৰিছে। কেৱল মুখ্যমন্ত্ৰীকে নহয়, প্ৰধানমন্ত্ৰীৰ মেক ইন ইণ্ডিয়াৰ সফল ৰূপায়ণত এইবোৰ অনিয়মে কেনেদৰে বাধাৰ সৃষ্টি কৰিছে, সেই সন্দৰ্ভতো তেওঁলোকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈও অভিযোগ পত্ৰ দিছে।

জানিব পৰা মতে অসমৰ স্বাস্থ্যখণ্ডত সংঘটিত এই অনিয়মৰ বিৰুদ্ধে ভাৰতত থকা আমেৰিকাৰ উচ্চাযুক্তৰ কাৰ্যালয়ৰ জৰিয়তে তেওঁলোকে অভিযোগ দাখিল কৰাৰ পৰিকল্পনা কৰিছে। অসমীয়া প্ৰতিদিন ডিজিটেলৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য মতে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰায় ৪৫০ কোটি টকা আহিছিল ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বাবে। 

সেই ধন আছিল এম আৰ আই মেচিন ক্ৰয় কৰাৰ বাবে। এই ধনেৰেই মাত্ৰ ৩টা এম আৰ আই মেচিন ক্ৰয় কৰাৰ আঁৰতো আছে আন এক কাহিনী। যিকেইটা এম আৰ আই মেচিন যোগানৰ বাবে নিবিদা আহ্বান কৰা হৈছিল, সেই মেচিন কেইটা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়, নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ বাবে।

যিহেতু ৰাজ্য চৰকাৰে জাৰি কৰা নিয়ম অনুসৰি নিবিদাৰ মূল্য ৫০ কোটি টকাৰ বেছি হ’লে তাৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ প্ৰয়োজন। এই এম আৰ আই মেচিন যোগান ঠিকাৰ বাবে মুখ্যমন্ত্ৰীৰ যাতে অনুমোদন ল’ব নালাগে, তাৰ বাবে এই চক্ৰটোৱে পৰ্যায়ক্ৰমে দুই- তিনিটাকৈ এই মেচিনসমূহ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে।

যিটো বিষয় মুখ্যমন্ত্ৰীৰো দৃষ্টিগোচৰ নহ’ব বুলি ভাবি পৰৱৰ্তী সময়ত উক্ত কোম্পানীটোকে বাকীবোৰ মেচিনৰ ঠিকা ৰেট কণ্টেক্টৰ জৰিয়তে নিবিদা অবিহনে দিয়াৰ অভিসন্ধি ৰচিছে। আনহাতে ভাৰতত যোগান ধৰা অভিজ্ঞতা নথকা বুলি বাকী দুটা কোম্পানীক অযোগ্য ঘোষণা কৰাৰ পাছত আন কোম্পানীৰ অংশগ্ৰহণৰ বাবে পুনৰ নিবিদা আহ্বান কৰা বা নিবিদাৰ সময়সীমা বঢ়াই দিয়াৰ প্ৰয়োজন আছিল। সেয়াও নকৰিলে আসাম মেডিকেল চাৰ্ভিছ কৰ্পাৰেশ্যন লিমিটেডে।

জি এফ আৰৰ নিয়ম অনুসৰি কেতিয়াও একমাত্ৰ নিবিদাকাৰী প্ৰতিষ্ঠান নিৰ্বাচন কৰি কেৱল কাৰিকৰী মূল্যায়নতে যোগানৰ ঠিকা দিব নোৱাৰে। ৪০ কোটিতকৈ অধিক টকাৰ টেণ্ডাৰ মূল্য হ’লে আন প্ৰতিযোগিতামূলক প্ৰতিষ্ঠান থাকিব লাগিব বিত্তীয় মূল্যয়নৰ বাবে।

সেই নিয়মকো অমান্য কৰি এতিয়া স্বাস্থ্য বিভাগত এনেদৰে কোটি কোটি টকাৰ এম আৰ আই মেচিন যোগানৰ নামত আসাম মেডিকেল চাৰ্ভিছ কৰ্পাৰেশ্যন লিমিটেডৰ পৰিচালন সঞ্চালকগৰাকীৰ নেতৃত্বত অনিয়মৰ বজাৰ পতা হৈছে। মুখ্যমন্ত্ৰীয়ে এই বিষয়টো গুৰুত্বসহকাৰে নল’লে তলে তলে সংঘটিত এই কেলেংকাৰীয়ে বৃহৎ ৰূপ ধাৰণ কৰিব। 

যিকেইটা কোম্পানীক অঘোগ্য ঘোষণা কৰা হৈছে, তাৰ ভিতৰত এটা প্ৰতিষ্ঠানে নিজাকৈ এম আৰ আই মেচিন প্ৰস্তুত কৰে। উচ্চ প্ৰযুক্তিৰ এই মেচিনবোৰ আন কোম্পানীতকৈ তেওঁলোকে কম নিৰিখত যোগান ধৰিব পাৰে যদিও এইসকল বিষয়াৰ অংক আন প্ৰতিষ্ঠানৰ সৈতে থকাত তেনে প্ৰতিষ্ঠানক অযোগ্য ঘোষণা কৰি লাখ লাখ টকাৰ কমিচন এইসকল লোকৰ জেপত সোমাইছে।

মুখ্যমন্ত্ৰী